পেটৰ সমস্যা সমাধানৰ উপায়: Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, April 18, 2022

পেটৰ সমস্যা সমাধানৰ উপায়: Assamese Health Tips

Assamese Health Tips

পেট খোলোচা নোহোৱা বা শৌচ অতি কঠিন হোৱা বিকাৰ বা গেছৰ বাবে যদি চিন্তিত হৈ আছে তেনেহলে কৰক এই চাৰিটা কাম।(Assamese Health Tips)


আজিৰ দিনত কেৱল খোৱা বোৱাৰ বাবেই অধিক সংখ্যক লোকে পেট খোলোচা নোহোৱা আৰু গেছৰ সমস্যাত ভুগি আছে । এই সমস্যা সমূহৰ বাবেই মানুহে বহুত চিন্তিত হব লগীয়া হয়। 


ইয়াৰ বাবে মানুহৰ শাৰীৰিক আৰু মানসিক ভাৰসাম্য হেৰাই যায় আৰু মানুহে অসুস্থ অনুভৱ কৰি থাকে । 


আজি এনেকুৱা কেইটামান কামৰ বিষয়ে কম যি কেইটা কৰি আপুনি পেট খোলোচা নোহোৱা আৰু গেছৰ পৰা পৰিত্ৰাণ পাব পাৰে । 



১. খালি পেটত পানী খাওঁক - যদি আপুনি পেট খোলোচা নোহোৱা আৰু গেছৰ অসুবিধাত ভুগি আছে তেনেহলে প্ৰত্যেক দিনাই ৰাতিপুৱাৰ সময়ত খালি পেটত পানী খাওঁক । 


খালি পেটত পানী খালে আপোনাৰ শৰীৰটোৱে সঠিক ভাৱে কাম কৰিব । ইয়াৰ পৰা আপোনাৰ পেট খোলোচা নোহোৱা আৰু গেছৰ সমস্যা নহ'ব আৰু আপোনাৰ শৰীৰটো ও শক্তিশালী হৈ থাকিব । এই কামটো আপুনি সদায় কৰক , অতি সোনকালেই আপুনি ফল দেখিবলৈ পাব । (Assamese Health Tips)



২. ভিটামিন চি যুক্ত আহাৰ গ্ৰহণ কৰক - যদি আপুনি পেট খোলোচা নোহোৱা আৰু গেছৰ অসুবিধাত ভুগি আছে তেনেহলে প্ৰত্যেক দিনাই আপুনি ভিটামিন চি যুক্ত খাদ্য গ্ৰহণ কৰক । কিয়নো ভিটামিন চি যুক্ত খাদ্যই শৰীৰ পাচন তন্ত্ৰক অধিক মজবুত কৰি তোলে ।


 ইয়াৰ দ্বাৰা হজম শক্তি বাঢ়ি যায় আৰু তেতিয়া পেট খোলোচা নোহোৱা আৰু গেছৰ অসুবিধা সমূহ লাহে লাহে নাইকীয়া হৈ যাবলৈ ধৰে । সেইবাবে আপুনি এই কাম সদাই কৰক । ভিটামিন চি ৰ বাবে আপুনি নেমু টেঙা , আনাৰস , কমলা আদি খাব পাৰে । 




৩. পদিনা খাওঁক - পদিনাত এনে কিছুমান মিনাৰেল আৰু ভিটামিন থাকে যিবোৰে পেটৰ লেতেৰা সমূহ চাফা কৰাত সহায় কৰে । ইয়াৰ বাবে মানুহৰ পেট চফা হৈ থাকে আৰু পাচন তন্ত্ৰই ভালকৈ কাৰ্য কৰে । 


ইয়াৰ দ্বাৰা গেছৰ সমস্যা লাহে লাহে ভাল হ'বলৈ ধৰে আৰু মানুহৰ শৰীৰটোও ভাল হৈ থাকে । সেইবাবে সকলো মানুহেই প্ৰত্যেক দিনাই পদিনা খাব লাগে । 



৪.নাৰিকলৰ পানী খাওঁক - যদি আপুনি পেট খোলোচা নোহোৱা আৰু গেছৰ অসুবিধাত ভুগি আছে তেনেহলে প্ৰত্যেক দিনাই আপুনি নাৰিকলৰ পানী খাওঁক । কাৰণ নাৰিকলৰ পানীত Antioxidant ৰ গুণ থাকে যিয়ে শৰীৰটোক শক্তি প্ৰদান কৰাৰ লগতে পেটটোও চাফা কৰি ৰাখে । 


ইয়াৰ পৰা আপোনাৰ পেট চফা হ'ব আৰু পেট খোলোচা নোহোৱা আৰু গেছৰ সমস্যাৰ পৰা লাহে লাহে পৰিত্ৰাণ পাবলৈ ধৰিব । সেইবাবে এই কামটো আপুনি সদায় কৰক আৰু ইয়াৰ পৰা আপোনাৰ শৰীৰটোও ভাল হৈ থাকিব।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

(Assamese Health Tips)



বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 





No comments:

Post a Comment

Advertisement

Pages