যোৰহাটত আজিৰে পৰা আৰম্ভ হৈছে স্ব-নিয়োজন মেলা : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, April 7, 2022

যোৰহাটত আজিৰে পৰা আৰম্ভ হৈছে স্ব-নিয়োজন মেলা : Assamese News

Assamese News

যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আজিৰে পৰা যোৰহাট কাছাৰী মৈদানত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে স্ব- নিয়োজন ( স্বাৱলম্বিতাৰ দিশে এটি প্ৰয়াস) মেলা৷ ( Assamese News )


প্ৰশিক্ষণৰ জৰিড়তে নিবনুৱাসকলক স্ব- নিৰ্ভৰশীল হোৱাৰ পথ দেখুওৱাৰ উদ্দেশ্যে কৃষি,পশুপালন,মীনপালন,বস্ত্ৰ,হস্ততাঁত,ৰেছম,

বিত্তীয় প্ৰতিষ্ঠান আদি বিভিন্ন ক্ষেত্ৰত থকা উৎপাদনৰ সম্ভাৱনীয়তাৰ বিষয়ে বক্তব্য আগবঢ়াবলৈ বহু কেইজন সফল উদ্যমী উদ্যোগী আৰু পাৰদৰ্শী সমল ব্যক্তিক প্ৰশাসনে আমন্ত্ৰণ কৰিছে ৷ ইয়াৰোপৰি বিভিন্ন বিভাগৰ বিষয়াসকলেও প্ৰশিক্ষণ প্ৰদান কাৰ্যত অংশগ্ৰহণ কৰে৷ ৭ এপ্ৰিলৰ পৰা ৯ এপ্ৰিললৈকে অনুষ্ঠিত হ'বলগীয়া এই মেলা তথা সমাৱেশত প্ৰশিক্ষণ ল'বলৈ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা যুৱক যুৱতীসকল আগবাঢ়ি আহিছে৷ উল্লেখযোগ্য যে, যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ বিশেষ প্ৰচেষ্টাত জিলাখনত প্ৰথমবাবৰ বাবে নিবনুৱাসকলক চাকৰীমুখী নহৈ স্ব-নিয়োজনৰ প্ৰতি আগ্ৰহী কৰি তুলাৰ অৰ্থে এনেধৰণৰ সমাৱেশৰ ব্যৱস্থা কৰা হৈছে৷

 

#আজি স্ব- নিয়োজন মেলাখনৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্য ব্যক্তি হিচাপে উপস্থিত থাকে বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ তথা যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী৷ বিধায়ক গৰাকীয়ে এনেধৰণৰ ব্যতিক্ৰমী পদক্ষেপ লোৱাৰ বাবে জিলা প্ৰশাসনক ধন্যবাদ জনোৱাৰ লগতে নিবনুৱাসকলৰ বাবে হাতত লোৱা এই  স্ব- নিয়োজন মেলাখনে উঠি অহা যুৱক যুৱতীসকলক স্বাৱলম্বী হ'বলৈ উৎসাহ যোগাব আৰু জিলাখনত স্ব- নিয়োজনৰ ক্ষেত্ৰত এক বিপ্লবৰ সৃষ্টি কৰিব বুলি ভাষণত কয়৷ ( Assamese News )


#অনুষ্ঠানত চতিয়া সমষ্টিৰ বিধায়ক তথা ছিপাঝাৰ বহুমুখী কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই  বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি আগ্ৰহী যুৱক যুৱতীসকলক উৎসাহ প্ৰদান কৰি বক্তব্য আগবঢ়ায়৷ বৰ্তমান সময়ত যুৱক যুৱতীসকলক ৰাজপথৰ আন্দোলন এৰি পথাৰৰ আন্দোলন গঢ় দিবলৈ বিধায়ক গৰাকীয়ে আহ্বান জনায়৷চৰকাৰে কৰ্ম সংস্কৃতিৰ অসম গঢ়িবলৈ এক উৎপাদনমুখী যাত্ৰা আৰম্ভ কৰিছে৷ ৰাজ্যৰ অৰ্থনৈতিক ভেটি টনকীয়াল কৰিবলৈ হ'লে ৰাজ্যখনৰ গাঁৱে ভূঁঞে সোমাই থকা কৰ্মস্পৃহা থকা যুৱক যুৱতীসকল ওলাই আহিব লাগিব ৷ যোৰহাট জিলাত আয়োজন কৰা এনেধৰণৰ স্ব- নিয়োজন মেলাই  যুৱক যুৱতীসকলক আত্মনিৰ্ভৰশীল হৈ নিজৰ লগতে ৰাজ্যখনৰ অৰ্থনৈতিক ভেটিটো অধিক টনকিয়াল কৰিবলৈ সক্ষম হ'ব বুলি বিধায়ক গৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে ৷

 

#আৰম্ভণি অনুষ্ঠানত জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে উদ্দেশ্য ব্যাখ্যা প্ৰদান কৰি কয় যে যোৰহাট জিলাত কৃষি,ৰেছম, পশুপালন,বনপালন 

,মীনপালন আদি বিভিন্ন শিতানসমূহত উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা আছে৷ এই ক্ষেত্ৰসমূহত নিজ নিজ ইচ্ছাৰে উৎপাদনৰ পথ নিৰ্বাচিত কৰি নিজৰ ভৰিত ঠিয় দিবলৈ তথা স্ব- নিৰ্ভৰশীল হ'বলৈ যুৱক যুৱতীসকলক সঠিক পথ দেখুওৱাই দিয়াৰ উদ্দেশ্যে এই স্ব - নিয়োজনৰ সমাবেশ আয়োজন কৰা হৈছে৷ এইক্ষেত্ৰত  জিলাখনৰ বিভিন্ন বিভাগসমূহৰ সহযোগিতাত এইয়া সম্ভৱপৰ হৈছে বুলি জানিবলৈ দিয়াৰ লগতে বিভাগীয় মুৰব্বী বিষয়াসকলক ধন্যবাদ জনায়৷ উপায়ুক্ত গৰাকীয়ে উপস্থিত যুৱক যুৱতীসকলক আমন্ত্ৰিত পাৰদৰ্শি সমল ব্যক্তিসকলৰ পৰা আগ্ৰহেৰে প্ৰশিক্ষণ ল'বলৈ আৰু উদ্যমী মন একোটাৰ গঢ় দিবলৈ আহ্বান জনায়৷ প্ৰতি দিনে প্ৰায় ৫০০ ৰো অধিক যুৱক যুৱতীয়ে এই সমাৱেশত অংশগ্ৰহণ কৰি আগলৈ সফল উদ্যোগী হ'বলৈ সক্ষম হ'ব বুলি উপায়ুক্ত গৰাকীয়ে আশা প্ৰকাশ কৰে৷অনুষ্ঠানত স্ব- নিয়োজন মেলাৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ এখনিও  উন্মোচন কৰা হয়৷আৰম্ভণি অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অধৰ ভূঁঞা, জিলা পৰিষদৰ মুখ্য কাৰ্যৱাহী বিষয়া প্ৰনব কুমাৰ বৰা,অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকা, আমন্ত্ৰিত সমল ব্যক্তিসকলৰ লগতে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে৷( Assamese News )


#প্ৰথমদিনা কাৰ্যসূচীত কৃষি, উদ্যানশস্য, বনপালন, পশুপালন আদি কেইবাটাও শিতান সন্দৰ্ভত দুটা অস্থায়ী কক্ষ স্থাপন কৰি প্ৰশিক্ষণ প্ৰদান কৰা হয়৷ আনহাতে সশ্লিষ্ট বিভাগসমূহৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ প্ৰদৰ্শনৰ লগতে  বিক্ৰীৰ ব্যৱস্থাও কৰা হয়৷

উৎস - DIPRO Jorhat

No comments:

Post a Comment

Advertisement

Pages