হনুমান জয়ন্তীৰ দিনা বিধিবিধানেৰে পূজা কৰিলে সকলো সমস্যাৰ অন্ত হয় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, April 5, 2022

হনুমান জয়ন্তীৰ দিনা বিধিবিধানেৰে পূজা কৰিলে সকলো সমস্যাৰ অন্ত হয় : Religious Studies

 

Religious Studies

শৈশৱত সূৰ্যক ফল বুলি ভাবি খায় পেলোৱা মহাবীৰ হনুমান অৱতাৰ শুক্লা পক্ষৰ পূৰ্ণিমাত  অৰ্থাৎ ৰাম নৱমীৰ ঠিক ছয় দিনৰ পিছত হৈছিল।( Religious Studies ) 


ডাঙৰ, ডাঙৰ পৰ্বত উঠোৱা জন, সাগৰ পাৰ হোৱা জন, নিজেই  ঈশ্বৰৰ কাৰ্য্য ঠিক কৰাজন, সংকট মোচনৰ অৱতাৰৰ দিন বা দিৱস ওচৰচাপি আহিছে। সমগ্ৰ বিশ্বতে এই পৰ্বটো ভক্তসকলে ধুমধামেৰে উদযাপন কৰে।


বিশ্বাস কৰা হয় যে হনুমান জয়ন্তীৰ দিনা বিধিবিধানেৰে বজৰংবলীৰ পূজা কৰিলে সমস্যাবোৰৰ অন্ত হয় আৰু মনে বিচাৰা ফল প্ৰাপ্তি হয়। যিসকলে হনুমানৰ পথত খোজ কাঢ়ে তেওঁলোকে কোনো সংকটৰ সন্মুখীন হ'ব লগা নহয়। হনুমান জয়ন্তীৰ দিনা ভগৱান হনুমানৰ বিশেষ উপাসনা কৰাতোঁ গুৰুত্বপূৰ্ণ। আঠটা সিদ্ধি আৰু নটা নিধিৰ দাতাৰ জন্ম বাৰ্ষিকীত পূজা, উপাসনাৰ কি কি বিধি বিধান আছে আৰু তাৎপৰ্য কি।

 জানো আহঁক হনুমান জয়ন্তীৰ লগত জড়িত শুভ মুহুৰ্ত আৰু অন্যান্য গুৰুত্বপূৰ্ণ তথ্য - 


১. হনুমান জয়ন্তী ২০২২ ৰ তিথি আৰু মহত্ব - 

পঞ্চাঙৰ মতে, এই বছৰ চ'তৰ পূৰ্ণিমা ১৬ এপ্ৰিলৰ ৰাতি ০২ টা বাজি ২৫ মিনিটত আৰম্ভ হ'ব। ১৬ আৰু ১৭ এপ্ৰিলৰ মাজভাগত ১২ টা বাজি ২৪ মিনিট যোৱাত এই তিথি সমাপ্ত হ'ব।

১৬ এপ্ৰিলৰ , শনিবাৰৰ সূৰ্যোদয়ত পূৰ্ণিমাৰ তিথি মিলিছে, সেই কাৰণে হনুমান জয়ন্তী হৈছে উদয় তিথি ,যাক ১৬ এপ্ৰিলত উদযাপন কৰা হ'ব।  এই দিনটোতে উপবাস ৰখা হ'ব আৰু হনুমানৰ জন্ম উৎসৱ উদযাপন কৰা হ'ব।


এইবাৰৰ হনুমান জয়ন্তী ৰবি যোগ হস্ত তথা চিত্ৰা নক্ষত্ৰত আছে। ১৬ এপ্ৰিলত হস্ত চিত্ৰা নক্ষত্ৰ ৰাতিপুৱা ৮ টা বাজি ৪০ মিনিটৰ লৈকে থাকিব। তাৰ পাছতহে চিত্ৰা নক্ষত্ৰ আৰম্ভ হ'ব।এইদিনা ৰবি যোগ প্ৰাতঃ ৫ টা বাজি ৫৫ মিনিটৰ পৰা আৰম্ভ হ'ব আৰু সমাপ্ত ৮ টা বাজি ৪০ মিনিটত হ'ব।



২. হনুমান জয়ন্তীৰ মহত্ব - ধৰ্মীয় বিশ্বাসৰ মতে, হনুমান জয়ন্তীৰ দিনা বিধি বিধানেৰে বজৰংবলীক উপাসনা কৰাৰ ফলত, আকাংক্ষিত ফল প্ৰাপ্ত হয়। কিন্তু হনুমানক উপাসনা কৰোঁতে মনত ৰাখিব  ভগৱান ৰামৰ উপাসনা কৰাটো নিশ্চিত হ'ব লাগে। কাৰণ বিশ্বাস কৰক হয় যে ভগৱান ৰামৰ উপাসনা অবিহনে হনুমানৰ উপাসনা অসম্পূৰ্ণ ।( Religious Studies ) 



৩.ভগৱান হনুমানৰ জন্ম কথা - হনুমানৰ জন্ম সম্পৰ্কে বহুতো শাস্ত্ৰ বহুতো কথা প্ৰচলিত আছে। পৌৰাণিক মান্যতা অনুসৰি , এবাৰ স্বৰ্গত দুৰ্বাসা দ্বাৰা আয়োজিত সভাত স্বৰ্গৰ ৰজা ইন্দ্ৰও উপস্থিত আছিল। সেই সময়তে পুঞ্জিকস্থলী নামৰ এজনী অপ্চৰাই কোনো উদ্দেশ্য নোহোৱাকৈ সভাত হস্তক্ষেপ কৰি উপস্থিত দেৱতাসকলৰ মনোযোগ বিচলিত কৰিবলৈ চেষ্টা কৰিছিল। সেই কথাতে খঙ উঠি ঋষি দুৰ্বাসায়ে পুঞ্জিকস্থলীক বান্দৰ হ'বলৈ শাওঁ দিলে ।


কথাটো শুনি পুঞ্জিকস্থলীয়ে কান্দিবলৈ ধৰিলে। তেতিয়া ঋষি দুৰ্বাসায়ে ক'লে পিছত জন্মত তোমাৰ বিয়া বান্দৰৰ দেৱতাৰ লগত হ'ব। লগতে পুত্ৰ ও বান্দৰ প্ৰাপ্ত হ'ব। পিছৰ জন্মত মা অঞ্জনীৰ বিয়া বান্দৰৰ ভগৱান কেশৰীৰ লগত হ'ল।  তাৰ পিছত মা অঞ্জনীৰ ঘৰত  হনুমানৰ জন্ম হ'ল।


অন্য এক পৌৰাণিক  কথাৰ অনুসৰি ৰজা দক্ষৰথে সন্তান প্ৰাপ্তি বাবে যজ্ঞ কৰাছিল। সেই যজ্ঞৰ পৰা প্ৰাপ্তি হোৱা আহুতিৰ বস্তু খাই দক্ষৰথৰ পত্নীসকল গৰ্ভৱতী হৈছিল। সেই যজ্ঞৰ পৰা প্ৰাপ্তি হোৱা আহুতিৰ বস্তুৰ অলপ অংশ এটা গৰুড় পক্ষীয়ে লৈ উৰি গ'ল আৰু তাত পেলাই দিলে য'ত মা অঞ্জনীয়ে পুত্ৰ লাভ কৰিবলৈ তপস্যা কৰি আছিল।মা অঞ্জনীয়ে সেই যজ্ঞৰ পৰা প্ৰাপ্তি হোৱা আহুতিৰ বস্তুৰ অংশ গ্ৰহণ কৰিলে।তাৰ পিছত মা অঞ্জনী গৰ্ভৱতী হ'ল আৰু হনুমানৰ জন্ম হ'ল।


এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  ( Religious Studies ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages