আজিৰে পৰা আৰম্ভ হল হিন্দু নতুন বছৰ : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, April 2, 2022

আজিৰে পৰা আৰম্ভ হল হিন্দু নতুন বছৰ : Religious Studies

Religious Studies


चैत्र मासे जगद्ब्रह्म समग्रे प्रथमेऽनि

शुक्ल पक्षे समग्रे तु सदा सूर्योदये सति। - ब्रह्म पुराण


হিন্দু ধৰ্ম অনুসৰি চ'ত মাহৰ শুক্লা প্ৰতিপদৰ দিনটোতে অৰ্থাৎ আজিৰ দিনটোতেই ব্ৰহ্মাদেৱে প্ৰথম সৃস্টিৰ কাম আৰম্ভ কৰিছিল। ( Religious Studies ) 


সেই দিনাৰ পৰাই সত্য যুগ আৰম্ভ হৈছে আৰু সেই দিনাৰ পৰাই কাল গণনা অৰ্থাৎ তাৰিখ আৰম্ভ হৈছে । সেয়ে এই দিনটোক বৰ্ষাৰম্ভণি বা হিন্দুৰ নতুন বছৰ বুলি ধৰা হয় । 


গেৰুৱা ৰংটো হিন্দু সনাতন ধৰ্মই শান্তি,সাহস আৰু সকলো সৃষ্টিৰ আৰম্ভণি বুলি ধৰে । কিয়নো সূৰ্য্যটো প্ৰথম উদয় হওতে গেৰুৱা ৰং হৈ থাকে সেয়ে আজিৰ নতুন বছৰৰ আৰম্ভণি দিনটোত সকলোৱে ঘৰে ঘৰে এখন গেৰুৱা ৰঙৰ ধ্বজা উৰাই সূৰ্য্যক অৰ্ঘ দিয়ে । ভাৰতীয় পৰম্পৰা অনুসৰি ধ্বজাই নিজৰ অস্তিত্ব সূচায় । ( Religious Studies )    


হিন্দু শাস্ত্ৰৰ সকলো উৎসব, পূজা, শ্ৰাদ্ধ, বিয়া, জন্ম তিথি এই দিনপঞ্জী অনুসৰি মনা হয় । জ্যোতিষ অনুশৰি আজিৰ নতুন বছৰৰ (২০৭৯) প্ৰথম দিনটোত গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ অৱস্থান কেৱল আকৰ্ষণীয় নহয়, অতি বিৰল হ'ব। এনে আৱস্থা  ১৫০০ বছৰৰ পিছত হব। নৱবৰ্ষৰ আৰম্ভণিত ৰেৱতী নক্ষত্ৰ আৰু তিনিটা ৰাজ যোগ  হৈছে।  ইয়াৰ পূৰ্বে এই বিৰল যোগ ২২ মাৰ্চ, ৪৫৯ তাৰিখে  হৈছিল।


জুলা শৰ্মা 

নতুন দিল্লী


এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Assamese article

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  ( Religious Studies ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages