ধৰ্ম মানে কি, ধৰ্মৰ উৎস ক'ত : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, March 27, 2022

ধৰ্ম মানে কি, ধৰ্মৰ উৎস ক'ত : Religious Studies

Religious Studies


धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः।

तस्माद्धर्मो न हन्तव्यो मा नो धर्मो हतोऽवधीत्

                          --(মনুস্মৃতি ৮.১৫)

অৰ্থাৎ--

ধৰ্ম নাশ কৰিলে তেওঁক ধৰ্মই নাশ কৰিব আৰু ধৰ্মক ৰক্ষা কৰিলে ধৰ্মই ৰক্ষা কৰোঁতক ৰক্ষা কৰিব। সেয়ে ধৰ্মক কেতিয়াও শেষ   কৰিব নালাগে, সেই নষ্ট হোৱা ধৰ্মই আমাকো শেষ কৰি দিব ।( Religious Studies ) 


কিন্তু ধৰ্ম মানে কি ----

কোনো বস্তুৰ স্বাভাৱিক গুণক সেই বস্তুৰ ধৰ্ম বুলি কোৱা হয়।  যিদৰে অগ্নিৰ ধৰ্ম হৈছে উজ্জলতা আৰু গৰম। উজ্জলতা আৰু গৰম নোহোৱাকৈ অগ্নি হব নোৱাৰে সেইদৰে মানুহৰ স্বাভাৱিক গুণ মানৱতা আৰু ভাৰতীয় সনাতন ধৰ্মৰ মতে সেয়ে ধৰ্ম।  সনাতন ধৰ্মই কয় সত্যিই ধৰ্ম আৰু ধৰ্ম হৈছে সত্য।  


বৈদিক ঋষি সকলে ধৰ্মৰ অৰ্থ কবলৈ যাওতে কৈছে-- সৃষ্টি আৰু আত্মাৰ হিত আৰু বিকাশৰ বাবে কৰা সকলো কৰ্মই ধৰ্ম। অৰ্থাৎ ধৰ্ম শব্দৰ বাস্তৱিক অৰ্থ হৈছে যি নিয়মেৰে চলিলে সমাজত নৈতিকতা আৰু মানৱতা থাকে সেয়ে ধৰ্ম। সনাতন ধৰ্মৰ মতে ধৰ্মৰ মূল স্তম্ভ হৈছে--- দান,  দয়া,  তপস্যা, সত্যতা, বিচাৰ ধাৰা আৰু ক্ষমা । 


'মনু স্মৃতি'ত ধৰ্মৰ পৰিভাষা ক'বলৈ গৈ কৈছে----


धृति: क्षमा दमोअस्तेयं शोचं इन्द्रिय निग्रह:

धीर्विद्या सत्यमक्रोधो दशकं धर्म लक्षणं

                          (মনুস্মৃতি ৬/৯২ )


অৰ্থাৎ--

ধৈৰ্য্য, ক্ষমা, নিজৰ বাসনাক নিয়ন্ত্ৰণ ৰখা,  অন্যায় কৰি কাৰো বস্তু নোলোৱা, শৰীৰ মন আৰু বুদ্ধিক পবিত্ৰ ৰখা , ইন্দ্ৰিয় সমূহ বশত ৰখা, ভাল বুদ্ধি প্ৰয়োগ কৰা ,  বিদ্যা অৰ্থাৎ আত্মবোধ,  মন কথা আৰু কামেৰে সত্য পালন কৰা আৰু খং বা ক্ৰোধ নকৰা এই দহ বিধ ধৰ্মৰ লক্ষণ । 


ধৰ্মৰ উৎস ক'ত --- 

বেদ, বেদাঙ্গ, দৰ্শন,  উপনিষদ, পুৰাণ আদিকে ধৰি বিভিন্ন শাস্ত্ৰ সমূহ আৰু প্ৰাচীন ভাৰতৰ দুই ইতিহাস ৰামায়ণ আৰু মহাভাৰতেই সনাতন ধৰ্মৰ ভেটি আৰু এয়াই প্ৰধান উৎস।  

