শণিবাৰ আৰু মঙ্গলবাৰত বজৰংগ বাণ পাঠ : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, April 26, 2022

শণিবাৰ আৰু মঙ্গলবাৰত বজৰংগ বাণ পাঠ : Religious Studies

 

Religious Studies

কালিযুগৰ আটাইতকৈ প্ৰভাৱশালী আৰু শীঘ্ৰে ফলদাতা  হৈছে শ্ৰী হনুমান । মহাবীৰ হনুমানৰ উপাসনা কৰাৰ ক্ষেত্ৰত কিছুমান নিয়ম, সংযম অনুসৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ। ( Religious Studies ) 


যদি নিয়মত ত্ৰুটি হয়,  তেন্তে হনুমানে শাস্তি দিব লাগিব, সেয়েহে হনুমানক উপাসনা কৰাত কোনো ধৰণৰ ভূল কৰিব নালাগে।


মহাবলী  হনুমানৰ বহুতো ৰূপ আছে যি বিলাকে বিভিন্ন সংকট দূৰ কৰিব পাৰে। তাৰে এটা হ'ল বজ্ৰ ৰূপ। বজ্ৰ ৰ ৰূপৰ বাবে শ্ৰীহনুমানক বজৰংবলী বুলি কোৱা হয়। বজৰংবলীক সন্তুষ্ট কৰিবলৈ বজৰংগ বান পাঠ কৰিব লাগে ।


বজৰংগ বাণ পাঠ  কৰাৰ নিয়ম--


বজৰংগ বাণ পাঠৰ বাবে মঙ্গলবাৰ বা শণিবাৰে হনুমানৰ ছবিৰ আগত কুশৰ আসনত বহিব লাগে। ঘৰত বহাৰ সুবিধা নহলে কোনো হনুমান মন্দিৰত বহিও পাঠ কৰিব পাৰে।

 

ঘেঁহু, চাউল, মুগ, উৰাদ (বাকলি নোহোৱা মাটি দাইল) আৰু ক'লা তিল অনুষ্ঠানটোৰ আগ দিনা গোটাই লব লাগে । পাঁচোটা শস্য (ঘেঁহু, চাউল, মুগ, উৰাদ আৰু ক'লা তিল) এমুঠিকৈ লওঁক আৰু সেইবোৰ বিশুদ্ধ গঙ্গা জলত তিয়াই দিব থব লাগে । অনুষ্ঠানৰ দিনা এই শস্যবোৰ গুৰি কৰি  সেইবোৰৰ চাকি বনাব লাগে । চাকিৰ বাবে শলিতা ডাল চাকি জ্বলোৱা সূতাৰ হব লাগে আৰু পাচ বাৰ ভাজ কৰি চাকিৰ বাবে জোখৰ কৰি লব লাগে । গোটেই জপৰ সময় ছোৱাত চাকিটো জ্বলি থাকিব লাগে। হনুমানৰ গুগুল অতি প্ৰিয় । সেয়ে ধূণাত গুগুল দিব লাগে । বা গুগুলৰ ধূপ জ্বলাব লাগে ।  বজৰংবলীৰ বাবে কিবা এটা কৰিম বুলি  বজৰংগ বাণ পাঠৰ আগতে সংকল্প কৰিব লাগে । তাৰ পাছত শুদ্ধ উচ্চাৰণেৰে বজৰংবলীৰ ছবি চাই পাঠ আৰম্ভ কৰিব লাগে । ( Religious Studies ) 


বজৰংগ বাণ পাঠ কৰাৰ লাভ কি কি --


যদি  শত্ৰু আৰু বিৰোধী বহুত হয় তেন্তে প্ৰতি মঙলবাৰে ১১ বাৰ বজৰংগ বান পাঠ কৰিব লাগে।


বজৰংগ বাণৰ নিয়মীয়াকৈ পাঠ কৰিলে আত্মবিশ্বাস আৰু সাহস বৃদ্ধি হয় ।


হৃদৰোগী আৰু ৰক্তচাপৰ ৰোগীসকলৰ বজৰংগ বাণ পাঠ কৰিলে স্বাস্থ্যৰ বিশেষ লাভ হয়।


যিসকল শিশু দুৰ্বল বা কোনো লোকৰ ভয় বেছি  তেওঁলোকে বজৰংগ বান পাঠ কৰিব লাগে।


যদি প্ৰতিটো কাম বন্ধ হৈ থকা যেন লাগে, তেন্তে শনিবাৰে ২১ বাৰ বজৰংগ বান পাঠ কৰাটো লাভ জনক।


যদি  কৰবাত সাক্ষাৎকাৰ দিবলৈ গৈ আছে, তেন্তে ৫ বাৰ বজৰংগ বান পাঠ কৰি চাওক নিশ্চিত ভাবে সফলতা লাভ কৰিব।


যদি আপোনাৰ ব্যৱসায়ত নিৰন্তৰ লোকচান হয়, তেন্তে আপোনাৰ ব্যৱসায়ৰ স্থানত একেৰাহে 8 টা মঙলবাৰে বজৰংগ বান পাঠ কৰক বা ইয়াক এজন যোগ্য  পণ্ডিতৰ দ্বাৰা সম্পন্ন কৰক। আপুনি নিশ্চিতভাৱে লাভা লাভ পাব।


ব্যৱসায়ত শ্ৰীবিদ্ধি আৰু চাকৰিত উন্নতিৰ বাবে বজৰংৱলীৰ হাতত পৰ্বত লৈ উৰি যোৱা ফটো খন আগত ৰাখি বজৰংগ বাণ পাঠ কৰিলে ফল পোৱা যায় ।


জুলা শৰ্মা

নতুন দিল্লী


এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Assamese article

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  ( Religious Studies ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages