দেৱী মাৰ ঘোঁৰাত আগমন হলে কি সূচাই : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, March 29, 2022

দেৱী মাৰ ঘোঁৰাত আগমন হলে কি সূচাই : Religious Studies

Religious Studies

 চ'ত মাহৰ নৱৰাত্ৰি ২ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব। মন্দিৰসমূহত ইতিমধ্যে ইয়াৰ প্ৰস্তুতি ও আৰম্ভ হৈছে। ( Religious Studies )


৯ দিনৰ বাবে চলিব থকা এই নৱৰাত্ৰি। এই নৱৰাত্ৰিত দেৱীৰ বিভিন্ন ৰূপক ভক্তসকলে পূজা অৰ্চনা কৰে। জ্যোতিষ শাস্ত্ৰৰ অনুসৰি এইবাৰ দেৱী দূৰ্গা ঘোঁৰাত উঠি আহিব।


এই  ৯ দিন শক্তিক আৰাধনা কৰাতোঁ সনাতন  ধৰ্মত মহত্বপূৰ্ণ বুলি কোৱা হয়। কাৰণ শক্তিক আৰাধনা কৰা ফলত সৃষ্টিত হৈ থকা পৰিবৰ্তনত শুভ্ৰতা আহে।মানুহৰ জীৱনত সম্পূৰ্ণতা আহে মাক আহ্বাহন কৰা ফলত। মা কি বাহনৰ উঠি আহিব, সেইটোও মহত্বপূৰ্ণ।মাৰ বাহন শুভ - অশুভ ফলৰ সূচক।


পণ্ডিত অখিলেশ শাস্ত্ৰীয়ে কৈছিল যে এইবাৰ মা দূৰ্গা ঘোঁৰাত উঠি আহিব । মা আদি শক্তিৰ সকলো বাহনৰে বেলেগ বেলেগ মহত্ব আছে।বছৰত দুবাৰ অহা নৱৰাত্ৰিত মা দূৰ্গা সকলোবাৰ নতুন নতুন বাহনত উঠি আহে। মাতা ৰাণীৰ বাহনৰ প্ৰভাৱ দেশ আৰু পৃথিৱী সকলোতে পৰে। মা দূৰ্গাৰ বাহন দোলা, নাও, ঘোঁৰা, ম'হ, মানুহ বা হাতী ও হয়।( Religious Studies )


১. এনেদৰে চিহ্নিত হয় মা দূৰ্গাৰ বাহন - পণ্ডিত অখিলেশ শাস্ত্ৰীয়ে কৈছে যে যেতিয়া মা দুৰ্গা হাতীৰ ওপৰত উঠি আহে, তেতিয়া বহুত বৰষুণ হয়।মা দুৰ্গা ঘোঁৰাত উঠি আহিলে,যুদ্ধৰ পৰিস্থিতি সৃষ্টি হয়।যেতিয়া মাতা ৰাণী নাওত  উঠি আহে,তেতিয়া ই শুভ ফল প্ৰদান কৰে।যদি মা দোলাত উঠি আহে, তেতিয়া মহামাৰীৰ সংকেত আহে।


২. বিদায় বাহনো হয় বেলেগ -  দেওবাৰে বা সোমবাৰে, মা দূৰ্গায়ে ম'হৰ ওপৰত উঠি প্ৰস্থান কৰে।যাৰ ফলত ৰোগৰ আশংকা বৃদ্ধি হয়। শনিবাৰ বা মঙ্গলবাৰে মা দূৰ্গায়ে মুৰ্গীত উঠি প্ৰস্থান কৰে। যাৰ ফলত কষ্ট বৃদ্ধি হয়। বৃহস্পতি বাৰে মা দূৰ্গায়ে মানুহৰ ওপৰত উঠি প্ৰস্থান কৰে। ইয়াৰ অৰ্থ হ'ল সুখ- শান্তি বিৰাজমান হৈ থাকিব।


এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  ( Religious Studies ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages