স্ত্ৰী,কলিযুগ আৰু শূদ্ৰক কিয় শ্ৰেষ্ঠ বুলি কলে মহর্ষি ব্যাসদেৱে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, March 29, 2022

স্ত্ৰী,কলিযুগ আৰু শূদ্ৰক কিয় শ্ৰেষ্ঠ বুলি কলে মহর্ষি ব্যাসদেৱে : Religious Studies

Religious Studies

 এদিন মহর্ষি ব্যাসদেৱে গঙ্গা নদীত  স্নান কৰিবলৈ আহিছিল। তেনেতে কিছু সংখ্যক ঋষিমুনি গঙ্গা নদীৰ পাৰত উপস্থিত হৈছিল । ( Religious Studies )


ঋষিগণে প্ৰতক্ষ্য কৰিছিল মহর্ষি ব্যাসদেৱে গঙ্গা নদীত বুৰ মাৰি ধ্যানমগ্ন হৈ পৰিছে। তাকে দেখি ঋষিগণে এজোপা গছৰ তলত বহিপৰিল। 

       

      মহর্ষি ব্যাসদেৱে ধ্যানমগ্ন হৈয়ে পানী তলৰ পৰা ওপৰলৈ ওলাই আহি  ক'বলৈ ধৰিলে "যুগৰ ভিতৰত কলিযুগ , বৰ্ণৰ ভিতৰত শূদ্ৰ আৰু  মানৱ জাতিৰ মাজত স্ত্ৰী শ্ৰেষ্ঠ "।

       তেনেদৰে কৈ আকৌ ধ্যানমগ্নহৈ পানীত বুৰ মাৰিলে, কিছু সময়ৰ পাছত আকৌ ধ্যানমগ্নহৈ পানীৰ তলৰ পৰা ওপৰলৈ আহি ক'বলৈ ধৰিলে " শূদ্ৰ তোমালোক শ্ৰেষ্ঠ, আৰু ধন্য" তাকে কৈ আকৌ পানীত বুৰ মাৰিলে। আকৌ কিছু সময়ৰ পাছত পানীৰ ওপৰলৈ আহি ক'বলৈ ধৰিলে " স্ত্ৰীয়েই সাধুসন্ত, স্ত্ৰী সকলতকৈ এই পৃথিৱীত ধন্য কোনোৱেই হ'ব নোৱাৰে"।

   

     তেতিয়া গঙ্গা নদীৰ পাৰত অবস্থান কৰি থকা ঋষিগণে আচৰিত হৈ নিজৰ মাজতে গুণাগঁথা কৰিবলৈ ধৰিলে । যুগৰ ভিতৰত কলিযুগেই শাপিত যুগ আৰু জাতিৰ ভিতৰত ব্ৰাহ্মণেই শ্ৰেষ্ঠ, তেতিয়াহলে মহর্ষি ব্যাসদেৱে এনেকৈ কিয় কৈছে । তেতিয়া ঋষিগণৰ মাজৰে এজন ঋষিয়ে ক'লে এই প্ৰশ্নৰ উত্তৰ কেৱল মহর্ষি ব্যাসদেৱে দিব পাৰিব। 

          তেনেতে মহর্ষি ব্যাসদেৱে স্নান সম্পূৰ্ণ কৰি পানীৰ পৰা পাৰলৈ উঠি আহি দেখিবলৈ পালে কিছু সংখ্যক ঋষিমুনি গঙ্গা নদীৰ পাৰত ৰৈ আছে। তেতিয়া মহর্ষি ব্যাসদেৱে ঋষিগণক উদ্দেশ্য কৰি সুধিলে আপোনালোক এই গঙ্গা তীৰত কি কৰি আছে । তেতিয়া ঋষিগণে মহর্ষি ব্যাসদেৱক ক'লে আমি আহিছিলোঁ আমাৰ মাজত থকা কিছু সন্দেহ দূৰ কৰিবলৈ কিন্ত এইসময়ত সেই খিনি থাকক ।

              "হে ভগৱান"  আমাক আপুনি এইটো কওঁক আপুনি স্নান কৰি থাকোতে কৈছিল "কলিযুগেই শ্ৰেষ্ঠ , শূদ্ৰই শ্ৰেষ্ঠ আৰু স্ত্ৰীয়েই সাধুসন্ত লগতে ধন্য " ইয়াৰ অর্থ কি ? 

       আপোনাৰ দৰে মহর্ষিয়ে এনেয়ে এনে কথা নকয়। আমি সকলোৱে এই বিষয়ে সবিশেষ বিস্তাৰ কৰি জানিব বিচাৰো ।

             তেতিয়া মহর্ষি ব্যাসদেৱে হাঁহি হাঁহি উত্তৰ দিলে "হে মুনিশ্ৰেষ্ঠ সকল" শুনক তেতিয়া হ'লে মই বাৰে বাৰে এই সাধু কৈছিলোঁ তাৰ কাৰণ .....

      " যি ফল সত্য যুগত দহ বছৰ তপস্যা, ব্রহ্মচর্য, জপ আদি কৰিলে পোৱা যায় , সেই খিনি মানুহে ত্রেতা যুগত এক বছৰত,  দ্বাপৰ যুগত এক মাহত, কলিযুগত এক দিন আৰু এক ৰাতিত পায় যায়"। সেই কাৰণেই মই কলি যুগক শ্রেষ্ঠ বুলি ক'লো।( Religious Studies )

       

     সত্য যুগত ধ্যান ,ত্রেতা যুগত যজ্ঞ, দ্বাপৰ যুগত দেৱাশন কৰিলে পোৱা যায় , সেইখিয়েই আকৌ কলি যুগত শ্ৰী শ্ৰী কৃষ্ণৰ কীর্তন কৰিলে পোৱা যায়। কলি যুগত পুৰুষে  অলপমান কষ্ট কৰিলেই মহাৰথ প্ৰাপ্তিহৈ যায় । সেই কাৰণেই মই কলি যুগক লৈ অতি সন্তোষ প্ৰকাশ কৰোঁ আৰু কলি যুগক শ্ৰেষ্ঠ বুলি মানো।

   

     " হে ঋষিমুনিগণ " এতিয়া শূদ্ৰ কেনেকৈ শ্ৰেষ্ঠ তাৰ বিৱৰণ দিছোঁ শুনক  "ব্ৰাহ্মণক ব্ৰহ্মচৰ্য ব্ৰত পালন কৰি থকা অৱস্থাত বেদ অধ্যয়ন কৰিব লাগে আৰু স্বধৰ্ম আচৰণৰ সৈতে উপাৰ্জন কৰা ধনৰ দ্বাৰা যজ্ঞ কৰিব লাগে। তাৰ পাছতো ব্যৰ্থ কথোকপথন, ব্যৰ্থ ভোজন, ব্যৰ্থ যজ্ঞ তেখেত সকলৰ পতনৰ কাৰণ হয়। সেয়ে তেখেত সকল সদায় সংযমী হৈ থকাটো যিমান টান হয় সিমান দৰকাৰিও । এইকাম খিনি নিয়াৰিকৈ পৰিচালনা নকৰিলে আকৌ দোষ লাগে । তাৰ পাছতো নিজৰ ইচ্ছা অনুসৰি খোৱা বোৱা যেনে ,পানী,ফলমূল আদিও খাব নোৱাৰে কিয়নো তেখেত সকলৰ সকলো কৰ্ম কাৰ্যত পৰোপকাৰীতা সন্নিহিত হৈ থাকে। এনেকৈ পূণ্য কৰ্ম কৰি  বৈকুন্ঠগামী হ'ব লাগে। 

       

          কিন্তু কলি যুগত " শূদ্ৰই গুৰু-ভকতৰ শুশ্ৰূষা কৰিয়েই বৈকুণ্ঠপৰায়ন হ'ব পাৰে " আৰু শূদ্ৰৰ দিয়া লোৱাৰ কোনো নিয়ম নাই সেই কাৰণেই মই শূদ্ৰক শ্ৰেষ্ঠ, আৰু ধন্য" বুলি কৈছোঁ ।

       

      এতিয়া শুনক মই স্ত্ৰীক কিয় শ্ৰেষ্ঠ বুলি কৈছোঁ সেইয়া , "পুৰুষে নিজ ধৰ্ম অনুসৰি ঘটা ধন বিধি-বিধান মানি দিব লগা জনকহে দান, বা পূজা পাতল কৰিব লাগে । যেনকৈ আপোনালোক সকলোৱে জানেই এই দ্ৰৱ্যৰ উপাৰ্জন আৰু ৰক্ষণাবেক্ষণত মহান সংঘর্ষ হয়, আৰু এই ধন অনুচিত কামত লগালেও কষ্ট ভোগ কৰিব লগা হয়। ইয়াৰ পৰা সাৰি থাকিবলৈ পুৰুষে নিৰন্তৰ কিবা নহয় কিবা উপায় বিচাৰি থাকে । এনে কোনো কষ্ট সাধ্য বিশেষ মাৰ্গৰ পৰাহে কোনোবা এজন ব্যক্তিহে বৈকুণ্ঠপৰায়ন হ'ব পাৰে।"

         "কিন্তু স্ত্ৰীয়ে নিজৰ তন, মন, বচনৰ পৰা স্বামীৰ সেৱা কৰি স্বামীৰ হিত কৰ্মৰ সহযাত্ৰীহৈ বৈকুণ্ঠ পৰায়ণ হ'ব পাৰে। "সেই কাৰণেই মই " স্ত্ৰীয়েই সাধুসন্ত, স্ত্ৰী সকলতকৈ এই পৃথিৱীত ধন্য কোনোৱেই হ'ব নোৱাৰে" বুলি কৈছোঁ ।


       কলি যুগত যি পুৰুষে গুণৰূপী জলৰ সহায়ত সকলো পাপ ধুই পেলাইছে সেই পুৰুষৰে কলি যুগত জীৱন সফলহৈ পৰে ।

        কলি যুগত গুৰু-ভকতৰ শুশ্ৰূষা কৰিয়েই বৈকুণ্ঠ পৰায়ণ হ'ব পাৰে ।

       কলিযুগত স্ত্ৰীয়ে নিজৰ তন, মন, বচন পৰা  স্বামীৰ সেৱা কৰি স্বামীৰ হিত কৰ্মৰ সহযাত্ৰীহৈ বৈকুণ্ঠ পৰায়ণ হ'ব পাৰে।


উৎস : অভিনাশ কাশ্যপ


এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  ( Religious Studies ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages