মহাকাশৰ আচৰিত ৰহস্য : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, April 2, 2022

মহাকাশৰ আচৰিত ৰহস্য : Assamese Fact

Assamese Fact


আজি মহাকাশৰ নহয় অলপ ভূগোলৰ কথা পঢ়িব লাগিব। কেতিয়াবা মহাকাশৰ কথা জানিবলৈ পৃথিৱীৰ ভূগোল জানিব লাগিব। তেতিয়াহে ৰহস্যবোৰ বুজি পাব।Assamese Fact ) 


৩ জানুৱাৰী দিনা মই এটা সৰু লেখা দিছিলোঁ যে ৩ জানুৱাৰী দিনা সূৰ্য্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব একেবাৰে কম হয়, যাক অনুসূৰ (Perihelion) বোলে আৰু ৪ জুলাই দিনা সূৰ্য্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব বেছি হয় যাক অপসূৰ (Aphelion) বোলে। ৪ জুলাই অপসূৰৰ দিনাতকৈ ৩ জানুৱাৰী অনুসূৰৰ দিনা আমি ৪৮ লাখ কিলোমিটাৰ সূৰ্য্যৰ ওচৰলৈ গুচি যাওঁ।


কিন্তু দেখা যায় ৩ জানুৱাৰী দিনা সূৰ্য্য আমাৰ ওচৰত থাকে যদিও ভাৰতত ঠাণ্ডা পৰে আৰু ৪ জুলাই দিনা সূৰ্য্য আমাৰ পৰা দূৰত থাকে যদিও তেতিয়া ভাৰতত খুব গৰম পৰে। ইয়াৰ কাৰণ কি বাৰু!


প্ৰথমেই কওঁ সূৰ্য্য আৰু পৃথিৱীৰ দূৰত্বৰ বাবে পৃথিৱীত গৰম-ঠাণ্ডা দিন নহয়। তেন্তে কিয় হয় বাৰু! কিয় হয় জনা আগত আমি অলপ ভূগোলৰ সৰু সৰু কথা দুটামান জানিব লাগিব।

Assamese Fact

ফটোত দিয়া গোলকটো মন কৰক। পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰুক সংযোগী ৰেখাডালক পৃথিৱীৰ অক্ষ বোলে। যাৰ ওপৰত ভিত্তি কৰি পৃথিৱী ঘূৰে আৰু দিন ৰাতি হয়। এই অক্ষডাল চিধা নহয় অলপ বেঁকা। এতিয়া যদি আমি পৃথিৱীৰ মাজেৰে এডাল ৰেখা কল্পনা কৰো সেই কাল্পনিক ৰেখাডালৰ লগত এই পৃথিৱীৰ অক্ষডালে ২৩.৫ ডিগ্ৰী কোণ এটা সৃষ্টি কৰে। ইয়াৰ অৰ্থ এইয়ে যে পৃথিৱীখন ২৩.৫ ডিগ্ৰীকৈ এটা ফালে সদায় হাউলি থাকে।


এতিয়া মন কৰক পৃথিৱীৰ মাজেৰে পঠালিকে এডাল ৰেখা গৈছে যাক বিষুৱ ৰেখা বোলে। এই বিষুৱ ৰেখা একদম পৃথিৱীৰ মাজেৰে গৈছে সেইবাবে ইয়াক শূণ্য ডিগ্ৰী বুলি ধৰা হয়। বিষুৱ ৰেখাৰ পৰা ২৩.৫ ডিগ্ৰী ওপৰত (উত্তৰ ফালে) এডাল ৰেখা গৈছে যাক কোৱা হয় কৰ্কট ক্ৰান্তি।

তেনেকৈ বিষুৱ ৰেখাৰ পৰা ২৩.৫ ডিগ্ৰী তলত (দক্ষিণ ফালে) এডাল ৰেখা গৈছে যাক কোৱা হয় মকৰ ক্ৰান্তি।


বিষুৱ ৰেখাৰ ওপৰৰ (উত্তৰৰ) ভাগচোৱাক কোৱা হয় উত্তৰ গোলাৰ্ধ আৰু তলৰ (দক্ষিণৰ) ভাগচোৱাক কোৱা হয় দক্ষিণ গোলাৰ্ধ। সেইদৰে পৃথিৱীৰ উত্তৰত আছে উত্তৰ মেৰু আৰু দক্ষিণত আছে দক্ষিণ মেৰু।


আকৌ গোলকতো চালে দেখিব উত্তৰ গোলাৰ্ধৰে গৈছে কৰ্কট ক্ৰান্তি আৰু দক্ষিণ গোলাৰ্ধৰে গৈছে মকৰ ক্ৰান্তি। আৰু আমাৰ ভাৰত কোন গোলাৰ্ধত আছে আৰু ভাৰতৰ মাজেৰে কি ক্ৰান্তি গৈছে আকৌ এবাৰ মন কৰক।

হয় ভাৰত আছে উত্তৰ গোলাৰ্ধত আৰু ভাৰতৰ মাজেৰে গৈছে কৰ্কট ক্ৰান্তি। এইটো সদায় একেই থাকে সলনি নহয়।


এতিয়া আমি আৰু এটা কথা জানিব লাগিব যে সূৰ্য্য পূবত উদয় হৈ পশ্চিমত মাৰ যায় যদিও সূৰ্য্যটো বছৰৰ সকলো দিনত সম্পূৰ্ণ মাজেৰে পূবৰ পৰা পশ্চিমলৈ নাযায়। সূৰ্য্যটো ছমাহ অলপ উত্তৰ ফালে গৈ পূবত উদয় হৈ পশ্চিমত মাৰ যায় আৰু ছমাহ অলপ দক্ষিণ ফালে গৈ পূবত উদয় হৈ পশ্চিমত মাৰ যায়।


যেতিয়া সূৰ্য্যটো অলপ উত্তৰ ফালে গৈ পূবত উদয় হৈ পশ্চিমত মাৰ তেতিয়া সূৰ্য্যৰ পোহৰ উত্তৰ গোলাৰ্ধৰ কৰ্কট ক্ৰান্তিৰ  ওপৰত উলম্ব ভাবে পৰে আৰু ইয়াক কোৱা হয় উত্তৰায়ন; আৰু যেতিয়া সূৰ্য্যটো অলপ দক্ষিণ ফালে গৈ পূবত উদয় হৈ পশ্চিমত মাৰ তেতিয়া সূৰ্য্যটো দক্ষিণ গোলাৰ্ধৰ মকৰ ক্ৰান্তিৰ ওপৰত উলম্ব ভাবে পৰে আৰু তাক কোৱা দক্ষিণায়ন।


ভাৰতত অৰ্থাৎ উত্তৰ গোলাৰ্ধত উত্তৰায়ন হয় ২২ ডিচেম্বৰৰ পৰা ২১ জুনলৈকে আৰু দক্ষিণায়ন হয় ২২  জুনৰ পৰা ২১ ডিচেম্বৰলৈকে।

২১ জুনৰ পাছত ক্ৰমান্বয়ে সূৰ্য্যটো দক্ষিণলৈ আহি থাকে তেনেকৈ ২১ ডিচেম্বৰৰ পাছত ক্ৰমান্বয়ে সূৰ্য্যটো উত্তৰলৈ গৈ থাকে।


যিডাল ক্ৰান্তিৰ ওপৰত সূৰ্য্যৰ পোহৰ উলম্ব ভাবে পৰে সেই গোলাৰ্ধত গৰম দিন হয় আৰু তাৰ বিপৰীত গোলাৰ্ধত ঠাণ্ডা দিন হয়। পৃথিৱীত গৰম দিন ঠাণ্ডা দিন হোৱাৰ মূল কাৰণ এইটো।


মই ইতিমধ্যে কৈছোঁ যে আমাৰ ভাৰত উত্তৰ গোলাৰ্ধৰ  কৰ্কট ক্ৰান্তিত আছে। আৰু কৰ্কট ক্ৰান্তিৰ ওপৰত সূৰ্য্যৰ পোহৰ উলম্ব ভাবে পৰে জুন-জুলাই মাহত সেইবাবে তেতিয়া ভাৰতত গৰম পৰে। মাৰ্চ-এপ্ৰিল মাহত সূৰ্য্য অলপ উত্তৰলৈ আহে সেইবাবে জুন-জুলাইতকৈ অলপ কম গৰম হয়।

সেইদৰে এতিয়া জানুৱাৰী মাহত সূৰ্য্য দক্ষিণ দিশত আছে আৰু  ক্ৰমান্বয়ে দক্ষিণৰ পৰা উত্তৰলৈ গৈ থাকিব। এই সময়ত সূৰ্য্যৰ পোহৰ মকৰ ক্ৰান্তিৰ ওপৰত উলম্ব ভাবে পৰে আৰু আমি যিহেতু কৰ্কট ক্ৰান্তি অৰ্থাৎ মকৰ ক্ৰান্তিৰ বিপৰীত দিশত আছোঁ সেইবাবে ভাৰতত এতিয়া সূৰ্য্যৰ পোহৰ উলম্ব ভাবে নপৰে যাৰ ফলত আমাৰ ভাৰতত এতিয়া খুব ঠাণ্ডা হয়।


সূৰ্য্য কোন ক্ৰান্তিৰ ওপৰত উলম্ব ভাবে পৰিছে তাক মনত ৰখা এটা সহজ উপায় আছে। আমাৰ মাঘ বিহু দিনা মকৰ সংক্ৰান্তী বুলি সকলোৱে জানে। আৰু মকৰ সংক্ৰান্তীত সূৰ্য্যৰ পোহৰ মকৰ ক্ৰান্তিত ওপৰত উলম্ব ভাবে পৰে। আৰু মে-জুনত কৰ্কট ক্ৰান্তিৰ ওপৰত উলম্ব ভাবে পৰে।


সেইবাবেই ৩ জানুৱাৰী দিনা সূৰ্য্য আমাৰ ওচৰত থাকে যদিও ভাৰতত ঠাণ্ডা পৰে আৰু ৪ জুলাই দিনা সূৰ্য্য আমাৰ পৰা দূৰত থাকে যদিও তেতিয়া ভাৰতত খুব গৰম পৰে।


কোৱা হয় অল্প বিদ্যা ভয়ংকৰ। জ্ঞান ললে সম্পূৰ্ণ লব লাগে আৰু নললে লবয়ে নালাগে।

ইয়াৰ উপৰিও অঞ্চল ভেদে ঠাণ্ডা-গৰম পৰাৰ অন্য কিছু আনুসংগিক কাৰণ আছে। যেনে এতিয়া আন্দামান নিকোবৰ, তামিলনাডু আদি ঠাই ভাৰতত আছে যদিও ইয়াত কিন্তু ঠাণ্ডা পৰা নাই। সেইদৰে এতিয়া ছিক্কিম, শ্বিলং, মনালী, উত্তৰাখণ্ড আদি ঠাইত অসমতকৈ বেছি ঠাণ্ডা পৰে, কিছুমান ঠাইত বৰফ পৰে। দিল্লীত এতিয়া কিয় বেছি ঠাণ্ডা পৰে তাৰো কাৰণ আছে। ইয়াৰ কাৰণ অহা খণ্ডত লিখিম। সেইখিনিও পঢ়িব নহ'লে ঠাণ্ডা-গৰম পৰাৰ গোটেই ধাৰণাটো ভুল হৈ থাকিব।


উৎস : লক্ষ্য জ্যোতিৰ মহাকাশৰ কথা


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Fact ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup 


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page



No comments:

Post a Comment

Advertisement

Pages