আজি কৰা হ'ব মা দুৰ্গাৰ অষ্টম ৰূপ মহাগৌৰীৰ পূজা অৰ্চনা : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, April 9, 2022

আজি কৰা হ'ব মা দুৰ্গাৰ অষ্টম ৰূপ মহাগৌৰীৰ পূজা অৰ্চনা : Religious Studies

 

Religious Studies

নৱৰাত্ৰি উৎসৱৰ অষ্টম দিনা মহাগৌৰীক পূজা কৰা হয়। মহাগৌৰী বগা ৰঙৰ আৰু তেওঁৰ গহনা আৰু কাপোৰ বগা ৰঙৰ। ( Religious Studies ) 


তেওঁৰ বয়স আঠ বছৰ বুলি বিশ্বাস কৰা হয়। তেওঁৰ চাৰিখন হাতত আৰু বৃষভত যাত্ৰা কৰে কাৰণে তেওঁক বৃভাৰুঢ়া বুলি কোৱা হয়।বগা কাপোৰ পিন্ধাৰ বাবে, তেওঁক শ্বেতম্বৰা বুলি ও কোৱা হয়।মাতৃ মহাগৌৰী দেৱী পাৰ্বতীৰ এটা ৰূপ। পাৰ্বতীয়ে শিৱক কঠোৰ তপস্যা কৰাৰ পিছত তেওঁক স্বামী হিচাপে পাইছিল।


 জনশ্ৰুতি অনুসৰি এবাৰ দেৱী পাৰ্বতীৰ ভগৱান শিৱৰ ওপৰত খং উঠিল। তাৰ পিছত, তেওঁ তপস্যাত বহিল। যেতিয়া ভগৱান শিৱই তেওঁক বিচাৰি গ'ল, তেওঁ আচৰিত হ'ল। 


পাৰ্বতীৰ ৰং, কাপোৰ আৰু অলংকাৰবোৰ দেখি, তেওঁ উমাক গৌৰ বৰ্ণৰ আশীৰ্বাদ দিয়ে। মহাগৌৰী সহানুভূতিশীল, মৰমীয়াল, শান্ত আৰু নম্ৰ প্ৰকৃতিৰ।



মাতৃ গৌৰীৰ আৰাধনা সৰ্ব মংগল মংগলে , শিৱা সৰ্বৰ্থ সাধিকে,শৰণ্যত্ৰিম্বক গৌৰী নাৰায়ণী নামুস্তুতে... । এই মন্ত্ৰৰ দ্বাৰা কৰা হয়। 


কোৱা হয় যে এবাৰ ভোকাতুৰ সিংহই তেওঁক নিজৰ আহাৰ হিছাপে গ্ৰহণ কৰিবলৈ বিচলিত হৈছিল। কিন্তু তেওঁৰ শ দেখি সি অসহায় হৈ পৰিছিল।ইয়াৰ পিছত, দেৱী পাৰ্বতীয়ে তাক নিজৰ বাহন হিচাপে লৈ ল'লে।মাৰ অষ্টম ৰূপ মহাগৌৰীক উপাসনা কৰাৰ ফলত ধন,সুখ আৰু সমৃদ্ধিৰ প্ৰাপ্তি হয়।



১. অষ্টমী দিনা কৰক কন্যা পূজা -'নৱৰাত্ৰিৰ উপলক্ষে দুৰ্গাষ্টমীৰ দিনা কন্যা পূজা কৰা হয়। ইয়াক কঞ্চক বুলিও কোৱা হয়। এই পূজাত ন বছৰীয়া কন্যা সকলক উপাসনা কৰাৰ হয়। এইটো বিশ্বাস কৰা হয় যে মহাগৌৰীৰো বয়স আঠ বছৰ আছিল। ভক্তসকলে কন্যা পূজা কৰা ফলত কেতিয়াও কোনো দুখ নহয় আৰু মায়ে নিজৰ ভক্তসকলৰ ওপৰত প্ৰসন্ন হৈ মনোবাঞ্ছিত ফল প্ৰদান কৰে।



২.মহাগৌৰীৰ পূজা মহত্ব - আদি শক্তি দেৱী দুৰ্গাৰ অষ্টম ৰূপৰ পূজা কৰিলে সকলোবোৰ

গ্ৰহৰ ত্ৰুটি আঁতৰি যায়। মহাগৌৰীৰ উপাসনা কৰিলে দাম্পত্য জীৱন, ব্যৱসায়, ধন আৰু সুখ সমৃদ্ধি বৃদ্ধি হয়। যিসকল দেৱী ভক্তয়ে মহাগৌৰীক সচাঁ হৃদয়েৰে উপাসনা কৰে, তেওঁলোকৰ সকলো ইচ্ছা পূৰণ হয়। পূজাৰ সময়ত দেৱীলৈ আগবঢ়োৱা নাৰিকল ব্ৰাহ্মণক দিব লাগে।( Religious Studies ) 



৩. দেৱী পাৰ্বতী ৰজা হিমালয়ৰ ঘৰত জন্ম হৈছিল- দেৱী পাৰ্বতী ৰজা হিমালয়ৰ ঘৰত জন্ম হৈছিল। আঠ বছৰতে তেওঁ আগৰ জন্মৰ ঘটনাবোৰ উপলব্ধি কৰিছিল। তেতিয়াৰ পৰাই ভগৱান শিৱক স্বামী হিচাপে পাবলৈ তেওঁ তপস্যা আৰম্ভ কৰিলে। তপস্যাৰ পৰা দেৱী পাৰ্বতীয়ে মহান গৌৰৱ অৰ্জন কৰিলে, সেয়েহে তেওঁৰ নাম মহাগৌৰী হ'ল। এই দিনটোত দুৰ্গা সপ্তসতী পাঠ কৰিলে বিশেষ ফল পোৱা যায়।


এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  ( Religious Studies ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page



No comments:

Post a Comment

Advertisement

Pages