মহাকাশচাৰীৰ Space Suit যোৰৰ ৰং কেতিয়াবা মন কৰিছে নে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, March 28, 2022

মহাকাশচাৰীৰ Space Suit যোৰৰ ৰং কেতিয়াবা মন কৰিছে নে : Assamese Fact

 

Assamese Fact

    মহাকাশখন যেনেকৈ আশ্চৰ্যকৰ মহাকাশৰ কথাবোৰো আশ্চৰ্যকৰ। মহাকাশচাৰী এজনে যি যোৰ পোছাক পিন্ধি মহাকাশ যাত্ৰা কৰে সেইযোৰক Space Suit বুলি কোৱা হয়। Assamese Fact ) 


মহাকাশচাৰী সকলৰ ফটোবোৰ যদি মন কৰে দেখিব মহাকাশচাৰী পৃথিৱীত আৰু মহাকাশ যানত যাত্ৰা কৰোঁতে সদায় কমলা ৰঙৰ Space Suit পিন্ধে আৰু মহাকাশত যেতিয়া মহাকাশ যানৰ বাহিৰলৈ ওলাই Space walk কৰে তেতিয়া বগা ৰঙৰ Space Suit পিন্ধে। ফেশ্বনৰ বাবে এনেকৈ ৰং সলায় সলায় Space Suit পিন্ধে নে কিবা কাৰণ আছে বাৰু!


    বিজ্ঞানত কোনো কাম ফেশ্বনৰ বাবে নকৰে। কিবা কাৰণ থাকিবয়ে লাগিব। পৃথিৱী আৰু মহাকাশ যানত কমলা আৰু মহাকাশত বগা ৰঙৰ Space Suit পিন্ধা কাৰণ হ'ল সুৰক্ষা। কমলা ৰং সহজে চকুত পৰে। পৃথিৱীত বা আকাশত কিবা দুৰ্ঘটনা হ'লে মহাকাশচাৰী সকলক চিনাক্ত কৰিবলৈ সহজ হ'বৰ বাবে কমলা ৰঙৰ Space Suit পিন্ধিব দিয়ে। বিমানৰ ব্লেক বক্সৰ ৰঙো কমলা। তাৰ কাৰণো একেই মই ইয়াৰ আগৰ লেখা এটাত এই বিষয়ে বহলাই লিখিছোঁ। সহজে চিনাক্ত কৰিবৰ বাবে এই ৰং দিয়া হয়।

কিন্তু মহাকাশত কথাবোৰ অলপ বেলেগ হয়। মহাকাশখন আন্ধাৰ তাৰ বগা ৰঙৰ Space Suit পিন্ধিলেহে সহজে চকুত পৰে তাৰ উপৰি বগা ৰংত সূৰ্য্যৰ ৰশ্মি প্ৰতিফলিত হয়। মহাকাশত সূৰ্য্যৰ বেয়া  ৰশ্মিবোৰ প্ৰতিফলিত হ'বলৈও বগা ৰঙৰ Space Suit পিন্ধিব দিয়ে।


      এই Space Suit বোৰৰ মূল্য কিমান জানানে! Space Suit এযোৰত বহুত সুবিধা দিয়া থাকে যাৰ বাবে মহাকাশচাৰী এজন মহাকাশত ওলাই আহিব পাৰে। উষ্ণতা বৰ্তাই ৰখা, অক্সিজেন যোগান ধৰা, বেয়া ৰশ্মিৰ পৰা বচাই ৰখা, বুলেট প্ৰুফ, উচ্চ মানদণ্ডৰ কেমেৰা থকা, বিভিন্ন যন্ত্ৰ থকা আনকি Space Suit ভিতৰতে শৌচ প্ৰসাৱ কৰিব পৰা সুবিধা আছে। এযোৰ Space Suit ৰ মূল্য প্ৰায় ৬০ কোটি টকা। ইয়াৰ ওজন পৃথিৱীত প্ৰায় ১২৭ কেজি। মহাকাশত মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱ নাই বাবে এই ওজন মহাকাশচাৰীয়ে অনুভৱ নকৰে। Space Suit পিন্ধিবলৈ এজন মহাকাশচাৰীক প্ৰায় ৪৫ মিনিট সময় লাগে। বহু পৰীক্ষা নিৰীক্ষা কৰিহে Space Suit মহাকাশচাৰীক মহাকাশত পিন্ধিব দিয়ে। মহাকাশচাৰী হোৱা ইমান সহজ নহয়।


      কেতিয়াবা মনলৈ ভাৱ আহেনে যে আপুনি মই মহাকাশচাৰী হ'ব পাৰিম নে! নিশ্চয়কৈ পাৰিম। মানুহে নোৱাৰা কাম কি আছে! বাকী পঢ়া শুনা লাগিবয়ে কিন্তু মহাকাশচাৰী হ'বৰ বাবে আমি প্ৰথম পাইলট হ'ব লাগিব। কমেও তিনি বছৰ আৰু ১০০০ ঘন্টা বিমান চলোৱা অভিজ্ঞতা থাকিলেহে মহাকাশচাৰী হোৱাৰ বাবে নিৰ্বাচিত হ'ব। বিমানে যদি চলাব নাজানে তেন্তে মহাকাশ যান কেনেকৈ চলাব। সেইবাবে যদি মন কৰে দেখিব বেছিভাগ মহাকাশচাৰী বায়ু সেনাৰ পাইলট বা তেনে ধৰণৰ লোক হয়। তাৰোপৰি অন্যান্য যোগ্যতাৰ প্ৰয়োজন নিশ্চয় আছে। 


     পৃথিৱীৰ চাৰিওফালে নিজৰ কক্ষপথত ঘূৰি থাকিবলৈ মহাকাশ যান এখনৰ নূন্যতম বেগ কিমান হ'ব লাগে বাৰু। এই গোটেই বস্তুটো এটা পদাৰ্থ বিজ্ঞান। মই টান নকৰি সহজে কৈ থওঁ প্ৰায় ৮ কিলোমিটাৰ প্ৰতি চেকেণ্ড অৰ্থাৎ প্ৰায় ২৮ হাজাৰ কিলোমিটাৰ প্ৰতি ঘন্টা। ইয়াতকৈ কম বেগত মহাকাশ যান এখন পৃথিৱীৰ চাৰিওফালে ঘূৰিলে মহাকাশ যানখন পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত পৃথিৱীত পৰি যাব। International Space Station ও ইমান বেগতে পৃথিৱীৰ চাৰিওফালে ঘূৰি আছে। এইটো একেবাৰে পৃথিৱীৰ ওচৰৰ কক্ষপথত ঘূৰিলে। উচ্চতা বাঢ়ি অৰ্থাৎ যিমান ওপৰত মহাকাশ যান এখন পৃথিৱীৰ চাৰিওফালে ঘূৰিব এই বেগ কমি কমি গৈ থাকিব।Assamese Fact ) 


      আমি মানুহে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত আগবাঢ়ি যোৱাৰ লগে লগে পৃথিৱীত যেনেকৈ আৱৰ্জনা সৃষ্টি কৰি আছো তেনেকৈ মহাকাশটো আৱৰ্জনা সৃষ্টি কৰি আছো। এইবোৰক মহাকাশ আৱৰ্জনা বোলে। আমি প্ৰক্ষেপন কৰা বহু মহাকাশ যান, ৰকেটবোৰ মহাকাশৰ পৰা পৃথিৱীলৈ উভতি নাহে। মহাকাশচাৰী অহা যোৱা কৰা মহাকাশ যান বোৰহে উভতি আহে। মানুহে প্ৰথনে প্ৰক্ষেপন কৰা Sputnik-1 চেটেলাইট এতিয়াও নিজৰ কক্ষপথত ঘূৰি মহাকাশতে আছে। এইটো বেলেগ কথা যে সেই যন্ত্ৰবোৰে কাম কৰা বন্ধ কৰি দিলে। ভাৰতে চন্দ্ৰলৈ পঠোৱা চন্দ্ৰযান-১ ও এতিয়াও মহাকাশতে চন্দ্ৰৰ চাৰিওফালে ঘূৰি আছে এইটো বেলেগ কথা যে চন্দ্ৰযান-১ ৰ লগত ২৮ আগষ্ট ২০০৯ ৰ পৰা যোগাযোগ বন্ধ হৈ গ'ল। মহাকাশত এতিয়াও প্ৰায় ৬০০০ চেটেলাইট ঘূৰি আছে তাৰ মাত্ৰ ২৭৮৭ টাহে সক্ৰিয় বাকীবোৰ নিষ্ক্ৰিয়। মহাকাশত থকা এই নিষ্ক্ৰিয় চেটেলাইট, ৰকেটৰ অংশবোৰকে মহাকাশ আৱৰ্জনা বা ইংৰাজীত Space Junk বুলি কয়।

বিজ্ঞানী সকলে এই আৱৰ্জনাবোৰ আঁতৰাব কেনেকৈ পাৰি বা সেই নিষ্ক্ৰিয় চেটেলাইট বোৰক আকৌ সক্ৰিয় কৰিব পাৰি নেকি গৱেষণা কৰি আছে।


      ভাৰতত মহাকাশ যান প্ৰক্ষেপন কৰিলে PSLV আৰু GSLV ৰকেটৰ নাম টিভি, বাতৰি কাকতত নিশ্চয় শুনি থাকে। কি এই PSLV আৰু GSLV ৰকেট! নামটোতে লিখা আছে ৰকেট। মানে এইবোৰ ৰকেটহে মহাকাশ যান নহয়। দুয়োটা শব্দৰ পাছফালে লিখা আছে SLV মানে Satellite Launch Vehicle মানে মহাকাশ যান উৎক্ষেপন কৰা বাহন। PSLV মানে Polar Satellite Launch Vehicle আৰু GSLV মানে Geosynchronous Satellite Launch Vehicle. মহাকাশ যান এখনক মহাকাশত নি নিজৰ কক্ষপথত এৰি অহায়ে এই ৰকেটৰ একমাত্ৰ কাম।


      PSLV ৰকেটবোৰ কম শক্তিশালী আৰু GSLV ৰকেটবোৰ বেছি শক্তিশালী। পৃথিৱীৰ ওচৰৰ কক্ষপথত  মানে Low Earth Orbit (ইয়াৰ আগৰ লেখাত এই বিষয়ে লিখিছোঁ) ত কোনোবা মহাকাশ যান থব গ'লে এই PSLV ৰকেট ব্যৱহাৰ কৰে। এই ৰকেটে ১৭৫০ কেজি ওজন পৰ্যন্ত চেটেলাইট পৃথিৱীৰ পৰা ৬০০-৯০০ কিলোমিটাৰ ওপৰলৈকে লৈ যাব পাৰে। ইয়াৰ খৰছো কম। এটা উৎক্ষেপনত প্ৰায় ১৩০ কোটি মান টকা খৰচ হয়। চন্দ্ৰযান, মঙ্গল যান আদিৰ চেটেলাইটক এই PSLV ৰকেটে লৈ গৈছিল। অক্টোবৰ ১৯৯৪ চনৰ পৰা ভাৰতে আজি ২৭ বছৰে এই PSLV ৰকেট ব্যৱহাৰ কৰি আছে।


     দ্বিতীয়টো হৈছে GSLV ৰকেট। ই PSLV ৰকেটতকৈ বহুত বেছি শক্তিশালী। দেখিলেই গম পোৱা যায়। ইয়াৰ বুষ্টাৰ ইঞ্জিন বেছি শক্তিশালী। ই ২৫০০ কেজি পৰ্যন্ত চেটেলাইট ৩৬ হাজাৰ কিলোমিটাৰ ওপৰৰ কক্ষপথলৈকে (High Earth Orbit) চেটেলাইট এটা লৈ যাব পাৰে। বেছি শক্তিশালী যেতিয়া ইয়াৰ খৰছো বেছি। এটা উৎক্ষেপনত প্ৰায় ৩৬৭ কোটি টকা খৰছ হয়।  এপ্ৰিল ২০০১ ৰ পৰা ভাৰতে আজি ২০ বছৰৰ পৰা এই GSLV ৰকেট ব্যৱহাৰ কৰি মহাকাশ যান মহাকাশলৈ পঠাই আছে।


উৎস : লক্ষ্য জ্যোতিৰ মহাকাশৰ কথা


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Fact ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup 


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page



No comments:

Post a Comment

Advertisement

Pages