মহাকাশত কেনেদৰে প্ৰবেশ হল অসমৰ গামোচা আৰু বিহুগীতৰ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, April 1, 2022

মহাকাশত কেনেদৰে প্ৰবেশ হল অসমৰ গামোচা আৰু বিহুগীতৰ : Assamese Fact

Assamese Fact


ৰেলৱৈ ষ্টেছন, পুলিচ ষ্টেছন আদি বিভিন্ন ষ্টেচন দেখিছে যিবোৰ ঠাইত মানুহে অফিচ পাতি থাকি বিভিন্ন কাম কৰে কিন্তু মানুহে যে মহাকাশতো ষ্টেচন বনাই তাত অফিচ, লেবৰটৰী স্থাপন কৰি তাতে থাকি দিনে নিশায়ে কাম কৰি আছে সেই কথা জানেনে! তাকো আজি চাৰে ২২ বছৰে! Assamese Fact ) 


হয় মহাকাশৰ বিভিন্ন ৰহস্যবোৰ ভেদ কৰিবলৈ, চন্দ্ৰ আৰু মংগল আদি বিভিন্ন গ্ৰহক অধ্যয়ন কৰিবলৈ, পৃথিৱীৰ নেভিগেছন, নেটৱৰ্ক, GPS আদি সুবিধাবোৰ উন্নত কৰিবলৈ ১৯৯৮ চনৰ ২০ নৱেম্বৰৰ পৰায়ে আজি চাৰে ২২ বছৰে এদল মহাকাশচাৰী মহাকাশত ষ্টেচন বনাই তাতে থাকি অফিচ, লেবৰটৰী স্থাপন কৰি গৱেষণাত ব্যস্ত আছে। পৃথিৱীৰ পৰা প্ৰায় ৪১৮ কিলোমিটাৰ ওপৰত এটা কক্ষপথত (Low Earth Orbit) চেকেণ্ডত প্রায় ৮ কিলোমিটাৰ (ঘন্টাত ২৭ হাজাৰ কিলোমিটাৰ) বেগত পৃথিৱীৰ চাৰিওফালে ঘূৰি আছে এই অফিচ, লেবৰটৰী থকা মহাকাশচাৰী থকা ষ্টেচনটো। আৰু এই ষ্টেচনটোকে কোৱা হয় International Space Station. জানি আচৰিত হ'ব এই ষ্টেছনটো এখন ফুটবল খেল পথাৰৰ সমান ডাঙৰ। ই দীঘলে ৭৩ মিটাৰ, বহলে ১০৯ মিটাৰ আৰু মানে ৭৯৫৭ বৰ্গ মিটাৰৰ। পকী ঘৰ সজা মানুহে এই বৰ্গ মিটাৰৰ হিচাপটো সহজে বুজে। এই ষ্টেচনৰ ওজন হ'ল ৪ লাখ ১৯ হাজাৰ ৭২৫ কেজি।


এতিয়া প্রশ্ন হয় ইমান ডাঙৰ যন্ত্ৰ এটা মহাকাশলৈ নিলে কেনেকৈ! হয়, এই বিশাল International Space Station অৰ্থাৎ ISS ক এবাৰতে মহাকাশলৈ লৈ যোৱা অসম্ভৱ। ইয়াক খণ্ড খণ্ডকৈ মহাকাশ যানৰ সহায়ত মহাকাশলৈ লৈ যোৱা হৈছিল। ইয়াৰ প্ৰথম খণ্ডটো লৈ যোৱা হৈছিল ১৯৯৮ চনত। তাৰ পাছত চিত্ৰত দেখুওৱা গোটেই ষ্টেচনৰ অংশবোৰ এটা এটাকৈ মহাকাশলৈ লৈ যোৱা হৈছিল তাত সংযোগ কৰা হৈছিল।


মানুহ নামৰ এই প্ৰাণীটো কেতিয়াও একো কথাত সন্তুষ্ট হৈ থাকি পোৱা নাই। এটা বস্তু জিনিলে তাৰ পাছত আকৌ এটা বস্তু জিনিব আকৌ হাবিয়াস কৰে। প্ৰথমে আকাশত চৰাই দৰে উৰিব কেনেকৈ পাৰি সেই কথা ভাবিলে। এদিন বিভিন্ন প্ৰচেষ্টাৰ অন্তত এই কাম কৰিবলৈ সক্ষম হ'ল। উৰিব হোৱাৰ পাছত ভাবিলে আকাশৰ সিফালে কি আছে! এবাৰ যদি নিজে গৈ চাব পৰাহৈ! তাৰ পাছত মন গ'ল সদায় আকাশত দেখি থকা চন্দ্ৰ মামাক ওচৰৰ পৰা চাবলৈ। তাৰ পাছত তাত পানী আছে নেকি, মঙ্গল গ্ৰহত পানী আছে নেকি এইবোৰ জানিব ইচ্ছা গ'ল। তাৰ বাবে মহাকাশযান পঠাব আৰম্ভ কৰিলে। তাৰ পাছত ভাবিলে বিশ্ব ব্ৰহ্মাণ্ডৰ এনে বিভিন্ন ৰহস্য ভেদ কৰিবলৈ, গৱেষণা কৰিবলৈ মহাকাশতে যদি থাকি তাতে যদি অফিচ, লেবৰটৰী স্থাপন কৰি লব পৰা যায় কেনে মজা হ'ব। মগজুত খেলালে যেতিয়া তাৰ চিন্তা চৰ্চা আৰম্ভ কৰি দিলে। আমেৰিকা,ৰাছিয়া আদি ধনী, উন্নত দেশে প্ৰথমে নিজে স্বতন্ত্ৰ ভাবে এই কাম কৰিব পাৰি নেকি যত্ন কৰিলে। কামটো কৰিব পাৰিব কিন্তু ইয়াৰ খৰছ বহুত বেছি হৈ গ'ল যি অকল এখন দেশে বহন কৰিব নোৱাৰে। সেইবাবে আলোচনা কৰিলে বোলে ৰাইজে নখ জোকাৰিলে নৈ বয়। আমি অকলে নোৱাৰো কিন্তু মিলি এই কাম কৰিব পাৰিম। তাৰ পাছতেই আমেৰিকা, ৰাছিয়া, জাৰ্মানী, জাপান, ইংলেণ্ড, ফ্ৰান্স, ডেনমাৰ্ক, কানাডা, বেলজিয়াম, ইটালী, নেডাৰলেণ্ড, নৰৱে, স্পেইন, চুইডেন, ছুইজাৰলেণ্ড ব্ৰাজিল (২০০৭ ব্ৰাজিল ইয়াৰ পৰা ওলাই আহিল) ১৫ দেশে মিলি সকলোৰে সহযোগত এই কামটো কৰা আৰম্ভ কৰি দিলে। সকলো দেশৰ বিজ্ঞানী গৱেষণাত লাগি গ'ল, সকলো দেশৰ মহাকাশচাৰীক প্ৰশিক্ষণ দিয়া হ'ল। খণ্ড খণ্ডকে ইমান ডাঙৰ যন্ত্ৰটোৰ অংগবোৰ মহাকাশযান যোগে পৃথিৱীৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ ওপৰলৈ পঠাই দিয়া হ'ল আৰু তাত সংযোগ কৰা হ'ল। তাৰ পাছত সাজু হ'ল এই বৃহৎ যন্ত্ৰটো য'ত মানুহ থাকি মহাকাশৰ অধ্যয়ন, গৱেষণা কৰিব পাৰিব। পৃথিৱীৰ কেইবাখনো দেশৰ সহযোগত এই ষ্টেচন নিৰ্মান কৰাৰ বাবে ইয়াৰ নাম দিয়া হ'ল International Space Station চমুকৈ ISS. ইয়াক মূলতে ৫ টা মহাকাশ সংস্থায়ে যুটীয়াভাৱে পৰিচালিত কৰে সেইকেইটা হ'ল NASA (আমেৰিকা), Roscosmos (ৰাছিয়া), JAXA (জাপান), ESA (ইউৰোপ), and CSA (কানাডা)।


১৯৯৮ চনৰ পৰা আজিৰ তাৰিখলৈকে এই ISS ত মহাকাশচাৰী একেৰাহে আছে। ISS ত এবাৰত ৭ জন মহাকাশচাৰী থকাৰ সুবিধা আছে। বৰ্তমান সময়তো ISS ত ৭ জন মহাকাশচাৰী আছে। এই মহাকাশচাৰী সকল ৬ মাহ একেৰাহে তাত থাকে তাৰ পাছত আকৌ ৭ জন নতুন মহাকাশচাৰী আহি তেওঁলোকক ৰিলিফ কৰে। নতুন মহাকাশচাৰী দল অহাৰ পাছত পুৰণা দলটো নতুন দলটো অহা সেই মহাকাশ যান খনৰ সহায়ত পৃথিৱীলৈ গুচি আহে। এতিয়ালৈকে ১৯ দেশৰ ২৪৪ জন মহাকাশচাৰীয়ে এই International Space Station থাকি আহিছে। এতিয়ালৈকে এনে কেইবাজনো মহাকাশচাৰী আছে যিয়ে ৩-৪ বাৰকৈ গৈ International Space Station থাকি আহিছে। তাৰ ভিতৰত সৰ্বোচ্চ দিন থকাৰ ৰেকৰ্ড আছে আমেৰিকাৰ মহিলা মহাকাশচাৰী Peggy Whitson ৰ। তেওঁ সৰ্বমুঠ ৬৬৫ দিন International Space Station থাকি আহিছে।


ISS ক মূলতে দুটা ভাগত ভগোৱা হৈছে। এটা ভাগ Russian Orbital Segment চমুকৈ ROS, এই ভাগটোক মূলতে ৰাছিয়ায়ে পৰিচালনা কৰে আৰু দ্বিতীয়তে United States Orbital Segment চমুকৈ USOS, ইয়াক মূলতে আমেৰিকায়ে পৰিচালনা কৰে।


এই মহাকাশচাৰী সকলে তাত থাকিলে তাতে খাই বৈ, লেট্ৰিন-প্ৰসাৱ কৰে, গা ধুই, শুই, ব্যায়াম কৰে। যিহেতু মহাকাশত মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱ নাই সেইবাবে তেওঁলোকক ISS থাকিলে খোজকাঢ়ি অহা যোৱা নকৰে। ওপঙি অহা যোৱা কৰে। মহাকাশচাৰী মহাকাশত ওপঙি ঘূৰি ফুৰা এনে ভিডিঅ' নিশ্চয় দেখিছে। ISS ত সকলো বস্তু ওপঙি থাকে। আনকি খোৱা বস্তু হাতত লৈ খাব নালাগে। য'ত থৈ দিয়ে তাতে ওপঙি থাকে খালেই হ'ল। Assamese Fact ) 


এতিয়া জানিব মন যায় তেওঁলোকে আমাৰ দৰে খাই বৈ জীয়াই থাকে নে, লেট্ৰিন-প্ৰসাৱ কেনেকৈ কৰে। সেইবোৰ কৰাৰ পাছত কি কৰে নে মহাকাশতে এৰি দিয়ে যি তাতে ওপঙি থাকিব। আমাৰ দৰে তেওঁলোকে আজি হাঁহ আৰু কোমোৰা মাংসৰ সৈতে ভাত খাব, আজি বাটাৰ পনীৰ আৰু ৰুটি খাব, আজি নুডলচ খাব বুলি খাব নোৱাৰে। তেওঁলোকে তাত খাদ্য নিজে ৰান্ধি খাব নোৱাৰে। তেওঁলোকৰ খাদ্য পেকিং কৰি পৃথিৱীৰ পৰা মহাকাশ যানত পঠাই দিয়া হয়। বেছিভাগ তেওঁলোকে শুকান খাদ্য খাই। তেওঁলোকে তাত পাইপৰ ভিতৰত প্ৰসাৱ কৰে নহ'লে প্ৰসাৱ ওপঙি থাকিব। লেট্ৰিন কৰিবলৈ সৰু লেট্ৰিন আছে। লেট্ৰিনবোৰ জমা কৰি পাছত আকৌ মহাকাশ যানৰ যোগেদি পৃথিৱীলৈ পঠাই দিয়ে, মহাকাশত এৰি নিদিয়ে। পানীৰ বাবে প্ৰসাৱবোৰ তেওঁলোকে ফিল্টাৰ কৰি আকৌ খাবলৈ ব্যৱহাৰ কৰে তাৰ উপৰি খোৱা পানী পৃথিৱীৰ পৰাও যায়।


ISS ভিতৰত মাহ মাহ তেওঁলোক ওপঙি অহা যোৱা কৰাৰ বাবে, খোজ নকঢ়া বাবে তেওঁলোকৰ হাত ভৰিৰ মাংস পেশীবোৰ দুৰ্বল হৈ যায় সেইবাবে তেওঁলোকে ISS ভিতৰতে ফিটাৰে নিজক বান্ধি খোজ কঢ়া ব্যায়াম আদি কৰে। শুবৰ সময়ত কেপচুল আকৃতিৰ ৰেইন কোটৰ নিচিনা বস্তু এটাৰ ভিতৰত সোমাই কেপচুল সেই কেপচুলটোত ISS ৰ বেৰত ফিটা মাৰি শুৱে যাতে শোৱা সময়ত ওপঙি ঘূৰি নুফুৰে।


তেওঁলোকে পৃথিৱীখন, মহাকাশখন চাবলৈ ISS এ এঠাইত ৭ খন খিৰিকী যুক্ত আইনা লগোৱা এটা ঠাই আছে তাত বহি লয়। তাৰ পৰায়ে ISS ৰ পৰা পৃথিৱীৰ ফটো উঠাই।


মহাকাশৰ বিভিন্ন কামত, ISS মেৰামতি কৰিব লগা হ'লে তেওঁলোক ISS ত বাহিৰলৈও ওলাই আহে তেতিয়া তেওঁলোকে Space suit পিন্ধি লয়।

বৰ্তমান ISS বাহিৰত ৰবটৰ এটা বাহু সংযোগ কৰা হৈছে। সেই বাহুৰ সহায়ত ISS ৰ বাহিৰৰ বহু কাম কৰা হয়। ISS লৈ অহা নতুন মহাকাশ যানক এই বাহুয়ে ধৰি সংযোগ কৰাত সহায় কৰে। সংযোগ হোৱাৰ পাছত মহাকাশচাৰী সকল ISS ৰ পৰা মহাকাশ যানলৈ অহা যোৱা কৰে।


International Space Station পৃথিৱীৰ চাৰিওফালে নিজৰ কক্ষপথত প্ৰায় ৮ কিলোমিটাৰ প্ৰতি চেকেণ্ডত বেগত অৰ্থাৎ ২৭,৬০০ কিলোমিটাৰ প্ৰতি ঘন্টা স্পীডত ঘূৰি আছে। ISS ক গোটেই পৃথিৱীৰ চাৰিওফালে ঘূৰিবলৈ মাত্ৰ প্রায় ৯৩ মিনিট সময় লাগে। সেইবাবে ISS য়ে দিনটোত পৃথিৱীৰ চাৰিওফালে প্ৰায় ১৬ বাৰ ঘূৰে।


কেতিয়াবা বতৰ পৰিষ্কাৰ হ'লে আকাশত তৰা এটাৰ দৰে বস্তু এটা গৈ থকা দেখা যায়। ইয়ে হৈছে International Space Station. ইয়াক পৃথিৱীৰ পৰা খালী চকুৰে দেখা যায়। নিজৰ ঠাইৰ পৰা ISS ক চাব পাৰিনে নোৱাৰি চাবৰ বাবে এটা কাম কৰিব পাৰে। Google Play Store ত ISS Detector বুলি এপ এটা আছে সেইটো ইনষ্টল কৰি লওঁক। তাত আপুনি থকাৰ ঠাইৰ পৰা ISS দেখা পায়নে নাই যদি পাই কোন কোন সময়ত খালী চকুৰে দেখিব গম পাই যাব।


এতিয়া আমি এই মহাকাশত থকা International Space Station ক অসমৰ লগত সংযোগ কৰিম। আচৰিত লাগিছে ন ক'ত International Space Station আৰু ক'ত অসম! জানি ভাল পাব যে এই International Space Station ৰ ভিতৰত আজিলৈকে অসমৰ এটা বস্তুয়ে প্ৰৱেশ কৰিছে। নহয়, সেই বস্তুটো কোনো মানুহ নহয়। সেই বস্তুটো হৈছে অসমৰ গামোচা আৰু অসমৰ বিহুগীত। এই গামোচা International Space Station লৈ লৈ গৈছিল অসমৰ জোঁৱাই বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ NASA ৰ মহাকাশচাৰী, আমেৰিকা বায়ু সেনাৰ কৰ্ণেল ৰেংকৰ পৰা অৱসৰ লোৱা Michael Fincke। তেওঁ অসমৰ জীয়ৰী ৰেনিতা শইকীয়াক বিয়া পাতিছে। ৰেনিতা শইকীয়াও বৰ্তমান NASA তে কৰ্মৰত। Michael Fincke য়েই International Space Station লৈ গামোচা লৈ গৈছিল আৰু ২০০৪ চনত ISS ভিতৰত বিহু নাচিছিল।  Michael Fincke সৰ্বমুঠ ৩৮২ দিন মহাকাশৰ ISS থাকি আহিছে। আৰু জানি ভাল পাব মহাকাশ ভাল পোৱা Michael Fincke আৰু ৰেনিতা শইকীয়াৰ তিনি সন্তান আছে এজন ল'ৰা আৰু দুজনী ছোৱালী। তেওঁলোকৰ নামো অসমীয়া। ল'ৰাৰ নাম 'চন্দ্ৰ'। ছোৱালী দুজনীৰ নাম তৰাৰ পৰা 'তৰালী' আৰু 'সূৰ্য্য'।


সূৰ্য্য, চন্দ্ৰ, তৰা, ধুমকেতু আদি থকা আমাৰ মহাকাশ খন বৰ বিস্ময়কৰ। মহাকাশ যেনেকৈ অনন্ত। ইয়াৰ বিষয়ে জানিব লগা কথাও অনন্ত। জানি জানি শেষ নহয় সেইবাবে এইবোৰ আৰু জানিবলৈ মানুহ পৃথিৱীৰ মাটি এৰি মহাকাশত অফিচ, লেব বনাই লৈছে। তাত মাহ মাহ থাকি গৱেষণা কৰিছে। কিমান মহাকাশৰ প্ৰেমত পৰিলে মানুহে এনে কাম কৰিব পাৰে বাৰু!


উৎস : লক্ষ্য জ্যোতিৰ মহাকাশৰ কথা


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Fact ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup 


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page



No comments:

Post a Comment

Advertisement

Pages