যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ সভাপতিত্বত কালি আবৰ্ত ভৱনৰ সভাকক্ষত অনুষ্ঠিত হোৱা এখন সভাত জিলাখনৰ ১০ বছৰ সম্পূৰ্ণ হোৱা ৪৫ খন ৰঙালী বিহু উদযাপন সমিতিক ডেৰ লাখকৈ টকাৰ চেক বিতৰণ কৰা হয় ৷( Assamese News )
আগন্তক ৰঙালী বিহু উপলক্ষে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰঙালী বিহু সমিতিসমূহক এককালীন আৰ্থিক সাহাৰ্য আগবঢ়োৱা হৈছে৷ ( Assamese News )
সভাত অংশগ্ৰহণ কৰি মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই সমিতিৰ বিষয়ববীয়াসকলক চেকসমূহ প্ৰদান কৰে৷ সভাত টীয়ক সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি, অতিৰিক্ত উপায়ুক্ত কবিতা কাকতী কোঁৱৰ, জিলা প্ৰশাসনৰ অন্যান্য বিষয়াসকলৰ লগতে উদযাপন সমিতিৰ বহুসংখ্যক বিষয়ববীয়া উপস্থিত থাকে৷( Assamese News )
উৎস - DIPRO Jorhat
No comments:
Post a Comment