এই তিনি ভগৱানৰ মাজত কোন শ্ৰেষ্ঠ : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, March 26, 2022

এই তিনি ভগৱানৰ মাজত কোন শ্ৰেষ্ঠ : Religious Studies

Religious Studies

ভগৱান এজন নে অনেক । মহাদেৱ শিৱ সৰ্বোচ্চ নে ভগৱান বিষ্ণু শ্ৰেষ্ঠ।  এই বিষয় বিলাক সঘনাই বিভিন্ন জনৰ মাজত ওলাই থাকে। ( Religious Studies ) 


 কিছুমানে কয় ৩৩ কোটি দেৱী দেৱতা  আছে আকৌ কিছুমানে কয় ভগৱানৰ ৩৩ টা ভাগ আছে । কোনো কোনোৱে কয় ব্ৰহ্মণ সকলোতকৈ শ্ৰেষ্ঠ আৰু কিছুমানে কয় পৰম ব্ৰহ্ম সকলোতকৈ শ্ৰেষ্ঠ। 

 

পৰমব্ৰহ্ম কোন--


হিন্দু সনাতন ধৰ্মত ব্ৰহ্মণ ( জাতি বা বৰ্ণ নহয়) সৰ্বোচ্চ জন । ব্ৰহ্মণৰ আছে অপৰিসীম ক্ষমতা,  শক্তি আৰু  বুদ্ধি,  সেয়ে এটা নাম বা এক অবয়বতেই সীমাৱদ্ধ নহয়।


হিন্দু মত অনুসৰি ব্ৰহ্মণক ব্যক্তি বিশেষ বা  নৈৰ্ব্যক্তিক এই দুই দৃষ্টিকোণৰ পৰা সংজ্ঞা নিৰূপণ কৰিব পাৰি।


বৃহদাৰণ্যক উপনিষদত (২/৩/১) আছে--

দুই ৰূপৰ ব্ৰহ্মণ হয়- শাৰীৰিক আৰু আধ্যাত্মিক , মৰণশীল আৰু  অজৰ-অমৰ , স্থিৰ আৰু গতিশীল, দৃশ্যমান আৰু অদৃশ্যমান।  


নৈৰ্ব্যক্তিক ধৰণক নিৰ্গুণ ব্ৰহ্মণ বুলি কোৱা হয়।  নিৰ্গুণ ব্ৰহ্মণৰ কোনো গুণ নাই সেয়ে পূজা আৰাধনা কৰা নহয় কেৱল মাত্ৰ ধ্যান কৰা হয় আৰু জ্ঞান লোৱা হয়। নিৰ্গুণ ব্ৰহ্মণক কেতিয়াও কোনো ব্যক্তিৰ দৰে ভবা নহয়।  যিদৰে মানুহৰ মনটো মাত্ৰ উপলব্ধিহে কৰিব পাৰি সেইদৰে নিৰ্গুণ ব্ৰহ্মণক মাত্ৰ উপলব্ধিহে কৰিব পাৰি।  

 এই নিৰ্গুণ ব্ৰহ্মণকে সনাতন ধৰ্মত পৰমব্ৰহ্ম  আৰু ঈশ্বৰ বুলি কোৱা হয় । 


ভগৱান বা দেৱী দেৱতা সকল কোন --


ব্ৰহ্মণ যেতিয়া ব্যক্তি বিশেষৰ দৰে হব তেতিয়া সগুণ ব্ৰহ্মণ বুলি কব লাগিব। সগুণ ব্ৰহ্মণ মানৱৰে অভিব্যক্তি মাথোন। যাক আমি দেৱী দেৱতা  বুলি কওঁ। এই দেৱী দেৱতা সকল আমাৰ দৰে হলেও যথেষ্ট উচ্চ স্তৰীয় । আমাৰ পৃথিৱী খনৰ বিভিন্ন কাম কাজৰ বাবে থকা নিৰ্দিষ্ট কেইজনমান ভগৱান আছে । বৃহদাৰণ্যক উপনিষদৰ মতে এনে ভগৱান ৩৩ জন আৰু বাকী যিসকল দেৱী দেৱতা আছে সেয়া মাত্ৰ শক্তিহে । 


ঋগ্বেদত অগ্নি,  ইন্দ্ৰ,  সবিতা , বৰুণ, ৰুদ্ৰ, প্ৰজাপতি, মৰুত , বায়ু সৰস্বতী, বিষ্ণু  আদি বিভিন্ন দেৱতাৰ নাম পোৱা যায়। 

যজুৰ্বেদত দেৱতা সকল ঋগ্বেদতকৈ অলপ বেলেগ হৈ গল ।  ঋগ্বেদৰ ৰুদ্ৰক যজুৰ্বেদত শিৱ, শঙ্কৰ,  মহাদেৱ আদি নাম দিয়া হৈছে। শিৱ কল্যানৰ দেৱতা,  শঙ্কৰ জলাশয়ৰ দেৱতা আৰু মহাদেৱ সকলো দেৱতাত কৈ উত্তম আৰু  শক্তিশালী। সেয়ে দেৱাদিদেৱ মহাদেৱ বুলি কোৱা হয় । সেইদৰে বিষ্ণুৰ মহত্বও যজুৰ্বেদত অধিক । ঋগবেদ দেৱতা প্ৰজাপতিক যজুৰ্বেদত ব্ৰহ্মা বুলি কোৱা হয়। ( Religious Studies ) 


 ঋগবেদত নাগ পূজা ক'তো নাই কিন্তু যজুৰ্বেদত নাগকো দেৱতা বুলি ধৰা হৈছে। 


প্ৰকৃততে পৰমব্ৰহ্ম পৰমেশ্বৰে প্ৰতিজন দেৱী দেৱতাৰ নিৰ্দিষ্ট কাম আৰু সময় নিৰূপণ কৰি ৰাখে । সেইদৰে অৱতাৰো হয় নিৰ্দিষ্ট সময়ৰ বাবে।আমি মনুষ্যই অজ্ঞতাৰ বাবে হাবাথুৰি খাই থাকো ।


এই বিভিন্ন জনৰ মাজত কোন শ্ৰেষ্ঠ ?

শিৱ আৰু বিষ্ণু দুয়োই ইজনে সিজনৰ পৰিপূৰক, দুয়োৰে মাজত কোনো পাৰ্থক্য নাই। শাস্ত্ৰসমূহে কয় - বিষ্ণু শিৱৰ হৃদয়ত বাস কৰে আৰু বিষ্ণুৰ হৃদয়ত শিৱৰ বাসস্থান। এজনক বাদ দি আনজনে অকলে এই বিশ্ব ব্ৰহ্মাণ্ডৰ কোনো কামেই যিদৰে চলাব নোৱাৰে সেইদৰে শক্তি অৰ্থাৎ দেৱী নোহোৱাকৈ কোনো সৃষ্টি আৰু পালন হব নোৱাৰে। 


আমি নিজে দৈনিক বিভিন্ন দিশত আমাৰ মাজত শ্ৰেষ্ঠত্ব লৈ ব্যস্ত থাকো সেয়ে  বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি , স্থিতি আৰু পৰিচালনাৰ লগত জড়িত দেৱী দেৱতা সকলৰ মাজতো শ্ৰেষ্ঠত্ব বিচাৰিবলৈ যাওঁ । 


হিন্দু বুলি কলে সকলোৱেই যে একে দৰ্শন বা একে বিশ্বাসৰ পন্থৰ তেনে নহয়।  কোনোবাই দেৱী দেৱতা মানিবও পাৰে নামানিবও পাৰে । কোনোবাই মন্দিৰলৈ যায়  আন কোনোবাই মন্দিৰলৈ নগৈ নামঘৰলৈ হে যায়। আকৌ এনে কিছুমান আছে একেবাৰে একো নামানে মাত্ৰ নিজৰ কৰ্মক বিশ্বাস কৰে । ভাবধাৰাৰ এই বিভিন্নতাৰ মাজতো একেই হিন্দু আৰু তাতেই হিন্দু সনাতন ধৰ্মৰ সৌন্দৰ্য্যতা । 

#বন্ধুৰ_অনুৰোধত_আকৌ_দিলো 

জুলা শৰ্মা

নতুন দিল্লী


এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Assamese article

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  ( Religious Studies ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages