ভুলটো ঘৰত এনেদৰে তুলসী ৰুব নালাগে , নহ'লেবা হ'ব পাৰে বিপদ: Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, April 15, 2022

ভুলটো ঘৰত এনেদৰে তুলসী ৰুব নালাগে , নহ'লেবা হ'ব পাৰে বিপদ: Religious Studies

Religious Studies

প্ৰিয় পাঠকসকল, লাগিলে যিয়ে নহওক কিয়, কিন্তু এনেকৈ তুলসী ঘৰত কেতিয়াও ৰুৱ নালাগে। নহ'লে সদায় আপোনালোকৰ ঘৰলৈ অশান্তি আহিব।

( Religious Studies )



ঘৰত তুলসী থকাতোঁ হিন্দু ধৰ্মৰ অনুসৰি সৰ্বশ্ৰেষ্ট বুলি ধৰা হয়। সকলো দেৱী-দেৱতাৰ কৃপা দৃষ্টি এনেকুৱা ঘৰত থাকে যাৰ ঘৰত তুলসী থাকে। গড়োৰ পুৰাণত তুলসী মাৰ বিষয়ে বিস্তাৰিত ভাবে কোৱা হৈছে। নিয়মীয়াকৈ তুলসীৰ দৰ্শন কৰিলেও ব্যক্তিয়ে ডাঙৰ ডাঙৰ সফলতা অৰ্জন কৰিব পাৰে। তুলসী পাত খালে ব্যক্তিৰ বিভিন্ন ক্ষেত্ৰত ভাল হয়। তুলসী মায়ে এনেকুৱা বৰদান দিছিল যে যি ব্যক্তিয়ে নিজৰ ঘৰত মোক শ্ৰদ্ধাৰে পূজা কৰিব তেওঁ কেতিয়াও দুখত নাথাকে আৰু ঘৰত কেতিয়াও বেয়া শক্তিৰ প্ৰভাৱ পৰিব নোৱাৰে।


গতিকে এই পবিত্ৰ গছজোপাৰ পুলি কি ভুল পদ্ধতিৰে ৰুলে ঘৰত বেয়া প্ৰভাৱ পৰাৰ লগতে তুলসী মাৰ খঙ উঠে সেয়া জানো আহঁক-


কেতিয়াও বেয়া আৰু লেটেৰা মাটিত তুলসী গছ ৰুব নালাগে। ইয়াৰ ফলত নাকাৰাত্মক শক্তিয়ে ঘৰত প্ৰৱেশ কৰে আৰু তুলসী মাৰ খঙ উঠে।


ঘৰত শুকাই যোৱা তুলসী গছ থব নালাগে। ইয়াৰ পৰা অকাল মৃত্যুত ভয় বা শংকা থাকে। ঘৰৰ সুখ-সমিদ্ধি সকলো নাইকীয়া হৈ যায় আৰু শুকান তুলসী গছ থাকিলে লক্ষ্মী দেৱীয়ে কেতিয়াও ঘৰত বাস নকৰে। তুলসী গছ শুকাই গ'লে এইটো জানিব পাৰি যে আহিব লগা সময়খিনি আপোনাৰ বাবে বহুত কষ্টকৰ হ'ব। শাস্ত্ৰত কোৱা হয় যে শুকান তুলসী গছ ঘৰত ৰুলে তুলসী মাক অপমান কৰা হয় আৰু এনেকুৱা ঘৰৰ ওপৰত তুলসী মাৰ খঙ উঠি থাকে।( Religious Studies )



ঋতুস্ৰাৱৰ সময়ত তুলসী গছত পানী দিব নালাগে নহ'লে ইয়াক তুলসী মাক অপমান কৰা বুলি কোৱা হয়। তুলসী গছজোপাক সদায় চাফ-চিকুন কৰি থাকিব লাগে। শুকাই যোৱা পাতবোৰ য'ত ত'ত পেলাব নালাগে। চফা ঠাই,গংগা বা বোৱতী নৈত বিসৰ্জন কৰি দিব লাগে। তুলসী গছত ৰাসায়নিক সাৰহে প্ৰয়োগ কৰিব নালাগে। তুলসীত সদায় জৈৱিক সাৰে প্ৰয়োগ কৰিব লাগে। তুলসী গছত পানী দিওঁতে ভৰিত চেন্দেল পিন্ধি থাকিব নালাগে আৰু সেই পানীখিনি আপোনাৰ ভৰিত পৰিব নালাগে। নহ'লে ধন হানিৰ সংকেত দেখা যায় আৰু ব্যক্তিৰ গাত পাপ লাগে বুলি কোৱা হয়। তুলসীৰ সদায় দৰ্শন কৰিলে মানুহে স্বৰ্গৰ সুখ পায় বুলি কোৱা হয়।



প্ৰিয় পাঠকসকল আয়ুৰ্বেদৰ অনুসৰি তুলসী পাত নখেৰে চিঙিব নালাগে। কাৰণ কোৱা হয় তুলসী পাত নখেৰে চিঙিলে মানুহৰ বেমাৰ হয়। তুলসী গছ সদায় ঘৰৰ মাজত ৰুৱ লাগে। যদি এনেকৈ ৰুৱে বহুত শুভ আৰু মংগল হয় বুলি কোৱা হয়। তুলসী গছ ঘৰলৈ অনাৰ আগত মনত ৰাখিব যে বেয়া ভাৱত বা বেয়া মনেৰে অৰ্থাৎ লুভীয়া ভাবেৰে ৰুৱ নালাগে। নহ'লে লক্ষ্মী দেৱীৰ খঙ উঠে বুলি কোৱা হয়। 



যদি আপোনালোকৰ ঘৰত এজোপাতকৈ বেছি তুলসী গছ গজি আহিছে তেতিয়া আপুনি কাৰোবাক দিব পাৰে বা সেইবোৰক মাটিত পুঁতি দিয়ক নহ'বা গংগা/বোৱতী নৈত বিসৰ্জন কৰি দিয়ক। শাস্ত্ৰত কোৱা হয় যে ঘৰত এজোপা সলনি আৰু অধিক তুলসী গছ গজি আহিলে বহুত শুভ সংকেত। এইয়া লক্ষ্মী দেৱী ঘৰলৈ অহাৰ সংকেত। দেৱী লক্ষ্মী আপোনাৰ ওপৰত সন্তোষ্ট হৈছে। 


তুলসী গছৰ ওচৰত কাপোৰ শুকোৱাব নালাগে। জোতা-চেন্দেল পিন্ধি যাব নালাগে। ঋতুস্তাবৰ সময়ত মহিলা সকলে তুলসীৰ পৰা আতঁৰি থাকিব লাগে। যদি আপুনি মাছ-মাংস বা মাদক দ্ৰব্য খাইছে ভুলতো তুলসী গছৰ ওচৰলৈ নাযাব। শাৰীৰিক সম্পৰ্ক স্থাপন কৰা সময়ত তুলসী গছৰ ওচৰলৈ যাব নালাগে। ইয়াৰ পৰা তুলসী গছ অপবিত্ৰ হৈ পৰে আৰু ঘৰখন দুখীয়া হৈ গৈ থাকে। তুলসীত কেতিয়াও শিৱ লিংগ আৰু গণেশৰ প্ৰতিমা থব নালাগে। নহ'লে ঘৰখনৰ বিনাশ হয়। নিয়মীয়াকৈ তুলসী গছত চাকি জ্বলালে মানুহৰ বহুত পুণ্য হয় আৰু তেওঁলোকে স্বৰ্গৰ সুখ লাভ কৰে।



এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


(Religious studies)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 



No comments:

Post a Comment

Advertisement

Pages