হনুমান চালীসাৰ গুৰুত্ব এতিয়াই জানি লওক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, March 22, 2022

হনুমান চালীসাৰ গুৰুত্ব এতিয়াই জানি লওক : Religious Studies

Religious Studies


হনুমান চালীসা মহান কবি তুলসীদাসে লিখিছিল৷ হনুমান চালীসাৰ আগতে মহাবীৰ হনুমানৰ ওপৰত বহুতো চলীসা লিখা হৈছিল আৰু তেওঁৰ ওপৰত বহুতো প্ৰশংসা লিখা হৈছিল, কিন্তু আধুনিক যুগত তুলসীদাস ৰচিত হনুমান চালীসাৰ গুৰুত্ব অধিক কিয়নো  এই চালীসা পঢ়িবলৈ আৰু বুজিবলৈ অতি সৰল আৰু এই চলীসাই হনুমান দেৱৰ  চৰিত্ৰটো অতি সুন্দৰ ভাবে বৰ্ণনা কৰিছে ।( Religious Studies ) 


হনুমান দেৱতাৰ গৌৰৱ চাৰিওটা যুগতে আছিল আৰু থাকিব, কিয়নো তেওঁ অমৰ। তেওঁ অমৰত্বৰে আশীৰ্বাদ প্ৰাপ্ত। তেওঁ যিমান সময় বিচাৰে সিমান সময়  শৰীৰত থাকিব পাৰে আৰু এই পৃথিৱীত উপস্থিত থাকিব পাৰে। 


 হিন্দু ধৰ্মত হনুমান চালীসাৰ যথেষ্ট গুৰুত্বপূৰ্ণ। এই চলীসা পঢ়িলে ব্যক্তিজনৰ মনত সাহস, বীৰত্ব আৰু আত্মবিশ্বাস  বৃদ্ধি হয়। হনুমান চালীসা পাঠ কৰিলে সকলো ধৰণৰ সংকট তৎক্ষণাৎ সমাধান কৰে আৰু ই এক অলৌকিক সত্য।


এই হনুমান চালীসাৰ প্ৰতিটো শাৰীৰে বহুত মহত্ব আছে --

১) 'বল বুধি বিদ্যা দেহু মোহি , হৰহু কলেস বিকাৰ'

এই শাৰীয়ে ল'ৰা ছোৱালীৰ পঢ়াৰ প্ৰতি মন বঢ়ায়। 

২) ভূত পাৰেতৰ ভয় বা আক্ৰমণ ভয় আহিলে এই শাৰী গাব লাগে-- 

'ভৃত পিশাচ নিকট নহী আৱে মহাবীৰ জব নাম সুনাৱে '

৩) কোনো কাম সিদ্ধি কৰিবলৈ হ'লে গাব লাগে --

' ভীম ৰূপ ধৰি অসুৰ সঁহাৰে, ৰামচন্দ্ৰ কে কাজ সঁৱাৰে '   ( Religious Studies ) 


৪) বহুত দিন ধৰি যদি বেমাৰত পৰি থাকে তেন্তে গাব লাগে--

'নাসৈ ৰোগ হৰে সব পীৰা , জপত নিৰন্তৰ হনুমত বীৰা '

৫) প্ৰাণৰ সঃকট আহিলে এই শাৰীয়ে কাম দিয়ে-'

'সংকট কটৈ মিতৈ সব পীৰা , জো সুমিৰৈ হনুমত বলবীৰা । য়া সংকট তে হনুমান ছুড়াৱে, মন ক্ৰম বচন ধ্যান জো লাৱৈ '।  

৬) যদি কোনো লোক বেয়া সঙ্গত পৰে আৰু এৰুৱাব পৰা নাযায় তেন্তে হনুমান চালীসাৰ এই শাৰীয়ে কাম দিয়ে --

'মহাবীৰ বিক্ৰম বজৰঙ্গী , কুমতি নিবাৰ সুমতি কে সঙ্গী '

৭) যদি কোনো লোকৰ কোনো প্ৰকাৰ বন্ধন ভয় থাকে গাব লাগে  -

'জো সত বাৰ পাঠ কৰ কোঈ, ছুটহি বন্দি মহা সুখ হোঈ ' 

৮) যিকোনো বিষয়ত ভয় খালে গাব লাগে--

' সব সুখ লহৈ তুম্হাৰী সৰনা , তুম ৰক্ষক কাহু কো ডৰনা ' 

৯) মনোকামনা পুৰা কৰিবৰ বাবে--

ঔৰ মনোৰথ জো কঈ লাৱৈ , সোঈ অমিত জীৱন ফল পাৱৈ' 


জুলা শৰ্মা 

নতুন দিল্লী


এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Assamese article

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  ( Religious Studies ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages