গ্ৰীষ্মৰ বাবে সাজু হওক, স্বাস্থ্যৰ যত্ন লওক : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, April 20, 2022

গ্ৰীষ্মৰ বাবে সাজু হওক, স্বাস্থ্যৰ যত্ন লওক : Assamese Health Tips

 

Assamese Health Tips

ছটা ঋতুৰ ভিতৰত গ্ৰীষ্ম ঋতু হয়তো আমাৰ বহুতৰে প্রিয় ঋতু নহয়। কাৰণ গৰম দিন মানেই গা ইচাত- বিচাত লগা গেলেপা গৰম , ঘৰ্মাক্ত শৰীৰ এটাৰ ছবিয়েই আমাৰ মনলৈ আহে।Assamese Health Tips ) 


 বেছিকৈ ঘামি থকাৰ বাবে গৰমত আমাৰ শৰীৰবোৰ ভাগৰুৱা হৈ পৰে, মনবোৰো ভাল নালাগে। ক'ৰবালৈ যাবলৈ খুজিলেও ৰ'দ দেখি নাযাওঁ নাযাওঁ লাগে। খুব পানী পিয়াহ লাগে আৰু দিনটোত দুই তিনিবাৰ গা ধুবলৈ মন যায়। অসহ্য গৰমত, বিৰক্তিত সকলোৰে মনলৈ অনবৰতে এটাই ভাব আহে ' উস! কিযে গৰম !' - নহয়নে বাৰু? আমাৰ অসমৰ জলবায়ুত আৰ্দ্ৰতা বেছি। তদুপৰি অসমত বৰষুণো বেছি হয়। গ্ৰীষ্মৰ সৰহখিনি সময় বৰষুণতে পাৰ হয়। দুদিন চোকা ৰ'দ ওলোৱাৰ পাছত তৃতীয় দিনা আকৌ দোপালপিতা বৰষুণ হয়। সেয়েহে গৰমৰ দিনকেইটা আমাৰ বাবে কিছু আমনিদায়ক যেন লাগে। সঘনাই বতৰ সলনি হৈ থকাৰ বাবে এইসময়ত আমাৰ বেমাৰ আজাৰো বেছি হয়। যেনে  ভাইৰেল, পেটৰ অসুখ, বদ হজম, পেচাবৰ বিভিন্ন সমস্যা আদি। বিশেষকৈ শিশুসকলৰ এনেবোৰ ৰোগ হোৱা দেখা যায়।  ৰ'দ বেছি ওলোৱা দিনকেইটাত আমাৰ ছাল, চুলিৰ সৌন্দৰ্য্য ম্লান পৰি যায়। সূৰ্য্যৰ অতিবেঙুনীয়া ৰশ্মিৰ ক্ষতিকাৰক প্ৰভাৱত চান বাৰ্ন হয় , বহুতৰে ছালত এলাৰ্জিৰ সমস্যাও হয়। গৰমত চুলি সৰা সমস্যাও বেছি হয়। তদুপৰি গৰমৰ দিনকেইটাত কিছুমান ব্যক্তিৰ শৰীৰত ঘামচি ওলায়, কিছুমানৰ শৰীৰৰ দুৰ্গন্ধ বেছি হয়, কিছুমানৰ ছালত খৰ, খজুৱতি, ভৰিত ভেকুৰজনীত সংক্ৰমণ হোৱাও দেখা যায়। সেয়েহে গৰমৰ দিনকেইটাত আমি স্বাস্থ্যৰ যথেষ্ট যত্ন লোৱা উচিত যাতে আমি এনেবোৰ সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰো। গৰম দিনত ল'ব লগা স্বাস্থ্যৰ যতনৰ সাধাৰণ দিহাকেইটামান হৈছে :-

☘️  গৰমৰ দিনত প্ৰচুৰ পৰিমাণে ( দৈনিক দুই,তিনিলিটাৰ মান) পানী খোৱা উচিত যাতে আমাৰ শৰীৰত দিহাইড্ৰেচন নহয়। ইয়াৰ উপৰিও বতৰৰ ফলমূল বা ফলৰ ৰস, নেমু, থেকেৰা, বেল, তৰমুজ আদিৰ চৰবত, কুঁহিয়াৰ ৰস, ডাবৰ পানী , দৈ আদি সেৱন কৰা উচিত। 

☘️ অত্যাধিক তেলত ভজা পোৰা খাদ্য, মচলা দিয়া খাদ্য কম পৰিমাণে খাব লাগে । তাৰ সলনি মাজে মাজে আমাৰ থলুৱা খাদ্য যেনে পইতা ভাত, পিতিকা, চাটনি আদি খালে ই বেছি স্বাস্থ্যসন্মত হয়। এনেবোৰ খাদ্য সহজে হজম হয় আৰু আমাৰ পাচনতন্ত্ৰত কোনো বেমেজালি সৃষ্টি নকৰে।  গ্ৰীষ্মকালত দিন দীঘল হয়। সেয়েহে কম কম পৰিমাণে মুঠ ছয় বাৰ মান খাদ্য গ্ৰহণ কৰিব লাগে। দৈনিক বিভিন্ন প্ৰকাৰৰ চালাড (গাজি মগু, তিয়ঁহ,ফলমূল আদিৰ) খালে আমাৰ স্বাস্থ্য ভালে থাকে।

🍀 ৰাস্তাৰ কাষৰ ফুড ষ্টলবোৰত কিনিবলৈ পোৱা খাদ্যসামগ্রী যেনে কাটি ৰখা ফল, ফলমূলৰ ৰস আদি খাওঁতে সাৱধান হোৱা উচিত। কাৰণ এনেবোৰ খাদ্য  মুকলিকৈ ৰখাৰ বাবে মাখি বা বতাহত ঘূৰি ফুৰা নানা বীজাণুৰ সংক্ৰমণ হোৱাৰ আশংকা থাকে। পেটৰ অসুখ, জণ্ডিচ, টাইফয়দ আদি বিভিন্ন ৰোগৰ কাৰক এনেবোৰ খাদ্য। ঠিক তেনেদৰে বজাৰৰ ফলমূলবোৰ কিনি অনাৰ পিছত নিমখ পানীত ভালকৈ ধোৱাৰ পিছতহে খোৱাৰ উপযোগী হয়। ঘৰত ৰন্ধা খাদ্যবোৰো ঢাকোনেৰে ঢাকি ৰখা উচিত যাতে খাদ্যত বীজাণুৰ সংক্ৰমণ হ'ব নোৱাৰে। বাহী হোৱা খাদ্য বা এবেলা ৰন্ধা খাদ্য পিছবেলা পৰাপক্ষত নোখোৱাই ভাল। অন্যথা খাদ্যৰ বিষক্ৰিয়া বা ফুড পইজনিং হোৱাৰ সম্ভাৱনা থাকে।

☘️নিয়মিত পৰিষ্কাৰ পানীৰে স্নান কৰিব লাগে। যিসকল ব্যক্তিৰ শৰীৰৰ দুৰ্গন্ধ বা ঘামচিৰ সমস্যা আছে তেওঁলোকে স্নান কৰা পানীত কেইটোপালমান নেমুৰ ৰস দি ল'লে উপকৃত হ'ব। যাত্ৰা কৰি আহি , কোনো কঠোৰ পৰিশ্ৰম কৰাৰ পিছত নাইবা খাই উঠাৰ লগে লগে স্নান কৰা অনুচিত। তেনে কৰিলে শৰীৰত গৰম সোমায় যাৰ বাবে ঘামচি বা পেটৰ অসুখ হোৱাৰ সম্ভাৱনা থাকে।

☘️ গৰমত পাতল, ঢিলা, বতাহ চলাচল কৰিব পৰা কপাহী কাপোৰ পৰিধান কৰা উচিত। চিন্থেতিক কাপোৰ পিন্ধিলে গৰম বেছি লাগে আৰু ছালৰ স্বাস্থ্যৰ বাবে অনুপযোগী। যিসকল ব্যক্তিৰ সূৰ্য্যৰ ৰশ্মিৰ বাবে এলাৰ্জি হয় তেওঁলোকে বাহিৰলৈ যাওঁতে গোটেই দেহ ঢাকি ৰখাকৈ কাপোৰ পৰিধান কৰিব লাগে। বিশেষকৈ হাত ,ভৰি আবৃত কৰি ৰাখিব লাগে। তেওঁলোকৰ বাবে কেলামাইন লোচন, এলভেৰা ক্ৰীম বা জেল  উপকাৰী।শিশুসকলক পৰাপক্ষত কপাহী কাপোৰ পিন্ধাব লাগে কাৰণ তেওঁলোকৰ আলসুৱা ছালত চিন্থেতিক কাপোৰে ক্ষতি কৰিব পাৰে। নবজাত শিশুৰ কাপোৰবোৰ ডেটল দিয়া পানীৰে ধুই বীজাণুমুক্ত কৰিব লাগে।Assamese Health Tips ) 


☘️ শৰীৰৰ গুপ্ত অংগ পৰিষ্কাৰ কৰি ৰখা উচিত। অন্তৰ্বাস ভালকৈ ধুই পিন্ধা উচিত। ৰাতি শোৱাৰ সময়ত বেছি চেপা মৰা অন্তৰ্বাস পিন্ধা উচিত নহয়। গৰমত টান ইলাষ্টিক থকা কাপোৰ  পৰিধান কৰিলে কঁকাল, কৰঙনৰ চুক বা অন্য অংশত ঘাঁ লগাৰ দৰে হয়। তাতে বীজাণুৰ সংক্ৰমণ হৈ খৰ খজুৱতি হোৱাৰ সম্ভাৱনাও নথকা নহয়।

☘️ বাহিৰলৈ যাওঁতে ছাতি লৈ যোৱা উচিত কাৰণ ৰ'দ , বৰষুণ দুয়ো ক্ষেত্ৰত ছাতিয়ে সুৰক্ষা কৰে। যিসকল ব্যক্তি নিতৌ স্কুল, অফিচ বা কৰ্মস্থলী যায় তেওঁলোকে চানগ্লাছ পিন্ধি যাব পাৰে।

☘️ক্লিঞ্জিং, তনিং, মইচাৰাইজিং এই তিনিবিধেৰে ছালৰ যত্ন লোৱা উচিত। বাহিৰলৈ যোৱাৰ আধা ঘণ্টাৰ আগে আগে চানস্ক্ৰীন লোচন বা ছানব্লক লোচন লগাই যোৱা উচিত। ই সূৰ্য্যৰ ক্ষতিকাৰক ৰশ্মিৰ প্ৰভাৱৰ পৰা ছালখনক সুৰক্ষা দিয়ে। তিয়ঁহৰ ৰস, বিলাহীৰ ৰস ,আলুৰ ৰস ব্যৱহাৰ কৰিলে গৰম দিনত হোৱা ছালৰ বিভিন্ন সমস্যা নিৰাময় হয়। গৰমৰ দিনত কেতবোৰ বিশেষ অলংকাৰ পিন্ধিলে বহুতৰে এলাৰ্জি হোৱা দেখা যায়। এলাৰ্জি সৃষ্টি কৰা তেনেবোৰ গহনা এইকেইটা দিনত নিপিন্ধাই শ্ৰেয়।

☘️ গৰম দিনত প্ৰত্যেকে নিজৰ চুলিখিনিৰ যত্ন লোৱা উচিত। কাৰণ এইসময়ত চুলিৰ গুৰিবোৰ ঘামি থকাৰ ফলত চুলি সৰা সমস্যা বৃদ্ধি হয়। সেয়েহে সপ্তাহত দুই তিনিদিন চুলি শ্বেম্পুৰে ধুব লাগে।  যিসকল ব্যক্তিৰ চুলি বেছিকৈ সৰে তেওঁলোকে তিতি থকা চুলি ফণীয়াব নালাগে। চুলি আচোৰা ফনিখন মাজে মাজে ব্ৰাছেৰে ঘঁহি ভালকৈ ধোঁৱা উচিত । কাৰণ ফণী লেতেৰা হলেও চুলিৰ বিভিন্ন সমস্যাই দেখা দিয়ে। চুলিৰ সমস্যা থকা লোকে পিয়াঁজৰ ৰস, এল'ভেৰা, মেথি আদিৰে চুলিৰ পৰিচৰ্যা কৰিব পাৰে।

☘️ গৰমদিনত ৰাতিবোৰ চুটি হয়। সেয়েহে ৰাতি সোনকালে শোৱা আৰু পুৱা সোনকালে উঠাৰ অভ্যাস কৰিব লাগে। ৰাতিপুৱা সোনকালে উঠি যোগ, প্রানায়ম বা খোজকঢ়াৰ অভ্যাস গঢ়িব পাৰিলে ই স্বাস্থ্যৰ বাবে লাভদায়ক হয়।

 🍀🍀 স্বাস্থ্য ৰক্ষাৰ উপৰোক্ত দিহাসমূহৰ উপৰিও গৰমৰ দিনত ল'ব লগা অন্য কেতবোৰ সাৱধানতা হৈছে  :-

🍀পৰিষ্কাৰ পৰিচ্ছন্নতা তথা স্বাস্থ্য ৰক্ষাৰ নীতি নিয়ম সমূহ প্ৰত্যেকেই পালন কৰা উচিত। খাদ্য গ্ৰহণ কৰাৰ আগত, টইলেট যোৱাৰ পিছত বা খাদ্য পৰিবেশন কৰোতে চাবোনেৰে হাত পৰিষ্কাৰ কৰা উচিত। কাৰণ আমাৰ হাতখনে বিভিন্ন বীজাণু কঢ়িয়াই ফুৰে। বিশেষকৈ শিশুসকলক এনেবোৰ নীতি নিয়ম ভালকৈ শিকোৱা উচিত। স্কুলৰ পৰা অহাৰ পিছত ভালকৈ মোক হাত পৰিষ্কাৰ কৰাৰ পিছতহে খাদ্য খাবলৈ দিয়া উচিত।

🍀 ঘৰৰ মজিয়া, বাথৰুম বীজাণুনাশক দ্ৰব্যৰে নিতৌ পৰিষ্কাৰ কৰা উচিত। ঘৰৰ চৌহদ, পানী যোৱা নলা আদিও পৰিষ্কাৰ কৰি ৰাখিব লাগে যাতে মহ, মাখিৰ বংশবৃদ্ধি হব নোৱাৰে। মেলেৰিয়া, ডায়েৰীয়া , টাইফইডদৰ কাৰণ হৈছে এনেবোৰ বাহক। ভঙা পাত্ৰ বা তেনে যিকোনো বস্তুত পানী জমা হবলৈ দিব নালাগে কাৰণ ডেংগু আদি মহৰ বংশ বৃদ্ধি হয়। মাজে সময়ে ঘৰৰ বাহিৰে ভিতৰে ধুনা দিব লাগে। 

🍀  গৰমৰ দিনত মহৰ উপদ্ৰৱ বৃদ্ধি হয় যাৰ বাবে  মেলেৰীয়া, এনকেফেলাইটিছ আদি ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। সেয়েহে ৰাতি শোৱাৰ সময়ত আঁঠুৱাৰ ব্যৱহাৰ কৰা উচিত।

🍀🍀 দিন, ৰাতি, ঋতু পৰিবৰ্তনৰ চক্ৰ বিশ্বব্ৰহ্মাণ্ডৰ নিয়ম। সৃষ্টিৰ আৰম্ভণিৰ পৰাই জীৱশ্ৰেষ্ঠ মানুহে জীৱনসংগ্ৰামত জয়ী হৈ জীয়াই থাকিবলৈ শিকিলে, ঋতু অনুযায়ী থাকিবলৈ শিকিলে, আহাৰ বিহাৰ কৰিবলৈ শিকিলে। আমিও ঋতু অনুযায়ী আহাৰ, বিহাৰ কৰিলে স্বাস্থ্যৱান হৈ থাকিব পাৰো। বৰ্তমান গ্ৰীষ্ম ঋতুৰ বাবে সাজু হোৱাৰ সময়। গ্ৰীষ্মকাল অৱসৰ বিনোদনৰ বাবে উপযুক্ত সময়। সেয়েহে স্কুল কলেজ আদিত প্ৰতিবছৰে জুন জুলাই মাহত গ্ৰীষ্মকালীন বন্ধ দিয়া হয়। বিদেশত গ্ৰীষ্ম ঋতুত সাগৰ, চুইমিং পুল, ৱাটাৰ পার্ক আদিত নানা ধৰণৰ জলক্ৰিয়া হয় । আমাৰ ইয়াতো আজিকালি বিভিন্ন ৱাটাৰ পার্ক আদি গঢ়ি উঠিছে। জুন ,জুলাই মাহৰ গ্ৰীষ্মকালীন অৱসৰ বিনোদনৰ দিনবোৰ উপভোগ কৰক আৰু স্বাস্থ্যবান হৈ থাকক।

#ডাঃ ৰেইনী দেৱী( আয়ুৰ্বেদিক চিকিৎসক)

BAMS ( GU) 

গুৱাহাটী, ফোন- 7399114617


এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in



Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আয়োৰ্বেদিক চিকিৎসক ৰেইনী দেৱী ডাঙৰীয়াণীৰ (যোগাযোগ - ৭৩৯৯১১৪৬১৭)আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages