শালমইনা কিয় হয় আৰু ইয়াৰ ঘৰুৱা প্ৰতিকাৰ : Assamese beauty Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, April 1, 2022

শালমইনা কিয় হয় আৰু ইয়াৰ ঘৰুৱা প্ৰতিকাৰ : Assamese beauty Tips

Assamese beauty Tips


মুখত পৰা দাগ শালমইনাই সৌন্দর্য্য নষ্ট কৰাত কাম কৰিব পাৰে। দাগ আৰু শালমইনা হোৱাৰ বহুতো কাৰণ থাকিব পাৰে। ( Assamese beauty Tips )


কিছুমান লোকৰ পেট সম্পর্কীয় সমস্যাৰ বাবে মুখত দাগ আৰু শালমইনা হৈ যায়। লগতে ধূলি, প্ৰদূষিত বতাহৰ সংস্পর্শলে আহিলেও ছালত বহুতো সমস্যা হব পাৰে। কেৱল এয়াই নহয় যদি আপোনাৰ স্বাস্থ্যকৰ আহাৰৰ খোৱা হোৱা নাই, তেতিয়াও এই সমস্যা হব পাৰে। অত্যাধিক জাংক ফুড, তেলেতীয়া, অস্বাস্থ্যকৰ খাদ্য গ্রহণ কৰিলেও শালমইনাৰ দৰে সমস্যা হব পাৰে। যদি আপুনিও শালমইনাৰ দৰে সমস্যাত ভুগি আছে তেন্তে আপুনি বেছি একো কৰিব নালাগে। আপুনি কেৱল আপোনাৰ আহাৰত কিছুমান জৈৱিক পানীয় অন্তর্ভুক্ত কৰিব লাগিব। এই পানীয় বোৰ সেৱন কৰি আপুনি শালমইনাৰ পৰা সকাহ পাব পাৰে। 


১) আমলখি আৰু এলোভেৰা পানীয়- আমলখি আৰু এলোভেৰা দুয়োটাই স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী বুলি গণ্য কৰা হয়। প্ৰতি পুৱা আমলখি আৰু এলোভেৰাৰ ৰস মিহলি কৰি খালে শালমইনাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। এই দুয়োটাত ভাল ভাল পৰিমাণৰ এন্টিঅক্সিডেন্ট পোৱা যায়, যি ছালখনক স্বাস্থ্যৱান ৰখাত সহায়তা কৰে। ( Assamese beauty Tips )


২ ) ফলৰ পানীয়-

কমলা, তৰমুজ, ডালিমৰ দৰে ফলৰ ৰস খাই কেৱল স্বাস্থ্যই নহয়, ছালখনকো স্বাস্থ্যৱান কৰি ৰাখিব পাৰে। এইবোৰত পোৱা পুষ্টিকর উপাদানে ছালখনক স্বাস্থ্যৱান আৰু শালমইনা দূৰ কৰাত সহায় কৰে। 


৩) হালধি আৰু নেমু- পানীয়-

হালধিত এন্টিঅক্সিডেন্ট আৰু এন্টি বেক্টেৰিয়েল গুণ পোৱা যায়। যিয়ে শালমইনা আঁতৰ কৰাত আৰু সুৰক্ষা দিয়াত সহায় কৰে। নেমুত ভিটামিন চি থাকে যি ছাল স্বাস্থ্যৱান ৰখাত সহায়তা কৰে।


ৰূপচৰ্চাৰ বিষয়ে আৰু অধিক পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.সৌন্দৰ্য্য.in


বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰেখামনি চাৰিঙীয়াৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো গল্প কবিতা ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Assamese beauty Tips )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages