এই আচনি সমূহ চৰকাৰে আনিব লগা হ'ল কিয় : Assamese Article - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, April 8, 2022

এই আচনি সমূহ চৰকাৰে আনিব লগা হ'ল কিয় : Assamese Article

Assamese Article


বিনামূলীয়া আচনিয়েই দেশত মূল্যবৃদ্ধিৰ কাৰন বুলি বহুতে কৈছে। গতিকে এই আচনি বন্ধ কৰিব লাগে বুলি বহুতেই সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে।Assamese Article ) 


কথা হ'ল এই আচনি সমূহ চৰকাৰে আনিব লগা হ'ল কিয়?? 

আজি দৰিদ্ৰ কোনে সৃষ্টি কৰিছে?? ?     

কেতিয়াবা TVত দেখা পাও এইখন অসমতেই একেবাৰে জহি খহি যোৱা ঘৰ এটাত কোনোবা দৰিদ্ৰ পৰিয়াল এটাই বছৰ বছৰ ধৰি বাস কৰি থাকা । চেনেলৰ পৰা চৰকাৰলৈ অনুৰুধ জনাই যাতে চৰকাৰে সেই পৰিয়ালটিক এটা থকা ঘৰৰ ব্যৱস্থা কৰি দিয়ে। 

চৰকাৰে কিয় সেই পৰিয়ালটিক এটা ঘৰ দিব লাগে? সেই খন গাওঁ বা চহৰত থকা কোনোবা কেইজনমান ধনী ব্যক্তিয়ে লগ লাগি পৰিয়ালটিক এটা ঘৰ বনাই দিব পাৰে কিন্ত্ত নিদিয়ে।যদি দিয়ে পৰিয়ালটিৰ অভাৱ নাইকিয়া হৈ যাব আৰু তেতিয়া সমাজৰ কিছুমান মানুহে সিহতক কম পাৰিশ্ৰমিক দি কাম কৰাব নোৱাৰিব। গতিকে সিহতক সদায় এক শ্ৰেণীৰ মানুহে দৰিদ্ৰ হৈ থকাতোৱেই বিচাৰে। এনেকুৱা দৰিদ্ৰ পৰিয়াল কিছুমানক চৰকাৰে যদি বিনামূলীয়াকৈ ঘৰ বনাই দিয়ে সেইয়া কি চৰকাৰে বেয়া কৰিলে নেকি?

 বিয়া নোহোৱাকৈ ঘৰতে থকা সেই ছোৱালীবোৰক নিজৰ ককাই ভাইয়েকেই নাচাই যাৰফলত তেওঁলোকৰেই কিছুমানে আনৰ ঘৰত বাচন ধোৱা ঘৰৰ কাম আদি কম পাৰিশ্ৰমিকতেই কৰিবলৈ বাধ্য হয়। সেই সকল মহিলাক যদি চৰকাৰে কিবা আচনিৰ জৰিয়তে আৰ্থিক সাহায্য দিয়ে সেইয়া কি বেয়া কৰিছে নেকি? 

 আজিৰ দিনতো দৈনিক ১০০টকা হাজিৰা তাতকৈ কমত কিছুমান মহিলাই চৰকাৰী চাকৰিয়ালৰ ঘৰত কাম কৰি আছে। বস্তুৰ দাম বঢ়াৰ লগে লগে চাকৰিয়ালৰ দৰমহা বাঢ়ে। কিন্ত্ত সেই ব্যক্তিজনৰ ঘৰত কাম কৰা বাইজনীৰ পাৰিশ্ৰমিক নাবাঢ়ে। গতিকে দৰিদ্ৰ কোনে বনালে?? আমিয়েই দৰিদ্ৰ বনোৱা নাই নে বাৰু?

যদি সেই মহিলাবোৰক চৰকাৰে আচনিৰ জৰিয়তে   আৰ্থিক সাহায্য দিয়ে সেইয়া কি বেয়া কৰিছে নেকি? 

