মন্দিৰত পতাকা লগালে মানুহৰ সম্পত্তি সদায় বৃদ্ধি হয় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, March 25, 2022

মন্দিৰত পতাকা লগালে মানুহৰ সম্পত্তি সদায় বৃদ্ধি হয় : Religious Studies

Religious Studies

 সনাতন হিন্দু ধৰ্মত এইটো বিশ্বাস কৰা হয় যে পতাকাৰ অবিহনে মন্দিৰত অসুৰে নিবাস কৰে। সেই কাৰণে মন্দিৰত সদায় পতাকা লাগি থাকে।( Religious Studies ) 


সনাতন ধৰ্মৰ চাৰিখন পীঠৰ ভিতৰত এখন দ্বাৰকা পীঠ, ভাৰতৰ একমাত্ৰ এনেকুৱা মন্দিৰ য'ত ৫২ গজৰ পতাকা দিনত তিনিবাৰকে লগোৱা হয়।


এইখন ৰক্ষক পতাকা যিয়ে মন্দিৰ আৰু নগৰখনৰ ৰক্ষা কৰে। এনেদৰে ভবা হয় যে পতাকাখনে নৱগ্ৰহক ধাৰণ কৰি থাকে।যিয়ে ৰক্ষা কৱচৰ দৰে কাম কৰে। মন্দিৰৰ শিখৰত প্ৰায় ৮৪ ফুট দীঘল বিভিন্ন প্ৰকাৰৰ ৰঙৰ, বতাহত লৰি থকা ধৰ্ম পতাকা দেখি দূৰৰ পৰায়েই শ্ৰীকৃষ্ণৰ ভক্তসকলে মূৰ তল কৰে।


কেতিয়াৰ পৰা আৰাম্ভ হ'ল মন্দিৰত পতাকা লগোৱা পৰম্পৰা?


প্ৰাচীন কালত দেৱতা আৰু অসুৰৰ মাজত বহুত ডাঙৰ যুদ্ধ হৈছিল। সেই যুদ্ধত দেৱতাসকলে 

যি- যি চিহ্ন লগাইছিল , সেইসমূহ তেওঁলোকৰ পতাকা বুলি চিহ্নিত হ'ল। তেতিয়াৰে পৰা পতাকা লগোৱা পৰম্পৰা আৰম্ভ হ'ল। যি দেৱতাৰ যি বাহন সেইয়া তেওঁলোকৰ পতাকাটো অংকিত হৈ থাকে।


 কি কি চিহ্ন কোন কোন দেৱতাৰ পতাকাত আছে ?


প্ৰত্যেক দেৱতাৰ পতাকাত তেওঁলোকক চিহ্নিত কৰিব পৰা চিহ্ন (বাহন) থাকে। যেনে- 


১.  ভগৱান বিষ্ণু- ভগৱান বিষ্ণুৰ পতাকাৰ দণ্ডডাল সোণৰ আছিল আৰু পতাকাখন হালধীয়া ৰঙৰ আছিল। তাত গৰুড় পক্ষীৰ চিহ্ন অংকিত কৰা থাকে।


২.ভগৱান শিৱ- ভগৱান শিৱৰ পতাকাৰ দণ্ডডাল ৰূপৰ আছিল আৰু পতাকাখন বগা ৰঙৰ আছিল।তাত বৃষভৰ চিহ্ন অংকিত কৰা থাকে।


৩. ভগৱান ব্ৰহ্মা- ভগৱান ব্ৰহ্মাৰ পতাকাৰ দণ্ডডাল তামৰ আছিল আৰু পতাকাখন পদুমৰ 

ৰঙৰ আছিল।তাত পদুম ফুলৰ চিহ্ন অংকিত কৰা থাকে।


৪.  ভগৱান গণেশ- ভগৱান গণেশৰ পতাকাৰ দণ্ডডাল তামৰ বা হাতী দাঁতৰ আছিল আৰু পতাকাখন বগা ৰঙৰ আছিল।তাত মুছকৰ (নিগনিৰ) চিহ্ন অংকিত কৰা থাকে।


৫. সূৰ্য নাৰায়ণ - সূৰ্য নাৰায়ণৰ পতাকাৰ দণ্ডডাল সোণৰ আছিল আৰু পতাকাখন পঞ্চৰঙী ৰঙৰ আছিল। তাত আকাশৰ চিহ্ন অংকিত কৰা থাকে। 


৬. গৌৰী- গৌৰীৰ পতাকাৰ দণ্ডডাল তামৰ আছিল আৰু পতাকাখন বহুত ডাঠ ৰঙা ৰঙৰ আছিল।তাত জেঠীৰ দৰে এটা জংঘলী জন্তুৰ চিহ্ন অংকিত কৰা থাকে।


৭.ভগৱতী/দেৱী/ দূৰ্গা- দেৱীৰ পতাকা দণ্ডডাল সৰ্বধনুৰ আছিল আৰু পতাকাখনৰ ৰঙ ৰঙা আছিল।তাত সিংহৰ চিহ্ন অংকিত কৰা থাকে।


৮.চামু্ণ্ডা- চামুণ্ডা পতাকাখনৰ দণ্ডডাল লোহাৰ আছিল আৰু পতাকাখন ৰঙ নীলা ৰঙৰ আছিল। তাত মুণ্ডমালাৰ চিহ্ন অংকিত কৰা থাকে।


৯.কাৰ্তিক- কাৰ্তিকৰ পতাকাখনৰ দণ্ডডাল ত্ৰিশূলৰ আৰু পতাকাখন চিত্ৰবৰ্ণৰ আছিল।তাত ময়ূৰৰ চিহ্ন অংকিত কৰা থাকে।


১০.বলদেৱ- বলদেৱৰ পতাকাখনৰ দণ্ডডাল ৰূপৰ আৰু পতাকাখন বগা ৰঙৰ আছিল। তাত নাঙলৰ চিহ্ন অংকিত কৰা থাকে।( Religious Studies ) 


১১.কামদেৱ- কামদেৱৰ পতাকাখনৰ দণ্ডডাল ত্ৰিশূলৰ( সোণ,ৰূপ, তামৰ মিশ্ৰণ) আৰু পতাকাখন ৰঙা ৰঙৰ ।তাত মকৰা চিহ্ন অংকিত কৰা থাকে।


১২.যম- যমৰ পতাকাখনৰ দণ্ডডাল লোহাৰৰ আৰু পতাকাখন কৃষ্ণৰ ৰঙৰ দৰে।তাত বলধ গৰুৰ চিহ্ন অংকিত কৰা থাকে।


১৩.ইন্দ্ৰ- ইন্দ্ৰৰ পতাকাখনৰ দণ্ডডাল সোণৰ আৰু পতাকাখন বিভিন্ন ৰঙৰ আছিল।তাত হাতীৰ চিহ্ন অংকিত কৰা থাকে।


১৪.অগ্নি- অগ্নিৰ পতাকাখনৰ দণ্ডডাল সোণৰ আৰু পতাকাখন বিভিন্ন ৰঙৰ আছিল আৰু তাত মেষৰ চিহ্ন অংকিত কৰা থাকে।


১৫.বায়ু- বায়ুৰ পতাকাখনৰ দণ্ডডাল লোহাৰৰ আৰু পতাকাখনৰ ৰঙ কৃষ্ণৰ ৰঙৰ আৰু তাত হৰিণৰ চিহ্ন অংকিত কৰা থাকে।


১৬.কুবেৰ- কুবেৰৰ পতাকাখনৰ দণ্ডডাল মণিৰ আছিল আৰু পতাকাখন ৰঙা ৰঙৰ আছিল।তাত মানুহৰ ভৰিৰ চিহ্ন অংকিত কৰা থাকে।


১৭. বৰুণ- বৰুণৰ পতাকাখনত কাছৰ চিহ্ন অংকিত কৰা থাকে।


১৮.ঋষি- ঋষি সকলৰ পতাকাখনত কুশৰ চিহ্ন অংকিত কৰা থাকে।


প্ৰায় মানুহে যিকোনো মনোকামনা সফল হ'বলৈ হনুমান বা দেৱীৰ মন্দিৰত পতাকা লগোৱা নিয়ম পালন কৰে।হনুমান বা দেৱীৰ পূজা পতাকাৰ অবিহনে সফল নহয়। দেৱীৰ স্পন্দনৰ শুক্ল নৱমীৰ দিনা পতাকা নৱমী ব্ৰত পালন কৰা হয়। য'ত তেওঁক পতাকা অৰ্পণ কৰা হয়।


প্ৰশ্ন এইটো যে মন্দিৰত পতাকা লগালে কেনেকৈ আমাৰ মনোকামনা পূৰ্ণ হয়। ইয়াৰ উত্তৰ 

নাৰদ- বিষ্ণু পুৰাণত পোৱা যায়। য'ত কোৱা হৈছে-


ভগৱান বিষ্ণুৰ মন্দিৰত পতাকা লগোৱা মহত্ব এইটো যে যিমান গতিত পতাকাখন বতাহত লৰি থাকে, পতাকা লগোৱা মানুহজনৰ পাপৰ ৰাশিবোৰ সিমান গতিতে নষ্ট হয়। যেতিয়া পাপ নষ্ট হয় যায়, তেতিয়া পুণ্য গধুৰ হৈ পৰে। তাৰ পিছত মানুহে মনে বিচৰা সকলোবোৰ পায়।


১. মন্দিৰত পতাকা লগালে মানুহৰ সম্পত্তি সদায় বৃদ্ধি হৈ গৈ থাকে।


২. পতাকা লগোৱাৰ ফলত মানুহে এই লোকৰ সকলো সুখ ভোগ কৰি পৰম গতিৰ প্ৰাপ্তি কৰে।


৩. যেনেকৈ মন্দিৰৰ পতাকা দূৰৰ পৰায়েই দেখা যায়, তেনেকে পতাকা লগোৱা মানুহজন সকলো সময়তে , সকলো ক্ষেত্ৰতে বিজয়ী হয়। তেওঁৰ কথা চাৰিওফালে বিয়পি পৰে।


পতাকা লগাবৰ বাবে প্ৰথমতে ধুনীয়া পতাকা এখন বনোৱাব লাগে। তাৰ পিছত শুভ মহূৰ্তত যি দেৱতাৰ পতাকা লগাব লাগে , সেইজন ভগৱানক পূজা কৰক। 


পতাকাখন পঞ্চোপচাৰ ( হালধি আৰু চূণৰ মিশ্ৰণ, চাউল, পুষ্প, ধুপ,দ্বীপ, ) আগবঢ়ায় পূজা কৰক। তাৰ পিছত ব্ৰাহ্মণৰ দ্বাৰা মন্ত্ৰ গোৱাই মঙ্গল বাদ্যযন্ত্ৰ আদি বজায় মন্দিৰত অৰ্পণ কৰক। 


পাৰিলে সেই দেৱতাজনৰ মন্ত্ৰ গাই ১০৮ টা আহুঁতিৰ যজ্ঞ কৰক।ব্ৰাহ্মণক বস্ত্ৰ দি ভোজন গ্ৰহণ কৰাওঁক।


য়দা য়দা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত।

অভ্যুত্থানমধৰ্মস্য তদাত্মান্ত সৃজাম্যহম্ ।


ওম নমো ভগৱতে বাসুদেৱায় নমঃ শ্ৰী হৰি শ্ৰী হৰি।


এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  ( Religious Studies ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages