অংক জ্যোতিষ শাস্ত্ৰৰ মতে আপোনাৰ কেনে যাব এপ্ৰিল মাহটো : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, April 3, 2022

অংক জ্যোতিষ শাস্ত্ৰৰ মতে আপোনাৰ কেনে যাব এপ্ৰিল মাহটো : Horoscope Today

Horoscope Today

 এপ্ৰিলৰ অংক জ্যোতিষ শাস্ত্ৰৰ ভৱিষ্যতবাণীয়ে আপোনাৰ ভাল সময়, সুযোগ আৰু জীৱনত অধিক আশাজনক সম্ভাৱনাৰ সংকেত দিছে।( Horoscope Today )


ইয়াৰ বিষয়ে জানিবলৈ পঢ়ক অংক জ্যোতিষ শাস্ত্ৰৰ মাহেকীয়া ভৱিষ্যতবাণীয়ে আপোনাৰ জীৱনৰ বিষয়ে কি ৰহস্য ভেদ কৰিবলৈ গৈ আছে।অংক জ্যোতিষ শাস্ত্ৰৰ অনুসৰি এপ্ৰিলৰ মাহটো নতুন আৰম্ভণিৰ হ'ব। এপ্ৰিল ২০২২ চনৰ সাৰ্বভৌমিক সংখ্যা ১ আৰু এপ্ৰিল মাহৰ সংখ্যা ৪ । য'ত ৰাহুৰ শাসন চলে।


এতিয়া জানো আহঁক এপ্ৰিলত জন্ম গ্ৰহণ কৰা ব্যক্তিসকল বিষয়ে -  এপ্ৰিলত জন্ম গ্ৰহণ কৰা ব্যক্তিসকল নেতৃত্ব গুণৰ অধিকাৰী হয়। কিন্তু ৰাহুৰ প্ৰভাৱে তেওঁলোকক অধীৰ কৰি তোলে। এপ্ৰিলত জন্ম গ্ৰহণ কৰা কিছুমান ব্যক্তিসকল বহুত জেদী ও হ'ব পাৰে। এওঁলোক নিজৰ কামত প্ৰতি বহুত ভাবুক। এই চৰিত্ৰ বিশেষতাৰ ফলত কেতিয়াবা কেতিয়াবা এই জাতক জাতিকাসকলে প্ৰেমত অসহজ হৈ পৰে। লগতে এই মাহত জন্ম হোৱা ব্যক্তিসকলে বহুত ডাঙৰ সফলতা অৰ্জন কৰে। এওঁলোক বহুত মৰমীয়াল হয় আৰু কাম কৰোঁতে স্বতন্ত্ৰতা পচন্দ কৰে। এওঁলোক স্থিৰ আৰু অন্তমুৰ্খী হোৱা বাবে জনা যায়। সাহসীয়ালো হয় এওঁলোক আৰু নিজৰ জীৱনত হোৱা সকলো সমস্যা স্বভালী ল'ব পাৰে। এই মাহত জন্ম হোৱা ব্যক্তিসকল পৰিশ্ৰমী,ব্যৱহাৰিক ,ব্যৱস্থিত আৰু মাটিৰ লগত জড়িত হৈ থকা ধৰণৰ। এওঁলোক বহুত পৰিণামন্মুখী হয় আৰু সদায় সমাজৰ নিয়ম পালন কৰে।


সহজ আৰু প্ৰভাৱী উপায়ৰ লগতে এপ্ৰিলৰ কাৰণে অংক জ্যোতিষ শাস্ত্ৰৰ মাহেকীয়া ভৱিষ্যতবাণীসমূহ আজি আমি আপোনালোকক কম। মাহেকীয়া অংক জ্যোতিষ শাস্ত্ৰৰ ভৱিষ্যতবাণীয়ে এই মাহতো আপোনালোকৰ বাবে ভাল সংকেত দিছে।



১.এপ্ৰিল ২০২২: মূল্যাংকন সংখ্যা ১ কৰ বাবে অংক জ্যোতিষ শাস্ত্ৰৰ ভৱিষ্যতবাণী - জন্ম তিথি ১,১০, ১৯ আৰু ২৮ অংক ১ দ্বাৰা শাসিত। যিসকল ব্যক্তিৰ মূল্যাংকন ১  তেওঁলোকৰ বাবে এপ্ৰিল মাহতো ভাল। মূল্যাংকন ১ সূৰ্যৰ দ্বাৰা শাসিত আৰু সাৰ্বভৌমিক সংখ্যা ১।ইয়াতো সূৰ্যৰ শাসন আছে। যিসকল মূল্যাংকন ১ ৰ হয় তেওঁলোকৰ নেতৃত্ব গুণ থাকে। উচিত তৈয়াৰীৰ নকৰাকে কাম কৰাৰ আত্মবিশ্বাস ৰাখে।


* বিদ্যাৰ্থী সকলৰ বাবে এই মাহতো উপযুক্ত। আপোনালোকে নিজৰ লক্ষ্যত উপনীত হ'ব আৰু বিদেশত পঢ়িবলৈ যাবলৈ সুযোগ প্ৰাপ্ত কৰিব।


*এই মাহতো আপোনালোকৰ যোগ্যতা সম্পন্ন জীৱনৰ বাবে ভাল হ'ব।মূল্যাংকন ১ ৰ ব্যক্তিসকলে নিজৰ কেৰিয়াৰক এই মাহটোত সুচাৰুৰূপে চলাই নিব পাৰিব।


* এই মাহত আপুনি যাত্ৰাৰ আশা কৰিব পাৰে।এই মাহতো আপোনালোকৰ ব্যৱসায়ৰ কাৰণে লাভজনক হ'ব।


* মূল্যাংকন ১ ৰ ব্যক্তিসকলৰ এই মাহতো প্ৰেমৰ ক্ষেত্ৰত শুভ হ'ব। তেওঁলোকে নিজৰ সংগীৰ‌ লগত নিজৰ জীৱনৰ আনন্দ ভোগ কৰিব।


উপায় - সদায় ১০৮ বাৰ ওম নমহঃ শিৱায় মন্ত্ৰ জপ কৰক।



২.  এপ্ৰিল ২০২২: মূল্যাংকন সংখ্যা ২ ৰ বাবে অংক জ্যোতিষ শাস্ত্ৰৰ ভৱিষ্যতবাণী - জন্ম তিথি ২,১১, ২০, ২৯ অংক ২ দ্বাৰা শাসিত। যিসকল ব্যক্তিৰ মূল্যাংকন ২ তেওঁলোকৰ বাবে এপ্ৰিল মাহতো আত্ম- বিকাশৰ বাবে ভাল। মূল্যাংকন ২ চন্দ্ৰ গ্ৰহৰ দ্বাৰা শাসিত। এওঁলোক বহুত ভাবুক, সহযোগী আৰু সকলোকে সহায় কৰে।মূল্যাংকন ২ ৰ ব্যক্তিসকলে এই মাহটোত আনন্দ লাভ কৰিব।এই মাহত কিবা পাৰিবাৰিক কাৰ্যক্ৰম হ'ব। বিয়া আৰু কিবা বিশেষ আয়োজনৰ বাবে এই মাহতো বহুত ভাল হ'ব।এই মাহটোত বহুত ভাল খবৰ আপুনি পাব।


* মূল্যাংকন ২ ৰ ব্যক্তিসকলে উচ্চ শিক্ষাত সফলতা অৰ্জন কৰিব। ছাত্ৰ-ছাত্ৰী সকলে পঢ়া-শুনাত ধ্যান কেন্দ্ৰিত কৰিব আৰু নিজৰ ক্ষেত্ৰত বহুত ভাল বস্তু অৰ্জন কৰিব।


* যিসকলৰ চাকৰি আছে , তেওঁলোকে নিজৰ কামত আনন্দ লাভ কৰিব।কাৰ্যস্থলত তেওঁলোকে নিজৰ কাৰ্য সম্পন্ন কৰিব। এই মাহত উচ্চ বিষয়াসকলে তেওঁলোকৰ লগ দিব।


* এপ্ৰিলত ব্যৱসায়িক উদ্দেশ্যেক লৈ সৰু যাত্ৰা সম্ভৱ হ'ব। বেপাৰত আৰ্থিক লাভৰ বাবে এই মাহতো ভাল।


* যিসকলৰ মূল্যাংকন ২  তেওঁলোকৰ প্ৰেম ক্ষেত্ৰত ভাল। কাৰণ এওঁলোক সহযোগী আৰু ভাবুক হয়।


উপায় - সদায়  বিষ্ণু সহস্ৰনামৰ পাঠ কৰক।



৩. এপ্ৰিল ২০২২: মূল্যাংকন সংখ্যা ৩ ৰ বাবে অংক জ্যোতিষ শাস্ত্ৰৰ ভৱিষ্যতবাণী -   যিসকল ব্যক্তিৰ জন্ম তিথি ৩,১২,২১আৰু ৩০ তেওঁলোক মূল্যাংকন  ৩ ৰ দ্বাৰা শাসিত।মূল্যাংকন  ৩ ৰ স্বামী গ্ৰহ হ'ল বৃহস্পতি। মূল্যাংকন  ৩ ৰ ব্যক্তিসকলৰ বাবে এই মাহতো বহুত ভাল হ'ব। আপোনালোকৰ ভিতৰত বহুত আত্মবিশ্বাস আছে আৰু এইবোৰ ৰচনাত্মক আৰু কল্পনাত্মক হয়। এই মাহত আপোনালোকে বহুত চেষ্টা কৰিব‌ আৰু কিছুমান সুযোগৰ সন্মুখীন হ'ব। আপোনালোকৰ আৰ্থিক স্থিতি ভাল হ'ব।এই মাহতো আপোনালোকৰ কাম আৰু যোগ্যতাৰ বাবে ভাল হ'ব। কাৰণ আপোনালোকে নতুন সুযোগ পাব।


* ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এই মাহতো উত্তম হ'ব। কিছুমান মানুহ উচ্চ শিক্ষাৰ বাবে যাব। টেকনিকেল ক্ষেত্ৰৰ বাবে এই মাহতো ভাল।টেকনিকেল ক্ষেত্ৰত পঢ়ি থকা ছাত্ৰ-ছাত্ৰী সকলে সফলতা অৰ্জন কৰিব।


* বেপাৰৰ বাবে এই মাহতো ভাল হ'ব। যিসকল মূল্যাংকন  ৩ ৰ তেওঁলোকে নিজৰ ব্যৱসায়ত বৃদ্ধি বাবে ব্যৱহাৰিক নিৰ্ণয় ল'ব।


* বহুৰাষ্ট্ৰীয় কোম্পানীত চাকৰি কৰা ব্যক্তিসকলৰ বাবে এপ্ৰিল মাহতো সফলতা অৰ্জন কৰিব লগীয়া মাহ। এই মাহতোৱে আপোনালোকৰ কিছুমান সকাৰাত্মক সালসলনি ঘটাব।


*এই মাহতো মূল্যাংকন  ৩ ৰ  ব্যক্তিসকলৰ প্ৰেমৰ ক্ষেত্ৰত ভাল হ'ব। কিন্তু এওঁলোকে বেছি সময় দিব নোৱাৰিব।এটা মজবুত সম্পৰ্ক গঢ়ি তুলিবলৈ আপোনালোকে নিজৰ সম্পৰ্কক সময় দিব লাগে।


উপায়-  প্ৰতিদিনে ১০৮ বাৰ ওম গণ গণপতেই নমহঃ মন্ত্ৰৰ জপ কৰক।



৪. এপ্ৰিল ২০২২: মূল্যাংকন সংখ্যা ৪ ৰ বাবে অংক জ্যোতিষ শাস্ত্ৰৰ ভৱিষ্যতবাণী - ৪, ১৩, ২৩ আৰু ৩১ তাৰিখে জন্ম গ্ৰহণ কৰা ব্যক্তিসকল মূল্যাংকন ৪ ৰ দ্বাৰা শাসিত আৰু তেওঁলোকৰ স্বামী হৈছে ৰাহু।এপ্ৰিল মাহটোৰ অংক ৪ নম্বৰ, আৰু ইয়াৰ ওপৰত ৰাহুৰ শাসন আছে।  মূল্যাংকন ৪ ৰ ব্যক্তিসকল পৰিশ্ৰমী, ব্যৱহাৰিক 

আৰু সহজ, সৰল ব্যক্তিত্বৰ হয়। তেওঁলোক সৎ, নিষ্ঠাৱান আৰু সংকল্পবদ্ধ হয়। এই মাহটো বিশেষকৈ কঠোৰ পৰিশ্ৰম কৰা, নিজৰ কামৰ প্ৰতি আগ্ৰহী হোৱা আৰু লক্ষ্য প্ৰাপ্ত কৰা মাহ।


* যদি শিক্ষাৰ্থীসকলে সম্পূৰ্ণ মনোযোগেৰে অধ্যয়ন কৰে আৰু যদি তেওঁলোক সময়ানুৱৰ্তী হয়, তেন্তে এই মাহটোৱে তেওঁলোকক আকাংক্ষিত ফলাফল প্ৰদান কৰিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে বিদেশত পঢ়িব বিচাৰে তেওঁলোকে পঢ়িবলৈ সুযোগ লাভ কৰিব।


* আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ বাবে এপ্ৰিল মাহতোৱে আপোনাক বহুতো সফলতা আৰু অৰ্থনৈতিক উন্নতি প্ৰদান কৰিব।

মূল্যাংকন ৪ ৰ ব্যক্তিসকল আগবাঢ়ি যাব আৰু এইটো মাহত কিছুমান নতুন প্ৰকল্পত কাম কৰিব।


* যিসকলে চাকৰি কৰি আছে তেওঁলোকে নতুন সুযোগ লাভ কৰিব। এই সুযোগে আপোনালোকৰ এক উন্নত ভৱিষ্যত গঢ়ি তোলাত সহায় কৰিব।আপোনাতকৈ উচ্চ বিষয়াই আপোনাক সমৰ্থন কৰিব আৰু আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত ইতিবাচক অনুভৱ কৰিব


* এপ্ৰিল মাহতো আপোনাৰ প্ৰেম জীৱনৰ বাবে ভাল হ'ব। আপুনি আপোনাৰ সঙ্গীৰ অনুভূতি

বুজিব লাগিব। কিছু সময় নিজৰ সঙ্গীৰ সৈতে

কটাওঁক।


উপায় - সোমবাৰে শিৱক অভিষেক কৰক।( Horoscope Today )



৫. এপ্ৰিল ২০২২: মূল্যাংকন সংখ্যা ৫ ৰ বাবে অংক জ্যোতিষ শাস্ত্ৰৰ ভৱিষ্যতবাণী - 

যদি আপোনাৰ জন্ম তাৰিখ ৫, ১৪ আৰু ২৩ ৰ ভিতৰত এটা হয়। তেতিয়া আপোনাৰ মূল্যাংকন হৈছে ৫। যাৰ ওপৰত বুধ গ্ৰহৰ শাসন আছে।

মূল্যাংকন ৫ ৰ লোকসকল জ্ঞানী আৰু বহুমুখী প্ৰতিভাসম্পন্ন হয়। এপ্ৰিল মাহতো মূল্যাংকন ৫ ৰ বাবে ধনাত্মক। এওঁলোকে সদায় তেওঁলোকৰ জীৱনত কিছু পৰিৱৰ্তন কৰিব বিচাৰে।

এই মাহত আপুনি আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা কৰিবলৈ পদক্ষেপ ল'ব।


* এপ্ৰিল মাহটো শিক্ষাক আগুৱাই নিয়া আৰু

নতুন যাত্ৰা আৰম্ভ কৰা মাহ। যদি আপুনি উচ্চ শিক্ষা লাভ কৰিবলৈ যাব বিচাৰে, তেতিয়া এই মাহটো আপোনাৰ বাবে ভাল।


* এই মাহটো আপোনাৰ ব্যৱসায়ৰ বাবে ভাল।

কিন্তু এই মাহত আপুনি কোনো ডাঙৰ  সিদ্ধান্ত লোৱা উচিত নহয়। এই মাহত আপুনি আপোনাৰ কৰ্মচাৰীসকলৰ বিষয়ে চিন্তা কৰা উচিত।


* এপ্ৰিল মাহতো হৈছে নিযুক্তিপ্ৰাপ্ত‌‌ লোকসকলৰ বাবে উন্নতিৰ মাহ। এই মাহটো অৰ্থনৈতিক বিকাশৰ বাবে। আপুনি কৰ্মক্ষেত্ৰত কাম কৰি সুখ অনুভৱ কৰিব।


* প্ৰেমৰ ক্ষেত্ৰত নিজৰ ভাৱনাক নিয়ন্ত্ৰণ কৰি ৰাখক। নিজৰ সংগীজনৰ ভাৱনাক বুজিব লাগে আৰু নিজৰ সংগীৰ প্ৰতি নিষ্ঠাবান হ'ব লাগে।


উপায় - প্ৰতিদিনে মা দূৰ্গা চালিচাৰ পাঠ কৰক।



৬.  এপ্ৰিল ২০২২: মূল্যাংকন সংখ্যা ৬ ৰ বাবে অংক জ্যোতিষ শাস্ত্ৰৰ ভৱিষ্যতবাণী -  জন্ম তাৰিখ ৬, ১৫ আৰু ২৪ তাৰিখে জন্ম গ্ৰহণ কৰা ব্যক্তিসকল শুক্ৰ আৰু মূল্যাংকন ৬ ৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। মূল্যাংকন ৬ ৰ লোকসকল

দায়বদ্ধ আৰু মৰমীয়াল হয়। এপ্ৰিল মাহতো সম্পত্তিৰ কিছুমান সম্পৰ্কিত কামৰ বাবে উপযুক্ত হ'ব। এই মাহতো ভ্ৰমণৰ বাবে ও শুভ। এই মাহত আপোনালোকে কিছুমান পৰিয়ালৰ অনুষ্ঠানো উপভোগ কৰিব।


* এপ্ৰিল মাহতো মূল্যাংকন ৬ ৰ লোকসকলৰ অধ্যয়নৰ বাবে ভাল। এই মাহত আপুনি আপোনাৰ কেৰিয়াৰত মনোনিবেশ কৰিব। আপুনি আপোনাৰ শিক্ষাৰ লগত জড়িত কিছুমান ডাঙৰ সিদ্ধান্ত ল'ব।


* এই মাহটো আপোনাৰ অৰ্থনৈতিক বিকাশৰ বাবে ভাল। আপুনি কিবা নতুন ব্যৱসায়িক প্ৰকল্প পাব বা কিছুমান ভাল চুক্তি হ'ব।


* পৰিৱৰ্তনৰ বাবে এইটো এটা ভাল মাহ। যদি আপুনি এটা ভাল চাকৰিৰ সুযোগ লাভ কৰিছে

তেতিয়া এই মাহত আপুনি পৰিৱৰ্তন কৰিব পাৰে। এই মাহত পদোন্নতি আৰু দৰমহা বৃদ্ধি ও হ'ব পাৰে।


* আপুনি এজন সন্তুলিত আৰু মৰমীয়াল ব্যক্তি। এপ্ৰিল মাহতো আপোনাৰ প্ৰেম জীৱনৰ বাবে ভাল হ'ব। আপুনি আপোনাৰ সঙ্গীৰ সৈতে খুব সুখী যেন অনুভৱ কৰিব।


উপায় - দিনত 108 বাৰ মহালক্ষ্মী মন্ত্ৰ উচ্চাৰণ কৰক।



৭. এপ্ৰিল ২০২২: মূল্যাংকন সংখ্যা ৭ ৰ বাবে অংক জ্যোতিষ শাস্ত্ৰৰ ভৱিষ্যতবাণী -  ৭, ১৬ আৰু ২৫ তাৰিখে জন্ম গ্ৰহণ কৰা লোকসকল কেতুৰ দ্বাৰা শাসিত আৰু তেওঁলোকৰ মূল্যাংকন ৭। মূল্যাংকন ৭ ৰ লোকসকলৰ বাবে এপ্ৰিল মাহটো সৰ্বশ্ৰেষ্ঠ মাহ । কাৰণ মূল্যাংকন ৭ ত কেতু আৰু ৪ ত ৰাহুৱে শাসন কৰে। জীৱনত ৰাহু আৰু কেতু একেলগে মিলি নিখুঁততা আনিব। আধ্যাত্মিকতা আৰু কিবা দান দিয়াৰ বাবে এই মাহতো ভাল। আপুনি

আপোনাৰ পৰিকল্পনাত কাম কৰিব পাৰে। কিন্তু এই মাহত আপোনাৰ কামত কাকো অন্তৰ্ভুক্ত নকৰিব।


*এপ্ৰিল মাহতো মূল্যাংকন ৭ ৰ শিক্ষাৰ্থীৰ বাবে ভাল হ'ব। যিসকলে উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যাব বিচাৰে , তেওঁলোকে এই মাহত আবেদন কৰিব বিচাৰে।


* ব্যৱসায়ৰ ক্ষেত্ৰত এই মাহটো ব্যৱহাৰিক

 সিদ্ধান্ত লোৱাৰ ওপৰত নিৰ্ভৰ কৰে। এটা নতুন প্ৰকল্প বা চুক্তি ল'বলৈ বা ক্ৰেক কৰিবলৈ

কাকো বিশ্বাস নকৰিব।


* এপ্ৰিলত আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত ভাল কাম কৰিব। এই মাহত আপুনি কামৰ ক্ষেত্ৰৰ পৰা কিছুমান বিদেশী সুযোগ উপলব্ধ কৰিব।


*এই মাহটো প্ৰেমৰ সম্পৰ্কৰ বাবে ভাল নহয়।

যদি  নতুন ব্যক্তি আপোনাৰ জীৱনত প্ৰৱেশ কৰিছে তেতিয়া তেওঁক বিশ্বাস নকৰিব।


উপায় - প্ৰতিদিনে ১০৮ বাৰ ওম গণ গণপতেই নমহঃ মন্ত্ৰ জপ কৰক।



৮ .এপ্ৰিল ২০২২: মূল্যাংকন সংখ্যা ৮ ৰ বাবে অংক জ্যোতিষ শাস্ত্ৰৰ ভৱিষ্যতবাণী -   ৮,১৭ আৰু ২৬  তাৰিখে জন্ম গ্ৰহণ কৰা ব্যক্তিসকল শনিৰ দ্বাৰা শাসিত। এওঁলোকৰ মূল্যাংকন ৮।মূল্যাংকন ৮ৰ লোকসকলৰ বাবে এপ্ৰিল মাহতো উৎপাদক মাহ । কিন্তু এই মাহত আপোনাৰ জীৱনৰ কিছুমান বস্তু উলোটা হ'ব পাৰে। প্ৰয়াস কৰিবলৈ আৰু ভৌতিকবাদী লক্ষ্য প্ৰাপ্ত কৰিবলৈ এই মাহতো সৰ্বোত্তম। এপ্ৰিল মাহতোৱে আপোনাৰ চাপ বৃদ্ধি কৰা লগতে কিছুমান অনাৱ্যশকীয় খৰচো বৃদ্ধি কৰাব। সেইকাৰণে আপোনালোকে খৰচত নিয়ন্ত্ৰণ ৰাখক।


* এপ্ৰিল মাহটোত আপুনি পঢ়াত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিব পাৰিব। আপুনি সম্পূৰ্ণ ৰূপে নিজৰ পঢ়া-শুনাত ধ্যান কেন্দ্ৰিত কৰিব আৰু নিজৰ প্ৰয়াসৰ অনুসৰি ফল লাভ কৰিব।


* এপ্ৰিল মাহটোত আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব লাগিব।এই মাহত আপুনি নিজৰ অধিকাংশ সময় ব্যৱসায়ৰ ক্ষেত্ৰত ধ্যান কেন্দ্ৰিত কৰাত কটাওক। আপুনি কিছুমান কঠোৰ নিৰ্ণয় ল'ব।


* এই মাহতোৱে আপোনালোকক চাকৰি সলনি কৰা সুযোগ দিব। যদি আপুনি বৰ্তমান স্থিতিৰ বিষয়ে ভাবে তেতিয়া ইয়াৰ সহায় পাব পাৰে। এই মাহত আপুনি বহুত প্ৰয়াস কৰিব। কিন্তু মনে বিচাৰা পৰিণাম নাপাব।


* মূল্যাংকন ৮ ৰ ব্যক্তিসকলৰ বাবে এই মাহতো প্ৰেমৰ ক্ষেত্ৰত অনুকুল নহয়। যদি আপুনি আগৰই  পৰা কিবা সম্পৰ্কত আছে, তেতিয়া শান্ত হৈ থাকক, ধৈৰ্য ধৰক আৰু নিজৰ সংগীৰ লগত মতানৈক্য সৃষ্টি নকৰিব।


উপায় - প্ৰতিদিনে ১০৮ বাৰ ভগৱান কৃষ্ণৰ মন্ত্ৰ জপ কৰক।



৯.এপ্ৰিল ২০২২: মূল্যাংকন সংখ্যা ৯ ৰ বাবে অংক জ্যোতিষ শাস্ত্ৰৰ ভৱিষ্যতবাণী - ৯, ১৮ আৰু ২৭ তাৰিখে জন্ম গ্ৰহণ কৰা ব্যক্তিসকল মূল্যাংকন ৯ আৰু ইয়াৰ স্বামী মঙ্গল গ্ৰহ।মূল্যাংকন ৯  ৰ লোকসকলৰ এপ্ৰিল মাহতো ভাল হ'ব। মূল্যাংকন ৯  ৰ লোকসকল ধৈৰ্যশীল আৰু ক্ষমা কৰা বিধৰ হয়। এওঁলোক দয়ালু আৰু বহুত ভাগ্যশালী। সম্পত্তিৰ লগত জড়িত কাৰ্যৰ বাবে এই মাহতো বহুত ভাল হ'ব। আপোনাক আৰ্থিক স্থিতি প্ৰদান কৰিব। এপ্ৰিল মাহতো আপোনাৰ কাৰণে ভাল।


* বিদ্যাৰ্থী সকলৰ উচ্চ শিক্ষাৰ বাবে এই মাহতো ভাল। যদি আপুনি পঢ়িবলৈ বিদেশলৈ যাব বিচাৰে তেতিয়া আপুনি বিদেশৰ লগত জড়িত কিছুমান সুযোগ পাব পাৰে।


*এই মাহত আপুনি আপোনাৰ ব্যৱসায় বাবে কিছুমান নিৰ্ধাৰিত লক্ষ্য  প্ৰাপ্ত কৰিব। আৰ্থিক ক্ষেত্ৰত এই মাহত উন্নতি লাভ কৰিব।


* যিসকলৰ ওচৰত চাকৰি আছে, তেওঁলোকে চাকৰি সলনি কৰা কথা নাভাবিব।এই মাহত আপুনি আপোনাৰ বৰ্তমানৰ চাকৰিত ধ্যান দিব লাগে।


*এই মাহত আপুনি আপোনাৰ সংগীৰ লগত কমিটমেন্ট কৰিব পাৰে। এই মাহত আপুনি কিছুমান নতুন প্ৰস্তাৱ পাব পাৰে।


উপায় -  প্ৰতিদিনে ১০৮ বাৰ ভগৱান হনুমানৰ মন্ত্ৰ জপ কৰক।


ৰাশিফল সম্বন্ধীয় আৰু লেখা পঢ়ক এই লিংকত - www.ৰাশিফল.smj24.in


আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে, ধন্যবাদ। 


No comments:

Post a Comment

Advertisement

Pages