 এই আচনিৰ কাৰনে বহু টকাৰ অপব্যৱহাৰ হৈছে বুলি বহুতে কয়। এইবাৰ হৈ যোৱা মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত যেতিয়া চৰকাৰে ২০২১ বৰ্ষৰ প্ৰশ্ন কাকতেই ব্যৱহাৰ কৰিব বুলি কলে তেতিয়া কিন্ত্ত আমিয়েই প্ৰতিবাদ কৰিছিলো নতুন প্ৰশ্ন কাকত প্ৰিণ্ট কৰিব লাগিব। দেশৰ টকাৰ কাৰনে ইমান চিন্তা কৰা ব্যক্তি সকলে কিন্ত্ত এবাৰো নাভাবিলে যে প্ৰশ্ন কাকত যদি পুনৰ প্ৰিণ্ট কৰা হয় কিমান টকা চৰকাৰৰ অযথা খৰছ হ'ব।  Assamese Article ) 


কিমান চৰকাৰী চাকৰিয়াল ঘৰত B P L কাৰ্ড আছিল বা হয়তো আজিও আছে। তেওঁলোকৰ কিন্ত্ত তেতিয়া চৰকাৰ তথা দেশৰ কথা মনলৈ নাহিল। যেতিয়া বিদ্যুত বিভাগে BPLকাৰ্ড থকা সকলক ফ্ৰি বিদ্যুত সংযোগ দিছিল তেতিয়া কিমান ধনী ধনী ব্যক্তিয়ে এই সুবিধা লৈছিল তেতিয়া কিন্ত্ত দেশৰ কাৰনে মনত পৰা নাছিল। এতিয়াও কিছুমান চৰকাৰী চাকৰিয়লৰ ঘৰত বিনামূলীয়া পায়খানা আছে। তেওঁলোকেতো এবাৰো চিন্তা  নকৰিলে যে সেই চৰকাৰী পায়খানতো নলয় গাৱৰেই কোনোবা দৰিদ্ৰ পৰিয়াল এটাই পাওক বুলি। 

বানপানী হৈ যোৱাৰ পাছত দেখা পাও কিছুমান ধনী মানুহৰ চোতালতহে পানী উঠিছিল তেওঁলোকে ৰিলিফৰ খাদ্য পালে যি জন দৰিদ্ৰ ব্যক্তিৰ ঘৰৰ ভিতৰৰে পানী বাগৰিল সেই জনে কিন্ত্ত একোৱেই নাপালে। তেতিয়া কিন্ত্ত সেই ধনী ব্যক্তিজনৰ চৰকাৰৰ টকাৰ অপব্যৱহাৰৰ কথা এবাৰো মনত নপৰিল। 

কিছুমান এনেকুৱা মানুহ আছে ল'ৰা ছোৱলীৰ বিয়াত কেইবা লাখ টকাৰ পেণ্ডেল বনাবলৈ টেণ্ট্ হাউচক দিয়ে তাত কিন্ত্ত কোনো দৰ দাম নকৰে।

বিয়াৰ দিনাখন হোটেলত অৰ্ডাৰ দি্যা মিঠাই টিন কেইটা অনা ঠেলৱাল বা ৰিক্সা ৱালা জনৰ লগত কিন্ত্ত ভাড়াৰ বাবে দৰ দাম কৰে।

বহু টকা খৰছ কৰি ল'ৰা ছোৱালীক ব্যক্তগত খণ্ডৰ বিদ্যালয়ত পঢ়াই তাত কিন্ত্ত কোনো দৰ দাম নাই ।কিন্ত্ত বিদ্যালয়ৰ পৰা ল'ৰা ছোৱলীক অনা নিয়া কৰা  ৰিক্সাৱালা জনৰ লগত ভাড়াৰ বাবে দৰ দাম দৰিদ্ৰ কোনে সৃষ্টি কৰিলে।

গতিকে আচনি যিয়েই নহওক সেই আচনিৰ ধন পোৱাৰ যোগ্যজনে পালে নে নাই পোৱা সেইয়া চোৱা চিতা কৰাতো কিন্ত্ত চৰকাৰৰ লগতে আমাৰো দায়িত্ব নথকা নহয়।

~~~~~~~~~~~========~~~~~~~~~

এনেধৰনৰ আৰু বিভিন্ন লেখা পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.লেখা.in


Assamese Article
বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য সুৰেন দাস ডাঙৰীয়াৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Article ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages