মা লক্ষ্মীৰ কৃপা পাবলৈ আজিয়ে এৰক এই ৮ টা অভ্যাস : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, April 2, 2022

মা লক্ষ্মীৰ কৃপা পাবলৈ আজিয়ে এৰক এই ৮ টা অভ্যাস : Religious Studies

 

Religious Studies

এইবাৰ ২৭ অক্টোবৰত দেৱালী উদযাপন কৰা হ'ব। হিন্দু বৰ্ষপঞ্জী অনুসৰি দেৱালী উৎসৱ কাৰ্তিক মাহৰ অমাৱস্যা তিথিত উদযাপন কৰা হয়।( Religious Studies ) 

এই দিনটোত ভগৱান গণেশ আৰু লক্ষ্মীৰ বিশেষ উপাসনাত গুৰুত্ব দিয়া হয়। আনহাতে,  মা লক্ষ্মীৰ কৃপা লাভ কৰিব বহু ধৰণৰ বিধিবিধান  আছে।


চিন্তা কৰক এনেকুৱা কোন আছেনো যি ধনৰ দেৱী লক্ষ্মীক তেওঁৰ লগত ৰাখিব নিবিচাৰে। কিন্তু আমি যদি ভাৱো দেৱী লক্ষ্মীৰ লগ বহুত কষ্ট আৰু কৰ্ম - কাণ্ডৰ ফলত লাভ কৰিব পাৰি তেতিয়া এইটো আমাৰ ভুল। আমাৰ নিয়মীয়া আচৰণ আৰু কাৰ্য ফলতেই আমি দেৱী লক্ষ্মীৰ কৃপা লাভ কৰোঁ। কিছুমান নিয়মীয়া অনৈতিক কাৰ্যৰ ফলতো দেৱী লক্ষ্মীয়ে লগ এৰি দিয়ে। সেয়ে এতিয়া জানো আহঁক সেইসমূহ কি অনৈতিক কাৰ্য ,যাৰ ফলত ধনৰ দেৱী লক্ষ্মী ব্যক্তিৰ পৰা দূৰ হৈ যায়।


১. খঙত আৰু অপশব্দ (বেয়া শব্দ) প্ৰয়োগ কৰা ফলত - ধৰ্মত স্পষ্টকৈ লিখা হৈছে যে ব্যক্তিক খঙে নৰকলৈ লৈ যায়। খং আৰু অশ্লীল শব্দ ব্যৱহাৰ যিজনে কৰে তেওঁক শাস্ত্ৰত কাপুৰুষ বুলি কোৱা হয়। আমি প্ৰায়ে আমাৰ ঘৰৰ মানুহৰ ওপৰত খং কৰোঁ। ঘৰখনত যদি সদায় কাজিয়া পৰিৱেশ বিৰাজমান হৈ থাকে। তেতিয়া দেৱী লক্ষ্মী সেই ব্যক্তিজন আৰু তেওঁৰ ঘৰৰ পৰা আঁতৰি যায়।  


২.সাধু- সন্যাসী আৰু শাস্ত্ৰক অনাদৰ কৰা ফলত - আমাৰ ঘৰত বা আমাৰ জীৱনত বহুবাৰ আমি শাস্ত্ৰক অসন্মান বা অনাদৰ কৰোঁ বা  শাস্ত্ৰৰ অনুসৰি জীৱন নিৰ্বাহ নকৰোঁ। এনেকুৱা কৰা ফলত আমি আনৰ নহয় , নিজৰেই লোকচান কৰোঁ।সাধু- সন্যাসী আৰু শাস্ত্ৰক অনাদৰ কৰা ফলত দেৱী লক্ষ্মীয়ে ব্যক্তিৰ লগত এৰি গুচি যায়।


৩.সূৰ্য উদয় আৰু সূৰ্য অস্ত যোৱাৰ সময়ত শুলে- সূৰ্য অস্ত যোৱাৰ পাছত উঠা আৰু সূৰ্য উদয় হওঁতে শুই থকা ফলত ধনৰ দেৱী লক্ষ্মী ৰুস্থ হৈ পৰে। আমাৰ ধৰ্মত উল্লেখ আছে যে সূৰ্য উদয় আৰু সূৰ্য অস্ত যোৱাৰ সময়ত ৰাক্ষসক প্ৰবৃত্তিৰ লোকসকলহে শুই থাকে। আপোনালোকে দেখিছে চাগে এনেকুৱা মানুহৰ জীৱনটো অব্যৱস্থিত দৰে হৈ থাকে। এনেকুৱা মানুহৰ কিবা নহয় কিবা বেমাৰ হৈ থাকে।( Religious Studies ) 


৪.ব্ৰহ্ম মূহুৰ্তত আৰু সন্ধিয়া সময়ত ভোগ বিলাস কৰা ফলত - ব্ৰহ্মা মহুৰ্ত (পুৱা ২ বজাৰ পৰা ৪ বজালৈ) আৰু সন্ধিয়া সময়ত ভোগ বিলাস কৰিলে, কেতিয়াও ভাগ্য উদয় হ'ব নোৱাৰে। হিন্দু ধৰ্মৰ শাস্ত্ৰসমূহত স্পষ্টকৈ কোৱা হৈছে যে ৰাতিপুৱা ২ ৰ পৰা ৪ বজালৈ আৰু সন্ধিয়া সময়খিনি ব্ৰহ্মাৰ উপাসনাৰ বাবে আটাইতকৈ ভাল সময়  আৰু যিজনে এই সময়ত ভোগ বিলাস কৰি থাকে তেওঁ মৃত্যুৰ পিছত নৰকলৈটো যাবয়েই লাগে । লগতে তেওঁ জীয়াই থাকোঁতে ও লক্ষ্মীয়ে তেওঁৰ লগত এৰি গুচি যায়। 


৫. প্ৰাতঃ আৰু সন্ধিয়া কালত ঘৰত চাকি নজ্বলালে -  বৰ্তমান যুগত ঘৰ আৰু ঘৰৰ আগফালে বা দুৱাৰৰ গুৰিত চাকি জ্বলোৱা পৰম্পৰা প্ৰায়ে লুপ্ত হৈছে।প্ৰাতঃ আৰু সন্ধিয়া কালত ঘৰত চাকি নজ্বলালে, দেৱী লক্ষ্মীয়ে ক্ৰোধিত হৈ  ঘৰ তথা ব্যক্তিক ত্যাগ কৰি দিয়ে।


৬. লেটেৰা কাপোৰ পিন্ধা ফলত - যদি মানুহে লেটেৰা কাপোৰ পিন্ধে , তেতিয়া তেওঁ সমাজতো অপমানিত হয় লগতে দেৱী লক্ষ্মীয়ে ও তেওঁক এৰি গুচি যায়।


৭.ঘৰ লেটেৰা কৰি ৰখাৰ ফলত -  ব্যক্তিৰ জীৱন তেওঁৰ বাতাবৰণৰ পৰা চোৱা হয়। য'ত তেওঁ নিজৰ বেছি সময় কটাই।যদি আপুনি এটা লেটেৰা আৰু অব্যৱস্থিত ঘৰত থাকে, তেতিয়া আপোনাৰ ওপৰত নকাৰাত্মক শক্তিয়ে প্ৰভাৱ বিস্তাৰ কৰে। লগতে ধনৰ দেৱী লক্ষ্মীয়ে আমাৰ লগ এৰি দিয়ে।


৮.লক্ষ্মীক প্ৰাপ্তি কৰা মন্ত্ৰ -  ঘৰ বা দোকানত শ্ৰী সম্পূৰ্ণ মহালক্ষ্মী মহায়ন্ত্ৰম্  মন্ত্ৰ লিখি ৰখাৰ ফলত জীৱনত ধন বৈভৱৰ লগতে সকলো সুখ- সুবিধা প্ৰাপ্তি হয়।


এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  ( Religious Studies ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages