পিতৃ ব্ৰহ্মা আৰু জীয়েক সৰস্বতীৰ বিবাহৰ ৰহস্য : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, March 23, 2022

পিতৃ ব্ৰহ্মা আৰু জীয়েক সৰস্বতীৰ বিবাহৰ ৰহস্য : Religious Studies

 

Religious Studies

হিন্দু ধৰ্মৰ দুখন গ্ৰন্থ সৰস্বতী পুৰাণ আৰু মট্স্য পুৰাণত সৃষ্টিৰ নিৰ্মাতা ভগৱান ব্ৰহ্মায়ে নিজৰ জীয়েক সৰস্বতীৰ লগত বিয়া পতাৰ কথা উল্লেখ আছে।( Religious Studies ) 


যাৰ ফলত এই পৃথিৱীৰ প্ৰথম মানৱ মনু জন্ম হৈছিল। কিন্তু  ভগৱান ব্ৰহ্মায়ে নিজৰ জীয়েকৰ লগতেই বিয়া পতাৰ দণ্ডনীয় কাম কিয় কৰিলে। এই বিষয়ে আজি আমি আপোনালোকক কবলৈ উলাইছো।


সৰস্বতী পুৰাণ আৰু মট্স্য পুৰাণত বৰ্ণিত কথাসমূহত কিছুমান ভিন্নতা আছে। সেই কাৰণে আমি আপোনালোকক দুয়োটা কথাৰ বিষয়ে কম।


সৰস্বতী পুৰাণত বৰ্ণিত কথা - সৰস্বতী পুৰাণৰ অনুসৰি সৃষ্টিৰ ৰচনা কৰা সময়ত ভগৱান ব্ৰহ্মায়ে নিজৰ পেটৰ পৰা সৰস্বতীক জন্ম দিছিল। সেই কাৰণে কোৱা হয় সৰস্বতীৰ কোনো মাক নাই। 


কেৱল পিতৃ ভগৱান ব্ৰহ্মা আছিল।সৰস্বতীক বিদ্যাৰ দেৱী বুলি কোৱা হয়। কিন্তু বিদ্যাৰ এই দেৱী বহুত ধুনীয়া আৰু আকৰ্ষণীয় আছিল। সেই কাৰণে ভগৱান ব্ৰহ্মায়ে ও‌ সৰস্বতীৰ আকৰ্ষণৰ পৰা নিজকে বচাই ৰাখিব নোৱাৰিলে। 


তেওঁক নিজৰ অৰ্ধাংঙ্গীনী কৰাৰ বিচাৰ কৰিবলৈ ধৰিলে।সৰস্বতীয়ে পিতৃৰ এই মনোভাৱনাৰ বিষয়ে গম পাই চাৰিওদিশতে লোকাই থাকিবলৈ চেষ্টা কৰিলে। কিন্তু তেওঁৰ সকলো চেষ্টা অথলে গ'ল।


সেই কাৰণে উপায় নাপায় সৰস্বতীয়ে নিজৰ পিতৃৰ লগত বিয়া পাতিব লগা হ'ল। ভগৱান ব্ৰহ্মা আৰু সৰস্বতীয়ে এখন জংঘলত স্বামী, স্ত্ৰীৰ দৰে থাকিল। তেওঁলোকৰ এজন পুত্ৰ হ'ল ।যাৰ নাম ৰখা হ'ল চুয়মভূ মনু।( Religious Studies )



মট্স্য পুৰাণত বৰ্ণিত কথা- ইয়াৰ বিপৰীতে মট্স্য পুৰাণত বৰ্ণিত কথাৰ অনুসৰি ভগৱান ব্ৰহ্মাৰ পাচঁটা মূৰ আছিল। কোৱা হয় যেতিয়া ভগৱান ব্ৰহ্মায়ে সৃষ্টিৰ নিৰ্মাণ কৰিছিল তেতিয়া তেওঁ এই সমস্ত ব্ৰহ্মাণ্ডত অকলে‌ আছিল।


তাৰ পিছত তেওঁ নিজৰ মুখৰ পৰা সৰস্বতী, সন্ধ্যা, ব্ৰামিক উৎপন্ন কৰিলে। ভগৱান ব্ৰহ্মায়ে  নিজেই বনোৱা ৰচনা সৰস্বতীৰ প্ৰতি আকৰ্ষিত হ'বলৈ ধৰিলে। 


তেওঁ অকল সৰস্বতীৰ ওপৰতেই চকু দি থাকিছিল।  ভগৱান ব্ৰহ্মাৰ দৃষ্টিৰ পৰা বাচিবলৈ সৰস্বতীয়ে চাৰিওদিশতে লোকাই থাকিবলৈ চেষ্টা কৰিলে। শেষত গৈ আকাশত লোকাই থাকিল। 


কিন্তু ভগৱান ব্ৰহ্মায়ে নিজৰ পাচঁ নম্বৰ মূৰটোৱে দি আকাশতো সৰস্বতীক বিচাৰি উলিয়ালে। তাৰ পিছত তেওঁক সৃষ্টিৰ ৰচনাত সহায় কৰিবলৈ নিবেদন জনালে।


 সৰস্বতীৰ লগত বিয়া পতাৰ পিছত সৰ্বপ্ৰথমে মনুৰ জন্ম হ'ল।ভগৱান ব্ৰহ্মা আৰু সৰস্বতীৰ এই পুত্ৰক পৃথিৱীত জন্ম লোৱা প্ৰথম মানুহ বুলি কোৱা হয়। ইয়াৰ উপৰিও মনৌক'বেদ, সনাতন ধৰ্ম আৰু সংস্কৃতকে ধৰি সকলো ভাষাৰে জনক বুলি কোৱা হয়।


এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  ( Religious Studies ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages