মনি প্লাণ্ট ৰুৱাৰ প্ৰকৃত বাস্তু পদ্ধতি বা উপায় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, April 19, 2022

মনি প্লাণ্ট ৰুৱাৰ প্ৰকৃত বাস্তু পদ্ধতি বা উপায় : Assamese Fact

Assamese Fact

মনি প্লান্ট মানে ধনৰ গছ। এই গছজোপা ঘৰত থাকিলে শুভ বুলি ধৰা হয়। (Assamese Fact)



 ইয়াৰ ফলত ঘৰলৈ সুখ সমৃদ্ধি আহে আৰু পৰিয়ালৰ সকলোৰে মাজত প্ৰেম ভাৱ অটুত হৈ থাকে।পৰিয়ালৰ সকলোৰে স্বাস্থ্য ভালে থাকে আৰু ধনৰ আগমন হয়।

 এই গছজোপা বহুত লাকী বুলি ধৰা হয়। কিন্তু এনেকুৱা নহয় যে যাৰ ঘৰত মনি প্লান্ট আছে তাত সুখ সমৃদ্ধি বৃদ্ধি হ'ব।


কেতিয়াবা এনেকুৱা দেখা যায় যে কিছুমানৰ বাগিচাত বাৰাণ্ডাত বহুত মনি প্লান্ট আছে কিন্তু সেই ঘৰখনৰ আৰ্থিক স্থিতি ইমান ভাল নহয়। এনেকুৱা কিয় হয় ? 

 আজি আমি আপোনালোকক মনি প্লান্টৰ বিষয়ে বিশেষ কিছুমান কথা ক'ব বিচাৰোঁ যে মনি প্লান্ট কেনেকৈ ৰুব ক'ত ৰুব আৰু ক'ত ৰুলে বেয়া সকলো কথা আজি জানো আহঁক




১. যেতিয়া আপুনি মনি প্লান্ট ৰুৱে । নাৰ্চাৰীৰ পৰা আনি ৰুৱা মনি প্লান্টে ইমান ফল নিদিয়ে । যিমান কাৰোবাৰ ঘৰৰ পৰা আনি ৰুলে ফল পায়। 

বিশেষকৈ যদি আপুনি সুখ সমৃদ্ধিৰ থকা কোনো ব্যক্তিৰ ঘৰৰ পৰা আনি ৰুৱে তেতিয়া মনি প্লান্ট যিমানে বাঢ়িব সিমানে আপোনাৰ ঘৰতো সুখ সমৃদ্ধি বৃদ্ধি হ'ব।



২. বিশেষকৈ যদি বুধবাৰ হয় আৰু সেই দিনা মনি প্লান্ট ৰুৱা হয় তেতিয়া বহুত শুভ বুলি কোৱা হয়। সেই কাৰণে মনি প্লান্ট ৰুলে বুধবাৰে ৰুৱ লাগে।



৩. মনি প্লান্ট থোৱা বা ৰুৱা সঠিক দিশতো হৈছে দক্ষিণ-পূৱ দিশ। দক্ষিণ-পূৱ দিশৰ দেৱতা গণেশ আৰু এই দিশৰ প্ৰতিনিধিত্ব শুক্ৰ গ্ৰহে কৰে। অৰ্থাৎ শুক্ৰ গ্ৰহক ধন , সুখ সমৃদ্ধিৰ গ্ৰহ বুলি কোৱা হয়। (Assamese Fact)



৪. মনি প্লান্ট যি হ'লেও উত্তৰ-পূৰ্ব দিশত ৰুৱ নালাগে। কাৰণ সেই দিশৰ স্বামী বৃহস্পতি গ্ৰহ বুলি কোৱা হয় আৰু মনি প্লেন্ট শুক্ৰ গ্ৰহৰ প্ৰতিনিধিত্ব কৰে।




৫. বৃহস্পতি গ্ৰহ ,শুক্ৰ গ্ৰহৰ শত্ৰুৰ । সেই কাৰণে সেই দিশত মনি প্লান্ট ৰুলে পৰিয়ালত হাই-কাজিয়া হয়। স্ত্ৰী আৰু স্বামীৰ সম্পৰ্ক বেয়া হয় ।মনি প্লেন্ট আপুনি ঘৰৰ চতত থব পাৰে বাৰাণ্ডাৰ থব পাৰে কিন্তু কেতিয়াও শুৱনি কোঠাত থব নালাগে।



৬. যদি আপুনি নতুন চাকৰি বিচাৰি আছে বা ধনৰ আগমন আপোনাৰ জীৱনলৈ হোৱা নাই তেতিয়া আপুনি আপোনাৰ ঘৰৰ উত্তৰ দিশত নীলা ৰঙৰ বটলত পানীত মনি প্লান্ট ৰুৱক।এনেকে কৰা পাছত যিমানে মনি প্লান্ট জোপা বাঢ়ি গৈ থাকিব সিমানে আপোনাৰ ধনৰ আগমন বা ইনকমৰ ৰাস্তা উলাব।



৭. মনি প্লান্ট কেতিয়াও ঘৰৰ বাহিৰত ৰুৱ নালাগে। যেনেকৈ আমি পইচা মানুহে নেদেখা কৈ থওঁ তেনেকৈ মনি প্লান্ট জোপা ও অহা যোৱা মানুহে নেদেখাকৈ থব লাগে। নহ'লে যিমান ধনৰ আগমন হ'ব সকলো বাহিৰলৈ যাবলৈ ধৰিব।



৮. মানুহে মনি প্লান্ট ৰুৱে যদি সেইবোৰ তললৈ উলমি থাকে বা মাটিত ৰুলে পৰি থাকে তেতিয়া তাৰ ফল পোৱা নাযায়। সেই কাৰণে তাক সদায় ওপৰলৈ যোৱাকৈ মাৰি বা ৰছীয়ে বান্ধি দিব লাগে।



৯.মনি প্লান্ট সদায় ২,৪ নহ'বা ৪,৬ জোপাকৈ পাৰিলে ৰুব লাগে। কেতিয়াও ১,৩,৫ জোপা ৰুব নালাগে । অৰ্থাৎ অমিলকৈ ৰুব নালাগে। যদি মনি প্লান্ট জোপা শুকাই যায় তাক লগা লগ সলাই বেলেগ ৰুব লাগে।



১০. যদি আপুনি মনি প্লান্ট টাবত ৰুৱে । তেতিয়া পাৰে যদি সেউজীয়া ৰঙৰ টাবত ৰুব লাগে আৰু যদি পানীৰ টাবত ৰুৱে তাত অলপ চেনি মিলাই দিব লাগে।চেনিয়ে শুক্ৰ গ্ৰহক প্ৰতিনিধিত্ব কৰে।তাৰ ফলত সুখ সমৃদ্ধি বৃদ্ধি হয়। মনি প্লান্ট জোপাত পানী দিওঁতে অলপ গাখীৰ মিলাব লাগে আৰু মনি প্লান্ট জোপাত দিব লাগে যাৰ ফলত মনি প্লান্ট জোপা আৰু লাকী হৈ পৰে বুলি কোৱা হয়।  



এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

(Assamese Fact)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 

No comments:

Post a Comment

Advertisement

Pages