এই ৫ বিধ খাদ্য সামগ্রীয়ে বিনষ্ট কৰে দাঁতৰ সৌন্দর্য্য : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, April 1, 2022

এই ৫ বিধ খাদ্য সামগ্রীয়ে বিনষ্ট কৰে দাঁতৰ সৌন্দর্য্য : Assamese Health Tips

Assamese Health Tips


সকলোৱে নিজৰ দাঁতকেইটা পৰিষ্কাৰ বগা হৈ থকাটো বিচাৰে। কেতিয়াবা কিবা খাদ্য বস্তু খোৱাৰ পাছত দাঁতবোৰত দাগ লাগে আৰু সৌন্দর্য্য হ্ৰাস হবলৈ ধৰে লগতে তেনে ব্যক্তিয়দ হাঁহিবলেও সংকোচ কৰে। যদি এনে হয়, কিছুমান খাদ্য বস্তু পৰিত্যাগ কৰি দাঁতৰ সৌন্দর্য্য বৃদ্ধি অৱনতি হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে। ( Assamese Health Tips )


দাঁতৰ সৌন্দর্য্য বিনষ্ট কৰিব পৰা ৫ বিধ খাদ্য সামগ্রী-


১/চাহ-

শীতকাল বা গ্ৰীষ্মকালীনে হওঁক, সকলোৱে চাহ খায় ভাল পায়। অৱশ্যে শীতকালীন মামুহৰ চাহ খোৱা অলপ বাঢ়ি যায়। কিন্তু এয়া বিশ্বাস কৰা হয় যে, চাহ দাঁতৰ বাবে ভাল নহয়। কফিতকৈ দাঁতৰ ওপৰত চাহৰ অধিক প্ৰভাৱ পৰে। কিয়নো ই দাঁতৰ বাহিৰৰ স্তৰ ক্ষতিগ্রস্ত কৰে। ইয়াৰ ফলত দাঁতবোৰ হালধীয়া হবলৈ ধৰে। 


২) চকলেট-

মিঠাই ভালপোৱা লোকসকলে জনাটো উচিত যে, অত্যাধিক মিঠা খোৱাটো দাঁতৰ বাবে ভাল নহয়। ইয়াৰ ফলত জিভাৰ ৰং সলনি হয়, লগতে চকলেট বা টফীৰ ফলটো দাঁতত দাগ পৰে। যদি আপুনি যথেষ্ট টফী বা চকলেট খায়, তেন্তে ইয়াক হ্ৰাস কৰক। ( Assamese Health Tips )


৩) চচ-

বিলাহী, জলকীয়া আদিৰ চচ খাবলৈ অতি সুস্বাদু। কিন্তু গাঢ় ৰংৰ চচে দাঁত নষ্ট কৰিব পাৰে। সেয়হে দাঁত সুৰক্ষিত কৰিবলৈ পাতল ৰংৰ আৰু ক্ৰীমি চচ খাব লাগে, আৰু সেইবোৰ খোৱাৰ লগে লগে ব্ৰাছ কৰি ধুই পেলাব লাগে। 


৪/শীতল পানীয়-

উচ্চ পৰিমাণৰ এচিড থকা শীতল পানীয়ও দাঁতৰ বিপদাংশক বৃদ্ধি কৰে। শীতল পানীয়বোৰত দাঁত বা আলুৰ স্তৰ ক্ষতিগ্রস্ত কৰে। সেয়হে শীতল পানীয়ৰ ব্যৱহাৰ হ্রাস কৰিব লাগে। 


৫/ফল-

কিছুমান বিশেষ ফল আছে, যাৰ ফলত দাঁতৰ অৱনতি হবলৈ ধৰে। বহুতো ফল যেনে-  ব্লুবেৰী, ব্লেকবেৰী, চেৰীয়ে দাঁতত দাগ পেলায়। সেয়হে ইয়াৰ এক ভাল সমাধান হৈছে, এই ফল খোৱাৰ সলনি ইয়াৰ ৰস সেৱন কৰা।(সংগ্ৰহিত)।


এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in


বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰেখামনি চাৰিঙীয়াৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো গল্প কবিতা ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Assamese Health Tips )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages