ইউৰিক এচিড কি, ইয়াৰ লক্ষণ আৰু ঘৰুৱা প্ৰতিকাৰ : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, April 2, 2022

ইউৰিক এচিড কি, ইয়াৰ লক্ষণ আৰু ঘৰুৱা প্ৰতিকাৰ : Assamese Health Tips

 

Assamese Health Tips

ইউৰিক এচিডৰ বাবে কোনবোৰ খাদ্য পৰিহাৰ কৰিব-  


আজিকালি ডায়বেটিচৰ পিছতেই মানুহৰ মাজত ইউৰিক এচিডৰ সমস্যা  খুব খৰকৈ বাঢ়িবলৈ ধৰিছে।ইউৰিক এচিড এক গম্ভীৰ বেমাৰ।Assamese Health Tips ) 

যিটোৰ ওপৰত প্ৰথমতেই  যদি ধ্যান দিয়া নহয় তেতিয়া পিছলৈ গৈ ই আপোনাৰ কাৰণে চিন্তাৰ কাৰণ হৈ পৰিব পাৰে। শৰীৰত ইউৰিক এচিড  বেছি হ'লে  গাঁঠিৰ বিষ,কিডনী স্তৌন, ডায়বেটিচ আদি সমস্যায়ে আমনি  কৰিবলৈ ধৰে।


ইউৰিক এচিড কি?

ইউৰিক এচিডৰ প্ৰায় ঠাইয়েই কিডনীৰ দ্বাৰা ফিল্টাৰ হয়,যি শৌচৰ জৰিয়তে বাহিৰ হৈ যায়। কিন্তু যদি ইউৰিক এচিডৰ মাত্ৰা শৰীৰত বাঢ়ি যায় বা কিডনীয়ে তাক ভালদৰে ফিল্টাৰ কৰিব নোৱাৰে  তেতিয়া তেজত ইউৰিক এচিডৰ মাত্ৰা অধিক হ'বলৈ ধৰে। বাঢ়ি যোৱা ইউৰিক এচিড বা গাউট ডিজীজ্ এক প্ৰকাৰৰ গঠিয়া বেমাৰ। যাৰ বাবে শৰীৰৰ মাংসপেশীত ঘাঁ,বিষ আদি হ'বলৈ ধৰে। এই বিষ শৰীৰৰ বিভিন্ন অংগত হ'ব পাৰে।


ইউৰিক এচিডৰ লক্ষণ -

১/ শুৱাৰ সময়ত ভৰি টানি ধৰা যেন অনুভৱ হোৱা।

২/  গোৰোহা টানি ধৰা।

৩/ভৰিৰ গাঁঠিত বিষ অনুভৱ কৰা।

৪/ বহা আৰু উঠাৰ সময়ত  গোৰোহাত বিষ অনুভৱ কৰা।


ইউৰিক এচিডৰ সমস্যা হ'লে  কেতিয়াও নকৰিব এই বস্তুবোৰৰ সেৱন- 

 ১/খিচমিচ- 

শৰীৰৰ বাবে লাভদায়ক বুলি ভবা খিচমিচে ইউৰিক এচিডৰ ৰোগীৰ  সমস্যা আৰু বেছি বঢ়াব পাৰে। যদি আপোনাৰ ইউৰিক এচিড বাঢ়ি আছে তেতিয়া ভূলতো খিচমিচৰ সেৱন নকৰিব।

২/দৈ-

ইউৰিক এচিডৰ ৰোগীয়ে দৈৰ সেৱন কৰাৰ পৰাও বাচিব লাগে।দৈত থকা প্ৰ'টিন আৰু Trans fat য়ে  শৰীৰত ইউৰিক এচিডৰ মাত্ৰা আৰু বেছি বঢ়াব পাৰে।

৩/জাং ফুড আৰু তেলজাতীয় খাদ্য-

 ইউৰিক এচিড বাঢ়িলে চৌয়া মিল্ক, জাং ফুড আৰু তেলজাতীয় পৰ্দাথৰ সেৱন একেবাৰে নকৰিব। ই শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বঢ়োৱাৰ কাম কৰিব পাৰে।

 ৪/আমিষ খাদ্য-

যদি আপোনাৰ ইউৰিক  এচিড বাঢ়ি আছে তেতিয়া আমিষ খাদ্যৰ সেৱন নকৰিব। আমিষ খাদ্যত প্য়ুৰিণৰ মাত্ৰা অধিক হৈ যায় যাৰ বাবে শৰীৰত ইউৰিক  এচিডৰ মাত্ৰা অধিক হৈ যাব পাৰে।Assamese Health Tips ) 


৫/ ফুলকবি, বন্ধাকবি আৰু  মচৰুম-

পাচলিক শৰীৰৰ বাবে ভাল বুলি কোৱা হয়। কিন্তু যদি আপোনাৰ ইউৰিক  এচিড বাঢ়ি আছে তেতিয়া ফুলকবি, বন্ধাকবি আৰু মচৰুম আদি বস্তুৰ সেৱন কৰাতো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক।

এই সকলো পাচলিতে প্য়ুৰিণৰ মাত্ৰা অধিক থাকে। ইয়াৰ সেৱনৰ ফলত শৰীৰত ইউৰিক এচিডৰ মাত্ৰা অধিক হৈ যাব পাৰে। 


 ৬/বাদাম-

বাদাম সেৱন সেইসকল লোকে কৰিব নালাগে যিসকলৰ গাঁঠিয়া, গাউটৰ  সমস্যা আছে। এইয়া এইকাৰণে , কাৰণ ইয়াৰ দ্বাৰা ইউৰিক এচিডৰ সমস্যা  বাঢ়ি যাব পাৰে।

 ৭/মদ-

যদি আপোনাৰ ইউৰিক এচিড বাঢ়ি আছে তেতিয়া মদ বা এলকহল সেৱন  বন্ধ কৰি দিয়ক। মদত প্য়ুৰিণৰ মাত্ৰা বহুত থাকে ,যি ইউৰিক এচিডৰ মাত্ৰা  বঢ়াই তুলিব পাৰে।


ইউৰিক এচিডক দূৰ কৰাৰ ঘৰুৱা উপায়-

 ১/জিৰাৰ পানী-

জিৰাৰ পানীয়ে ইউৰিক এচিডক কম কৰাত সহায় কৰে। ইয়াক বনাবৰ বাবে এগিলাচ পানীত  এচামুচ জিৰা মিলাই  ৰাতিটো তিয়াই থব। তাৰ পাছত তাক খালী পেটত সেৱন কৰক। সদায়ে ইয়াৰ সেৱন কৰিলে সপ্তাহতে আপুনি  ইয়াৰ উপকাৰ দেখিবলৈ পাব।

২/আদা-

আদায়েও আপোনাৰ বাঢ়ি থকা  ইউৰিক এচিডক কমোৱাত সহায় কৰে। ইয়াৰ বাবে আদাৰ  ৰস  বা চাহৰ সৈতে মিলাই সেৱন কৰিব লাগে। ইয়াৰ উপৰিও আদাৰ তেলেৰে মালিচ কৰিলে বিভিন্ন বিষ তথা আঘাতৰ পৰা   পৰিত্ৰাণ  পাব পাৰি।

 ৩/নহৰু-

 ইউৰিক এচিডক কন্ট'ল কৰিবৰ বাবে  নহৰুৰ ২/৩ ফুটা সদায় সেৱন কৰিব লাগে।

৪/নেমু-

 কুহুমীয়া পানীত  নেমু দি খালে ইউৰিক এচিড সোনকালে কন্ট'ল হয়।


এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in



বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


No comments:

Post a Comment

Advertisement

Pages