ৰাতিপুৱা খালী পেটত তামৰ পাত্ৰত পানী খোৱাৰ লাভালাভ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, April 18, 2022

ৰাতিপুৱা খালী পেটত তামৰ পাত্ৰত পানী খোৱাৰ লাভালাভ : Assamese Fact

Assamese Fact

ভাৰতৰ বহুলোকে তামৰ বাচন ব্যৱহাৰ কৰে কিয়নো তেওঁলোকে বিশ্বাস কৰে যে এনে কৰাটো স্বাস্থ্যৰ বাবে উপকাৰী। (Assamese Fact)


আয়ুৰ্বেদেও এই কথাটোৱে কয় যে ৰাতিপুৱা খালী পেটত তামৰ পাত্ৰৰে পানী খোৱাটো যথেষ্ট উপকাৰী। ই শৰীৰৰ বহুতো সমস্যা আঁতৰাই ৰখাত সহায় কৰে।


১.ৰাতিপুৱা খালী পেটত তামৰ পাত্ৰত (Copper Pot) পানী খোৱাৰ লাভালাভ - স্বাস্থ্যৱান শৰীৰৰ বাবে তাম এক অত্যাৱশ্যকীয় খনিজ। যি আইৰনৰ সৈতে মিলি তেজ, ৰোগ প্ৰতিৰোধ ক্ষমতা, স্নায়ুতন্ত্ৰ আৰু হাড় স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। 

আপুনি তামৰ পাত্ৰত গোটেই নিশাটো বা কমেও ৮ ঘণ্টা পানী থৈ দিয়ক আৰু পুৱা উঠি খালী পেটত এই পানী খাওঁক।



২.ই পানী পৰিষ্কাৰ কৰে -  পানী পৰিষ্কাৰ কৰাত তাম উপকাৰী বুলি গণ্য কৰা হয়। বিজ্ঞানে কৈছে যে কপাৰ অৰ্থাৎ তামত বেক্টেৰিয়া নাশ কৰা এণ্টিবেক্টেৰিয়েল গুণ পোৱা যায়। যেতিয়া আপুনি তামৰ পাত্ৰত পানী ৰাখে, তেতিয়া তামে পানীত থকা ক্ষতিকাৰক বেক্টেৰিয়া আঁতৰ কৰি পানী বিশুদ্ধ কৰে।(Assamese Fact)


 
৩.গাঁঠি-আঁঠুৰ বিষৰ পৰা সকাহ - যদি আপোনাৰ গাঁঠি বা আঁঠুত বিষ হয়, তেন্তে খালী পেটত তামৰ পাত্ৰত ৰখা পানী খাওঁক। কিয়নো, তামত প্ৰদাহ-প্ৰতিৰোধী (Anti-inflammatory) গুণাগুণ থাকে। যিয়ে শৰীৰত বিষ সৃষ্টিকাৰী প্ৰদাহক দূৰ কৰাত আৰু গাঁঠি আৰু আঁঠুৰ বিষ উপশম কৰাত সহায় কৰে।



৪. ওজন হ্ৰাস কৰাত সহায়ক - শৰীৰত থকা চৰ্বিৰ বাবে তাম অতি গুৰুত্বপূৰ্ণ। তামে চৰ্বি কোষবোৰ (Fat Cells) ভাঙি শক্তিলৈ ৰূপান্তৰ কৰে। সেয়েহে, ৰাতিপুৱা তামৰ পাত্ৰত পানী খালে ওজন হ্ৰাস কৰাত সহায় কৰে। ওজন হ্ৰাস কৰিব বিচাৰা লোকসকলে নিশ্চিতভাৱে তামৰ পাত্ৰত ৰখা পানী খাব লাগে।


 
৫.মগজুৰ বাবে স্বাস্থ্যকৰ - মগজুৰ বাবে তাম অতি গুৰুত্বপূৰ্ণ। কিয়নো, তামে মগজুত থকা নিউৰোট্ৰেন্সমিটাৰবোৰ (Neurotransmitter) নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ই আপোনাক পাৰ্কিনছন, আলঝেইমাৰৰ দৰে মগজুৰ ৰোগৰ পৰা আঁতৰাই ৰখাৰ, লগতে স্মৃতিশক্তিও শক্তিশালী কৰে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

(Assamese Fact)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 



No comments:

Post a Comment

Advertisement

Pages