না হ’ব পাৰো নাপিত, না হ’ব পাৰো মুচি।
জীৱন অসমীয়াই কটাইছে আনক নিৰ্ভৰ কৰি।।
না চলাব পাৰো ৰিক্সা, না চলাব পাৰো ঠেলা।
লাজৰ উৰনি লৈ কৰ্মহীন ভন্ড অসমীয়া।।( Assamese Poem )
পিতৃ মাতৃয়ে শিকালে ব্যৱসায় কৰি কি পাবা।
চৰকাৰি চাকৰি নাপালে জীৱনতো হব বৃথা।।
নগৰৰ নিবনুৱা ডেকাই নোখোলে দোকান, গাঁৱৰ লৰাই নকৰে খেতি।
বহিৰাগতই আহি আহি, এপল দুপলকৈ খহাই নিছে আমাৰ মাতি-ভেতি।।( Assamese Poem )
চান্দা তুলি, বন্দুক ধৰি, কিনো পালা হে অসমীয়া।
কৰ্ম সংস্কৃতি গঢ়ি নোতোলিলে হৈয়ে থাকিবা দুৰ্ভগীয়া।।
সময় থাকোতেই, আতৰাই লাজৰ উৰনি, বৰন কৰা কৰ্ম যোজাৰুৰ বস্ত্ৰ।
অথবা চিৰদিনলে হেৰুৱাই পেলাবা ৰাজনৈতিক অধিকাৰ, হৈ ৰ’বা নিজ মাতিতে মেৰুদণ্ডহীন সংখ্যালঘু মাত্ৰ।।
-চিন্ময় বৰুৱা
এনেধৰনৰ আৰু কবিতা পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.কবিতা.in
বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য চিন্ময় বৰুৱা ডাঙৰীয়াৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো গল্প কবিতা ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Assamese Poem )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment