কেনেদৰে দূৰ কৰিব শনি দেৱৰ প্ৰকোপ : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, March 19, 2022

কেনেদৰে দূৰ কৰিব শনি দেৱৰ প্ৰকোপ : Religious Studies

 

Religious Studies

মান্যতা অনুসৰি শনিদেৱতা বহুত ক্ৰোধিত স্বভাৱৰ। কোৱা হয় যে শনিদেৱতা প্ৰসন্ন হ'লে মানুহক ৰজা বনাই দিব পাৰে।আৰু ইফালে যাৰ ওপৰত  শনিদেৱতা ক্ৰোধিত হয় ,সি জীৱনত বহুত কষ্টৰ সন্মুখীন হ'ব লগা হয়।( Religious Studies )


জ্যোতিশাস্ত্ৰত শনিদেৱক ন্যায়ৰ দেৱতা বুলি কোৱা হয়। তেওঁ ব্যক্তিক কৰ্মৰ অনুসৰি ফল প্ৰদান কৰে।কৰ্মৰ অনুসৰি শনিদেৱে জাতকক দণ্ড দিয়ে। কোৱা হয় যে শনিদেৱ এনেকুৱা এজন দেৱতা যাক সকলোৱে ভয় কৰে। তেওঁৰ কৃপা পাবলৈ ভক্তসকলে তেওঁৰ বিধিপূৰ্বক পূজা অৰ্চনা কৰে। 



কিন্তু শনিদেৱেও কিছুমান দেৱী- দেৱতালৈ ভয় কৰে।যিজন ব্যক্তিয়ে এই দেৱী দেৱতাসকলক উপাসনা কৰে, শনিদেৱৰ বক্ৰ দৃষ্টি তেওঁলোকৰ ওপৰত নপৰে।শনি দেৱে তেওঁলোকক ভাল ফল দিয়ে।সেই দেৱী-দেৱতাসকল কোন সেইয়া জানো আহঁক।


১. আহঁত- শনিদেৱৰ প্ৰকোপ শান্ত কৰিবলৈ আহঁত গছৰ পূজা কৰা হয়।এইটো বিশ্বাস কৰা হয় যে ভগৱান বিষ্ণুৱে আহঁত গছত বাস কৰে। আপুনি জানেনে যে  শনিদেৱৰ কৃপা পাবলৈ আহঁত গছৰ পূজা কিয় কৰা হয়? ইয়াৰ উত্তৰটো এটা পুৰণি কাহিনীত পোৱা গৈছে।


এসময়ত অসুৰ সকলে স্বৰ্গত আধিপত্য স্থাপন কৰিছিল।সেই সময়ৰ কেতপ নামৰ এটা ৰাক্ষসক আছিল যিটোৱে আহঁত গছৰ ৰূপ লৈ যজ্ঞ নষ্ট কৰি দিছিল।যেতিয়াই কোনো ব্ৰাহ্মণ যজ্ঞ বা সমাধিৰ বাবে আহঁত গছৰ ওচৰলৈ গৈছিল , তেতিয়া সেই ৰাসক্ষকটোৱে তেওঁলোকক খাই পেলাইছিল।


 ঋষিসকলে বুজি পোৱা নাছিল যে ব্ৰাহ্মণকুমাৰসকল ক'ত নাইকিয়া হৈছিল?যেতিয়া ব্ৰহ্মকুমাৰ সকল ঘূৰি নাহিল, তেতিয়া ঋষি মুণিসকলে যথেষ্ট চিন্তা কৰিবলৈ আৰম্ভ কৰিলে। তাৰ পিছত ঋষিসকলে শনিদেৱক তেওঁলোকৰ সমস্যাটোৰ বিষয়ে ক'লে আৰু তেওঁৰ পৰা সহায় বিচাৰিলে।


এই কথাটো জানিবলৈ, শনিদেৱে ব্ৰাহ্মণৰ ৰূপ ধাৰণ কৰি আহঁত গছৰ ওচৰলৈ গ'ল।যেতিয়া তেওঁ আহঁত গছৰ ওচৰ পালে, কেতপে শনি মহাৰাজকো ধৰিবলৈ চেষ্টা কৰিছিল।যাৰ পিছত শনিদেৱ আৰু কেতপৰ মাজত যুদ্ধ হ'ল।শনিদেৱে  কেতপৰ বধ কৰিলে আৰু তেওঁ ঋষি মুণিসকলক ক'লে আপোনালোকে ভয় মুক্ত হয় শনিবাৰৰ দিনা আহঁত গছৰ পূজা কৰক। ইয়াৰ ফলত আপোনালোকে শনিৰ কষ্টৰ পৰা মুক্তি পাব। ইয়াৰ আৰু এটা পুৰণি কথাও আছে।


ঋষি পিপলাতৰ মাক-দেউতাকৰ মৃত্যু শৈশৱতে হৈছিল।যেতিয়া তেওঁ ডাঙৰ হৈছিল, তেতিয়া তেওঁৰ জ্ঞাত হ'ল যে শনিৰ দশাৰ কাৰণেই তেওঁৰ মাক-দেউতাকৰ মৃত্যু হ'ল। সেই কাৰণে ঋষি পিপলাতে খঙতে ভগৱান ব্ৰহ্মাক সন্তোষ কৰিবলৈ আহঁত গছৰ তলত বহি ঘোৰ তপস্যা কৰিলে। তেওঁৰ তপস্যাত সন্তোষ হৈ ভগৱান ব্ৰহ্মায়ে তেওঁক বৰ বিচাৰিবলৈ ক'লে। 


তেতিয়া পিপলাতে ভগৱান ব্ৰহ্মাৰ পৰা ব্ৰহ্মদণ্ড বিচাৰিলে।ইয়াৰ পিছত, তেওঁ আহঁত গছত বহি থকা শনি দেৱৰ ওপৰত ব্ৰহ্মদণ্ডৰে প্ৰহাৰ কৰিলে।ইয়াৰ ফলত শনিদেৱৰ ভৰিত তীব্ৰ বিষ হ'বলৈ ধৰিলে।শনিদেৱে বিষত ভগৱান শিৱক চিঞৰিবলৈ ধৰিলে।ভগৱান শিৱয়ে আহি পিপলাতৰ খং শান্ত কৰিলে আৰু শনিদেৱেক ৰক্ষা কৰিলে।জনশ্ৰুতি অনুসৰি,  পিপলাতৰ জন্ম আহঁত গছৰ তলত হৈছিল। আহঁত গছৰ পাত খাই তেওঁ তপস্যা কৰিছিল।সেয়েহে, এইটো বিশ্বাস কৰা হয় যে আহঁত গছৰ পূজা কৰিলে শনিৰ অশুভ প্ৰভাৱ আঁতৰ হয়।


যদি আপুনি শনিদেৱক শান্ত কৰিব বিচাৰে, তেতিয়া আপুনি আহঁতৰ পূজা কৰিব লাগিব।



২. ভগৱান শিৱ- পুৰণি কথা সমূহৰ অনুসৰি, ভগৱান শিৱয়ে শনিদেৱক কৰ্ম ফল দাতাৰ পদ দিছিল।শৈশৱত শনিদেৱ বহুত উদণ্ড আছিল। পিতৃ সূৰ্যয়ে তেওঁৰ এই উদণ্ড স্বভাৱৰ বাবে চিন্তিত হৈ ভগৱান শিৱক সঠিক পথ দেখুৱাবলৈ কৈছিল।


ভগৱান শিৱয়ে লাখবাৰ বুজোৱা পিছতো যেতিয়া শনিদেৱে নামানিলে, তেতিয়া ভগৱান শিৱয়ে শনিদেৱক পাঠ পঢ়োৱাবলৈ , তেওঁৰ ওপৰত প্ৰহাৰ কৰিলে। যাৰ ফলত শনিদেৱ অচেতন হৈ পৰিল। তাৰ পিছত ভগৱান শিৱয়ে পিতৃ সূৰ্যদেৱৰ মিনতিত শনি দেৱৰ অচেতনতা ভাঙিলে আৰু শনিদেৱেক নিজৰ শিষ্য কৰি ল'লে। লগতে তেওঁক কৰ্মফল দাতাৰ পদো দি দিলে।


এনেদৰে শনিদেৱে ন্যায়ধীশৰ দৰে ন্যায় আৰু দণ্ডৰ কাৰ্যত ভগৱান শিৱৰ লগ দিবলৈ ধৰিলে। সূৰ্যদেৱে তেওঁৰ পুত্ৰক তেওঁলোকৰ যোগ্যতা অনুসৰি বিভিন্ন পদ দিলে।কিন্তু দেউতাকক উপেক্ষা কৰি শনিদেৱে আন লোকৰ ওপৰতো নিজৰ কৰ্তৃত্ব প্ৰতিষ্ঠা কৰিছিল। 


সূৰ্যদেৱে ভগৱান শিৱক অনুৰোধ কৰিছিল যে তেওঁ শনিদেৱেক সঠিক পথ দেখুৱাই।যাৰ পিছত ভগৱান শিৱয়ে শনি দেৱৰ সৈতে যুদ্ধ কৰিবলৈ তেওঁৰ গণসকলক পঠিয়াইছিল।কিন্তু শনিদেৱে সকলোকে পৰাজিত কৰিছিল।তাৰ পিছত বাধ্য হৈ, ভগৱান শিৱয়ে শনিদেৱৰ সৈতে যুদ্ধ কৰিব লগা হ'ল।



এই যুদ্ধত,  শনিদেৱে ভগৱান শিৱৰ ওপৰত মাৰাত্মক দৃষ্টি পেলাইছিল।তেতিয়া ভগৱান শিৱই তেওঁৰ তৃতীয় চকু খুলি শনি দেৱ আৰু তেওঁৰ লোকসকলক ধ্বংস কৰিছিল। ইমানেই নহয় ভগৱান শিৱয়ে শনিদেৱক নিজৰ ত্ৰিশূলেৰে সংজ্ঞা শূণ্য কৰি দিলে।


তাৰ পিছত, ভগৱান শিৱয়ে শনিদেৱক পাঠ শিকোৱাৰ বাবে ১৯ বছৰ ধৰি আহঁত গছত ওলোটাকৈ ওলমাই ৰাখিলে। এই বছৰকেইটাত শনিদেৱ ভগৱান শিৱৰ উপাসনাত নিমজ্জিত হৈ আছিল। সেই কাৰণে কোৱা হয় যে শনিদেৱে কেতিয়াও ভগৱান শিৱৰ ভক্তসকলৰ ওপৰত তেওঁৰ বক্ৰ দৃষ্টি নিদিয়ে বা নেপেলাই।( Religious Studies )



৩. শনিদেৱৰ পত্নী চিত্ৰৰথ- ধৰ্ম গ্ৰন্থসমূহৰ অনুসৰি ন্যায়ৰ দেৱতা শনিদেৱ শ্ৰীকৃষ্ণৰ পৰম ভক্ত আছিল।তেওঁ সদায় শ্ৰীকৃষ্ণৰ উপাসনাত ব্যস্ত থাকিছিল। লগতে তেওঁৰ ধ্যানত মগ্ন হৈ থাকিছিল।যৌৱন কালতেই তেওঁ চিত্ৰৰথৰ জীয়েকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।তেওঁৰ পত্নী পৰম পতিব্ৰতা, তেজশ্ৰী আৰু জ্ঞানী আছিল।



কিন্তু শনিদেৱে বিবাহৰ পাছতো কৃষ্ণক উপাসনা কৰাতেই ব্যস্ত থাকিছিল। এদিন ৰাতি চিত্ৰৰথে ঋতু কালৰ স্নান কৰা পাছত পুত্ৰ প্ৰাপ্তি বাবে শনিদেৱৰ ওচৰলৈ গ'ল।সেই সময়তো, শনিদেৱ ভগৱান  কৃষ্ণৰ ধ্যানতে মগ্ন হৈ আছিল। তেওঁ নিজৰ পত্নীৰ ফালে নাচালেও। এইয়া নিজৰ অপমান বুলি ভাবি তেওঁৰ পত্নীয়ে তেওঁক শাওঁ দি দিলে।শনিদেৱৰ পত্নীয়ে তেওঁক এইটো শাওঁ দিল যে তেওঁ যাকে চকু তুলি চাব তেওঁ ধ্বংস হৈ যাব।



যেতিয়া শনিদেৱৰ ধ্যান ভঙ্গ হ'ল , তেতিয়া তেওঁ নিজৰ পত্নীক মনাবলৈ চেষ্টা কৰিলে আৰু নিজৰ ভুলো বুজি পালে। যাৰ ফলত তেওঁ নিজৰ পত্নীক ক্ষমাও বিচাৰিলে। কিন্তু শনিদেৱৰ পত্নীৰ ওচৰত এই শাওঁ নিসফল কৰা শক্তি নাছিল। তেতিয়াৰেই পৰা শনিদেৱে নিজৰ মূৰৰ তল কৰিয়ে থাকে।



৪. হনুমান-  ভগৱান হনুমানৰ ভক্তৰ ওপৰত শনিদেৱৰ বক্ৰদৃষ্টিৰ প্ৰভাৱ কম। শনিদেৱ আৰু হনুমানৰ কথা পৌৰাণিক কথাসমূহ বহুত উল্লেখ আছে। সকলোতকৈ মানি থকা উল্লেখ হ'ল যে যেতিয়া  শনিদেৱে হনুমানৰ ওপৰত বক্ৰদৃষ্টিৰ পেলাইছিল। ৰামায়ণ কালত অৰ্থাৎ ক্ৰেতা যোগত শনিদেৱৰ নিজৰ বল আৰু শক্তিৰ ওপৰত অহংকাৰ হৈছিল। সেই সময়ত তেওঁ বজৰং বালিৰ বল আৰু বীৰত্বৰ প্ৰশংসা শুনিছিলে । সেই কাৰণে তেওঁ বজৰং বালিৰ সৈতে যুদ্ধ কৰিবলৈ আগবাঢ়ি আহিলে।


কিন্তু সেই সময়ত হনুমানে ভগৱান শ্ৰীৰামৰ ভক্তিত মুগ্ধ হৈ আছিল । শনিদেৱ আহি হনুমানক যুদ্ধ কৰিবলৈ ক'বলৈ ধৰিলে।হনুমানে শনি দেৱৰ খং আৰু অহংকাৰৰ কাৰণ বুজি পাইছিল। সেই কাৰণে তেওঁ শনিদেৱেৰ লগত কাজিয়া নকৰি , তেওঁক শান্ত কৰা উচিত হ'ব বুলি ভাবিলে। কিন্তু শনিদেৱে মানি নল'লে আৰু যুদ্ধ কৰিবলৈ কৈ থাকিলে।


তাৰ পাছত বাধ্যত পৰি হনুমানে যুদ্ধ কৰিবলৈ আগবাঢ়ি আহিব লগা হ'ল। তেওঁলোকৰ মাজত বহুত ডাঙৰ যুদ্ধ আৰম্ভ হ'ল। ভগৱান শিৱ আৰু ভগৱান শ্ৰীহৰি অৱতাৰ হনুমানৰ আগত কোন তিস্থি থাকিব পাৰিব। শনিদেৱক হনুমানে পৰাস্ত কৰি দিলে।যুদ্ধৰ পিছত শনি দেৱ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল।হনুমানৰ সৈতে শনিদেৱে শত্ৰুতা কৰিব বিচাৰিছিল আৰু তেওঁৰ লগত যুদ্ধ কৰিবলৈ কৈছিল।



কিন্তু হনুমানে‌ শনিদেৱৰ কষ্ট চাই থাকিব নোৱাৰিলে আৰু তেওঁৰ ওপৰত কৃপা কৰি তেওঁৰ গাত তেলেৰে মালিচ কৰিলে। তাৰ পিছত শনিদেৱে আৰাম পালে আৰু তেতিয়াৰ পৰায়েই শনিদেৱক তেল অৰ্পণ কৰা প্ৰথা চলিবলৈ ধৰিলে। যিসকল ভক্তয়ে হনুমানৰ ভক্তি শুদ্ধ মনে কৰে তেওঁলোকৰ ওপৰত শনিদেৱৰ দৃষ্টিৰ প্ৰভাৱ কম হয়।


ইয়াৰ আৰু এটা কাহিনী আছে।যিটো শনিদেৱ আৰু বজৰংবলীৰ বিষয়ে অতি জনপ্ৰিয়।কিন্তু ইয়াত কোনো যুদ্ধ হোৱা নাছিল।কলি যুগৰ আৰম্ভ হোৱাৰ লগে লগে কোনো দেৱ-দেৱীয়ে পৃথিৱীত বাস কৰিব নোৱাৰিছিল।কিন্তু হনুমান ভগৱান শ্ৰীৰামৰ ভক্তিত মুগ্ধ হৈ আছিল। সেই সময়তে শনিদেৱ তাত আহি পালে আৰু খঙৰে তেওঁক পৃথিৱীৰ পৰা যাবলৈ ক'লে।



লগতে, তেওঁক ভয় খোৱাই, এইটো কৈছিল যে কলিযুগত কোনো দেৱী-দেৱতায়ে পৃথিৱীত বাস কৰিব নোৱাৰে। পৃথিৱীত যি থাকিব তাৰ ওপৰত তেওঁৰ ৭বছৰ ৬ মাহৰ দশা থাকিব। সেই কাৰণে তেওঁৰ এই দশা হনুমানৰ ওপৰতো প্ৰভাৱিত হ'ব।


শনিদেৱৰ কথা শুনি হনুমানে ক'লে যাৰ ওপৰত ভগৱান শ্ৰীৰামৰ কৃপা থাকে তাৰ ওপৰত কালৰ প্ৰভাৱো ও নাথাকে। তেতিয়া শনিদেৱে ক'লে মই সৃষ্টিকৰ্তা বিধানৰ কাৰণে বাধ্য। আপুনি যদি এই পৃথিৱীত থাকে , তেতিয়া আপুনি মোৰ প্ৰভাৱৰ পৰা কেনেকৈ বাচি থাকিব। আপোনাৰ ওপৰত মোৰ দশা এতিয়াৰেই পৰা প্ৰভাৱিত হ'ব। সেই কাৰণে মই এতিয়া আৰু আজিয়ে আপোনাৰ শৰীৰৰ ভিতৰলৈ যাম। ইয়াক কোনেও ৰখাব নোৱাৰে।



হনুমানে ক'লে শনিদেৱ আপুনি আহঁক। মই আপোনাক নৰখাওঁ। কিন্তু আপুনি মোৰ ‌‌শৰীৰৰ কোনটো  অংগত থাকিব। শনিদেৱে ক'লে মোৰ ৭বছৰ ৬ মাহৰ  মই ২ বছৰ ৬ মাহ মানুহৰ মগজুত থাকি তেওঁলোকৰ বুদ্ধি বিচলিত কৰোঁ। আকৌ  ২ বছৰ ৬ মাহ মানুহৰ পেটত থাকি তেওঁলোকৰ শৰীৰটো অসুস্থ কৰোঁ।শেষৰ ২ বছৰ ৬ মাহ মানুহৰ ভৰিত থাকি  তেওঁলোকক পথভ্ৰষ্ট কৰোঁ।


তাৰ পিছত শনিদেৱে হনুমানৰ মগজুত গৈ বহি ল'লে। যাৰ ফলত হনুমানৰ খজুতি হ'বলৈ ধৰিলে। যাৰ ফলত হনুমানে এখন পৰ্বত উঠাই নিজৰ মগজুত থৈ দিলে।  ফলত শনিদেৱ পৰ্বতৰ হেঁচাত হেঁচা খাবলৈ ধৰিলে। তেতিয়া তেওঁ হনুমানক সুধিলে এইবোৰ আপুনি কি কৰিছে। হনুমানে ক'লে আপুনি যেনেকৈ সৃষ্টিকৰ্তা ওচৰত বাধ্য মইয়ো তেনেকৈ মোৰ স্বভাৱৰ ওচৰত বাধ্য। কাৰণ তেওঁ নিজৰ খজুতি এনেকৈয়ে নাইকীয়া কৰে।



আকৌ হনুমানে এখন পৰ্বত উঠাই নিজৰ মগজুত থৈ দিলে। তাৰ ফলত  শনিদেৱ পৰ্বতৰ হেঁচাত আগতকৈ ও বেচি হেঁচা খাবলৈ ধৰিলে। শনিদেৱে অশান্তি পায় ক'লে আপুনি এই পৰ্বত তলত ৰাখক। মই আপোনাৰ লগত সন্ধি কৰিবলৈ সাজু আছোঁ। শনিদেৱৰ কথা হনুমানে‌ নুশুনা ভাও ধৰি আকৌ  এখন পৰ্বত উঠাই নিজৰ মগজুত থৈ দিলে।


 শনিদেৱে কষ্টতে ক'লে তেওঁ কেতিয়াও আৰু হনুমানৰ ওচৰলৈ নাযায়। কিন্তু হনুমান নৰখিল।আকৌ তেওঁ চতুৰ্থখন পৰ্বত উঠাই নিজৰ মগজুত থৈ দিলে। শেষত শনিদেৱে ক'লে মোক এৰি দিয়া প্ৰবন পুত্ৰ। মই কেতিয়াও সেইসকলৰ ওচৰলৈ নাযাওঁ যি আপোনাক স্মৰণ কৰে।



যদি আপুনি শনিদেৱৰ বেয়া প্ৰভাৱ পৰিছে বুলি ভাৱে , তেতিয়া আপুনি এই দেৱী-দেৱতাৰ পূজা কৰি নিজৰ কষ্টৰ নাইকীয়া কৰিব পাৰে। লগতে নিজৰ কৰ্ম ভালে ৰাখক। লগতে সমাজৰ উদ্ধাৰ কৰক।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages