বাস্তু শাস্ত্ৰৰ অনুসৰি এইসমূহ বস্তুৰ ফলত আপুনি দৰিদ্ৰ হৈ পৰে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, April 14, 2022

বাস্তু শাস্ত্ৰৰ অনুসৰি এইসমূহ বস্তুৰ ফলত আপুনি দৰিদ্ৰ হৈ পৰে : Assamese Fact

Assamese Fact

বাস্তুৰ উপায় - বাস্তু শাস্ত্ৰৰ মতে, কেৱল ঘৰটো বাস্তু দোষৰ পৰা সুৰক্ষিত ৰাখিবলৈ সঠিক দিশেই নহয়। ঘৰৰ ওৱাল আৰু ঘৰত ৰখা বস্তুবোৰৰ ওপৰতো বিশেষ মনোযোগ দিব লাগিব।(Assamese Fact)


বাস্তুৰ মতে ঘৰতো যদি সজাই থোৱা থাকে আৰু বস্তুবোৰো ভালকৈ থাকে তেতিয়া, সুখ সমৃদ্ধ বিৰাজমান হৈ থাকে। 


যদি আপোনাৰ ঘৰত ভাল টোপনি অহা নাই,‌‌ স্বাস্থ্যকৰ খাদ্য আৰু মৰম নাই তেন্তে ইয়াৰ অৰ্থ হৈছে ঘৰত বাস্তু দোষ আছে।সেয়েহে কেৱল ঘৰৰ দিশেই নহয়, ঘৰৰ ভিতৰত ৰখা বস্তুবোৰৰ প্ৰতিও মনোযোগ দিব লাগে।



বাস্তু শাস্ত্ৰৰ মতে, ঘৰত থকা কিছুমান বস্তুৱে ও  পৰিয়ালৰ প্ৰগতিত বাধা দিব পাৰে। আজি জানো আহঁক কিছুমান বস্তুৰ বিষয়ে যিবোৰ ঘৰৰ পৰা আতঁৰাই বা আছে যদি বাহিৰলৈ উলিয়াই পেলাব লাগে।



১. নটৰাজৰ ছবি( ফটো) -  নটৰাজ এখন ব্ৰহ্মাণ্ডীয় নৃত্যশিল্পী হিচাপে শিৱৰ এখন ছবি। পৌৰাণিক মান্যতা অনুসৰি শিৱয়ে খং উঠিলেহে নাচে। খঙৰ ভঙ্গীত তেওঁ তাণ্ডৱ নৃত্য কৰে যিটো নটৰাজৰ ৰূপ আৰু ইয়াৰ অৰ্থ হৈছে ধ্বংস। 


এনে পৰিস্থিতিত, যদি আপুনি আপোনাৰ ঘৰত নটৰাজ মূৰ্তি ৰাখে, তেন্তে ই অনায়াসে ঘৰলৈ অশান্তি লৈ আহে। ইয়াৰ ফলত ঘৰত কাজিয়া হ'বলৈ ধৰে। সেই কাৰণে আপুনি ঘৰত নটৰাজৰ ফটো থ'ব নালাগে।




২. যুদ্ধ লগত সম্বন্ধিত ফটো - বাস্তু শাস্ত্ৰৰ অনুসৰি, কেতিয়াও যুদ্ধ লগত সম্বন্ধিত ফটো যেনে - মহাভাৰত বা ৰামায়ণৰ ফটো লগাব নালাগে। কাৰণ এইখন ফটোৱে পৰিয়ালৰ লোকসকলৰ মাজত প্ৰতিদ্বন্দিতা সৃষ্টি কৰে।লগতে পৰিয়ালৰ লোকসকলৰ স্বাস্থ্য বেয়া হয়।(Assamese Fact)


৩.তাজমহল - ঘৰত কেতিয়াও এনেকুৱা ফটো লগাব নালাগে, য'ত কবৰ বা সামাধি দেখিবলৈ পোৱা যায়। মানুহে প্ৰেমৰ চিন হিচাপে ঘৰত  তাজমহলৰ ফটো বা প্ৰতিমূৰ্ত্তি ৰাখে ।বাস্তু শাস্ত্ৰৰ অনুসৰি এনেকুৱা কৰিব নালাগে। কাৰণ তাজমহল এটা সমাধিক্ষেত্ৰ। এনেকুৱা ফটোৱে ঘৰলৈ নকাৰাত্মক শক্তি সঞ্চালন ঘটাই।




৪. কাঁইট থকা গছ - ঘৰত কেতিয়াও কাঁইট থকা গছৰ ফটো লগাব নালাগে। গোলাপৰ বাহিৰে অন্য সকলবোৰ কাঁইট থকা গছক অশুভ বুলি কোৱা হয়। এনেকুৱাত এইবোৰ সোনকালেই আতঁৰাই পেলাওঁক। কাৰণ ইয়াৰ ফলত ঘৰত নকাৰাত্মক শক্তি বৃদ্ধি হয়।



৫. নেতিবাচক ফটো -  ঘৰত ফল, ফুল নথকা চিত্ৰ, ডুবি যোৱা নাও বা জাহাজ, তৰুৱালেৰে যুদ্ধ কৰা চিত্ৰ, চিকাৰ কৰা চিত্ৰ, কান্দি থকা মানুহৰ চিত্ৰ আদি কেতিয়াও লগাব নালাগে। এনেকুৱা ফটোৱে মনতো উদাস কৰি ৰাখে।



৬. অস্ত যোৱা সূৰ্য ফটো -  যদি আপুনি ঘৰত  সূৰ্য ফটো লগাইছে। তেতিয়া ধ্যান ৰাখক যে সূৰ্য অস্ত গৈ থকা ফটো যাতে নহয়।ঘৰত কেতিয়াও সূৰ্য অস্ত যোৱা ফটো লগাব নালাগে। এনেকুৱা কৰিলে উন্নতিত বাধা আহি পাৰে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

(Assamese Fact)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 








No comments:

Post a Comment

Advertisement

Pages