শিশুসকলৰ শাৰিৰীক, মানসিক সুস্থতা বজাই ৰাখিবলৈ গ্ৰহণ কৰক এইসমূহ উপায়: Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, April 18, 2022

শিশুসকলৰ শাৰিৰীক, মানসিক সুস্থতা বজাই ৰাখিবলৈ গ্ৰহণ কৰক এইসমূহ উপায়: Assamese Fact

Assamese Fact

প্ৰিয় পাঠকসকল ল'ৰা - ছোৱালীবোৰ আকৌ স্কুল যাবলৈ লৈছে। এই কথাটোক লৈ তেওঁলোক যেনেকৈ সুখী তেনেকৈ দুখীও।( Assamese Fact)


কাৰণ দুবছৰৰ পাছত তেওঁলোক ঘৰৰপৰা ঘন্টা ধৰি আকৌ আঁতৰি থাকিবলগীয়া হৈছে। এনে ক্ষেত্ৰত দেখা যায় যে, তেওঁলোক কেতিয়াবা অশান্ত হৈ যায় । ফলত তেওঁলোক পলাই ফুৰিবলৈ ধৰে আৰু খিঙখিঙীয়া স্বভাৱৰ হৈ পৰিছে। 

যদি আপুনিও আপোনাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এনে কিছুমান সলনি হোৱা ব্যৱহাৰ দেখিবলৈ পাইছে, তেতিয়া আপুনি তেওঁলোকৰ" মেন্টেল হেল্থ বুস্ট" কৰিবৰ বাবে কিছুমান পদ্ধতিৰ প্ৰয়োগ কৰিব লাগে।

 ল'ৰা ছোৱালীৰ শাৰিৰীক সুস্থতাৰ লগতে মানসিক সুস্থতাৰো বহুতো প্ৰয়োজন। তেতিয়া হ'লে জানো আহক, ল'ৰা ছোৱালী বাবে প্ৰয়োজনীয় এনে কিছুমান পদ্ধতিৰ বিষয়ে যিয়ে ল'ৰা ছোৱালীবোৰক মানসিক সুস্থতা বজায় ৰখাত সহায় কৰিব পাৰে।


১. একেলগে সময় অতিবাহিত কৰক-  ল'ৰা ছোৱালীৰ বাবে সময় উলিয়াওক ,যাতে তেওঁলোকে বুজি উঠিব পাৰে যে, তেওঁলোক আপোনালোকৰ বাবে কিমান গুৰুত্বপূৰ্ণ।

 সেই সময়ত আপুনি তেওঁলোকৰ সৈতে খেলিব পাৰে বা তেওঁলোকৰ মনপচন্দৰ চিনেমাও চাব পাৰে। লক্ষ্য ৰাখিব যাতে আপোনাৰ ল'ৰাটোৱে সেই সময়ত আনন্দ উপভোগ কৰিব পাৰে।



২. শাৰীৰিক কামৰ বাবে উৎসাহিত কৰক-  ভাল মানসিক দিশৰ বাবে এটা ভাল শাৰিৰীক দিশো প্ৰয়োজন। নিজৰ ল'ৰা ছোৱালীৰ লগত সদায়ে শাৰিৰীক ব্যায়াম কৰক আৰু তেওঁলোকক ভালদৰে আৰাম কৰাৰ লগতে অধিক পৰিমাণৰ পানী খোৱাৰ পৰামৰ্শ দিয়ক। ( Assamese Fact)


এই উপায়ৰ জৰিয়তে আপুনি শাৰিৰীক দিশৰ লগতে তেওঁলোকৰ মানসিক দিশটোও সুস্থ কৰি তুলিবলৈ সক্ষম হ'ব।



৩. ল'ৰা ছোৱালীক শান্ত হ'বলৈ শিকাওক- নিজৰ ল'ৰা ছোৱালীক শান্ত হ'বৰ বাবে অভ্যাস কৰাওঁক যাতে তেওঁলোকে কোনো ধৰণৰ অশান্তি মনত লৈ চিন্তা কৰি নাথাকে। তেওঁলোকক চকুহাল মুদিবলৈ কওঁক আৰু ভাল লগা মূহুৰ্তবোৰ মনত পেলাবলৈ দিয়ক।



৪.বন্ধু বনাবলৈ কওঁক-  ল'ৰা ছোৱালী অকলে থকাৰ বাবেও কেতিয়াবা অশান্ত হৈ পৰে। সেইবাবে তেওঁলোকক কওঁক যে স্কুলত নতুন, নতুন বন্ধু বান্ধৱী বনোৱাৰ লগতে তেওঁলোকৰ লগত খেলা -ধূলা কৰক। 

তেওঁলোকক শিকাওঁক যে তেওঁলোকে নিজৰ বন্ধু বান্ধবৰ যত্ন লওঁক আৰু মাজে সময়ে তেওঁলোকক নিজৰ ঘৰত খেলিবলৈ মাতি আনক।


৫. তেওঁলোকক শিকাওঁক কিন্তু অতিৰিক্ত প্ৰদৰ্শন নকৰিব- আপুনি ভাল ভাল অভ্যাসবোৰ তেওঁলোকক শিকাওঁক ,কিন্তু তেওঁলোকৰ ওচৰত  যিকোনো কাম বা কথা অতিৰিক্ত প্ৰদৰ্শন কৰিব নালাগে । 

তেওঁলোকে ভূল কৰিলে তেওঁলোকক বুজাওঁক। আপুনি কওঁক যে আপুনি তেওঁলোকক ভাল পায় কিন্তু তেওঁলোকে তেওঁলোকৰ বেয়া অভ্যাস আৰু ব্যৱহাৰবোৰ শুধৰোৱাৰ প্ৰয়োজন।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

(Assamese Fact)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 




No comments:

Post a Comment

Advertisement

Pages