জীৱনত সফল হব বিছাৰে যদি আনৰ কথা নোশুনিব : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, April 1, 2022

জীৱনত সফল হব বিছাৰে যদি আনৰ কথা নোশুনিব : Assamese Storyboard

 

Assamese Storyboard

দুটা ভেকুলী ফুৰিবলৈ গৈ, ভেকুলী দুটা এটা গাঁতৰ ভিতৰত পৰি গল। গাঁতটোত আৰু বহু ভেকুলী আছিল, যিসকল কেনেবাকৈ গাঁতত পৰি ৰল। এতিয়া নতুন ভেকুলী দুটা সেই গাঁতৰ পৰা বাহিৰ হোৱাৰ খুব জপিয়াবলৈ আৰম্ভ কৰিলে। Assamese Storyboard )


তাকে দেখি, গাঁতত থকা পুৰণি ভেকুলীবোৰে চিঞৰি চিঞৰি কবলৈ ধৰিলে যে, এই গাঁতৰ পৰা ওলোৱা অসম্ভৱ। তথাপিও ভেকুলী দুটাই কাৰো কথা নুশুনিলে। চেষ্টা কৰিয়েই থাকিল। আৰু আন ফালেও পুৰণি ভেকুলীবোৰে গাঁতৰ পৰা ওলোৱাটো অসম্ভৱ বুলি সমানে চিঞৰিবলৈ ধৰিলে।


পুৰণি ভেকুলীবোৰৰ মাত শুনি, নতুন ভেকুলী দুটাৰ ভিতৰত এটা ভেকুলীয়ে জপিয়াবলৈ বন্ধ কৰি দিলে। কিন্তু এটা ভেকুলীয়ে আৰু জোৰেৰে জপিয়াবলৈ আৰম্ভ কৰি দিলে। অৱশেষত আৰু কিছু সময় চেষ্টা কৰাৰ পাছত, সেই ভেকুলীটো জপিয়াই গাঁতৰ পৰা বাহিৰ হবলৈ সক্ষম হল।Assamese Storyboard )


এতিয়া আপুনি নিশ্চয় ভাৱিছে চাগে, দ্বিতীয় ভেকুলীটোৱে জপিয়াবলৈ কিয় বন্ধ নকৰিলে! আচলতে দ্বিতীয় ভেকুলীটোৱে কাণেৰে শুনা নাপায়। যেতিয়া সকলো ভেকুলীয়ে হাত ভৰি জোকাৰি চিঞৰি আছিল, এয়া অসম্ভৱ বুলি, তেতিয়া সি ভাবিছিল যে, সকলোৱে তাক জোৰকৈ জপিয়াবলৈ উৎসাহিত কৰিছে। গতিকে সি আৰু জোৰেৰে জপিয়াবলৈ আৰম্ভ কৰিলে। 


আমি আমাৰ জীৱনত কেতিয়াবা সফলতা লাভ কৰিবলৈ, কেতিয়াবা কেতিয়াবা নিজৰ কাণ বন্ধ কৰি ৰখা উচিত। যাতে মানুহৰ নিগেটিভ কথা আমাৰ কাণত নপৰে। আৰু যেতিয়ালৈ আমি সফল নহও। তেতিয়ালৈকে আমি লাগি থাকিব পাৰোঁ।


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com


বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰেখামনি চাৰিঙীয়াৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো গল্প কবিতা ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।Assamese Storyboard )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup



1 comment:

Advertisement

Pages