এই ৰাশিৰ ভিতৰত আপোনাৰো ৰাশি অন্তৰ্ভুক্ত হৈ আছে নেকি : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, April 14, 2022

এই ৰাশিৰ ভিতৰত আপোনাৰো ৰাশি অন্তৰ্ভুক্ত হৈ আছে নেকি : Horoscope Today

Horoscope Today

১৭ এপ্ৰিলৰলৈকে ৰাশিফল - এপ্ৰিলৰ দ্বিতীয় সপ্তাহত বহুত গ্ৰহৰে গতি পৰিবৰ্তন কৰিব।এপ্ৰিলৰ দ্বিতীয় সপ্তাহ ১৭ এপ্ৰিলৰ লৈকে থাকিব।(Horoscope Today)


জ্যোতিষ শাস্ত্ৰৰ অনুসৰি নতুন সপ্তাহ বহু ৰাশিৰ ব্যক্তিসকলৰ বাবে শুভ বুলি প্ৰমাণিত হ'ব।জ্যোতিষ শাস্ত্ৰৰ অনুসৰি এই সপ্তাহতো বৃষ আৰু কন্যা ৰাশিৰ লগতে বহুত ৰাশিৰ বাবে লাভদায়ক হ'ব। 


জানো আহঁক এই সপ্তাহতো কি কি ৰাশিৰ বাবে ভাল - 




১.মেষ ৰাশি - এই সপ্তাহত মেষ ৰাশিৰ ব্যক্তিসকলৰ লাভ হ'ব। সুখ সমৃদ্ধি বৃদ্ধি হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষা দিয়া সকলে শুভ সংবাদ পাব পাৰে। প‌ইচাৰ লেনদেনত সাৱধানতা অৱলম্বন কৰক। পুৰণি ৰোগ আকৌ হ'ব পাৰে।



২.বৃষ ৰাশি - এই সপ্তাহত আপোনালোক সামাজিক কামত জড়িত হ'ব। জীৱনত ধৈৰ্য বজাই ৰাখক। আৰ্থিক ক্ষেত্ৰত লাভ বৃদ্ধি হ'ব।আনৰ বিশ্বাস জয় কৰিব পাৰিব। উচ্চ শিক্ষাত সফলতা অৰ্জন কৰিব পাৰিব।



৩. মিথুন ৰাশি - এই সপ্তাহত আপোনালোকে বিভিন্ন ক্ষেত্ৰৰ পৰা সফলতা অৰ্জন কৰিব। এই সপ্তাহত আপোনালোকে উন্নতি লাভ কৰিব। মান-সন্মান বৃদ্ধি হ'ব।শুভ সংবাদ পাব পাৰে।



৪.কৰ্কট ৰাশি - এই সপ্তাহত আপোনালোকে কাৰ্যক্ষেত্ৰত উন্নতি লাভ কৰিব। আপোনালোকৰ মান-সন্মান হানি হ'ব পাৰে। দায়িত্ব ভালকৈ পালন কৰক। শুভ প্ৰস্তাৱ পাব পাৰে।



৫. সিংহ ৰাশি - যোগ্যতা প্ৰদৰ্শন কৰাত এই সপ্তাহত আপোনালোক আগত থাকিব। কাৰ্যৰ গতি ভাল হ'ব। ব্যক্তিগত কাৰ্যত সকাৰাত্মকতা আহিব। বাদ- বিবাদাৰ পৰা বাচি থাকক। শত্ৰুৰ পৰা সাৱধান থাকক।



৬.কন্যা ৰাশি - এই সপ্তাহত আপোনালোকৰ আৰ্থিক অৱস্থা স্বচ্ছল হ'ব পাৰে। সপ্তাহৰ আৰম্ভণিতে আপুনি শুভ সংবাদ পাব পাৰে। সম্পৰ্ক মজবুত হ'ব। ধৈৰ্য ধৰি কাম কৰক। (Horoscope Today)



৭.তুলা ৰাশি - এই সপ্তাহত আপোনালোকৰ কাৰ্য সমাপ্ত নহয়। মানসিক চাপ বৃদ্ধি হ'ব।যাৰ প্ৰভাৱ স্বাস্থ্যত পৰিব পাৰে। উন্নতি বৃদ্ধি হ'ব। ভাৱনাত ডুবি কোনো সিদ্ধান্ত নল'ব।  



৮. বৃশ্চিক ৰাশি - এই সপ্তাহটোৱে আপোনাৰ বাবে সুখ লৈ আহিব। সাহস আৰু পৰাক্ৰমৰ কাৰ্যত সফলতা লাভ কৰিব। লাভ বিচাৰাতকৈ বেছি হ'ব।এই সময়ত আপোনাৰ বিত্তীয় পৰিস্থিতি উন্নত হ'ব।যাত্ৰা কৰিব পাৰে।



৯. ধনু ৰাশি - ধনু ৰাশি ব্যক্তিসকলে এই সপ্তাহত ডাঙৰৰ উপদেশ ল'ব লাগে। সময়খিনি ভালেই থাকিব। মানুহৰ বিশ্বাস জয় কৰিব পাৰিব। দায়িত্ব সময়ত পালন কৰিব।



১০. মকৰ ৰাশি - এই সপ্তাহত জৰুৰী কাৰ্যত সফলতা অৰ্জন কৰিব। ভাৱনাক নিয়ন্ত্ৰণ কৰি ৰাখক। ইচ্ছা অনুসৰি সফলতা লাভ কৰিব। আপুনি সকলো ক্ষেত্ৰতেই সফলতা অৰ্জন কৰিব।



১১. কুম্ভ ৰাশি - খৰচ অধিক হ'ব। যোগ্যতা প্ৰদৰ্শন কৰাত সফলতা অৰ্জন কৰিব। বিপক্ষৰ পৰা সতৰ্ক হৈ থাকক। পৰিয়ালৰ সহাঁৰি লাভ কৰিব। ধাৰ্মিক কাৰ্যত ৰুচি বাঢ়িব।



১২. মীন ৰাশি - মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সপ্তাহটোৱে শুভ পৰিণাম লৈ আহিব। সফলতা অৰ্জন হ'ব। ব্যক্তিগত আৰু যোগ্যতা সম্পন্ন জীৱনত সফলতা অৰ্জন কৰিব।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

(Horoscope Today)



বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 





 




1 comment:

Advertisement

Pages