ধনৱান হবলৈ হনুমান জয়ন্তীত কৰক এইকেইটা উপায় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, April 9, 2022

ধনৱান হবলৈ হনুমান জয়ন্তীত কৰক এইকেইটা উপায় : Religious Studies

Religious Studies

শক্তি,বুদ্ধিমত্তা আৰু ঐচ্যৰ্যৰ প্ৰতীক মহাবলি হনুমানৰ অৱতাৰ,শুক্ল পক্ষৰ পূৰ্ণিমাৰ দিনা অৰ্থাৎ ৰাম নৱমীৰ ঠিক ছয় দিন পিছত জন্ম হৈছিল।( Religious Studies ) 


এই বছৰ, হনুমানৰ জন্ম বাৰ্ষিকী ১৬ এপ্ৰিলত উদযাপন কৰা হ'ব। ভগৱান হনুমানৰ উপাসনা কৰিলে ব্যক্তিৰ জীৱনৰ পৰা সংকট নাইকীয়া হয়।সংকট মোচন হনুমানে কেৱল নেতিবাচক শক্তি আৰু অশুভ শক্তিৰ পৰা সুৰক্ষা দিয়ায়েই নহয় ধন-সম্পত্তি, ভৌতিক সুখ আৰু জীৱনত উচ্চ পদবী ও প্ৰদান কৰে। 


পৱন পুত্ৰ হনুমানৰ পথত খোজ কাঢ়ি যোৱা সকলে একো সংকটৰ সন্মুখীন হ'ব লগা নহয়। হনুমান পৃথিৱীৰ জাগ্ৰত দেৱতা। মান্যতা অনুসৰি তেওঁ এতিয়াও পৃথিৱীতে বাস কৰে। ভগৱান হনুমানে সমস্ত সুখ প্ৰদান কৰে। সেই কাৰণে এই হনুমান জয়ন্তীত তেওঁৰ আশীৰ্বাদ প্ৰাপ্ত কৰিবলৈ কিছুমান উপায় কৰক। জানো আহঁক সেইসমূহ উপায়ৰ বিষয়ে।



১.বেচনৰ লাৰুৰ ভোগ -  হনুমান জয়ন্তীৰ দিনা বিধি বিধানেৰে পূজা কৰি তেওঁক বেচনৰ লাৰুৰ ভোগ লগাওঁক। কোৱা হয় যে ভগৱান হনুমানে বেচনৰ লাৰু বহুত ভাল পায়। এনেকুৱাত হনুমানে নিজৰ মনপচন্দৰ ভোগ পাই জীৱনত সকলো সুখ প্ৰদান কৰে। 



২. সেন্দুৰৰ চোলা - ধন সম্পৰ্কীয় সমস্যাবোৰ নাইকীয়া কৰিবলৈ হনুমান জয়ন্তীৰ দিনা সেন্দুৰৰ চোলা অৰ্পণ কৰক। তেওঁক চামেলিৰ ফুলৰ মালা পিন্ধাওক আৰু ৰঙা চুৰীয়া অৰ্পণ কৰক। হনুমান জয়ন্তীৰ পৰা পিছৰ ১১ টা পূৰ্ণিমালৈকে এনেকে কৰক।( Religious Studies ) 



৩. ৰঙা পতাকা -  হনুমান জয়ন্তীৰ দিনা হনুমান মন্দিৰত তিনিচুকীয়া ৰঙা ৰঙৰ পতাকা ওপৰত লগাব লাগে। কোৱা হয় এনেদৰে কৰিলে সকলোতে বিজয় প্ৰাপ্তি হয়। জীৱনৰ সকলো সমস্যাৰ সমাধান হয় আৰু বিজয় প্ৰাপ্তি হয়।



৪. মিঠা পাণ -  ভগৱান হনুমানে মিঠা পাণ বহুত ভাল পায়। এনেকুৱাত হনুমান জয়ন্তীৰ দিনা হনুমানক মিঠা পাণ অৰ্পণ কৰক।পাণত পাঁচ প্ৰকাৰৰ বস্তু থাকিব লাগে। কাথা, গোলকন্দ, খোপৰা , চফগুটি আৰু গোলাপকটৰী। ধ্যান ৰাখিব যাতে তাত চূণ, চুপাৰি  দৰে বস্তু নাথাকে। এই পাণৰ দ্বাৰা হনুমান অতি সোনকালেই প্ৰসন্ন হয়।



৫.আকৰে ফুলৰ (figure flower) গছৰ পাতৰ মালা - হনুমান জয়ন্তীৰ দিনা আকৰে ফুলৰ ২১ খিলা পাতত কেশৰ আৰু চন্দনেৰে শ্ৰী ৰাম লিখি তাৰ মালা গাঁঠি হনুমানক পিন্ধাওক। এই উপায়টো কৰা ফলত ভাগ্য ক্ষেত্ৰত থকা সমস্যাবোৰ নাইকীয়া হ'ব আৰু সফলতা দুৱাৰ খুল খাব। 


এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  ( Religious Studies ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


No comments:

Post a Comment

Advertisement

Pages