ভগৱান সন্তুষ্ট হলে পোৱা যায় এই সমূহ সংকেত : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, March 16, 2022

ভগৱান সন্তুষ্ট হলে পোৱা যায় এই সমূহ সংকেত : Religious Studies

Religious Studies

পূজা অৰ্চনা কৰোঁতে আমি কিছুমান শুভ সংকেত পাওঁ। কিন্তু আমি সেইবোৰৰ বিষয়ে নাজানো।( Religious Studies )


 পূজা আপুনি যেনেকেই কৰক , কিন্তু সঁচা মনেৰে , সঁচা ভাৱনাৰে কৰক। ভগৱান একো বস্তুৰ ভোকত নাথাকে। সংসাৰখন তেওঁৰেই।


আপোনাৰ মনৰ ভাৱনা বেলেগে নাজানিলেও  ভগৱানে জানে ভগৱানে বুজে আৰু সঁচা মনেৰে কৰা প্ৰাৰ্থনা ভগৱানে স্বীকাৰ কৰে। এনেকুৱা আপুনি কিবা নহয় কিবা সংকেত পায়। ভগৱানে আপোনাক প্ৰত্যক্ষ ৰূপত দৰ্শন দিব নোৱাৰে। সেই কাৰণে ভগৱানে আপোনাক সংকেতৰ দ্বাৰা দৰ্শন দিয়ে। কিছুমান এনেকুৱা সংকেত আছে । যাৰ আগৰ জন্মৰ কিছুমান পুণ্য থাকে,সত্-কৰ্ম থাকে যাৰ ফলত তেওঁলোকে ভগৱানৰ দৰ্শন লাভ কৰে।


কিন্তু সঁচা মনৰ মানুহে কিছুমান সংকেত পায়। সংসাৰত এনেকুৱা মানুহো আছে যিয়ে কিছুমান এনেকুৱা সংকেত পায়। তাৰ ভিতৰত প্ৰথমটো সংকেত হ'ল-


১. যেতিয়া আমি পূজা কৰিবলৈ বহো । তেতিয়া যদি আমাৰ বমি ,বমি যেন অনুভৱ হয়, মন গধুৰ হ'বলৈ ধৰে। শৰীৰ গধুৰ হ'বলৈ ধৰে। টোপনি দৰে লাগে । বাৰে বাৰে বমি ,বমি যেন অনুভৱ হয়। ইয়াৰ একো বেয়া অৰ্থ নাথাকে। কিছুমানে ইয়াৰ বহুত বেয়া অৰ্থ উলিয়াই লয়। বহুতে ভাবে আমাক কোনোবাই কিবা কৰিব বিচাৰিছে। কিন্তু নহয় এইটো এটা শুভ সংকেত ভগৱানৰ।


আমি ভগৱানৰ ফালে যাবলৈ চেষ্টা কৰা হয়। ভগৱানে আমাক নিজৰ ফালে নিবলৈ চেষ্টা কৰিছে। আমাৰ ভক্তি ভাৱনাৰ ফলত প্ৰসন্ন হৈছে। কিন্তু নকাৰাত্মক শক্তি আমাৰ চাৰিওফালে থাকেই। এই পৃথিৱীত সকাৰাত্মক আৰু নকাৰাত্মক শক্তি দুয়োটায়েই কাৰ্য কৰি থাকে। এনেকুৱাত বমি ,বমি যেন অনুভৱ হোৱা,মন গধুৰ হোৱা,শৰীৰ গধুৰ হোৱা মানে ভগৱানৰ ফালে আমাক ঠেলি দিয়া। লাহে লাহে আপুনি ভগৱানৰ ভক্তি ফালে আগবাঢ়ি যোৱা। এইটো শুভ সংকেত যে আমি আৰু এখোজ ভগৱানৰ ফালে আগবঢ়াইছো।



২. আপুনি জপ,তপ , ধ্যান বা যিদৰেই পূজা কৰে, পূজা কৰোঁতে যদি আপোনাৰ চকুত চকু পানী আহে, চকুত চকু পানীৰে ভৰি পৰে। বহুত মানুহৰ লগত এনেকুৱা হয়। চকুত চকু পানী অহাতোঁ বহুত শুভ সংকেত। ইয়াৰ অৰ্থ হ'ল আমাৰ মনতো চফা হৈছে। আমি ভগৱানৰ লগত সংযোগ কৰিবলৈ চেষ্টা কৰি আছোঁ। কেতিয়াবা আপুনি দেখিছে চাগে আপুনি যেতিয়া ভগৱানৰ চকুত চকু থৈ চাই , তেতিয়া আপোনাৰ চকু পানী ভৰি পৰে। ইয়াৰ অৰ্থ হ'ল আপোনাৰ মনতো চফা হৈছে। যিবোৰ লেটেৰা বা আবৰ্জনা আছিল সেইবোৰ চফা হৈ আপুনি ভগৱানক শুদ্ধ মনেৰে বা চফাকৈ দেখিছে। ভগৱানে এইটো আপোনাক শুভ সংকেত দিয়ে বা দিছে।( Religious Studies )



৩. নোমবোৰ থিয় হৈ যোৱা। কেতিয়াবা নোমবোৰ পূজা কৰোঁতে কঁপনি উঠি থিয় হৈ আহে। হঠাতে ঠাণ্ডা, গৰমৰ অনুভৱ হ'লেও এইটো এটা শুভ সংকেত। ভগৱানৰ লগত জড়িত হোৱা। ভগৱানে আপোনাৰ লগত সংযোগ কৰিব বিচাৰিছে। এইটো এটা শুভ সংকেতৰ শ্ৰেণীত আহে। যেতিয়া আপুনি ভগৱানক সঁচা মনেৰে মানে তেতিয়াহে এইটো সংকেত পোৱা যায়। শৰীৰৰ নোমবোৰ থিয় হৈ আহে।



৪. দ্বীপ বা চাকিৰ বহুত ডাঙৰকৈ জ্বলাটোও এটা শুভ সংকেত শ্ৰেণীত আহে। ভগৱান ফালে আপোনাৰ ভক্তি বাঢ়ি যোৱা। ভগৱানে আপোনাৰ পূজা, প্ৰাৰ্থনা স্বীকাৰ কৰা।



৫. পূজা কৰিবলৈ আপুনি যেতিয়া বহিব, তেতিয়া ‌আপোনাৰ শৰীৰত কিবা হ'বলৈ ধৰা। অৰ্থাৎ পৰুৱা বা বেলেগ কিবা বগোৱাৰ দৰে অনুভৱ হোৱা।আমি নিজৰ সম্পূৰ্ণ শৰীৰটো অনুভৱ কৰিব পৰা।এটা এটা বস্তু আপুনি অনুভৱ কৰিব পাৰিব। তাৰ মানে আপুনি মনে মনে ভগৱানৰ কাষলৈ গৈছে।এক বেলেগ ধৰণৰ  শক্তি আপোনাৰ ভিতৰত জাগ্ৰত হৈছে।



৬. পূজা অৰ্চনা কৰি অহাৰ পাছত কেতিয়াও আপোনাৰ মুখত এক বেলেগ ধৰণৰ উজ্বলতা দেখা পোৱা যায়। মন্ত্ৰ, ব্ৰত আদি কৰাৰ পাছত আপুনি চাব এক বেলেগ ধৰণৰ উজ্বলতা আপোনাৰ মুখত আহি পৰিব।পূজা অৰ্চনা কৰি অহাৰ পাছত মনত এক বেলেগ ধৰণৰ শান্তিৰ অনুভৱ হয়। এইবোৰো এক শুভ সংকেত। ভগৱানৰ প্ৰাপ্তিৰ আপুনি লাহে লাহে ভগৱানৰ কাষলৈ যোৱাৰ। তেওঁৰ লগত আপোনাৰ সংযোগ বৃদ্ধি হোৱাৰ।



৭.দ্বীপ বা চাকিত বিভিন্ন ধৰণৰ আকৃতি দেখিবলৈ পোৱা। দ্বীপ বা চাকিত ফুলৰ দৰে হোৱা ও ভগৱান লগত জড়িত হোৱাৰ শুভ সংকেত।


এইবোৰ আছিল কিছুমান শুভ সংকেত যিবোৰ ভগৱানে আপোনাক যিকোনো ৰূপত দিয়ে।যেতিয়া তেওঁ আপোনাৰ পূজা স্বীকাৰ কৰে।( Religious Studies )


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



No comments:

Post a Comment

Advertisement

Pages