ভগৱানৰ নাম কীৰ্তন কৰিলে জীৱনটো এনেদৰে সাৰ্থক হয় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, March 16, 2022

ভগৱানৰ নাম কীৰ্তন কৰিলে জীৱনটো এনেদৰে সাৰ্থক হয় : Religious Studies

Religious Studies

 প্ৰিয় পাঠকসকল আজি আমি আপোনালোকক স্বাস্থ্য বিজ্ঞানৰ এটা কথা ক'ব আহিছো । আমাৰ বেদ আৰু পুৰাণত বিজ্ঞান ৰ কথাৰে ভৰি আছে।( Religious Studies )


বেদ আৰু পুৰাণসমূহত বৈজ্ঞানিক কথাৰে ভৰি থকা দেখা যায়। মহিলাসকল যেতিয়া গৰ্ভৱতী হয় তেতিয়া তেওঁৰ গৰ্ভলৈ  পিতৃৰ তেজ বা শক্তি যায় আৰু মাতৃৰ ৰজৰ লগত মিলি তাত গৰ্ভ স্থাপন হয়।১০দিনত কেঁচুৱাটো গছপুলিৰ দৰে হয় আৰু ১মাহত তাৰ মূৰটো সম্পূৰ্ণকৈ বনি যায়। 


দ্বিতীয় মাহত যেতিয়া মহিলা গৰ্ভৱতী হয়  অৰ্থাৎ স্ত্ৰী যেতিয়া  গৰ্ভৱতী হয়, তেতিয়া দুমাহত সন্তানটিৰ হাত ভৰি  ওলাবলৈ আৰম্ভ কৰে  আৰু যেতিয়া স্ত্ৰী গৰাকীৰ তৃতীয় মাহ আৰম্ভ হয় তেতিয়া লিংগ বনে অৰ্থাৎ সন্তানটি ল'ৰা নে ছোৱালী এই কথা জনা যায় । সেইবাবে আগৰ দিনত গৰ্ভ পৰীক্ষা বা লিংগ পৰীক্ষা তৃতীয় মাহতহে হৈছিলে ।এতিয়া চৰকাৰে সেই ব্যৱস্থা সম্পূৰ্ণ বন্ধ কৰি দিছে, কিন্তু যেতিয়া হৈছিলে  তেতিয়া তৃতীয় মাহতহে হৈছিলে। স্বাস্থ্য বিজ্ঞানে এই কথা প্ৰায় ২০বছৰৰ আগতে অৰ্থাৎ এতিয়াহে গম পাইছে  ,এই ব্যৱস্থা বহুত পুৰণি নহয় ।ডাক্তৰ সকলে স্ত্ৰী গৰাকীৰ পেটত ল'ৰা নে ছোৱালী আছে সেই কথা বৰ্তমান ২০বছৰতহে গম পাইছে   বা ৪০বা ৫০বছৰৰ আগতে ধৰি লওঁক যে আমেৰিকা,জাপান  এইবোৰ দেশত গম পাইছিলে ।বাৰু ধৰি লওঁক ১০০বছৰ আগতেই গম পাইছে , কিন্তু ভাবক তৃতীয় মাহতহে লিংগ কিয় প্ৰৰিক্ষণ কৰা হয় , কাৰণ এই মাহতে পুৰুষ আৰু মহিলাৰ চিত্ৰ  অৰ্থাৎ লিংগ তৈয়াৰ হয় ।ভাৱক এই কথা আমি এতিয়াহে গম পাইছোঁ কিন্তু বেদ আৰু পুৰাণত এই কথা হাজাৰ হাজাৰ বছৰৰ আগতেই লিখি থোৱা আছে। বহুত আগতেই কপিল ভগৱানে মাতা দেৱসূতিক  এই কথা কৈছিলে। এই কথা হাজাৰ বছৰৰ আগতে ভাগৱত পুৰাণত লিখা আছে। 


চতুৰ্থ মাহত কি হয়, চতুৰ্থ মাহত সন্তানটিৰ  শৰীৰ পুষ্ট হয়। পঞ্চম মাহ আৰম্ভ হ'লেই সন্তানটোৰ ভোক পিয়াহ লাগিবলৈ আৰম্ভ হয়। সেইবাবে পঞ্চম মাহত সন্তানটিয়ে মাকৰ গৰ্ভত লাঠ মাৰিবলৈ আৰম্ভ কৰে। এনেকুৱা অনুভৱ হয় যে সি লাঠ  মাৰিছে কিন্তু সি কেতিয়াবা ভোকত চটফটাই,ইফালৰ পৰা সিফাল যায়।

 

ছমাহ আৰম্ভ হ'লেই সন্তানটোৱে পাপ পূণ্য বিচাৰ কৰিবলৈ লয়, মই পূৰ্বতে কি পাপ কৰিছিলো,কি পূৰ্ণ্য কৰিছিলোঁ ,কি কাৰণত মনুষ্য জন্ম লৈ যাব লগা হৈছে ইত্যাদি, সপ্তম মাহ হওঁতে সি পূৰ্ব জন্মৰ শক্তি, পৰ্ব জন্মৰ  স্মৰণ কৰিবলৈ ধৰে।


অষ্টম মাহ আৰম্ভ হ'লেই  সি ভগৱানক স্তুতি কৰিবলৈ আৰম্ভ কৰে যে হেই ভগৱান মোক সোনকালেই বাহিৰ কৰি দিয়া , মোৰ বৰ কষ্ট হৈছে ,ভাবক ৯মাহলৈ কিমান কষ্টৰে অলপ ঠাইতে কিদৰে সন্তানটি থাকিব লগা হয়,ভাবক কিমান কষ্টকৰ। আমাক যদি১ ঘন্টাৰ কাৰণে ওলোটাই বান্ধি ৰখা হয় তেতিয়া আমাৰ অৱস্থা বেয়া হৈ যায় আৰু মাকৰ গৰ্ভত ৯মাহ দিন থকাতো কিমান কষ্টকৰ ভাবি চাওঁক,তাকো ক'ত?মল-মূত্ৰৰ ভাণ্ডাৰত , কোনো অমৃতৰ গৰ্ভত নহয়। 

কেতিয়াবা কেতিয়াবা ডাক্তৰে কয় যে  সন্তানটিৰ পেটত  পানী জমা হৈছে। ক'ৰপৰা জমা হয় এই পানী, মাকৰ মূত্ৰৰ  ভাণ্ডাৰৰ পৰায়েই আহে। 


আমি সকলোৱে  এই মল-মূত্ৰৰ ভাণ্ডাৰতেই থাকি জন্ম হৈছোঁ । তেতিয়া কিয় ইয়াত আহি ডাঙৰ ডাঙৰ কথা কওঁ?পাহৰি গ'ল নিজৰ দিনবোৰ, কিমান কষ্টকৰ আছিল,৯মাহ দিন, আপুনি কেনেকৈ পাৰ কৰিছিলে।  

গোস্বামী তুলসী দাসে কৈছিলে , জন্ম আৰু মৃত্যুৰ সময়ত আমাৰ বৰ কষ্ট হয়   কিন্তু   মানুহে সকলো পাহৰি  যায়,অলপ মৰম পালেই, পৰিয়ালৰ মৰম পালেই  , পত্নী, সন্তানৰ মৰম পালেই সকলো পাহৰি যায় আৰু এতিয়া এই সকলো জঞ্জালত ফঁচি থকা  এজন ব্যক্তি হৈ আমি এই মায়াৰ সংসাৰত সোমাই আছো। ( Religious Studies )



এটা কুকুৰ আছিলে। এদিন সি এঘৰ মানুহলৈ গ'ল আৰু থিয় হৈ মালিকনি অহালৈ বাট চাই ৰ'ল যে, তেওঁ ওলাই এটা ৰুটি দিব ,কিন্তু তেওঁ ওলাই তাক  এডাল লাঠিৰে খুব কোবালে। সি  দ্বিতীয় ঘৰলৈ গ'ল তাতো লাঠি, তৃতীয় ঘৰলৈ গ'ল তাতো লাঠি ,মাত্ৰ চতুৰ্থ ঘৰত এটুকুৰা ৰুটি পালে। নেজ জোঁকাৰি সি ৰুটি খাই আছিলে, তেনেতে  এজন মহাত্মাই   তাক ক'লে আকৌ  আহিবিনে কাইলৈ ৰুটি বিচাৰি?  কুকুৰটোৱে ক'লে আহিম। মহাত্মাজনে ক'লে  তিনি ঘৰত তই মাৰ খালি,পাহৰিলি। কুকুৰটোৱে ক'লে তিনি ঘৰত মাৰ খালো কি হ'ল , চতুৰ্থ ঘৰতটো ৰুটিয়ো পালোঁ।


 চতুৰ্থ ঘৰত ৰুটি পায় সি তিনি ঘৰৰ লাঠিৰ কোব পাহৰি গ'ল । সেইদৰে মাকৰ গৰ্ভতো সন্তানে বহুত কষ্ট পায় , সেইবাবে জন্মৰ পাছত দেখা যায় যে পিঠিৰ পাছফালে নীলা হৈ থাকে। হয় নে নহয়?নৱজাত শিশুৰ পিঠিটো নীলা হয় কোনোবাই কোবোৱাৰ দৰে। আৰু সচাঁই মাৰ পৰে, ভগৱানৰ মাৰ পৰে, খুব মাৰ পৰে,যাবলৈ ওলাইছ,আমাক পাহৰি নাযাবি।"নাই ভগৱান নাযাওঁ,খুব ভক্তি কৰিম আপোনাৰ"। কিন্তু কুকুৰৰ দৰে, চতুৰ্থ ঘৰত ৰুটি পাই তিনি ঘৰৰ লাঠিৰ কোব পাহৰি গ'ল। সংসাৰলৈ আহি অলপ মৰম কি পালে মাকৰ গৰ্ভত পোৱা সকলো দুখ যান্ত্ৰণাই পাহৰি গ'ল। 


সেইবাবে কৈছোঁ সংসাৰৰ মৰম চেনেহ সকলো মায়া।ই সকলোকে ভ্ৰমত ৰাখে । যিমানেই বুজাই দিয়া, যিমানেই কোৱা , কিন্তু মানুহে কৰে নিজৰ মতেই। সকলোৱে জানে কোনো আপোন নহয়।পতি, পত্নী, সমন্ধীয়, ল'ৰা,ছোৱালী ... কিন্তু তথাপিও আপুনি কাৰ বাবে মৰি আছে? তেওঁলোকৰ বাবেই যে ,এওঁলোক মোৰ, এওঁলোক মোৰ। কিমান বাৰ বুজাই থোৱা আছে যে ভগৱানহে আপোনাৰ। কপিল ভগৱানে মাতা দেৱসূতিক ক'লে কিমান কষ্ট হয় সন্তান আৰু মাতৃৰ প্ৰসবৰ সময়ত কিন্তু সংসাৰলৈ আহি লাহে লাহে সেইজনেই সকলো পাহৰি  ভগৱানক  দিয়া  প্ৰতিশ্ৰুতি পাহৰি যায়, সকলো পাহৰি যায়। কুকুৰৰ লাঠি পৰাৰ দৰে মাকৰ গৰ্ভতো কিমান লাঠি পৰে কিন্তু পাহৰি যায়, কাৰণ সংসাৰৰ মৰমত পৰি যায়। সেইবাবে কৈছোঁ সেইদিনতোও মনত পেলাবা ,যেতিয়া ওলোটাকৈ ওলমি আছিলা। 

ভাবক আপুনি কিয় আহিছে  এই সংসাৰলৈ! খোৱা বোৱা কৰি ,ফুৰ্টি কৰিবলৈ । খোৱা বোৱাতো পশু পক্ষীয়েও কৰে ,শুবতো পশু পক্ষীয়েও জানে, সন্তান জন্ম দিবতো পশু পক্ষীয়েও জানে আৰু  আপুনিও একেই কৰিলে  আপোনাৰ আৰু পশু পক্ষীৰ মাজত পাৰ্থক্য কি থাকিব। 


পৰমাত্মাই আমাক পঠিয়াইছে  সত  কাম আৰু কৰ্ম আৰু ভগৱানৰ নাম কীৰ্তন কৰি জীৱনৰ সাৰ্থক কৰিবৰ বাবে। এই যি চক্ৰ চলি আছে জীৱন মৰণৰ চলি  আছে আৰু চলি থাকিব। ইয়াৰ পৰা  আপুনি, মই কোনো সাৰি নাযাওঁ। বাৰে বাৰে আমি জন্ম আৰু মৃত্যু হ'ব লাগিব। সেইবাবে ভগৱানৰ চৰণত নিজকে সমৰ্পিত কৰক, নহ'লে জন্ম আৰু মৃত্যুৰ পাকচক্ৰত ফঁচি যাব আৰু মনুষ্য জীৱন পাই ভুল কৰি থাকিলে সকলো শেষ হৈ গৈ থাকিব। যিদৰে চলি থকা চক্কীৰ মাজত সোঁমাজত এডাল লোহাৰ মাৰি থাকে আৰু তাত সোমাই যোৱা দানাটো যিমান ঘূৰিলেও পিচ্ নাখাই ,সেইদৰে  যি ভগৱানৰ শৰণলৈ যায় তাৰ জীৱন সাৰ্থক হৈ যায়, জন্ম আৰু মৃত্যুৰ পাকচক্ৰৰ পৰা পৰিত্ৰাণ পাই যায়। সেইবাবে নিজৰ যদি কৈল্যাণ কৰিব বিচাৰিছে, ভগৱানৰ ভক্তি কৰক, জীৱন সাৰ্থক হৈ যাব। আৰু যদি  এই কথাটোকে বুজি নাপায় তেতিয়া সেই একেই জীৱন মৰণৰ খেল।


আপোনালোকৰো হাজাৰ বাৰ জন্ম হৈছে আৰু আগলৈও হ'ব নুবুজিলে। সেইবাবে  ভগৱানৰ শৰণত আহি  সকলো সমৰ্পিত কৰিলে আনন্দত জীৱন অতিবাহিত কৰিব পাৰিব। কিমান মানুহ এই সংসাৰত মৰে, কিন্তু যি ভগৱানৰ শৰণ লৈ মৰে তেওঁ জীৱনৰ মৃত্যুৰ পাকচক্ৰৰ পৰা মুকলি হৈ যায়। যি ভগৱানক মনত ৰাখিব সি ভগৱানৰ শৰণলৈ যাব, সেইবাবে সংসাৰৰ লগত বেছি সম্বন্ধ ৰাখিব নালাগে আৰু জীৱনক সাৰ্থক কৰিব প্ৰয়াস কৰিব লাগে।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages