গীতা জয়ন্তীৰ বিষয়ে আপোনালোকে জানে নে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, April 6, 2022

গীতা জয়ন্তীৰ বিষয়ে আপোনালোকে জানে নে : Religious Studies

 

Religious Studies

সাৰ - শ্ৰীমদ ভগৱৎ গীতাত ভগৱান কৃষ্ণই অৰ্জুনৰ মহাভাৰতৰ যুদ্ধৰ সময়ত মনত জন্ম হোৱা ভ্ৰম আঁতৰ কৰি, জীৱনটো সুখী আৰু সফল কৰাৰ উপদেশ দিছিল।( Religious Studies ) 



গীতা জয়ন্তী - যোৱা ১৪ ডিচেম্বৰ, ২০২১ ত গীতাৰ জন্ম বাৰ্ষিকী হৈ গৈছে। গীতাত ভগৱান কৃষ্ণয়ে জীৱনৰ বহুতো সমস্যা হ্ৰাস কৰি এটা সুখী আৰু শান্তিপূৰ্ণ জীৱন যাপন কৰি থকাৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰা কৰিছে।


গীতা হিন্দু ধৰ্মৰ এখন পবিত্ৰ গ্ৰন্থ। গীতাৰ উপদেশত সমস্ত জীৱনৰ সাৰাংশ লুকাই আছে।  প্ৰতি বছৰে আঘোণ মাহৰ শুক্লা পক্ষৰ একাদশী তিথিত গীতা জন্ম বাৰ্ষিকী উদযাপন কৰা হয়। পৌৰাণিক মান্যতা অনুসৰি মোক্ষদা একাদশী তিথিতেই দ্বাপৰ যুগত মহাভাৰতৰ যুদ্ধৰ সময়ত ভগৱান কৃষ্ণয়ে তেওঁৰ শিষ্য অৰ্জুনক গীতাৰ উপদেশ দিছিল।


এই কাৰণেই প্ৰত্যেক বছৰে মাৰ্গশীৰ্ষ মাহৰ শুক্লা পক্ষৰ একাদশী তিথিক গীতা জয়ন্তী হিচাপে উদযাপন কৰা হয়। এইখনেই এনেকুৱা এখন গ্ৰন্থ যাৰ জয়ন্তী উদযাপন কৰা হয়। গোটেই পৃথিৱীতে আৰু ক'তো এনেকে গ্ৰন্থৰ জয়ন্তী উদযাপন কৰা নহয়।যোৱা ১৪ ডিচেম্বৰ, ২০২১ চনত গীতা জয়ন্তী উদযাপন কৰা হৈছিল।



গীতাৰ উপদেশত মোহৰ ক্ষয় অৰ্থাৎ সমাপ্তি কথা কৈছে। সেইকাৰণে এই দিনটোত পৰা একাদশীক মোক্ষদা বুলি কোৱা হয়।শ্ৰীমদ ভগৱৎ গীতাত ভগৱান কৃষ্ণই অৰ্জুনৰ ,মহাভাৰতৰ যুদ্ধৰ সময়ত মনত জন্ম হোৱা ভ্ৰম আঁতৰ কৰি, জীৱনটো সুখী আৰু সফল কৰাৰ উপদেশ দিছিল।



একাদশী আৰু গীতা জয়ন্তী একেই দিনায়েই হোৱাৰ বাবে এই তিথিত গোটেই দিনটো উপবাস ৰাখি,  ভগৱান বিষ্ণুৰ উপাসনা কৰি সকলো ধৰণৰ মোহৰ পৰা মুক্তিৰ কামনা কৰা হয়। ( Religious Studies ) 


এতিয়া গীতাৰ লগত জড়িত কিছুমান উপদেশৰ বিষয়ে জানো আহঁক। যিবোৰ পালন কৰি ব্যক্তিয়ে মোক্ষ আৰু শান্তি প্ৰাপ্ত কৰিব পাৰে।



১. চিন্তা ত্যাগ কৰা - গীতাৰ উপদেশত ভগৱান শ্ৰীকৃষ্ণয়ে অৰ্জুনক কয় যে কেতিয়াও ব্যক্তিয়ে ব্যৰ্থ চিন্তা কৰি থাকিব নালাগে। সকলোৱে এদিন নহয় এদিন মৰিব। আত্মা নাইটো জন্ম হয়,নাইটো মৰে। আত্মা অমৰ। সেই কাৰণে ব্যৰ্থ চিন্তা বাদ দি কৰ্মৰ ৰাস্তাত আগবাঢ়িব লাগে।



২. ক্ৰোধক নিয়ন্ত্ৰণ কৰি ৰখা - খঙ কৰা ফলত সকলো কাৰ্য বেয়া হৈ পৰে। গীতাৰ উপদেশ দি , ভগৱান শ্ৰীকৃষ্ণয়ে অৰ্জুনক বুজাই কৈছে যে খঙ কৰা ফলত মানুহৰ পতন আৰম্ভ হয়। খঙ কৰা ফলত ভ্ৰমৰ স্থিতি উৎপন্ন হয়।খঙ কৰা ফলত মানুহে ভাল আৰু বেয়া মাজত পাৰ্থক্য কৰিব নোৱাৰা হয়। যাৰ ফলত মানুহৰ তৰ্ক শক্তি ক্ষীণ হৈ পৰে আৰু তেওঁ নিজৰ নৈতিক পতনৰ ৰাস্তাত আগবাঢ়ি যায়।



৩. মনতো নিয়ন্ত্ৰিত কৰি ৰাখক - গীতাৰ উপদেশত কোৱা হৈছে যে যদি মানুহে মনতো নিয়ন্ত্ৰিত কৰি ৰাখিব পাৰে, তেতিয়া তেওঁ সকলো বাধা সহজে পাৰ কৰিব পাৰে। সেই কাৰণে মানুহে যিয়ে হওঁক মনৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগে।



৪. কৰ্ম কৰি থকা - গীতাৰ উপদেশ দি ভগৱান শ্ৰীকৃষ্ণয়ে কয় যে মানুহে জ্ঞান আৰু কৰ্মক সদায় সমানত ৰাখিব লাগে। কৰ্ম কৰোঁতে ফলৰ চিন্তা কৰিব নালাগে।


এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  ( Religious Studies ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages