গুৰু নোহোৱাকৈও এই ৰামৰ মন্ত্ৰ বিলাক জপ কৰিব পাৰি : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, April 10, 2022

গুৰু নোহোৱাকৈও এই ৰামৰ মন্ত্ৰ বিলাক জপ কৰিব পাৰি : Religious Studies

Religious Studies


 সনাতন পৰম্পৰা অনুসৰি চ'ত মাহৰ শুক্লা নৱমীৰ দিনটো  অৰ্থাৎ আজিৰ দিনটো ৰাম নৱমী হিচাপে পালন কৰা হয় । আজিৰ এই পৱিত্ৰ দিনটোত ভগৱান ৰামৰ জন্ম হৈছিল ।( Religious Studies )


ৰাম শব্দটো এটা শক্তিশালী শব্দ। ৰাম নামৰ মহিমা অপাৰ । ৰামে নিজেই কৈছিল ৰাম তকৈ ৰামৰ নামতোহে বেছি ডাঙৰ। ৰাম কেৱল এটা নাম নহয় , ৰাম এক মন্ত্ৰ।  


ভগৱান শিৱক ফটোত আমি সাধাৰণতে তপস্যা কৰি থকাই দেখা পাও । ভগৱান শঙ্কৰে কৈলাশত  প্ৰতিটো প্ৰহৰতে ৰাম নামকেই জপ কৰে । ৰামৰ নামতেই সংসাৰ চলি আছে। 


ৰাম নাম অবিনাশী হয়। পৃথিৱীৰ সকলো বস্তু ইফালে সিফালে হৈ গ'লেও ৰাম নাম একেই থাকিব। ৰাম নামৰ মহিমা কেতিয়াও শেষ নহয় আনহাতে দিনক দিনে বৃদ্ধিহে পাব। 


সূৰ্য্যৰ পোহৰে যিদৰে তিনি লোক পোহৰাই তোলে সেইদৰে ৰাম নাম জপ কৰিলে মানুহৰ অন্তৰৰ ভিতৰ আৰু বাহিৰ প্ৰকাশিত কৰি তোলাৰ লগতে আমাৰ কেউদিশে থকা নাকাৰাত্মক শক্তি দূৰ দূৰলৈ আতৰাই পঠায় । 


ৰাম নাম অমৃতৰ সমান। এটা কথা সাধাৰণতে কোৱা শুনা যায় যে ৰাম নাম জপ কৰিলে শাস্ত্ৰ নপঢ়াকৈ শাস্ত্ৰৰ জ্ঞান হয়,  আনকি বেদৰ জ্ঞান হয়।

 ৰাম নাম জপ কৰি একালৰ ডকাইত ৰত্নাকৰ মহৰ্ষী বাল্মিকী হল । 


ৰাম নামৰ মন্ত্ৰ বিলাক সিদ্ধ মন্ত্ৰ। এই মন্ত্ৰ বিলাক যেয়ে সেয়ে গাব পাৰে মাত্ৰ অন্তৰ শুদ্ধ ৰাখিব লাগে । গুৰু নোহোৱাকৈও এই ৰামৰ মন্ত্ৰ বিলাক জপ কৰিব পাৰি।  এই মন্ত্ৰ বিলাক যেতিয়াই তেতিয়াই কৰিব পাৰি । ৰাম অতি সোনকালে সন্তোষ হয় আৰু ৰামে ভক্তৰ দুখ সহিব নোৱাৰে সেয়ে ৰামৰ মন্ত্ৰ জপ কৰিলে শীঘ্ৰে ফল প্ৰাপ্তি হয়। 


মহাদেৱৰ আদেশ অনুসৰি ঋষি বুদ্ধ কৌশিকে ৰামৰ উপাসনাৰ বাবে  দিব্য ৰক্ষা স্ত্ৰোতম্ টো ৰচনা কৰিছিল। এই মন্ত্ৰ পাঠ কৰোতে মনটো একেবাৰে শান্ত ৰাখিব লাগে। 


নৱৰাত্ৰিৰ ন দিনৰ ব্ৰহ্ম মূহুৰ্ততে যি এই ৰক্ষা স্ত্ৰোত টো কুশৰ আসনত বহি পাঠ কৰিব তেওঁ ভগৱান শ্ৰী ৰাম চন্দ্ৰৰ আশীৰ্বাদ লাভ কৰি সকলো চিন্তা,  সকলো ন বিপদ মুক্ত হব । এই স্ত্ৰোত ১১ বাৰ পাঠ কৰিব পাৰিলে, ভাল নহলেও ৭ বাৰ গাব লাগে ( Religious Studies )


 শক্তিশালী শ্ৰীৰামৰক্ষাস্তোত্ৰম্   --


            শ্ৰীৰামৰক্ষাস্তোত্ৰম্ 

           পদ্মমহাপুৰাণান্তৰ্গতম্ 


অতসী পুষ্পসঙ্কাশং পীতৱাস সমচ্যুতম্ । 

ধ্যাত্ৱা ৱৈ পুণ্ডৰীকাক্ষং শ্ৰীৰামং ৱিষ্ণুমৱ্যযম্ ॥ ১॥


 পাতুৱো হৃদয়ং ৰামঃ শ্ৰীকণ্ঠঃ কণ্ঠমেৱ চ । 

নাভিং পাতু মখত্ৰাতা কটিং মে ৱিশ্ৱৰক্ষকঃ ॥ ২॥


কৰৌ পাতু দাশৰথিঃ পাদৌ মে ৱিশ্ৱৰূপধৃক্ । চক্ষুষী পাতু ৱৈ দেৱ সীতাপতিৰনুত্তমঃ ॥ ৩॥ 


শিখাং মে পাতু ৱিশ্ৱাত্মা কৰ্ণৌ মে পাতু কামদঃ । পাৰ্শ্ৱয়োস্তু সুৰত্ৰাতা কালকোটি দুৰাসদঃ ॥ ৪॥


 অনন্তঃ সৰ্ৱদা পাতু শৰীৰং ৱিশ্ৱনায়কঃ । 

জিহ্ৱাং মে পাতু পাপঘ্নো লোকশিক্ষাপ্ৰৱৰ্ত্তকঃ ॥৫॥ 

ৰাঘৱঃ পাতু মে দন্তান্ কেশান্ ৰক্ষতু কেশৱঃ । সক্থিনী পাতু মে দত্তৱিজয়োনাম ৱিশ্ৱসৃক্ ॥ ৬॥


এতাং ৰামবলোপেতাং ৰক্ষাং যো ৱৈ পুমান্ পঠেৎ । সচিৰায়ুঃ সুখী ৱিদ্ৱান্ লভতে দিৱ্যসম্পদাম্ ॥ ৭॥

 

ৰক্ষাং কৰোতি ভূতেভ্যঃ সদা ৰক্ষতু ৱৈষ্ণৱী । ৰামেতি ৰামভদ্ৰেতি ৰামচন্দ্ৰেতি যঃ স্মৰেৎ ॥ ৮॥


 ৱিমুক্তঃ স নৰঃ পাপান্ মুক্তিং প্ৰাপ্নোতি শাশ্ৱতীম্ । ৱসিষ্ঠেন ইদং প্ৰোক্তং গুৰৱে ৱিষ্ণুৰূপিণে ॥ ৯॥


 ততো মে ব্ৰহ্মণঃ প্ৰাপ্তং ময়োক্তং নাৰদং প্ৰতি । নাৰদেন তু ভূৰ্লোকে প্ৰাপিতং সুজনেষ্ৱিহ ॥ ১০॥


 সুপ্ত্ৱা ৱাঽথ গৃহেৱাপি মাৰ্গে গচ্ছেত এৱ ৱা । 

যে পঠন্তি নৰশ্ৰেষ্ঠঃ তে নৰাঃ পুণ্যভাগিনঃ ॥ ১১॥


 ইতি শ্ৰীপাদ্মেমহাপুৰাণে পঞ্চপঞ্চাশৎসাহস্ত্ৰ্যাং সংহিতায়ামুত্তৰখণ্ডে উমাপতিনাৰদসংৱাদে ৰামৰক্ষাস্তোত্ৰং নামত্ৰিসপ্ততিতমোঽধ্যায়ঃ ॥


জুলা শৰ্মা

নতুন দিল্লী


এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Assamese article

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  ( Religious Studies ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages