বাওঁ চকু লৰাতো কিহৰ লক্ষণ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, April 2, 2022

বাওঁ চকু লৰাতো কিহৰ লক্ষণ : Assamese Fact

Assamese Fact


আমি কেতিয়াবা ভাৱি আচৰিত হওঁ, আমাৰ চকু লৰে কিয়! চকু লৰাৰ আঁৰত বিজ্ঞানসন্মত কাৰণ থকাৰ সমান্তৰলৈকে কিছুমান জ্যোতিষ বিষয়ৰ কাৰণো জড়িত হৈ আছে। এই কাৰণ সমূহ আৰু ইয়াৰ অৰ্থ সমূহ জানি আপুনি আচৰিত হৈ পৰিব পাৰে। ( Assamese Fact )


অংগ জ্যোতিষ অনুসৰি আমাৰ দেহৰ প্ৰত্যেকটো অংগৰ ক্ৰিয়াকলাপে এটা নিদিষ্ট অৰ্থ বহন কৰে। সেই অনুসৰি আমাৰ চকুৰ লৰাৰ লগতো কিছু অৰ্থ জড়িত আছে। 


সমুদ্র শাস্ত্ৰ অনুসৰি পুৰুষৰ বাওঁ চকু লৰাতো এটা শুভ লক্ষণ। এই শাস্ত্ৰ অনুসৰি পুৰুষৰ বাওঁ চকু লৰা ঘটনাটোৱে ইয়াকে বুজাই যে, সেই পুৰুষজনৰ লগত কিবা এটা ভাল হবলৈ গৈ আছে বা তেওঁৰ আশা আকাংক্ষাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। তদুপৰি তেওঁ কৰ্মক্ষেত্ৰ বা ব্যৱসায়িক ক্ষেত্রত পদোন্নতি লাভ কৰাৰ সম্ভাৱনা থাকে। পিছে এইখিনিতে উল্লেখ কৰাটো প্ৰয়োজনীয় যে, যদিহে পুৰুষৰ বাওঁ চকুৰ পতা বা চেলাউৰি লৰে, তেন্তে সেয়া অশুভ বুলি কোৱা হয়। আৰু এনে হলে কোনো পুৰণি শক্ৰৰ দ্বাৰা হানিৰ সম্ভাৱনা থাকে। ( Assamese Fact )


চকু লৰাৰ আঁৰত বিজ্ঞানসন্মত কাৰণ আছে। চকু লৰাতো এটা অতি স্বাভাৱিক পৰিঘটনা। মূলতঃ ভাগৰুৱা অনুভৱ, টোপনি ক্ষতি, চাহ বা কফিৰ অত্যধিক সেৱন, কম পোহৰত বেছি সময় থাকিলে, দেৰিলৈকে কম্পিউটাৰ আদি চাই থাকিলে, চকু লৰা পৰিঘটনাটো হব পাৰে। (সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰেখামনি চাৰিঙীয়াৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো গল্প কবিতা ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Assamese Fact )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages