প্ৰিয় পাঠকসকল, এইটো কথা আমি সকলোৱে জানো যে আমাৰ ধৰ্মগ্ৰন্থ সমূহত প্ৰেমৰ কথাক লৈ বহুতো কাহিনী আছে। য'ত ৰাধা-কৃষ্ণৰ প্ৰেমৰ উদাহৰণ সকলোৱে দিয়ে। ( Religious Studies )
কিন্তু আজি আমি আপোনালোকক এনে এক পৌৰাণিক কথাৰ বিষয়ে কম য'ত এজন ৰজায়ে এগৰাকী ঋষি কন্যাক প্ৰেমও কৰিলে আৰু তেওঁকে বিয়াও কৰালে। কিন্তু তেওঁ যেতিয়া তেওঁৰ পুত্ৰ সন্তানৰ মাতৃ হ'ল তেতিয়া সেই ৰজাজনে তেওঁক চিনি পোৱাত অমান্তি কৰিলে । তেতিয়া তেওঁ এনেকুৱা কি কৰিলে যাৰ ফলত তেওঁ পুত্ৰ সন্তানৰ সৈতে মহিলা গৰাকীক স্বীকাৰ কৰি ল'লে।আজি আমি আপোনালোকক সেই ৰজা আৰু ঋষি কন্যাৰ বিষয়ে কম। তেওঁলোক অন্য কোনো নহয়,ৰজা দুশ্যন্ত আৰু ঋষি কন্যা শকুন্তলা, যাৰ কথা মহাভাৰতত উল্লেখ আছে।
মহাভাৰতত বৰ্ণিত কথা অনুসৰি এবাৰ ৰজা দুশ্যন্ত চিকাৰৰ বাবে অৰণ্যলৈ গৈছিলে । তাত এটা হৰিণাৰ পিছে পিছে গৈ তেওঁ মহৰ্ষি কন্ৱৰ আশ্ৰম পালেগৈ আৰু তাত মহাৰাজ দুশ্যন্তক দেখি এজন ব্ৰহ্মচাৰীয়ে ক'লে -"হে,ৰাজন ইয়াত চিকাৰ কৰাতো বৰ্জনীয়।"ব্ৰহ্মচাৰী জনৰ কথা শুনি ৰজা দুশ্যন্তয়ে চিকাৰ কৰাৰ কথা পৰিত্যাগ কৰিলে আৰু আশ্ৰমৰ পৰা যাবলৈ ধৰিলে। ইফালে তেওঁ যাব খোজা দেখি ঋষিজনে তেওঁক আশ্ৰমৰ ভিতৰত বহিবলৈ অনুৰোধ জনালে। ব্ৰহ্মচাৰীজনৰ কথা মহাৰাজ দুশ্যন্তয়ে পেলাব নোৱাৰাৰ বাবে তেওঁ আশ্ৰমৰ ভিতৰলৈ গ'ল আৰু তেওঁ দেখিলে যে সেইখন মহৰ্ষি কন্ৱৰ আশ্ৰম । যেতিয়া তেওঁ মাত লগালে তেতিয়া জুপুৰিৰ ভিতৰৰ পৰা এগৰাকী সুন্দৰ আৰু মনমোহক কন্যা ওলাই আহিল। দুশ্যন্ত মোহিত হৈ গ'ল। কন্যা গৰাকীয়ে ৰজা দুশ্যন্তৰ যথোচিত স্বাগত কৰিলে ,যিদৰে বেলেগ অতিথিৰ কৰে। লগতে তেওঁ ক'লে যে হে ৰাজন, মহৰ্ষি কন্ৱৰ তীৰ্থ স্থান ভ্ৰমণৰ বাবে গৈছে , গতিকে ময়েই আপোনাক এই আশ্ৰমত আদৰণি জনাইছোঁ। শকুন্তলাই সম্পূৰ্ণ নিষ্ঠা আৰু সেৱাভাৱে তেওঁৰ আদৰ , সৎকাৰ কৰিলে। তেওঁৰ সেৱা ভাৱত প্ৰসন্ন হৈ মহাৰাজ দুষ্মন্তয়ে সুধিয়েই পেলালে যে,হে দেৱী আপুনি কোন? তেওঁৰ কথা শুনি কন্যা গৰাকীয়ে ক'লে-হে,ৰাজন মোৰ নাম শকুন্তলা, মই ঋষি কন্ৱৰ কন্যা।
তেতিয়া ৰজা দুশ্যন্তয়ে তেওঁক সুধিলে যে মহৰ্ষি কন্ৱ দেখুন ব্ৰহ্মচাৰী , তেতিয়া আপুনি তেওঁৰ কন্যা কেনেকৈ হ'ল? তেতিয়া শকুন্তলাই ক'লে যে তেওঁ আচলতে ঋষি বিশ্ৰামিত্ৰ আৰু স্বৰ্গৰ অপ্সৰা মেনকাৰ পুত্ৰী। লগতে তেওঁ ক'লে যে,মোৰ জন্মৰ পাছতেই মোৰ মাৰ দ্বাৰা মোক পৰিত্যাগ কৰা হৈছিলে। মহৰ্ষি কণ্ৱৰৰ মহানুভৱতাৰ বাবেই মই অভাগীয়ে সন্মানেৰে এইদৰে জীৱন অতিবাহিত কৰিব পাৰিছোঁ। মহৰ্ষি কণ্ৱয়ে মোক এক শকুন্ত পক্ষীৰ ছাঁত পাইছিলে , সেইবাবে মোৰ নাম শকুন্তলা হ'ল। হে ৰাজন যিদৰে শাস্ত্ৰটো কোৱা হৈছে যে,জন্ম দিয়াজন,পালন পোষণ কৰা জন তথা অন্ন দিয়াজন এই তিনিজনকে পিতা বুলি কোৱা হয়।সেয়েহে ঋষি কন্ৱ মোৰ পৃতি। মহৰ্ষি কণ্ৱয়ে মোক কেতিয়াও এইটো অনুভৱ হ'বলৈ দিয়া নাই যে মই তেওঁৰ আচল পুত্ৰী নহয় আৰু ময়ো তেওঁক পিতৃৰ উপাধিয়েই দিছোঁ।
শকুন্তলাৰ কথা শুনি মহাৰাজ দুশ্যন্ত তেওঁৰ বিচাৰ আৰু আদৰ্শত মোহিত হ'ল আৰু তেওঁক বিবাহৰ প্ৰস্তাৱ দি ক'লে শকুন্তলা, তুমি ক্ষত্ৰিয় কন্যা। তোমাৰ জ্ঞান আৰু সৌন্দৰ্যক দেখি মই তোমাৰ প্ৰেমত পৰি গৈছোঁ। যদি তোমাৰ কোনো ধৰণৰ আপত্তি নাই তেতিয়া মই তোমাৰ লগত বিবাহ কৰিব বিচাৰোঁ। তেওঁৰ কথা শুনি প্ৰথমে শকুন্তলাই আশ্চৰ্য মানিলে কিন্তু মনে মনে তেওঁৱো মহাৰাজ দুশ্যন্তক পচন্দ কৰিবলৈ ধৰিলে। সৰ্বপ্ৰথমে শকুন্তলাই ঋষি কন্ৱৰ অনুপস্থিতিৰ কথা কৈ মানা কৰিলে। কিন্তু মহাৰাজ দুশ্যন্তয়ে এইটো কৈ তেওঁক মান্তি কৰাই ল'লে যে আপুনি এগৰাকী ক্ষত্ৰিয় কন্যা, গতিকে আপোনাৰ পাত্ৰ আপুনি নিজে বিচাৰি লোৱাৰ অধিকাৰ আপোনাৰ আছে। আৰু যেতিয়া তেওঁ জানিব যে আপুনি মোৰ লগত বিবাহ কৰিব বিচাৰিছে তেতিয়া তেওঁ কোনো আপত্তি নকৰিব। দুশ্যন্তয়ে বুজোৱাত শকুন্তলা বিবাহৰ বাবে মান্তি হ'ল আৰু তেওঁলোকে গন্ধৰ্ব বিবাহ সম্পন্ন কৰিলে। কিছু সময় মহাৰাজ দুষ্মন্তয়ে শকুন্তলাৰ সৈতে বনতে কটালে আৰু এদিন তেওঁ শকুন্তলাক ক'লে, প্ৰিয়তমা মোৰ কান্ধত হস্তিনাপুৰৰ দায়িত্ব আছে আৰু এতিয়া মই নিজৰ কৰ্তব্য পালন কৰিবৰ বাবে হস্তিনাপুৰলৈ যাবয়েই লাগিব। এইদৰে কৈ তেওঁ শকুন্তলাক নিজৰ স্বৰ্ণ আঙঠি এটা প্ৰতীক স্বৰূপ দিলে আৰু গুচি গ'ল আৰু তেওঁক বিশ্বাস দিলে যে যেতিয়া মহৰ্ষি কন্ৱ তীৰ্থস্থানৰ পৰা আহিব, তেতিয়া তেওঁ নিজে তেওঁক বিদায় কৰাই ইয়াৰ পৰা লৈ যাব। তাৰ পাছত সময় পাৰ হৈ গ'ল আৰু সেই সময়তে শকুন্তলাই গম পালে যে তেওঁ গৰ্ভৱতী । ঠিক সেই সময়তে মহৰ্ষি কণ্ৱয়ো নিজৰ তীৰ্থস্থানৰ পৰা উলটি আহিল। মহৰ্ষি কণ্ৱক দেখি শকুন্তলা আনন্দিত হ'ল আৰু তেওঁ ঋষি কন্ৱক মহাৰাজ দুষ্মন্তৰ লগত গন্ধৰ্ব বিবাহৰ কথা ক'লে। এই কথা শুনি মহৰ্ষি কন্ৱ প্ৰথমে আনন্দিত হ'ল যদিও পিছ মূৰ্হুততে তেওঁ এগৰাকী বিবাহিত মহিলা যে পিতৃৰ গৃহত নাথাকে সেই কথা তেওঁক শুৱৰাই দিলে আৰু ক'লে, পুত্ৰী এগৰাকী বিবাহিত কন্যাৰ আচল ঘৰ তেওঁৰ পিতৃৰ ঘৰ নহয়, বৰঞ্চ তেওঁৰ স্বামীৰ ঘৰহে। কোনো বিবাহিত কন্যাৰ বিবাহৰ পাছত পিতৃঅৰ গৃহত থকাটো উচিত নহয়। তাৰ পাছত তেওঁ আনন্দ মনেৰে নিজৰ পুত্ৰীক তেওঁৰ চাৰিজন শিষ্য আৰু দাসী প্ৰিয়ম্বদাৰ সৈতে বিদায় দিলে। মাৰ্গত এজন শিষ্যয়ে ভাগৰ অনুভৱ কৰাত তেওঁ এক সৰোবৰ কাষতে বিশ্ৰাম কৰিবৰ বাবে শকুন্তলাক নিবেদন জনালে। শকুন্তলাৰো ভাগৰ লগাত তেওঁ বিশ্ৰাম কৰিবৰ বাবে মান্তি হ'ল আৰু দাসী প্ৰিয়ম্বদাৰ সৈতে বিশ্ৰাম কৰিবলৈ ল'লে।যেতিয়া তেওঁ সৰোবৰত পানী খাবলৈ গ'ল তেতিয়া তেওঁ গম নোপোৱাকৈয়ে মহাৰাজ দুশ্যন্তয়ে দিয়া তেওঁৰ প্ৰেম চিহ্ন স্বৰূপ আঙঠিটো সৰোবৰত সৰি পৰিল আৰু তাক সৰোবৰৰ এটা মাছে খাই পেলালে। তাৰ পিছত শকুন্তলা হস্তিনাপুৰ পালেগৈ আৰু ৰাজ-দৰবাৰলৈ গ'ল। কিন্তু মহাৰাজ দুশ্যন্তয়ে তেওঁক চিনি পোৱাত অসৰ্মথ হ'ল। তেওঁ বাৰে বাৰে ৰাজ-দৰবাৰত এইটো কৈ থাকিলে যে মহাৰাজ মই আপোনাৰ পত্নী শকুন্তলা। কিন্তু মহাৰাজে ক'লে যে মই এই মহিলা গৰাকীক চিনি নাপাওঁ। ( Religious Studies )
শকুন্তলাক বিবাহ কৰাৰ পাছত যেতিয়া মহাৰাজ দুশ্যন্ত হস্তিনাপুৰলৈ ঘূৰি আহিছিল তেতিয়া কিবা কাৰণত তেওঁক এজন ঋষিয়ে অভিশাপ দিছিল যে তেওঁ তেওঁৰ নিজৰ অতিকৈ প্ৰিয় বস্তুটোৰ বিষয়ে পাহৰি যাব। তেতিয়া মহাৰাজ দুশ্যন্তয়ে বাৰে বাৰে অনুৰোধ কৰাত তেওঁ মহাৰাজক ক'লে যে মই শাপটো ঘূৰাই ল'বতো নোৱাৰো, কিন্তু যেতিয়া তুমি সেই বস্তুটোৰ কোনো চিহ্ন দিখিবা তেতিয়া তুমি জ্ঞান ঘূৰাই পাবা। ইফালে মহাৰাজ দুশ্যন্তয়ে শকুন্তলাৰ লগত হোৱা অন্যায়ৰ কথা পাহৰি নিজৰ ৰাজপাট চলোৱাত ব্যস্ত আছিল। কিন্তু এদিন যিটো মাছে শকুন্তলাৰ আঙঠিটো খাইছিল সেইটো মাছ এজন মাছমৰীয়াৰ জালত পৰিল আৰু যেতিয়া তেওঁ সেই মাছটো কাটিলে তেতিয়া তাৰ পেটৰ পৰা তেওঁ এটা জিলিকি থকা আঙঠি পালে ।
আঙঠিটো দেখি মাছমৰীয়াজন তক্ষণাৎত সোণাৰীৰ ওচৰ পালেগৈ। কিন্তু যেতিয়া সোণাৰী জনে সেই আঙঠিটো চালে তাত মহাৰাজ দুশ্যন্তৰ নাম দেখি আচৰিত হ'ল আৰু তেওঁক কটোৱালৰ হাতত গটাই দিলে। কটোৱালে সেই আঙঠিটো লৈ মহাৰাজ দুশ্যন্তৰ সন্মুখত উপস্থিত হ'ল।প্ৰথমে মহাৰাজ দুশ্যন্তয়ে সেই আঙঠিটো চিনি নাপালে কিন্তু সেই আঙঠিটো যেতিয়া তেওঁ হাতত ললে তেওঁৰ শকুন্তলাৰ লগত সম্বন্ধিত সকলো কথা মনত পৰি গ'ল কিন্তু তেতিয়ালৈকে বহুত দেৰি হৈ গৈছিলে আৰু সকলো ঠাইতে বিচৰিয়ো তেওঁ শকুন্তলাক বিচাৰি নাপালে।
বহু সময়ৰ পাছত অসুৰ আৰু দেৱতাসকলৰ মাজত হোৱা সংগ্ৰামত নিমন্ত্ৰণ পাই তেওঁ দেৱতাসকলক সহায় কৰাৰ বাবে ইন্দ্ৰৰ নগৰী অমৰাৱতী পালেগৈ।সংগ্ৰামত বিজয়ী হৈ যেতিয়া তেওঁ আকাশ মাৰ্গেৰে হস্তিনাপুৰলৈ ঘূৰি আহিছিল তেতিয়া মাৰ্গত তেওঁ কাশ্যপ ঋষিৰ আশ্ৰম দেখা পালে। তেওঁৰ দৰ্শনৰ বাবে তেওঁ তাত ৰ'লে। তেতিয়া তেওঁৰ দৃষ্টি আশ্ৰমত এটা সিংহৰ সৈতে খেলি থকা এক প্ৰতিভাবান শিশুৰ ওপৰত পৰিল। সেই বালকজন দেখি তেওঁৰ মনত প্ৰেম ভাৱৰ জন্ম হ'ল আৰু তেওঁ বালক জনক কোলাত ল'বৰ বাবে আগবাঢ়ি গ'ল । তেনেতে শকুন্তলাৰ সখি গৰাকীয়ে চিঞৰি উঠিল,সেই ভদ্ৰ পুৰুষ আপুনি সেই বালক জনক নুচুব নহ'লে তাৰ বাহুত বান্ধি থোৱা ক'লা সূতাডালে সাপ হৈ আপোনাক খুঁটি দিব।এই কথা শুনিও দুশ্যন্তয়ে নিজকে ৰখাব নোৱাৰিলে আৰু বালকজনক নিজৰ কোলাত উঠায়েই ল'লে। এতিয়া সখিয়ে দেখিলে যে বালক জনৰ বাহুত বন্ধা ক'লা সূতাডাল মাটিত পৰি গৈছে।সখিগৰাকীয়ে জানিছিলে যে যেতিয়া বালক জনক তেওঁৰ পিতৃয়ে কোলাত ল'ব তেতিয়া ক'লা সূতাডাল নিজে নিজেই পৰি যাব। তেওঁ প্ৰসন্ন মনেৰে শকুন্তলাৰ ওচৰলৈ গ'ল আৰু সকলো কথা শকুন্তলাক ক'লেগৈ।কথা শুনি শকুন্তলা মহাৰাজৰ ওচৰলৈ আহিল আৰু মহাৰাজে তেওঁক দেখিয়েই শীঘ্ৰেই চিনি পালে। আৰু শকুন্তলাক নিজৰ ভূলৰ বাবে ক্ষমা বিচাৰিলে লগতে কাশ্যপ ঋষিৰ অনুমতি লৈ শকুন্তলা আৰু নিজৰ পুত্ৰক লৈ হস্তিনাপুৰলৈ ঘূৰি আহিল আৰু শকুন্তলাক সকলো প্ৰজাৰ ওচৰত তেওঁৰ ৰাণী বুলি স্বীকৃতি দিলে। মহাৰাজ দুশ্যন্ত আৰু শকুন্তলাৰ এই পুত্ৰজনৰ নাম আছিল ভৰত। আগলৈ ভৰত এজন মহান প্ৰতাপী সম্ৰাট হ'ল আৰু তেওঁৰ নামেৰেই আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হ'ল।
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Religious Studies )
No comments:
Post a Comment