বৈদিক ঋষিয়ে কয় ব্ৰহ্ম মূহুৰ্ত সৃষ্টিৰ আদি সময় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, April 22, 2022

বৈদিক ঋষিয়ে কয় ব্ৰহ্ম মূহুৰ্ত সৃষ্টিৰ আদি সময় : Religious Studies

Religious Studies


ৰাতিৰ শেষৰ প্ৰহৰক ব্ৰহ্ম মূহুৰ্ত বুলি কোৱা হয়। প্ৰাচীন ঋষি মুনি সকলে এই সময়ৰ বিশেষ গুৰুত্ব দিছিল। এই সময় ঐশ্বৰিক সময়।( Religious Studies ) 

  বেদত আছে ---


कस्त॑ उषः कधप्रिये भु॒जे मर्तो॑ अमर्त्ये ।

कं न॑क्षसे विभावरि ॥

         (ঋগ্বেদ ১/৩০/২০)


অৰ্থাৎ-- 

হে প্ৰশংসাৰ পাত্ৰী অজৰ অমৰ ঊষা ! কোন মানুহে তোমাৰ সুখ প্ৰাপ্ত কৰিব পাৰে। কাক তুমি সহজে সহায় কৰিব পাৰা । এলেহুৱা লোকে এই সুখৰ পৰা বঞ্ছিত হয়। 


এই শ্লোকত ব্ৰহ্ম মূহুৰ্তৰ কথা কৈছে।  ব্ৰহ্ম মূহুৰ্তত অৰ্থাৎ  ব্ৰহ্ম পুৱাতে গোসানী ঊষা দেৱীয়ে আমাৰ কাৰণে বৰ সুন্দৰ এক সময় লৈ আহে । কেউদিশৰ প্ৰকৃতিৰ পৰিবেশ শান্ত, ধীৰ-স্থিৰ , বায়ু মণ্ডল একেবাৰে বিশুদ্ধ । প্ৰাচীন ঋষিৰ মতে এই সময়তে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল।  এই সময় পৰম ব্ৰহ্মৰ সময় ।  


এই ব্ৰহ্ম মূহুৰ্তৰ সময় সূৰ্য্যৰ প্ৰথম কিৰণ ওলোৱাৰ আগতেই আৰম্ভ হয়।  পুৱা ৩-৩০ বজাৰ পৰা পুৱা ৫-৩০ বজালৈকে বা ৬ বজালৈকে বুলিও ধৰা হয়।  

এই সময় ছোৱাত প্ৰকৃতিৰ সুন্দৰ পৰিৱেশৰ লগতে আমাৰ মনো সুন্দৰ আৰু শুদ্ধ হৈ থাকে।  এই সময় পৰমব্ৰহ্মক ধ্যানৰ সময় । নিজৰ ইষ্ট দেৱতাক জপ কৰাৰ সময়। এই সময়ত জপ, প্ৰাৰ্থনা আৰু আৰাধনা কৰিলে আধ্যাত্মিক শক্তি বৃদ্ধি হয়।  সেয়ে  প্ৰাচীন কালৰ ঋষি মুনি সকলকে ধৰি আজিৰ দিনৰ মহান সাধু সন্ন্যাসী সকলেও দিনটো আৰম্ভ কৰে  ঊষা দেৱীয়ে লৈ অহা ব্ৰহ্ম মূহুৰ্তৰ পৰাই। ( Religious Studies ) 



শাস্ত্ৰৰ মতে এই সময় ছোৱাৰ মাজৰ এঘন্টা সময় মানুহৰ স্মৰণ শক্তি সকলো সময়তকৈ অধিক বেছি থাকে । এই সময় আৰম্ভ হয় পুৱা ৪ বজাৰ পৰা । সেয়ে এই সময় বিদ্যাৰ্থীৰ বাবে অতি উত্তম সময়।  


এই সময় দেৱী দেৱতাৰ অতি প্ৰিয় সময়।  এই সময় ছোৱা হোম যজ্ঞ কৰাৰ বাবে উপযোগী সময়। আজিও দক্ষিণ ভাৰতত পূজা অৰ্চনা, হোম যজ্ঞৰ বাবে ব্ৰহ্ম মূহুৰ্তই বাছি লয়। 


প্ৰকৃতিৰ এই সুন্দৰ সময় খিনিত চৰাই চিৰিকতি উঠি দিনটোৰ বাবে ওলাই যায়। খেতিয়ক সকলে পথাৰলৈ যায় আকৌ পদুম ফুল পাহো এই সময়তে ফুলি উঠে । এই মনোৰম সময় খিনি সেয়ে নতুন কাম আৰম্ভ কৰিবৰ বাবে অনুপম সময়। 


শাস্ত্ৰত আছে এই সময়তে শোৱাপাটি এৰি ভগৱানক উপাসনা কৰি দিনটো আৰম্ভ কৰিব পাৰিলে দশোদিশ উজলি উঠিব।  


জুলা শৰ্মা 

নতুন দিল্লী


এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Assamese article

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  ( Religious Studies ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages