জানো আহঁক এই সপ্তাহত কোনে পাব ভাগ্যৰ সহাঁৰি : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, April 4, 2022

জানো আহঁক এই সপ্তাহত কোনে পাব ভাগ্যৰ সহাঁৰি : Horoscope Today

 

Horoscope Today

সাপ্তাহিক ৰাশিফল (৪ এপ্ৰিলৰ পৰা ১১
এপ্ৰিল ২০২২ )এই সপ্তাহত আপোনাৰ ৰাশিয়ে কি কয়? জানো আহঁক কোনে পাব ভাগ্যৰ সহাঁৰি।( Horoscope Today )


১. মেষ ৰাশি - এই সপ্তাহৰ শেষৰ ফালে মেষ ৰাশি কেৰিয়াৰ-ব্যৱসায়, পৰীক্ষা-প্ৰতিযোগিতা আদিৰ লগত সম্পৰ্কিত ভাল খবৰ পাব। 


যদি আপুনি দীঘলীয়া সময়ৰ পৰা চাকৰি বিচাৰি আছে, তেতিয়া আপোনাৰ এই ইচ্ছাটো এই সপ্তাহত পূৰণ হ'ব পাৰে। সপ্তাহৰ আৰম্ভণিতে, ধৰ্মীয় আৰু সামাজিক কাৰ্যত আপুনি অংশগ্ৰহণ কৰাৰ সুযোগ পাব।

 মহিলাসকলৰ অধিক সময় প্ৰাৰ্থনা আদিত অতিবাহিত হ'ব। সপ্তাহৰ শেষৰ ভাগত, এলাহ আৰু ঋতু সালসলনিৰ ফলত হোৱা বেমাৰৰ পৰা বাচি থকাৰ প্ৰয়োজন আছে। 

এই সময়ত যদি আপুনি জীৱনৰ সুযোগৰ সুবিধা নলয়। তেতিয়া দীঘলীয়া সময় ইয়াৰ বাবে অপেক্ষা কৰিব লাগিব। কৰ্মক্ষেত্ৰত উচ্চ বিষয়াসকলে আপোনাৰ প্ৰসংশা কৰিব আৰু আপোনাতকৈ সৰু বা তলৰ বিষয়াসকলে আপোনাক‌ লগ দিব।


বেপাৰীসকলে আপেক্ষিক লাভৰ সুযোগ পাব। ৰাজনীতিৰ লগত জড়িত মানুহে ডাঙৰ পদ, প্ৰসংশা তথা সন্মান লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত বিশ্বাস বাঢ়িব। দাম্পত্য জীৱনত মধুৰতা আহিব। 


উপায়- পঞ্চমুখী হনুমানৰ প্ৰতিদিনে সাধনা আৰাধনা কৰি তিলক লগাওক।



২. বৃষ ৰাশি - বৃষ ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো মিলিজুলি থকা বিধৰ  হ'ব। সপ্তাহৰ আৰম্ভণিতে আপোনাৰ ভিতৰত আপোনাৰ কাম আৰু ব্যৱসায় ইত্যাদিক লৈ উৎসাহ  থাকিব।


এই সময়ত আপুনি আপোনাৰ কামৰ ক্ষেত্ৰত আকাংক্ষিত সফলতা লাভ কৰিব।

এই সময়ছোৱাত কিবা উৎসৱত ভাগ ল'বলৈ সুযোগ পাব।


কোনোবা প্ৰিয়জনক লগ পোৱাটোও সম্ভৱ, কিন্তু

সপ্তাহৰ দ্বিতীয় সপ্তাহত আপুনি জীৱনৰ সৈতে সংযুক্ত কিছুমান সমস্যাৰ ফলত বিৰক্তিকৰ হৈ পৰিব পাৰে। 


এই সময়ত ঘৰুৱা চিন্তা আপোনাৰ সমস্যাৰ এটা ডাঙৰ কাৰণ হৈ পৰিব। চাকৰি কৰা ব্যক্তিসকলৰ পৰিবৰ্তন হোৱাৰ ফলত চাপ বাঢ়িব পাৰে।


এই সময়খিনিত আপোনালোকে নিজৰ কথা আৰু বাণীত নিয়ন্ত্ৰণ ৰাখিব লাগে। গুপ্ত শত্ৰুৰ পৰা সাৱধান হৈ থাকক। 


প্ৰেমৰ ক্ষেত্ৰত ভাবি চিন্তি খোজ আগবঢ়াওক। সঙ্গীৰ কথাবোৰ দেখি নেদেখাৰ দৰে নকৰিব। তিতা- মিঠা কাজিয়াৰ সৈতে দাম্পত্য জীৱন সুখৰ হৈ পৰিব।


উপায় - প্ৰতিদিনে শক্তিৰ আৰাধনা কৰক। কন্যাক খাবলৈ মিঠা বস্তু বা দান দক্ষিণা দি আশীৰ্বাদ প্ৰাপ্ত কৰক।



৩. মিথুন ৰাশি - এই সপ্তাহটো মিথুন ৰাশিৰ লোকসকলৰ বাবে মিশ্ৰিত ফলপ্ৰসূ প্ৰমাণিত হ'ব। সপ্তাহৰ আৰম্ভণিতে আপোনাৰ কামৰ ক্ষেত্ৰত আপুনি যিকোনো ধৰণৰ খৰখেদা নকৰিব।


একেসময়তে আপুনি বিৰোধীসকলৰ পৰা সাৱধান হ'ব লাগে, কিয়নো তেওঁলোকে আপোনাৰ পৰিকল্পনাত বাধা দিবলৈ

চেষ্টা কৰিব পাৰে। 


সপ্তাহৰ মাজভাগত  ঘৰুৱা সমস্যাই আপোনাৰ চাপ সৃষ্টি কৰিব পাৰে। যাৰ সমাধান বিচাৰি উলিওৱাত এজন কাৰ্যকৰী ব্যক্তিৰ ডাঙৰ ভূমিকা থাকিব পাৰে। 


এই সময়ত অপ্ৰয়োজনীয় বিবাদ আৰু সৰু সৰু বস্তু পৰিহাৰ কৰক। সপ্তাহৰ মাজভাগত কাম-কাজ  সামান্য ৰূপে চলাৰ ফলত মনতো প্ৰসন্ন হৈ থাকিব। 


এই সময়খিনিত বেপাৰী বৰ্গৰ মাজত নতুন উৎসাহৰ সঞ্চালন হ'ব। বেপাৰত লাভ হ'ব। বজাৰত ফঁচি থকা ধন হঠাতে ঘূৰাই পাব। 


কাম-কাজৰ ক্ষেত্ৰত কৰা যাত্ৰা ফলপ্ৰসূ হ'ব।প্ৰেমৰ সম্পৰ্ক সামান্য হ'ব। সংগীৰ লগত সুখৰ সময় কটাবলৈ সুযোগ লাভ কৰিব। জীৱন সংগীৰ স্বাস্থ্যক লৈ মনত চিন্তা থাকিব।


উপায় - প্ৰতিদিনে হনুমানৰ আৰাধনা আৰু সুন্দৰকাণ্ডৰ পাঠ কৰক।



৪.কৰ্কট ৰাশি- এই সপ্তাহত কৰ্কট ৰাশি লোকসকলে আনৰ ওপৰত নিৰ্ভৰ কৰাতকে

নিজৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। 


সপ্তাহৰ আৰম্ভণিতে, সহকৰ্মী বা প্ৰিয়জনৰ

সহায় নাপালে, মনটো অলপ দুখী হ'ব। সপ্তাহৰ মাজভাগলৈ আপোনাৰ সমস্যা সমাধান লাহে লাহে ওলাই আহিব। 


এনে পৰিস্থিতিত, এই সময়ছোৱাত শ্ৰমিক শ্ৰেণীয়ে নিজৰ জ্যেষ্ঠ আৰু কনিষ্ঠ সকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। সপ্তাহৰ প্ৰথমৰ তুলনাত পিছৰ অৰ্ধাংশ শুভ প্ৰমাণিত হ'ব। 


এই সময়খিনিত আপোনালোকৰ শক্তি বঢ়া কমা কৰি থাকিব আৰু ধাৰ্মিক- সামাজিক কাৰ্যক্ৰমত সন্মিলিত হ'বলৈ সুযোগ পাব। কৰ্ট কাছাৰিৰ লগত জড়িত কামত সফলতা লাভ কৰিব।


প্ৰেমৰ সমন্ধ মজবুত হ'ব আৰু বিশ্বাস বাঢ়িব। প্ৰিয়জনে আপোনালোকৰ  প্ৰেমৰ সমন্ধক বিবাহৰ ৰূপ দিব পাৰে। দাম্পত্য জীৱনত মধুৰতা আহিব। পৰিয়ালৰ লগত হাঁহি মাতি থকাৰ সুযোগ পাব।


উপায় - প্ৰতিদিনে শিৱ লিঙ্গৰ পূজা কৰক আৰু শিৱ চালিচা পাঠ কৰক।



৫. সিংহ ৰাশি - এই সপ্তাহটো সিংহ ৰাশিৰ বাবে শুভ আৰু সুভাগ্যজনক। কিন্তু এইটো পাহৰি  উত্তেজনাত আহি জ্ঞান হেৰুৱাবলৈ চেষ্টা নকৰিব। 


অন্যথা আপোনাৰ কামৰ অৱনতি হ'ব পাৰে। বন্ধু, আৰু প্ৰিয়জনৰ সৈতে হাঁহি ধেমালি কৰোঁতে মৰ্যাদাৰ বজাই ৰাখক আৰু কাকো অপমান নকৰিব।


অন্যথা সম্পৰ্কত ফাট মেলিব পাৰে। সপ্তাহৰ আৰম্ভণিতে কোনোবা কাম বুদ্ধিমত্তাৰে কৰাৰ ক্ষেত্ৰতো সফলতাৰ শতাংশ বৃদ্ধি হ'ব। 


এই সময়খিনিত দীৰ্ঘদিনীয়া সমস্যাৰ

সমাধান ওলাব আৰু আপুনি স্বস্তিৰ নিশ্বাস পেলাব।চাকৰি কৰা ব্যক্তিসকলে চাকৰিত ক্ষেত্ৰত নতুন সুযোগ পাব। 


বেপাৰৰ মনে বিচাৰা লাভ পাব। পৰীক্ষা- প্ৰতিযোগীতাত জড়িত লোকসকলে শুভ সংবাদ লাভ কৰিব। যদি আপুনি কাৰোবাক প্ৰস্তাৱ দিব বিচাৰে সম্ভৱতঃ আপোনাৰ কাম হৈ যাব পাৰে।


উপায় - প্ৰতিদিনে সূৰ্য নাৰায়ণক তামৰ লোটাত ৰোলী (হালধি আৰু চূণৰ মিশ্ৰণ ) আৰু অক্ষত মিলাই জল অৰ্পণ কৰক। লগতে ভগৱান বিষ্ণুৰ উপাসনা কৰা।



৬.কন্যা ৰাশি - কন্যা ৰাশিৰ  লোকসকলৰ এই সপ্তাহত তেওঁলোকৰ সময় আৰু শক্তি পৰিচালনা কৰিবলৈ যথেষ্ট কষ্ট কৰা প্ৰয়োজন হ'ব। 


সপ্তাহটোৰ আৰম্ভণিতে, আপুনি কাম এক অতিৰিক্ত বোজা পাব পাৰে। ইয়াৰ লগতে আপোনাৰ ঘৰুৱা সমস্যায়ে ও আপোনাক অশান্তি কৰিব পাৰে।


কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত আপোনাৰ শুভাকাংক্ষীসকলৰ মতামত উপেক্ষা নকৰিব, অন্যথা, আপোনাৰ সমস্যাবোৰ সমাধান হোৱাৰ সলনি বৃদ্ধি হ'ব।


যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ আগতেই

এইটো কথা মনত ৰাখিব যে ,যেতিয়া ভাল দিন বেছি সময় নাথাকিল। তেতিয়া বেয়া দিনো বেছি দিন নাথাকে।


 সপ্তাহৰ মাজভাগত আপোনাৰ জীৱনলৈ অহা সমস্যাবোৰ লাহে লাহে নাইকীয়া হ'ব।এই সময়খিনিত আপোনালোকে বন্ধু আৰু পৰিয়ালৰ সম্পূৰ্ণ সহযোগীতা লাভ কৰিব।


বেপাৰৰ ক্ষেত্ৰত অলপ হ'লেও উন্নতি দেখা পোৱা যায়। প্ৰেমৰ ক্ষেত্ৰত ভাবি চিন্তি খোজ আগবঢ়াওক নহ'লেবা সামাজিক কলংক লাগিব পাৰে। কঠিন সময়ত আপোনাৰ জীৱন সংগীয়ে আপোনাৰ লগত ছাঁ হৈ থাকিব। স্বাস্থ্যৰ সম্পূৰ্ণ ধ্যান ৰাখক।


উপায় - প্ৰতিদিনে গণপতিক দূৰ্ভা আগবঢ়ায় উপাসনা কৰক আৰু তুলসীক সেৱা আৰু পূজা কৰক।( Horoscope Today )



৭. তুলা ৰাশি - তুলা ৰাশিৰ ব্যক্তিসকলে এই সপ্তাহৰ প্ৰথমভাগত ভাগ্যৰ সম্পূৰ্ণ লগ পাব।এই সময়ছোৱাত আপোনাৰ ভিতৰত উৎসাহ আৰু আত্মবিশ্বাস বিৰাজমান হৈ থাকিব।


যাৰ ফলত আপুনি আপোনাৰ কাৰ্য সমূহ সঠিক সময়ত ,সঠিক ৰূপে কৰিব পাৰিব। ৰাজনীতিৰ লগত জড়িত লোকসকলে কিবা ডাঙৰ পদ বা দায়িত্ব পালন কৰিব লগা হ'ব।


সমাজত মান- সন্মান বাঢ়িব। সপ্তাহৰ প্ৰথমভাগলৈ ঘৰুৱা সমস্যায়ে আপোনাৰ চিন্তাৰ ডাঙৰ কাৰণ হৈ পৰিব। কিন্তু আপুনি নিজৰ বিবেকেৰে তাৰ সমাধান কৰিবলৈ সফল হ'ব। 


ব্যৱসায়ৰ দৃষ্টি কোণৰ পৰা এই সপ্তাহটো আপোনাৰ বাবে অনুকূল। কাৰ্যক্ষেত্ৰত ডাঙৰ উপলব্ধিৰ মুখ স্থাপন হৈছে । মনে বিচাৰি ঠাইলৈ পৰিৱৰ্তন হ'ব পাৰে।


 সপ্তাহৰ শেষৰফালে সন্তানৰ সৈতে জড়িত কিবা সুখৰ সংবাদ পোৱাৰ ফলত ঘৰখন আনন্দৰে ভৰি পৰিব। প্ৰেমৰ ক্ষেত্ৰত ভাল। জীৱন সংগীৰ লগত কোনোবা ধাৰ্মিক স্থানলৈ যোৱাতো সম্ভৱ। স্বাস্থ্য সামান্য ৰূপে থাকিব।


উপায়- প্ৰতিদিনে শিৱ লিঙ্গৰ পূজা কৰক। শুক্ৰবাৰে ঘিঁউ, চাউল,চেনি,বগা বস্ত্ৰ আদিৰ দান কৰক।



৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি ব্যক্তিসকলে এই সপ্তাহত নিজৰ বাণী আৰু  ব্যৱহাৰৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন।এইটো ধ্যান ৰাখক যে আপুনিয়েই কথা স্বভালীব পাৰে আৰু আপুনিয়েই বেয়া ও কৰিব পাৰে।


এনেকুৱাত খঙৰ পৰা বাচক আৰু যিকোনো সিদ্ধান্ত ভাবি চিন্তি লওঁক। কাৰ্যক্ষেত্ৰত কিবা কৰা আগতে কাকো নক'ব ।অন্যথা আনে বাধা সৃষ্টি কৰিব পাৰে।


যদি আপুনি পাটনাৰচিপত ব্যৱসায় কৰে বা কৰিম বুলি ভাবিছে, তেতিয়া ধনৰ ক্ষেত্ৰত সকলোবোৰ ভাবি চিন্তিহে আগবাঢ়ক।


যদি আদালতৰ লগত জড়িত কামৰ পৰা বাহিৰলৈ উলাই অহা ৰাস্তা পায়, তেতিয়া তাত অলপো সময় নষ্ট নকৰিব। ন'হলেবা আপুনি এইবোৰৰ পৰা উলাবলৈ বহুত দিন অপেক্ষা কৰিব লাগিব।


যাত্ৰাৰ সময়ত নিজৰ স্বাস্থ্য আৰু বস্তুৰ সম্পূৰ্ণ ধ্যান ৰাখক। প্ৰেম সমন্ধক মজবুত বনাবলৈ সংগীৰ ভাৱনাক দেখিও নেদেখা ভাওঁ নধৰিব। কঠিন সময়ত আপোনাৰ জীৱন সংগীয়ে আপোনাক সহায় কৰিব।


উপায়- প্ৰতিদিনে দেৱী দুৰ্গাৰ লগতে ভগৱান হনুমানৰো ৰঙা ফুলেৰে উপাসনা কৰক।



৯. ধনু ৰাশি - ধনু ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটোৱে সুভাগ্য আৰু শুভতা লৈ আহিব। এই সপ্তাহত ভাবি থোৱা কাৰ্য সময়ত হোৱাৰ ফলত মনতো প্ৰসন্ন হৈ থাকিব।


চাকৰি আৰু ব্যৱসায়ত শুভ সংবাদ প্ৰাপ্ত হ'ব।পূৰ্বতে কৰা ধন নিবেশত লাভ প্ৰাপ্ত হ'ব। এইকেইদিন নতুন ধন নিবেশতো অনুকুল সময় চলি আছে।


কিন্তু যিকোনো ক্ষেত্ৰত ধন নিবেশ কৰা আগতে আপোনাৰ শুভাকাংশীসকলৰ উপদেশ ল'বলৈ নাপাহৰিব। এই সকলোবোৰ সফলতা মাজত আনৰ লগত ব্যৱসায় বা কথা বতৰাত অহংকাৰ প্ৰৰ্দশন কৰিবলৈ চেষ্টা নকৰিব।


তেওঁলোকক যথেষ্ট পৰিমাণে মান- সন্মান দিয়ক। ৰাজনীতিৰ সৈতে জড়িত মানুহে ডাঙৰ পদ বা দায়িত্ব পাব পাৰে। পৰীক্ষা- প্ৰতিযোগীতা লগত জড়িত ছাত্ৰ ছাত্ৰীয়ে শুভ সংবাদ পাব পাৰে।


যদি কাৰোবাক প্ৰেমৰ প্ৰস্তাৱ দিব বিচাৰে তেতিয়া আপোনাৰ তাত কাম হৈ যাব পাৰে।আগৰেই পৰা চলি থকা প্ৰেম আগবাঢ়ি গৈ থাকিব। দাম্পত্য জীৱন সুখৰ হৈ পৰিব।


উপায় - প্ৰতিদিনে ভগৱান বিষ্ণুৰ সাধানা কৰক আৰু কেশৰৰ তিলক লগাওঁক ।



১০.মকৰ ৰাশি - মকৰ ৰাশিৰ লোকসকলে এই সপ্তাহত খৰধৰকৈ একো কাম নকৰিব।এই সপ্তাহত যিকোনো সিদ্ধান্ত লোৱা আগতে খৰধৰকৈ বা ভাৱনাত ডুবি নকৰিব।


 ন'হলেবা হৈ থকা কাম বেয়া হ'ব পাৰে।এই সপ্তাহৰ আৰম্ভণিতে ধাৰ্মিক- সামাজিক কামত সক্ৰিয়তা বিৰাজমান হৈ থাকিব। চাকৰি ক্ষেত্ৰত স্থান পৰিবৰ্তন হ'ব পাৰে।


যদি যিকোনো কাম আপোনাৰ মতে নহয়, তেতিয়া মন বেয়া নকৰিব। ন'হলেবা আপোনাৰ ওচৰত যি আছে , সেইয়া ও নাথাকিব।


জেষ্ঠ আৰু কনিষ্ঠ সকলৰ লগত সামাঞ্জস্য বজায় ৰাখক। অনাবৈচ্ছক বাদ- বিবাদৰ পৰা বাচি থাকক। ব্যৱসায়ি সকলে নিজৰ ব্যৱসায় বিস্তাৰ কৰাৰ সময়ত আনৰ ওপৰত বিশ্বাস বা নিৰ্ভৰ কৰিব নালাগে।


প্ৰেমৰ ক্ষেত্ৰত ভাবি চিন্তি আগবাঢ়ক আৰু তাৰ প্ৰৰ্দশন ইমান নকৰিব। জীৱন সংগীৰ ভাৱনাক গুৰুত্ব দিয়ক আৰু তেওঁৰ বাবে সময় উলিওৱাক।


উপায় - প্ৰতিদিনে ভগৱান হনুমানৰ উপাসনা কৰক আৰু বজৰং বাণৰ পাঠ কৰক।



১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি ব্যক্তিসকলৰ বাবে এই সপ্তাহতো মিলিজুলি থকা বিধৰ হ'ব।আয়ৰ নতুন ৰাস্তা খোল খোৱাৰ লগতে , ভৌতিক সুখ- সুবিধাত বহুত পইচা জেপৰ পৰা খৰচ হ'ব।


কামৰ মাজতেই দীঘলীয়া বা ছুটী যাত্ৰা হ'ব পাৰে। যাত্ৰা সুখৰ আৰু লাভজনক হ'ব।এই সময়ছোৱাত আপুনি জেষ্ঠ আৰু কনিষ্ঠ সকলৰ সহযোগীতা লাভ কৰিব।


সপ্তাহৰ আগৰভাগত কাম বা নিজৰ পৰিয়ালৰ ক্ষেত্ৰত মতানৈক্য সৃষ্টি হোৱাৰ পৰা বাচি থাকিব লাগে।এই সময়ছোৱাত নিজৰ অহংকাৰ এৰি সময়ৰ অনুসৰি নিৰ্ণয় লোৱাতো ভাল হ'ব।


ঘৰুৱা সমস্যাৰ সৈতে যুঁজাৰ সময়ত জেষ্ঠ বা চিনাকি মানুহৰ উপদেশ মানি চলক।সপ্তাহৰ আগৰভাগত ভবা কামবোৰ নোহোৱা ফলত মনতো বেয়া হ'ব পাৰে।


জীৱন সংগীৰ লগত কিবা কথাক লৈ মতানৈক্য সৃষ্টি হ'ব পাৰে।যাক আঁতৰাবলৈ কোনোবা মহিলা বান্ধৱীয়ে সহায় কৰিব পাৰে।জীৱন সংগীৰ লগত কোনোবা ধাৰ্মিক স্থানলৈ যাব পাৰে।


উপায় - প্ৰতিদিনে ভগৱান হনুমানৰ উপাসনা আৰু সুন্দৰকাণ্ডৰ পাঠ কৰক।শনিদেৱৰ লগত জড়িত বস্তুৰ দান কৰক।



১২. মীন ৰাশি -মীন ৰাশি লোকসকলৰ বাবে এই সপ্তাহটোৱে সুভাগ্য আৰু শুভতা লৈ আহিব। সপ্তাহৰ আগৰভাগত আপুনি ভাগ্যৰ সম্পূৰ্ণ সহাঁৰি লাভ কৰিব।


উচ্চ বিষয়াসকলৰ লগত সামাঞ্জস্য বজায় ৰাখক আৰু স্থান পৰিবৰ্তন হ'ব পাৰে। পদোন্নতি লাভ কৰিব পাৰে।কিবা বিশেষ প্ৰকল্পৰ পৰা পোৱা মহত্বপূৰ্ণ উপলব্ধিত আপোনাৰো অৰিহণা থাকিব।


ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে এই সপ্তাহতো লাভজনক হ'ব। বন্ধু- বান্ধৱসকলৰ সহায়ত ব্যৱসায় বিস্তাৰ কৰাৰ সুযোগ পাব। পাৰিবাৰিক ক্ষেত্ৰত শুভ সংবাদ লাভ কৰিব।


ঘৰত মাংগলিক কাৰ্য অনুষ্ঠিত কৰা কথা পতা হ'ব। সন্তানৰ লগত জড়িত কিবা শুভ সংবাদ লাভ কৰা ফলত ঘৰখন আনন্দৰে ভৰি থাকিব। প্ৰেম আৰু দাম্পত্য জীৱন সুখৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এই সময়খিনি সামান্য ৰূপে থাকিব।


উপায় - প্ৰতিদিনে হনুমান চালিচাৰ পাঠ কৰক আৰু মঙ্গলবাৰে হনুমানক চাকি জ্বলাওক।


ৰাশিফল সম্বন্ধীয় আৰু লেখা পঢ়ক এই লিংকত - www.ৰাশিফল.smj24.in


আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে, ধন্যবাদ। 


No comments:

Post a Comment

Advertisement

Pages