হাড়ৰ বিষত কৰক এই তিনিটা কাম: Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, April 17, 2022

হাড়ৰ বিষত কৰক এই তিনিটা কাম: Assamese Health Tips

Assamese Health Tips

আপোনাৰ হাড়ৰ বিষ আছে নেকি? যদি আছে তেন্তে কৰক এই তিনিটা কাম।(Assamese Health Tips)



বৰ্তমান যুগত এনেকুৱা বহু মানুহ আছে যাৰ হাড়ৰ বিষ আছে। হাড়ৰ বিষৰ ফলত বহুতৰে শাৰীৰিক আৰু মানসিক ভাৰসাম্য হেৰাই যায় আৰু নিজকে অসুস্থ অনুভৱ কৰে। 


আজি আমি আপোনালোকক এনে কেইটামান কামৰ বিষয়ে কম যিকেইটা কৰিলে হাড়ৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি। এতিয়া জানো আহঁক।


১. ভিটামিন ডি যুক্ত খাদ্য গ্ৰহণ কৰক- যদি আপোনাৰ হাড়ৰ বিষৰ সমস্যা আছে তেন্তে ভিটামিন ডি যুক্ত খাদ্য গ্ৰহণ কৰক । কাৰণ শৰীৰত ভিটামিন ডিৰ পৰিমাণ কমিলে হাড়ৰ বৃদ্ধিত বাধা আহি পৰে।

যাৰ ফলত হাড়ত বিষ আৰম্ভ হয় আৰু ব্যক্তিজনে অসুস্থ অনুভৱ কৰিবলৈ লয়। ভিটামিন ডিৰ বাবে আপুনি কণী, গাখীৰ আদি খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰে। এইবোৰত ভিটামিন ডি ৰ পৰিমাণ অধিক থাকে।



২. কেলছিয়াম যুক্ত খাদ্য গ্ৰহণ কৰক - যদি আপোনাৰ হাড়ৰ বিষৰ সমস্যাই দেখা দিছে তেন্তে আপুনি কেলছিয়াম যুক্ত আহাৰ গ্ৰহণ কৰক। (Assamese Health Tips)

কাৰণ আমাৰ শৰীৰত কেলছিয়ামৰ অভাৱে হাড়ৰ বিষ উৎপন্ন কৰে আৰু ব্যক্তিজনক ভাগৰুৱা আৰু অসুস্থ অনুভৱ কৰায়।

কেলছিয়ামৰ বাবে আপুনি গাখীৰ,বাদাম আদি খাব পাৰে। এইবোৰত কেলছিয়ামৰ পৰিমাণ অধিক পোৱা যায়।



৩. নিয়মীয়াকৈ ব্যায়াম কৰক - হাড়ৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ নিয়মীয়াকৈ ব্যায়াম কৰক । কাৰণ ব্যায়াম কৰিলে আমাৰ শৰীৰৰ মাংসপেশীবোৰত হেঁচা প্ৰয়োগ হয় । 

যাৰ ফলত শৰীৰত তেজৰ প্ৰবাহ সঠিক ভাবে হয় । যাৰ ফলত মানুহে হাড়ৰ বিষৰ সমস্যাৰ পৰা পৰিত্ৰাণ পায়। সেইবাবে যদি কোনো ব্যক্তিৰ হাড়ৰ বিষৰ সমস্যা আছে তেন্তে তেওঁ এই কাম কৰাটো অতি প্ৰয়োজন। 

আপুনি ইচ্ছা কৰিলে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসকৰ সহায় ল'ব পাৰে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

(Assamese Health Tips)



বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 




No comments:

Post a Comment

Advertisement

Pages