ভাৰতৰ ৰাষ্ট্ৰীয় মেলাত সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওঁগ : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, April 5, 2022

ভাৰতৰ ৰাষ্ট্ৰীয় মেলাত সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওঁগ : Assamese News

Assamese News

 দেশৰ ৭৫ বছৰীয়া স্বাধীনতাৰ উপলক্ষে দেশজুৰি পালন কৰা "আজাদী কা অমৃত মহোৎসৱ"ৰ সৈতে সংগতি ৰাখি "স্পেচিয়েল অলিম্পিক-ভাৰত" ৰ উদ্যোগত আৰু সমাজ কল্যাণ বিভাগৰ সহযোগত আজি যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত  দিব্যাংগসকলৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য মেলা অনুষ্ঠিত কৰা হয়৷ ( Assamese News )

ক'ভিড মহামাৰীৰ বাবে ঘৰতে সোমাই থাকিবলগীয়া হোৱা দিব্যাংগসকলৰ স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি  তেওঁলোকক মানসিক ভাৱে উৎসাহিত কৰাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হয়৷ উল্লেখযোগ্য যে,স্পেচিয়েল অলিম্পিক-ভাৰত হৈছে মানসিকতাৰ বিশেষভাৱে সক্ষমসকলৰ মাজত খেল ধেমালিৰ মনোভাৱ বিকাশৰ ক্ষেত্ৰত ভাৰতীয় ক্ৰীড়া ফেডাৰেচনৰ দ্বাৰা লোৱা এক সুদূৰ প্ৰসাৰী পদক্ষেপ।অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওঁগে শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে দিব্যাংগসকল আমাৰ সমাজৰ এক অভিন্ন অংগ। গতিকে, তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লোৱাটো আমাৰ সকলোৰে দ্বায়িত্ব। লগতে, স্বাস্থ্যসন্মত ব্যৱস্থাৰ জৰিয়তে দিব্যাংগসকলৰ বাবে এক সুন্দৰ ভৱিষ্যতৰ পৰিকল্পনা কৰাটোও আমাৰ কৰ্তব্য। এই ক্ষেত্ৰত চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে৷( Assamese News )


#অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে আয়োজন কৰা এদিনীয়া স্বাস্থ্য মেলাখন জিলা প্ৰশাসনৰ পৃষ্ঠপোষকতাত আৰু স্বাস্থ্য বিভাগৰ সহযোগতত  সাফল্যমণ্ডিত হয়৷ আজিৰ অনুষ্ঠানত ৩০০ ৰো অধিক দিব্যাংগক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰোৱাৰ উপৰিও UDID আৰু ক'ভিড- ১৯  টীকাকৰণৰ ব্যৱস্থা কৰোৱা হয়। বিভিন্ন খেল, বিহু, নৃত্য, গীত  আদিৰে উদযাপন কৰা দিনযোৰা কাৰ্যসূচী জনপ্ৰিয় কন্ঠশিল্পী তৰালী শৰ্মাৰ গানৰ অনুষ্ঠানেৰে সামৰণি পৰে৷আনহাতে আজিৰ অনুষ্ঠানত  অংশগ্ৰহণ কৰা প্ৰতিগৰাকী দিব্যাংগক সমাজ কল্যাণ বিভাগৰ অংগনৱাড়ী কৰ্মীসকলৰ তত্ত্বাৱধানত সুকলমে নিজ গৃহত থোৱাৰ ব্যৱস্থা কৰোৱা হয়।


#আজিৰ অনুষ্ঠানত স্পেচিয়েল অলিম্পিক- ভাৰতৰ ক্ষেত্ৰীয় সঞ্চালক ড° অঞ্জনা গোস্বামী,  বিধায়কসকল ক্ৰমে ৰূপজ্যোতি কুৰ্মী, ভৱেন ভঁড়ালী, ভাস্কৰজ্যোতি বৰুৱাৰ লগতে সমাজ কল্যাণ বিভাগৰ প্ৰধান সচিব  মুকেশ চন্দ্ৰ চাহু আৰু সঞ্চালক বিভাষ মোদী, জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্তসকল, জিলা সমাজ কল্যাণ বিষয়া, প্ৰেৰণা প্ৰতিবন্ধী শিশু বিকাশৰ অধ্যক্ষা চায়েৰা ৰহমানৰ লগতে বিভাগীয় বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে৷( Assamese News )


উৎস : DIPRO Jorhat




No comments:

Post a Comment

Advertisement

Pages