প্ৰাচীন কালৰে পৰা পৰম্পৰাগত অসমীয়া খাদ্যসম্ভাৰ আৰু থলুৱা চিকিৎসা পদ্ধতিত কেতবোৰ ঔষধি গুণসম্পন্ন থলুৱা দ্ৰব্যৰ ব্যৱহাৰ হৈ আহিছে।তাৰে ভিতৰত থেকেৰাও অন্যতম। ( Assamese Health Tips )
☘️☘️ পুৰণি সঞ্চিত গ্ৰহণীত বা ক্ৰনিক ডিচেন্টেৰী , কৌষ্ঠকাঠিন্য , পেট কামোৰণি আদি পেটৰ যিকোনো সমস্যাত কুজি থেকেৰা বৰ উপকাৰী। ইয়াৰ বাবে দুই এচকল থেকেৰা এগিলাচ পানীত অকণমান তালমিছিৰি দি এৰাতি তিয়াই থব লাগে। পুৱা খালিপেটত চেকনিৰে চেকি লৈ সেইখিনি খাব লাগে । কিছুদিন এনেকৈ খালে পেটৰ ৰোগ নিৰাময় হয়।
☘️☘️ প্ৰসাৱ জ্বলা পোৰা কৰা, সঘনাই প্ৰসাৱ হোৱা বা প্ৰসাৱৰ সংক্ৰমণজনীত ৰোগত পুৰণি কুজি থেকেৰা মহৌষধ । দুই তিনি ফুটা পুৰণি থেকেৰা এগিলাচ পানীত তালমিছিৰি দি এৰাতি তিয়াই পিছদিনা খালিপেটত কেইদিনমান চৰবত হিচাবে সেৱন কৰিলে পেচাবৰ যিকোনো সমস্যা সমাধান হয়।
☘️☘️ মেদবহুলতা, কলেষ্টৰল সমস্যাতো কুজি থেকেৰা উপকাৰী। নিয়মিত ভাৱে থেকেৰা চৰবত সেৱন কৰিলে দেহৰ অতিৰিক্ত চৰ্বি কমি যায়। ওজন নিয়ন্ত্ৰণ কৰিব বিচৰা লোকে নিয়মিতভাৱে থেকেৰা চৰবত সেৱন কৰিব পাৰে। ( Assamese Health Tips )
☘️☘️ উচ্চ ৰক্তচাপত কুজি থেকেৰা উপকাৰী। উচ্চ ৰক্তচাপ ৰোগীয়ে মাজে মাজে থেকেৰা চৰবত সেৱন কৰা উচিত। ইয়াৰোপৰি দাইল বা অন্য আঞ্জাৰ লগত দুই এফুটা থেকেৰা দি সেৱন কৰিলেও উপকৃত হব।
☘️☘️ এন্টিঅক্সিডেন্টযুক্ত কুজি থেকেৰাই ফ্ৰি ৰেদিকেলৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা আমাৰ শৰীৰক ৰক্ষা কৰে। ইয়াত থকা ভিটামিন চি এ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
☘️☘️ ডায়েবেটিচ ৰোগীয়েও মাজে সময়ে থেকেৰা দিয়া ব্যঞ্জন সেৱন কৰি থাকিব পাৰে। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু অন্য এন্টিঅক্সিডেন্ট আছে যি শৰীৰৰ বাবে উপকাৰী।
☘️☘️ ফেতি লিভাৰ সমস্যাতো থেকেৰা খুব উপকাৰী। পুৱা খালি পেটত থেকেৰাৰ চৰবত সেৱন কৰিলে বহু উপকৃত হ'ব।
☘️☘️ প্ৰচুৰ পৰিমাণে ভিটামিন চি থকাৰ বাবে দাঁতৰ সুস্বাস্থ্যৰ বাবে উপকাৰী।
☘️☘️ শৰীৰৰ জমা হোৱা অপকাৰী টকচিন্স বা অলাগতিয়াল বৰ্জিত পদাৰ্থ নিষ্কাশন কৰি শৰীৰ শোধন কৰে থেকেৰাৰ চৰবতে। শালমন, ব্ৰন আদি বিভিন্ন ছালৰ সমস্যা থকা লোকে মাজে মাজে থেকেৰা চৰবত সেৱন কৰিলে সুফল পাব।
🍀🍀🍀 আমাৰ খাদ্যত প্ৰধানকৈ মিঠা, টেঙা, নিমখীয়া, তিতা, জ্বলা, কেঁহা আদি ছটা ৰস থাকে। প্ৰতিটো ৰসৰে নিজস্ব ঔষধি গুণাগুণ আছে। সেয়েহে আমাৰ থলুৱা খাদ্যসম্ভাৰত প্ৰতিটো ৰসৰ বিবিধ ব্যঞ্জন আছে যিবোৰে আমাৰ শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰি আমাক নিৰোগী কৰি ৰাখে। থলুৱা খাদ্যসম্ভাৰত থেকেৰা টেঙাৰ দৰে ঔষধি গুণসমৃদ্ধ থলুৱা গৌণ ফলৰ অন্তৰ্ভুক্তিয়ে আমাৰ খাদ্যসম্ভাৰ চহকী কৰি তুলিছে।
#ডাঃ ৰেইনী দেৱী ( আয়ুৰ্বেদিক চিকিৎসক)
BAMS ( GU)
গুৱাহাটী, ফোন - 7399114617
এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আয়োৰ্বেদিক চিকিৎসক ৰেইনী দেৱী ডাঙৰীয়াণীৰ (যোগাযোগ - ৭৩৯৯১১৪৬১৭)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Assamese Health Tips )
No comments:
Post a Comment