ঋগ্বেদৰ শ্লোক বিলাকত ধৰ্ম শব্দটো যিদৰে ব্যৱহাৰ কৰিছে তাৰ পৰা ধৰ্মৰ অৰ্থ চমুকৈ উলিয়াবলৈ টান। কিয়নো বহুত সময়ত ইয়াক সত্যৰ প্ৰতিশব্দ হিচাপে ব্যৱহাৰ কৰিছে। বহুত সময়ত ধৰ্মক অধিকাৰ হিচাপে প্ৰয়োগ কৰিছে । যিদৰে----


तानि धर्माणि प्रथमान्यासन्  

                     (ঋগ্বেদ ১/১৬৪/৪৩)


প্ৰাচীন শাস্ত্ৰৰ মতে গোটেই বিশ্ব ব্ৰহ্মাণ্ড খন কিছুমান নিয়মত চলি আছে । যাৰ মূল লক্ষ্য সমাজৰ বা জীৱ জগতৰ কল্যাণ আৰু এই বিশ্ব ব্ৰহ্মাণ্ড নিজৰ নিয়মত চলি থকাৰ উৎস হল ধৰ্ম। ধৰ্মই কৰ্তব্য বুজায় আৰু মানুহৰ নৈতিক দায়িত্ব বুজায়।( Religious Studies )   


সনাতন ধৰ্ম এক যাত্ৰা---


বিশ্বৰ বাকী ধৰ্ম সমূহৰ দৰে হিন্দু এক ধৰ্ম নহয়।  ই অনাদি অনন্ত কালৰ পৰা চলি অহা আৰু সদায় চলি থকা মানুহৰ জীৱন পদ্ধতিৰ ধাৰাহে।

ইংৰাজীৰ Religion শব্দটো যদিও ভাৰতীয় ভাষাত অৰ্থাৎ-- অসমীয়া, হিন্দী,  সংস্কৃত আদি ভাষা সমূহত প্ৰতিশব্দ ' ধৰ্ম ' বুলি কোৱা হৈছে কিন্তু প্ৰকৃততে Religion শব্দৰ প্ৰতিশব্দ আমাৰ ভাষা সমূহত নাই। কিয়নো সংস্কৃতত বা আন ভাষা সমূহত ধৰ্ম শব্দটো বহুত অৰ্থত ব্যৱহাৰ হয় । কৰ্তব্য বুজাবলৈও ধৰ্ম শব্দৰ ব্যৱহাৰ হয় আকৌ কোনো বিশেষ ভাল কাম কৰাৰ ক্ষেত্ৰতো ধৰ্ম শব্দ ব্যৱহাৰ কৰা হয়।  ইয়াৰ উপৰিও নৈতিকতা, আচাৰ-বিচাৰ, নীতি জ্ঞান,  নিয়ম-নীতি আৰু গুণ আদি বুজাবলৈ ধৰ্ম শব্দৰ ব্যৱহাৰ কৰা হয়। 


আমাৰ ভাৰত বৰ্ষত অনাদি অনন্ত কালৰ পৰা সনাতন ধৰ্ম চলি আছে আৰু যাৰ কোনো অন্ত নাই। কোনো বিশেষ ব্যক্তিয়ে ইয়াক আৰম্ভ কৰা নাই।  


সনাতন ধৰ্ম এদিনত আৰম্ভ হোৱা নহয়, ই এক যাত্ৰা।  হাজাৰ হাজাৰ বছৰৰ আগৰে পৰাই ঋষি মুনি সকলে মানৱৰ কুশলৰ বাবে,  বিশ্বৰ শান্তিৰ বাবে ইজনৰ পাচত সিজনলৈ কঢ়িয়াই অনা কিছুমান জ্ঞান। এই জ্ঞান প্ৰাচীন কালৰে পৰা ভাৰত বৰ্ষৰ সমাজ সমূহৰ লগে লগে আহি আহি আজিৰ সময় পাইছেহি।  ই কাৰো নিজৰ নহয় হিন্দুত্বৰ বিভিন্ন দিশ বিলাক কোনো এজন মানুহে আঙুলিয়াই দেখুৱাইছে বুলি কব নোৱাৰি। গুৰু শিষ্যৰ মাধ্যমেৰে ইয়াক সংৰক্ষণ আৰু বহণ কৰি আহিছে।  


জুলা শৰ্মা 

নতুন দিল্লী


এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Assamese article

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  ( Religious Studies ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages