ভীমৰ প্ৰেম পাবলৈ কিয় ব্যাকুল হৈছিল হিড়িম্বা : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, April 2, 2022

ভীমৰ প্ৰেম পাবলৈ কিয় ব্যাকুল হৈছিল হিড়িম্বা : Religious Studies

Religious Studies


হিড়িম্বা ৰাক্ষসী,যি নৰ মাংসৰ গোন্ধ লৈ ফুৰে ককায়েক হিড়িম্বৰ লগত।( Religious Studies )


 বাৰণাৱতৰ জতুগৃহ কৌৰৱসকলে দাহন কৰাৰ নিশা কুন্তি আৰু পাণ্ডৱসকল পলাই গৈ এখন অৰণ্যৰ প্ৰৱেশ কৰিলে। মাজনিশা সকলোকে বিশ্ৰাম কৰিবলৈ দি ভীম প্ৰহৰী হৈ থাকিল। অৰণ্যত মানৱৰ গোন্ধত কিলবিলাই উঠিল শালগছৰ ওপৰত বাস কৰা হিড়িম্ব আৰু হিড়িম্বা। এনে লোভনীয় খাদ্যৰে সন্ধানত নামি পৰিল ভাতৃ ভগ্নী। 


বিচাৰি বিচাৰি দুয়ো নিৰ্ভয়ে নিদ্রা মগ্ন হৈ থকা মনুষ্য কেইজনক দেখা পায় আনন্দিত হৈ পৰিল। চিকাৰ সন্মুখত। জিভাৰ পানী পৰিবলৈ ধৰিলে। ককায়েকক দূৰত থৈ চিকাৰৰ গতি বিধি লক্ষ্য কৰিবলৈ হিড়িম্বা আগবাঢ়ি আহিল। 


 হিড়িম্বাই পহৰীজনক দেখি থমকি ৰল। সুন্দৰ সুঠাম পুৰুষজনক দেখা পায়, তাইৰ লাজ লাগিল। প্ৰেমৰ জুৱাৰে তাইৰ অন্তৰত কম্পন তুলিলে। তাই নিজৰ বিকৃত শৰীৰটোলৈ চালে। ভীমৰ প্ৰেম পাবলৈ তাই ব্যাকুল হৈ পৰিল। ভীমক আকৰ্ষণ কৰিবলৈ তাই নিজকে ৰূপহী কৰি তুলিলে। লয়লাহ খোজেৰে তাই ভূমি ওচৰলৈ আগবাঢ়ি আহিল। অচিন ৰূপহীক দেখি ভীমৰ কৌতুহল হল।( Religious Studies )


 আগবাঢ়ি গৈ ভীমে ৰূপহীৰ পৰিচয় বিচৰাত তাই অপকটে সকলো কলে। হিড়িম্বাই নিজৰ মনৰ কথাও ব্যক্ত কৰিলে। নোঁৱাৰিলো মাৰিব তোমাক দৰ্শনে। স্বামী কৰি বৰিলোহি তোমাৰ চৰণে। হিড়িম্বাৰ কথা ভীমে বিশ্বাস নকৰাত তাই বিপাঙত পৰিল। ককায়েক হিড়িম্বৰ ভনীয়েক উভতি নহা দেখি খং উঠিল। ভোকত সি অস্হিৰ হৈ পৰিল। তাইনো কি কৰি আছে, তাকে চাবলৈ আহি, ৰূপহীৰ মায়া ধৰি ভীমৰ ওচৰত থিয় হৈ কথা পাতি থকা দেখি তাইক মাৰিবলৈ খেদি গল। অসহায় নাৰীক ৰক্ষা কৰাটো বীৰৰ ধৰ্ম। ভীমে হিড়িম্বাক ৰক্ষা কৰিবলৈ আগবাঢ়ি গল। ভীম আৰু হিড়িম্বাৰ মাজত ভীষণ যুদ্ধ হল। যুদ্ধত হিড়িম্ব মৰিল।


 ৰাতিপুৱা কুন্তি আৰু ৪ পাণ্ডৱে সকলো গম পায় আচৰিত হল। হিড়িম্বাৰ কুন্তিৰ ভৰিত পৰি কান্দিবলৈ ধৰিলে। প্ৰেমৰ কাৰণে তাইৰ ককায়েককো হেৰুৱালে। ভীমক স্বামী ৰূপে পাবলৈ তাই কুন্তিক প্ৰাৰ্থনা জনালে। হিড়িম্বাৰ প্ৰেম দেখি ভীমৰ লগত তাইৰ বিবাহ পাতি দিলে। ভীম আৰু হিড়িম্বাৰ এটি পুত্র সন্তান হল। নাম থলে ঘটোৎকচ। ঘটোৎকচে কৌৰৱৰ বিপক্ষে কুৰুক্ষেত্ৰ যুদ্ধ কৰিছিল।


এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  ( Religious Studies ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages