কি কি ৰাশিৰ ওপৰৰ পৰা আঁতৰিব শনিদেৱৰ দশা জানো আহঁক: Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, April 14, 2022

কি কি ৰাশিৰ ওপৰৰ পৰা আঁতৰিব শনিদেৱৰ দশা জানো আহঁক: Religious Studies

Religious Studies

শনিক ন্যায় প্ৰিয় গ্ৰহ বুলি কোৱা হয়। কোৱা হয় যে শনিয়ে মানুহক এই জন্মতে মানুহৰ কাৰ্মৰ ফল দিয়ে। (Religious Studies)


আপুনি যি কৰিছে তাৰ ফল, সেয়া বেয়া হওঁক বা ভাল শনিয়ে আপোনাক দিয়ে। কিছুমান এনেকুৱা কথা আছে যিবোৰে শনিদেৱক প্ৰসন্ন কৰে। সেয়েহে, শনিৰ ধাইয়া বা শনি চাৰে সাতত দৰিদ্ৰ লোকক সন্তুষ্ট কৰিব লাগে আৰু সহায় কৰিব লাগে। 


নিজতকৈ তলৰ কাকো আমনি কৰিব নালাগে। এনেকুৱা কৰিলে, শনিৰ ধাইয়া আৰু চাৰে সাতৰ দশা হ্ৰাস হয়। শনিয়ে প্ৰতি আঢ়ৈ বছৰৰ মূৰে মূৰে ৰাশি পৰিৱৰ্তন কৰে।


ইয়াৰ অৰ্থ হৈছে যে শনিয়ে আঢ়ৈ বছৰ একেটা ৰাশিতে থাকে। শনিৰ দুটা দশা থাকে।এটা ধাইয়া আৰু চাৰে সাত।এই দুটা দশা যাৰ ওপৰত পৰে তেওঁলোকে সদায় সমস্যাৰ সন্মুখীন হয়। (Religious Studies)


এই মাহৰ শেষত, শনিয়ে মকৰ ৰাশি এৰি কুম্ভ ৰাশিত প্ৰৱেশ কৰিবলৈ গৈ আছে। শনিৰ এই ৰাশি পৰিৱৰ্তন ৩০ বছৰ এই ৰাশিতে হৈছে, যিয়ে বিভিন্ন ধৰণে প্ৰভাৱিত কৰিব। শনিৰ ধাইয়া আৰু চাৰে সাত দশা কিছুমান ৰাশিৰ পৰা আঁতৰিব আৰু কিছুমানৰ ওপৰত থাকিব।



শনিৰ এই প্ৰৱেশৰ ফলত মিথুন আৰু তুলা ৰাশিয়ে যি আঢ়ৈ বছৰ কষ্ট ভুগি আছিলে, তেওঁলোকে সকাহ পাব। কিন্তু এইটো অলপ সময়ৰ বাবে হ'ব। 


জুলাই ১২ তাৰিখে শনি পুনৰ মকৰ ৰাশিত প্ৰৱেশ কৰিব আৰু দুবছৰ তাতে থাকিব। গতিকে মিথুন আৰু তুলা আকৌ ধাইয়া দশাত থাকিব। ইয়াৰ পিছত ১৭ জানুৱাৰী ২০২৩-ৰ পিছত মিথুন আৰু তুলা ৰাশিৰ লোকসকলে সকাহ পাব।



শনিৰ এই ৰাশি পৰিবৰ্তনৰ ফলত মীন ৰাশিৰ ব্যক্তিসকলে শনিৰ চাৰে সাত দশাৰ সন্মুখীন হ'ব লাগিব । ইয়াৰ উপৰিও ধনু ৰাশি ব্যক্তিসকলে যি শনিৰ চাৰে সাত বছৰৰ দশাৰ কষ্ট ভোগ কৰি আছিল, তেওঁলোকে ইয়াৰ পৰা সকাহ পাব।



এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


(Religious studies)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 






No comments:

Post a Comment

Advertisement

Pages