দ্ৰৌপদীৰ পাঁচ পাণ্ডবৰ সৈতে বিবাহ হোৱাৰ ৰহস্য : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, March 22, 2022

দ্ৰৌপদীৰ পাঁচ পাণ্ডবৰ সৈতে বিবাহ হোৱাৰ ৰহস্য : Religious Studies

 

Religious Studies

দ্ৰৌপদী মহাভাৰতৰ নায়িকা আছিল।যাক পাঁচজন পুৰুষৰ পত্নী হোৱাৰ বাবে পাঞ্চালী নামেৰে জনা যায়।  দ্ৰৌপদীৰ বিয়া ইনেইটো অৰ্জুনৰ লগত হৈছিল।( Religious Studies )


 কিন্তু তাৰ পিছতো তেওঁ পাঁচজন পুৰুষৰ লগত বিবাহপাশত আৱদ্ধ হ'ব লগা হ'ল। ইয়াৰ পিছৰ কি কাৰণ জনাৰ আগতেই এইটো জানি লওঁক যে আচলতে  দ্ৰৌপদী কোন আছিল । 


মাকৰ গৰ্ভৰ পৰা জন্ম হোৱা নাছিল দ্ৰৌপদী। মহাভাৰতৰ অনুসৰি দ্ৰৌপদী ৰজা দ্ৰৌপদৰ পুত্ৰী আছিল। তেওঁ যজ্ঞকুণ্ডৰ পৰা উলাইছিল। ৰজা দ্ৰৌপদে জ্ঞানী আৰু তপস্যা কৰা দুজন ব্ৰাহ্মণ ভায়েক য়াজ আৰু উপয়াজৰ কথাত দিব্য যজ্ঞকুণ্ডৰ আয়োজন কৰিছিল। 


কাৰণ ৰজা দ্ৰৌপদে এনেকুৱা এজন পুত্ৰ প্ৰাপ্ত কৰিবলৈ বিচাৰিছিল  যি কৌৰৱ আৰু পাণ্ডৱৰ গুৰু দূৰ্ণাচায্যৰ বধ কৰিব পাৰে। ৰজা দ্ৰৌপদে যজ্ঞকুণ্ডৰ পৰা ল'ৰা আৰু ছোৱালী দুয়োটায়েই প্ৰাপ্ত কৰিলে। যাৰ নাম ধৃষ্টদয়োম আৰু দ্ৰৌপদী ৰখা হ'ল। 


দ্ৰৌপদীৰ শৈশৱকালৰ নাম আছিল কৃষ্ণা। কোৱা হয় যি সময়ত দ্ৰৌপদী যজ্ঞকুণ্ডৰ পৰা প্ৰকট হৈছিল তেতিয়া তেওঁৰ বাল্য ৰূপ দেখি সকলো মনমুগ্ধ হৈ পৰিল। তেওঁৰ চকু উজ্জ্বল কমল ফুলৰ দৰে শান্ত আৰু উজ্জ্বল আছিল।চেলাউৰি চন্দ্ৰৰ দৰেই বক্ৰাকাৰ আছিল আৰু তেওঁৰ ৰং শ্যামল আছিল। এইসমূহ গুণৰ বাবে তেওঁৰ পিতৃ আৰু ঋষিসকলে তেওঁক মৰমেৰে কৃষ্ণা বুলি ক'লে। 



এইটোয়েই তেওঁৰ নাম আছিল। পিছত দ্ৰৌপদৰ জীয়েক হোৱাৰ বাবে তেওঁক দ্ৰৌপদী বুলি কোৱা হ'ল। দ্ৰৌপদীৰ পাঁচজন স্বামী হোৱাৰ ৰহস্য তেওঁৰ পূৰ্বজন্মৰ লগত জড়িত হৈ আছে। ভৱিষ্য পুৰাণত উল্লেখ আছে যে পূৰ্বজন্মত দ্ৰৌপদী এজন ব্ৰাহ্মণৰ জীয়েক আছিল। 


তেওঁৰ স্বামীৰ মৃত্যু হোৱাৰ ফলত তেওঁ ব্যয়ত্ববৰৰ সন্মুখীন হ'ব লগা হৈছিল। দুখীয়া আৰু  কষ্টকৰ জীৱনটো এওঁলোকে ব্ৰাহ্মণ আৰু সাধুসকলৰ বহুত সেৱা কৰিছিল। সাধুসকলৰ কৃপাত এওঁলোকে স্থালীদান ব্ৰত কৰিছিল। এই ব্ৰতৰ পৰা দ্ৰৌপদীয়ে এইটো বৰদান পাইছিল যে তেওঁ দেৱী লক্ষ্মীৰ দৰে হ'ব। 


যেতিয়ালৈকে তেওঁ ভোজন নকৰে তেওঁৰ খাদ্য পাত্ৰ ভৰি থাকিব। দ্ৰৌপদীয়ে পোৱা এই বৰদানৰ ফলতেই বনবাসৰ সময়ত পাণ্ডৱ সকলে ব্ৰাহ্মণ আৰু সাধুসকলক ভোজন কৰাব পাৰিছিল।পূৰ্বজন্মত অলপ আয়ুতেই দ্ৰৌপদীৰ স্বামীৰ মৃত্যু হৈছিল আৰু তেওঁ বিধৱা হৈছিল। যাৰ ফলত  দ্ৰৌপদীয়ে ঋষি সকলৰ উপদেশত দেৱৰো দেৱ মহাদেৱক প্ৰসন্ন কৰিবলৈ তপস্যা কৰিবলৈ আৰম্ভ কৰিলে। ( Religious Studies )


মান্যতা অনুসৰি যেতিয়া দ্ৰৌপদীৰ তপস্যাত প্ৰসন্ন হৈ মহাদেৱে তেওঁক দৰ্শন দিলে। তেতিয়া দ্ৰৌপদীয়ে এনেকুৱা এজন বৰ লাভ কৰা বৰদান বিচাৰিলে যিবোৰ এজন পুৰুষৰ গাত থকা সম্ভৱ নাছিল। সেই কাৰণে পিছত জন্মত দ্ৰৌপদী পাচঁজন পুৰুষৰ পত্নী হ'ল আৰু তেওঁলোক সকলো দীৰ্ঘ আয়ুৰ গৰাকী হ'ল। 


দ্ৰৌপদীৰ বৰদানৰ বিষয়ে আৰু এটা প্ৰচলিত কথা আছে। যাৰ অনুসৰি  যেতিয়া দ্ৰৌপদীক ভগৱান শিৱয়ে দৰ্শন দিলে, তেতিয়া দ্ৰৌপদীয়ে ভগৱান শিৱক সন্মুখত দেখি ভয় খাই উঠিল। সেই কাৰণে তেওঁ নিজৰ বৰদান পাঁচবাৰ ক'লে আৰু এনেকৈয়ে দ্ৰৌপদীয়ে পাচঁজন স্বামী পালে। 


দ্ৰৌপদীৰ এই বৰদান পিছৰ জন্মত সম্পূৰ্ণ হ'ল।দ্ৰৌপদে তেওঁৰ জীয়েক দ্ৰৌপদীৰ বিয়া অৰ্জুনৰ লগত পাতি দিব বিচাৰিছিল। কিন্তু দ্ৰৌপদীৰ বিয়াৰ আগতেই লাংঞ্চা গৃহৰ ঘটনা হ'ল।যাৰ ফলত সকলোৱে ভাবিলে পাচঁ পাণ্ডৱ আৰু কুন্তী সেই  লাংঞ্চা গৃহৰ  জুইত পুৰি গ'ল। কিন্তু পাচঁ পাণ্ডৱ আৰু কুন্তী সেই গৃহৰ পৰা ভালকৈ উলাই আহি ব্ৰাহ্মণৰ বেশত জীৱন নিৰ্বাহ কৰি আছিল।


দ্ৰৌপদীৰ সয়ম্বৰৰ কথা শুনি পাচঁ পাণ্ডৱ তালৈ গ'ল।দ্ৰৌপদীৰ সয়ম্বৰৰ বাবে এটা চৰ্ত ৰখা হৈছিল যে তলৰ পানীত মাছটো চাই ওপৰত ঘূৰি থকা মাছটোৰ চকুত কাড় মাৰিব লাগিব। যিয়ে এই কামটো কৰিব পাৰে তাৰে লগত দ্ৰৌপদীৰ বিয়া হ'ব। সয়ম্বৰত থকা কোনো যুদ্ধায়ে এনেকুৱা কৰিব নোৱাৰিলে। 


কৰ্ণয়ে এনেকুৱা কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু দ্ৰৌপদীয়ে তেওঁৰ লগত বিয়া নহওঁ বুলি ক'লে। কাৰণ কৰ্ণ এজন সুত পুত্ৰ আছিল। তাৰ পিছত ব্ৰাহ্মণৰ বেশত অহা অৰ্জুনে এই চৰ্তটো পূৰ্ণ কৰি দিলে। অৰ্জুনৰ লগত বিয়া পতাৰ পিছত যেতিয়া দ্ৰৌপদী পাচঁ পাণ্ডৱৰ লগত ঘৰলৈ গ'ল, তেতিয়া তেওঁলোকে ক'লে চোৱা মা আমি কি আনিছোঁ। 


তেতিয়া কুন্তীয়ে নোচোৱাকৈয়ে ক'লে যি আনিছা সমানে ভাগ কৰি লোৱা। মাকৰ কথা পেলাব নোৱাৰি পাচঁ পাণ্ডৱে  দ্ৰৌপদীৰ লগত বিয়া পাতিবলৈ নিশ্চিত কৰিলে। তাৰ পিছত দ্ৰৌপদীয়ে পাচঁ পাণ্ডৱৰ পত্নী হ'বলৈ মানি ল'ব লগা হ'ল। পাছত বেদব্যাসে তেওঁলোকৰ বিয়া দ্ৰৌপদীৰ লগত পাতি দিলে। 


বেদব্যাসে  সকলোৰেই সুবিধা চাই ক'লে দ্ৰৌপদী ১ বছৰ ১ বছৰ সকলোৰেই লগত থাকিব।যেতিয়া তেওঁ এজন ভাইয়েকৰ ওচৰৰ পৰা আনজনৰ ওচৰলৈ যাব তেতিয়া তেওঁৰ কুমাৰীতত্ব আকৌ ঘূৰি আহিব। সন্তান জন্ম দিবলৈ ভগৱান কৃষ্ণয়ে কৈছিল যে তুমি প্ৰত্যেক বছৰতেই কোনোবা এজনৰ লগতহে সময় কটাবা।যেতিয়া তোমাৰ কোঠাত এজন থাকিব তেতিয়া আনজন যাতে নোসোমাই। 


যদি কোনোবা পাণ্ডৱে এনেকুৱা ভুলতেও কৰে তেতিয়া তেওঁ এবছৰৰ বাবে দেশৰ পৰা উলাই যাব লাগিব। 


এবাৰ এই দণ্ড অৰ্জুনে পাইছিল। অৰ্জুন আৰু দ্ৰৌপদীৰ এবছৰ পাৰ হৈ গৈছিল । যুধিষ্ঠিৰ আৰু দ্ৰৌপদীৰ সময় আৰম্ভ হ'ব হৈছিল। অৰ্জুনে ভুলতেই নিজৰ ধনু দ্ৰৌপদীৰ তাত পাহৰি আহিলে আৰু সেই সময়তে অৰ্জুনক ব্ৰাহ্মণৰ পশুবোৰক দুষ্টৰ পৰা বচাবলৈ ধনু কাঁড়ৰৰ প্ৰয়োজন হ'ল। 


ক্ষত্ৰিয় নিয়ম পালন কৰিবলৈ তেওঁ সেই নিয়ম ভাঙিব লগা হ'ল। তেওঁ দ্ৰৌপদীৰ কক্ষলৈ সোমাই গ'ল। সেই সময়ত দ্ৰৌপদী আৰু যুধিষ্ঠিৰ লগত আছিল। সেই কাৰণে দণ্ড হিচাপে অৰ্জুনে এবছৰৰ বাবে ৰাজ্যৰ পৰা উলাই গ'ল।


আজি আপোনালোকে জানিলে চাগে কিয় অৰ্জুনৰ লগত বিয়া পতাৰ পাছতো দ্ৰৌপদীয়ে আকৌ পাচঁ পাণ্ডৱৰ লগত বিয়া পাতিব লগা হ'ল।


নেধৰনৰ আৰু ধাৰ্মিক কথা জানিবলৈ এই লিংকত ক্লিক কৰক - www.ধৰ্ম.smj24.in



বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages