এদিনত কিমান পৰিমাণৰ গ্ৰীণ টী সেৱন কৰিব লাগে : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, April 2, 2022

এদিনত কিমান পৰিমাণৰ গ্ৰীণ টী সেৱন কৰিব লাগে : Assamese Health Tips

Assamese Health Tips


গ্ৰীণ টীৰ লাভালাভ - আজিকালি ওজন কমোৱাৰ পৰা লৈ শৰীৰক উজ্জ্বল  কৰি ৰাখিবৰ বাবে মানুহে গ্ৰীণ টীৰ  সহায় লয়।  Assamese Health Tips ) 

গ্ৰীণ টী খোৱাৰ লাভালাভৰ বিষয়েটো মানুহে জানে , কিন্তু  অধিকাংশ মানুহে ইয়াক খোৱাৰ সঠিক বিধি আৰু সময়ৰ বিষয়ে  নাজানে।হয়, যেনে ওজন কমোৱাৰ বাবে বহুতো লোকে ৰাতিপুৱা খালি পেটত  গ্ৰীণ টী খায়। এনেকুৱা কৰিলে শৰীৰৰ  চৰ্বি কমোৱাত সহায় হয়। কিন্তু আপুনি জানেনে ৰাতিপুৱা খালি পেটতো বহুতৰে গ্ৰীণ টী হজম নহয়, আৰু বহু লোকৰ সমস্যাৰ সৃষ্টি হয় ।তেনে ক্ষেত্ৰত শৰীৰৰ লগত জড়িত  গ্ৰীণ টীৰ লাভালাভ ল'বৰ বাবে গ্ৰীণ টী খোৱাৰ সঠিক বিধি আৰু সময় জানো আহক।


গ্ৰীণ টী খোৱাৰ সঠিক বিধি-

১/গ্ৰীণ টী , কোনো খাদ্য খোৱাৰ প্ৰায় ১ ঘন্টা আগতেই সেৱন কৰক।

২/ গ্ৰীণ টীত টেনিন নামৰ পৰ্দাত থাকে ,তাৰ বাবে ইয়াক খোৱাৰ তুৰন্তেই খালে, গেছ, পেটৰ বিষ আদিৰ সমস্যা হ'ব পাৰে।

৩/ৰাতিপুৱা খালি পেটত গ্ৰীণ টী খোৱাৰ পৰা বাচিব লাগে ।অলপ খোৱাৰ পাছতহে গ্ৰীণ টীৰ সেৱন কৰক।

৪/ গোটেই দিনটোত ৩কাপতকৈ বেছি গ্ৰীণ টীৰ সেৱন কৰিলে হজমত সমস্যাৰ সৃষ্টি হ'ব পাৰে।

৫/ কেতিয়াবা শুৱাৰ আগতে গ্ৰীণ টী সেৱন কৰিলে টোপনি  নাহিবও পাৰে।

৬/ গ্ৰীণ টী পুৱা আৰু আবেলি সেৱন কৰিলে শৰীৰৰ  পাচন শক্তি ভাল হয়।


গ্ৰীণ টী খোৱাৰ সঠিক সময়-

১/ৰাতিপুৱা ১০ ৰ পৰা১১ বজাৰ ভিতৰত।

২/ আবেলি খাদ্য খোৱাৰ  পাছত ৫/৬বজাত।

৩/ ৰাতি শুৱাৰ ২ঘন্টা আগতে গ্ৰীণ ট্ৰী  সেৱন কৰিব লাগে।

৪/ খাদ্য খোৱাৰ ১ঘন্টা আগত আৰু খাদ্য খোৱাৰ ১/২ঘন্টাৰ পাছত খাব লাগে।

৫/ ৰাতিপুৱা ব্যায়াম কৰাৰ ৩০ মিনিটৰ  আগতেই খাব লাগে। Assamese Health Tips ) 


 এদিনত কিমান পৰিমাণৰ গ্ৰীণ টী সেৱন কৰিব লাগে -

 সম্পূৰ্ণ এদিনত ৩ কাপতকে বেছি গ্ৰীণ টী সেৱন কৰিব  নালাগে। ইয়াৰ পৰা বদহজমৰ সমস্যা হ'ব পাৰে। ইয়াৰ উপৰিও বেছিকৈ ইয়াৰ সেৱন কৰিলে  পেটৰ অসুখৰ সমস্যা,বমি আদি হ'ব পাৰে। ইয়াৰ উপৰিও বেছিকৈ  গ্ৰীণ ট্ৰীৰ সেৱন কৰিলে, শৰীৰত থকা কেলছিয়াম মুত্ৰাশয়ৰ  বাটেৰে বাহিৰ হৈ যায়  ,তাৰ ফলত শৰীৰত কেলছিয়ামৰ মাত্ৰা কমি যাব পাৰে।


গ্ৰীণ টী সেৱনৰ লাভালাভ -

১/ ওজন কমোৱাত সহায় কৰে গ্ৰীণ টীয়ে-

 গ্ৰীণ টীত থকা এন্টনি অক্সিজেনে মেটাৱলিজিমক বঢ়ায়, ওজন কমোৱাত সহায় কৰে। গ্ৰীণ টী সেৱন কৰিলে মেটাৰলিজিম বাঢ়ে আৰু ক'লেস্ট্ৰল নিয়ন্ত্ৰণত থাকে। শোধনৰ সময়ত, গ্ৰীণ টীত থকা কৈটেচিন আৰু  কৈফিনৰ মিশ্ৰণৰ সেৱনে ওজন কম কৰা আৰু ওজন নিয়ন্ত্ৰিত কৰি ৰখাত সহায় কৰে।

২/ চিন্তা কমোৱাত সহায় কৰে-

গ্ৰীণ টীয়ে চিন্তাক কম কৰাৰ লগতে মস্তিষ্কৰ কাৰ্যপ্ৰণালীত শুধৰণি কৰে। ইয়াৰ উপৰিও ই একাগ্ৰতা বঢ়োৱাত সকাৰাত্মক প্ৰভাৱ পেলায়।

৩/ প্লাকক নিয়ন্ত্ৰণ কৰে-

গ্ৰীণ টীয়ে , বেক্টেৰিয়েল প্লাকক নিয়ন্ত্ৰণ কৰি দাঁত বেয়া নোহোৱাত সহায় কৰে। গ্ৰীণ ট্ৰীত থকা পলীফেনোল্স এন্টি প্লাকে এজেণ্টৰ দৰে কাম কৰি মুখত প্লাক জমা হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে।

৪/ মধুমেহ -

গ্ৰীণ টী সেৱন কৰাৰ ফলত টাইপ টুৰ ডাইবেটিচ ৰোগীসকলে বহুতো লাভ পায়।ইয়াত থকা পৈলীফেনালৰ কাৰণে ব্লাড চুগাৰৰ স্তৰ নিয়ন্ত্ৰণত থাকে।


এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in



বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


No comments:

Post a Comment

Advertisement

Pages