ভগৱান শিৱৰ সৈতে এইসমূহৰ সম্পৰ্ক কেনেদৰে গঢ়ি উঠিছিল : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, March 24, 2022

ভগৱান শিৱৰ সৈতে এইসমূহৰ সম্পৰ্ক কেনেদৰে গঢ়ি উঠিছিল : Religious Studies

 

Religious Studies

১. ভগৱান শিৱৰ ত্ৰিশূল-  ভগৱান শিৱৰ ধ্যান কৰা মাত্ৰকে মনত যিখন ছবি উদ্ভৱ হয়, সেইখন হ'ল বৈৰাগী পুৰুষৰ।( Religious Studies ) 


তেওঁৰ এখন হাতত ত্ৰিশূল,  আন এখন হাতত ডম্বৰু,ডিঙিত সাপৰ মালা আৰু কপালত তিনিডাল ৰেখাযুক্ত চন্দনৰ তিলক লৈ থাকে। 


মূৰত এটা অৰ্ধচন্দ্ৰ আৰু এটা জঁটা য'ৰ পৰা গংগাৰ ধাৰা বৈ আছে।যেতিয়া অলপ মনোযোগ গভীৰ হয়, তেওঁৰ বাহন নন্দীকো তেওঁৰ সৈতে দেখা যায়।অৰ্থাৎ,  ভগৱান শিৱৰ সৈতে এই সাতটা কথা বা বস্তু জড়িত হৈ আছে।


আপুনি পৃথিৱীৰ যিকোনো ঠাই লৈ যাওঁক লাগিলে, আপুনি  ভগৱান শিৱৰ সৈতে শিৱ মন্দিৰত এই সাতটা বস্তু দেখিব। এতিয়া জানো আহঁক ভগৱান শিৱৰ সৈতে এইসমূহৰ সম্পৰ্ক কেনেদৰে গঢ়ি উঠিছিল অৰ্থাৎ এইসমূহ ভগৱান শিৱৰ সৈতে কেনেকৈ জড়িত হ'ল। 


এইবোৰ ভগৱান শিৱৰ লগতেই প্ৰকট হৈছিল নেকি? নে বেলেগ, বেলেগ ঘটনাৰ ফলত এইসমূহ ভগৱান শিৱৰ লগত জড়িত হৈ গৈ আছিল।ভগৱান শিৱৰ সকলো ধৰণৰ অস্ত্ৰ-শস্ত্ৰৰ জ্ঞান আছে।কিন্তু পৌৰাণিক কথাৰ অনুসৰি তেওঁৰ দুখন মুখ্য অস্ত্ৰৰ নাম আগত আহে। 


এখন ধনু আৰু আনটো হ'ল ত্ৰিশূল। ত্ৰিপুৰাসুৰৰ বধ আৰু অৰ্জুনৰ মান ভঙ্গ ,এই দুটা এনেকুৱা ঘটনা য'ত ভগৱান শিৱয়ে নিজৰ ধনুবিদ্যা প্ৰদৰ্শন কৰিছিল। আনহাতে ত্ৰিশূলৰ প্ৰয়োগ ভগৱান শিৱয়ে  বহুবাৰ কৰিছে।ত্ৰিশূলৰ প্ৰয়োগ কৰি ভগৱান শিৱয়ে  শংখচূড়ৰ বধ কৰিছিল।


 ইয়াৰ দ্বাৰা ভগৱান গণেশৰো মূৰ কাটিছিল।বৰাহ অৱতাৰত মোহৰ জালত ফঁচা ভগৱান বিষ্ণুৰ মোহ ভঙ্গ কৰি বৈকুণ্ঠলৈ যাৱলৈ বাধ্য কৰাইছিল। ভগৱান শিৱৰ ধনুৰ আৱিষ্কাৰৰ বিষয়ে কিছুমান কথা আছে য'ত কোৱা হৈছে ভগৱান শিৱয়ে নিজেই ধনুৰ আৱিষ্কাৰ কৰিছিল। 


কিন্তু ত্ৰিশূল কেনেকৈ তেওঁৰ ওচৰলৈ আহিল তাৰ বিষয়ে একো কথা বা কাহিনী উল্লেখ নাই। মান্যতাৰ অনুসৰি যেতিয়া সৃষ্টিৰ আৰম্ভণিতে ভগৱান ব্ৰহ্মাৰ নাড়ীৰ পৰা ভগৱান শিৱ প্ৰকট হ'ল লগতে ৰজ, তম, সত এই তিনিটা গুণো প্ৰকট হ'ল।


এই তিনিটা গুণেৰে ভগৱান শিৱৰ ত্ৰিশূল ডাল হ'ল। এইসমূহৰ মাজত একো মিল নথকাকে সৃষ্টিৰ চলাচল সম্ভৱ নাছিল। সেই কাৰণে ভগৱান শিৱয়ে তিনিটা গুণক ত্ৰিশূলৰ ৰূপত নিজৰ হাতত ধাৰণ কৰিলে।


২.ভগৱান শিৱৰ ডম্বৰু -  ভগৱান শিৱক সংহাৰকৰ্তা আৰু বেদ বুলি পুৰাণসমূহত কোৱা হৈছে। শিৱৰ নটৰাজ ৰূপ ইয়াৰ বিপৰীত।ভগৱান শিৱ প্ৰসন্ন হ'লে নৃত্য কৰে। সেই সময়ত ভগৱান শিৱৰ হাতত এটা বাদ্যযন্ত্ৰ থাকে ,তাক ডম্বৰু বুলি কোৱা হয়। 


তাৰ আকাৰ বালিৰ ঘড়ী নিচিনা। যি দিন ৰাত আৰু সময়ৰ সন্তোলনৰ প্ৰতীক।ভগৱান শিৱ ও এনেকুৱায়েই। এওঁৰ এটা ৰূপ বৈৰাগী আৰু আনটো ভোগৰ ,যিয়ে নৃত্য কৰে। পৰিয়ালৰ লগত জীয়াই থাকে। সেই কাৰণে ভগৱান শিৱৰ বাবে ডম্বৰুয়েই উচিত বাদ্যযন্ত্ৰ।


কোৱা হয় যে যেনেকে ভগৱান আদি দেৱ, তেনেকে ডম্বৰু আদি বাদ্যযন্ত্ৰ। ভগৱান শিৱৰ হাতলৈ ডম্বৰু অহা কাহিনী বহুত মনোৰঞ্জন জনক। সৃষ্টিৰ আৰম্ভণিত যেতিয়া দেৱী সৰস্বতী প্ৰকট হ'ল। তেতিয়া দেৱী সৰস্বতীয়ে নিজৰ বীণাৰ সুঁৰেৰে সৃষ্টিত ধ্বনিৰ জন্ম দিলে। 


কিন্তু এই ধ্বনি স্বৰ সংগীত বিহীন আছিল। সেই সময়তে ভগৱান শিৱয়ে নৃত্য কৰি ১৪ বাৰ ডম্বৰু বজালে। ইয়াৰ ধ্বনিত ব্যাকৰণ আৰু সংগীতৰ ধন্দ, তালৰ জন্ম হ'ল। কোৱা হয় ডম্বৰু ভগৱান ব্ৰহ্মাৰ সৰ্বৰূপ।যি দূৰৰ পৰা বিস্তৃত যেন দেখা পোৱা যায়। কিন্তু যেতিয়া  ভগৱান ব্ৰহ্মাৰ ওচৰ চাপি গৈ থকা হয়, তেতিয়া তেওঁ সংকুচিত হৈ আনবোৰৰ লগত মিলি যায় আৰু বিশালতাৰ ফালে আগবাঢ়ে। সৃষ্টিত সন্তোলন বজায় ৰাখিবলৈ ভগৱান শিৱয়ে এইটো হাতত লৈয়ে প্ৰকট হৈছিল।( Religious Studies ) 



৩.ভগৱান শিৱৰ ডিঙিত থকা বিষধাৰী নাগ- ভগৱান শিৱৰ ডিঙিত সদায় নাগ থাকে। এই নাগটোৰ নাম হ'ল বাসুকী।এই নাগটোৰ বিষয়ে পুৰাণত কোৱা হৈছে এই নাগটো নাগলোকৰ ৰজা আৰু নাগলোকত তেওঁৰ শাসন চলে।সাগৰ মন্থনৰ সময়ত নাগটোৱে ৰছীৰ দৰে কাম কৰিছিল।যাৰ সহায়ত সাগৰ মন্থন কৰা হৈছিল। কোৱা হয় বাসুকী নাগ ভগৱান শিৱৰ পৰম ভক্ত আছিল। তেওঁৰ ভক্তিত প্ৰসন্ন হৈ ভগৱান শিৱয়ে তেওঁক নাগলোকৰ ৰজা পাতি দিছিল আৰু লগতেই তেওঁক নিজৰ ডিঙিৰ আভূষণ হৈ সাবতি ধৰি থাকিবলৈ বৰদান দিলে।



৪.নন্দী এনেকৈ হ'ল ভগৱান শিৱৰ বাহন- নন্দীৰ বিষয়ে পুৰাণত যিসমূহ কথা কোৱা হৈছে তাৰ মতে নন্দী আৰু শিৱ একেই। ভগৱান শিৱয়েই নন্দীৰ ৰূপে জন্মগ্ৰহণ কৰিছিল।কথাৰ অনুসৰি শিলাদ নামৰ ঋষি এজনে মোহ মায়াৰ পৰা মুক্ত হৈ তপস্যা কৰিবলৈ ল'লে।যাৰ ফলত তেওঁৰ পূৰ্বপুৰুষ আৰু পিতৃ চিন্তিত হৈ পৰিছিল যে আমাৰ বংশ নাইকীয়া হৈ যাব। পিতৃৰ উপদেশত  শিলাদে ভগৱান শিৱক তপস্যা কৰি এটা অমৰ পুত্ৰ লাভ কৰিলে।যাক নন্দী ৰূপে জনা যায়। শিৱৰ অংশ হোৱাৰ কাৰণে নন্দী শিৱৰ লগত থাকিব বিচাৰিছিল।শিৱক তপস্যা কৰি নন্দী শিৱৰ গণৰ মুখ্য হ'ল আৰু বৃষভ ৰূপে শিৱৰ বাহন হোৱাৰ সুভাগ্য লাভ কৰিলে।



৫. ভগৱান শিৱৰ মূৰত চন্দ্ৰ কেনেকৈ হ'ল- পুৰাণৰ অনুসৰি দক্ষ প্ৰজাপতিৰ ২৭ জনী কন্যাৰ বিয়া  চন্দ্ৰৰ লগত হৈছিল।সেইকেইজনী কন্যা ২৭ টা নক্ষত্ৰ।তাৰ ভিতৰত চন্দ্ৰয়ে ৰোহিনীক বহুত ভাল পাইছিল।সেই বিষয়ে যেতিয়া অন্য কন্যাসকলে দক্ষ প্ৰজাপতিক গোচৰ দিলে। তেতিয়া দক্ষ প্ৰজাপতিয়ে চন্দ্ৰক ক্ষয় যাবলৈ শাওঁ দি দিলে।এই শাওঁৰ পৰা বাচিবলৈ চন্দ্ৰয়ে ভগৱান শিৱক তপস্যা কৰিলে। চন্দ্ৰৰ তপস্যাত প্ৰসন্ন হৈ ভগৱান শিৱয়ে চন্দ্ৰৰ জীৱন ৰক্ষা কৰিলে আৰু নিজৰ মূৰত স্থান দিলে। য'ত চন্দ্ৰয়ে তপস্যা কৰিছিল সেইখিনি ঠাইক সোমনাথ নামেৰে জনা যায়। মান্যতা অনুসৰি দক্ষ প্ৰজাপতিৰ শাওঁৰ ফলতেই চন্দ্ৰ ডাঙৰ ,সৰু হৈ থাকে।



৬. ভগৱান শিৱৰ কপালত লোৱা তিনিডাল ৰেখাযুক্ত তিলক এনেকৈ আহিল- ভগৱান শিৱৰ কপালত চাঁয়ৰে দিয়া তিনিডাল ৰেখা আছে। মান্যতা অনুসৰি এইকেইডাল তিনিখন লোকৰ প্ৰতীক।যাক ৰজ, তম, সত গুণৰ প্ৰতীক বুলি কোৱা হয়। কিন্তু ভগৱান শিৱৰ কপাললৈ এই তিনিডাল চাঁয়ৰে দিয়া ৰেখা কেনেকৈ আহিল, তাৰ এটা মনোৰম কাহিনী আছে।কথাৰ অনুসৰি দক্ষ প্ৰজাপতিৰ যজ্ঞত যেতিয়া সতীয়ে আত্মদাহ কৰিছিল, তেতিয়া ভগৱান শিৱয়ে উগ্ৰ ৰূপ ধাৰণ কৰিছিল। তাৰ পিছত সতীৰ মৃতদেহটো লৈ সকলোতে ঘূৰি ফুৰিছিল। ভগৱান বিষ্ণুয়ে চক্ৰয়ে দি সতী দেহটো কাটি পেলোৱাৰ পাছত শিৱয়ে সেই যজ্ঞৰ চাঁয় নিজৰ কপালত আঁকি লৈছিল আৰু এনেকৈয়ে সতীৰ কথাবোৰক তিনিডাল ৰেখা ৰূপে নিজৰ কপালত স্থান দিলে।



৭.কেনেকৈ ভগৱান শিৱৰ জঁটাত সোমাল গংগা - ভগৱান শিৱৰ জঁটাত গংগা বিৰাজমান হোৱা ঘটনাটো ৰজা ভাগিৰথৰ লগত জড়িত।কথাৰ অনুসৰি ভাগিৰথে নিজৰ পূৰ্বপুৰুষ সাগৰৰ পুতেকসকলক মুক্তি প্ৰদান কৰিবলৈ গংগাক স্বৰ্গৰ পৰা পৃথিৱীলৈ নমাই আনিছিল। 


কিন্তু এই কথাটোৰ ওপৰিও বহুত কথা আছে। যাৰ অনুসৰি ভাগিৰথ সফল হৈছিল। ব্ৰহ্মাৰ জীয়েক গংগা নিজৰ মৰ্জিৰ মালিক আছিল। এদিন দুৰ্বাসা ঋষিয়ে যেতিয়া নদীত গা ধুবলৈ আহিছিল , বতাহৰ ফলত তেওঁৰ বস্ত্ৰ উৰি গৈছিল আৰু গংগায়ে তাকে  দেখি হাঁহিবলৈ ধৰিলে।খঙতে দুৰ্বাসা ঋষিয়ে গংগাক শাওঁ দিলে যে তই পৃথিৱীত বৈ‌ থাকিবি আৰু পাপী মানুহে তোৰ পানীত গা ধুই পাপ নাইকীয়া কৰিব।


 এই ঘটনাটোৰ পাছতেই ভাগিৰথৰ তপস্যা আৰম্ভ হ'ল আৰু ভগৱান শিৱয়ে তেওঁক বৰদান দি গংগাক স্বৰ্গৰ পৰা পৃথিৱীলৈ নামি আহিবলৈ ক'লে। কিন্তু গংগাৰ গতি বহুত তীব্ৰ আছিল। তাৰ ফলত পৃথিৱী নাশ হৈ গ'ল হয়। 


সেই কাৰণে ভগৱান শিৱয়ে গংগাক জঁটাত সোমোৱালে।কথাৰ অনুসৰি গংগা শিৱৰ ওচৰত থাকিব বিচাৰিছিল। সেই কাৰণে পৃথিৱীলৈ নামি অহাৰ আগত তীব্ৰ গতি ধাৰণা কৰিছিল।এই পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ ভগৱান শিৱয়ে গংগাক নিজৰ জঁটাত স্থান দিলে।


এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  ( Religious Studies ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages